বানপীড়িত মানুহৰ দুখ

বানপানীত দুৰ্দশাগ্ৰস্ত সেই মানুহখিনিৰ দুখ-কষ্ট, মৰ্মবেদনা তেওঁলোকৰ বাহিৰে আন কোনেও অনুভৱ কৰিব নোৱাৰে। নিউজৰ ক্লিপবোৰ দেখিছোঁ। যিমানবাৰেই চাও, মনটো গধূৰ হৈ হৈ পৰে। মাজুলীৰ মাক-পুতেক এহাল বগা সাজ পিন্ধি বহি আছে; ঘৰৰ চাৰিওফালে পানী। দেউতাক ঢুকাল, শ্ৰাদ্ধ এইকেইদিনতে। কেনেদৰে কি কৰিব উপায়বিহীন হৈ পৰিছে। মাকগৰাকীয়ে কান্দিছে। কলিয়াবৰৰ ওচৰত ৰাস্তাৰ কাষতে ডাঙৰ ছাতি এটাৰ তলত ছোৱালী…

সৰল জীৱন

সৌৰভ কুমাৰ চলিহাৰ ‘ঘৰুৱা ঘটনা’ নামৰ এটা বিখ্যাত গল্প আছে। গল্পটোৰ নায়কজন এটা ভাড়া ঘৰত থাকে। তেওঁৰ ৰূমটো লাংখা লিংখি দৰকাৰী অদৰকাৰী অলেখ বস্তুৰে ভৰি পৰি এনেকুৱা চৰম অৱস্থা পায়গৈ যে, প্ৰয়োজনৰ সময়ত তেওঁ লগা বস্তু এটা বিচাৰিও হাবাথুৰি খাবলগীয়া হয়। আক্ষৰিক অৰ্থতে তেওঁৰ ৰূমটোত ভৰি দিবলৈ ঠাই নাইকিয়া হয়। তেওঁ এটা নতুন ভাড়াৰূম বিচাৰে।…

অসম বন্ধ

এই যে কিবা এটা সংগঠনৰ কোনোবাই কিবা দাবী উঠালেই লগালগ অসম বন্ধ দি দিয়াৰ নিয়ম, তাৰ ফলত আটাইতকৈ বেছি অনিষ্ট হয় সৰু সৰু মফচলীয় গাঁও, চহৰবোৰত। কোঁচ, কছাৰী, বড়ো, বঙালী অসমখনক আঁহফলা যত যিমান ভাগ আছে সেই ভিন ভিন মানুহ বাস কৰা ঠাইবোৰত এই বন্ধবোৰৰ প্ৰভাৱ সৰ্বাত্মক হয়। সৰু সৰু ঠাইবোৰৰ দোকান পোহাৰ ব্যৱসায় বাণিজ্যবোৰো…

অসমৰ ভৱিষ্যত

ধৰা হওক, আজিৰ পৰা ত্ৰিশ চল্লিছ বছৰমানৰ পিছত বড়োসকলৰ স্বাধীন ৰাজ্য গঠনৰ সপোন এদিন পূৰ হ’ল। বড়োসকল যে এতিয়া আৰু অসমীয়া জাতিৰ অংশ হিচাপে থাকিব বিচৰা নাই, সেয়া তেওঁলোকৰ কথা-বতৰা, কাম-কাজ প্ৰতিটো ক্ষেত্ৰতে ফুটি উঠিছে। তদুপৰি তেওঁলোকৰ আন্দোলন ইমান সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী যে সেয়া সফল নোহোৱাৰ কথাই নাই। বড়ো ৰাজ্য গঠন এতিয়া কেৱল ‘BTAD’ৰ চাৰিখন…

ধৰ্ম আৰু ভাষা

১) ধৰ্ম আৰু ভাষাৰ মাজত যিকোনো এটাক বাচনি কৰিবলগীয়া হ’লে অসমীয়া মানুহে সদায় ভাষাটোকহে আগস্থান দিব। তেওঁলোক হিন্দু বাঙালীৰ পক্ষত নাথাকে, অসমীয়া মুছলমানৰ পক্ষত থাকিব। পূৰ্ববংগীয় মুছলমান সকল অসমলৈ অহাৰ বহু আগৰেপৰা অসমত হিন্দু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোক সমিলমিলেৰে বসবাস কৰি আছে। যোৰহাট, শিৱসাগৰ  আদি জিলাত বহু পুৰণি অসমীয়া মুছলমান পৰিয়াল এতিয়াও সন্মান সম্ভ্ৰমেৰে বাস…

পূজা আৰু অসমীয়া

চাওতে চাওতে যোৱা দুই-তিনিটা বছৰৰ ভিতৰতে অসমত গণেশ পূজা ডাঙৰ এক উৎসৱত পৰিণত হৈ পৰিল। আগতে কেতিয়া গণেশ চতুৰ্থী তিথি পৰে, কেতিয়া পূজা পাতে একো গমকে নাপাও। কালি বিশ্বকৰ্মা পূজা হৈ গ’ল। পূজা মণ্ডপবোৰত গোটেই ৰাতি বাৰে বিংকৰা হিন্দী গীত বাজি থাকিল। আজিও আহোতে গোটেই ৰাস্তাত বিসৰ্জনৰ নামত হৈ-হাল্লা, চিঞৰ-বাখৰ দেখি অাহিলো। বেছি ৰমক-জমক, হুলস্থূল…

প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ যুৱক-যুৱতী

গুৱাহাটীলৈ যাওতে সিদিনা এজন অ’লা ড্ৰাইভাৰক পালোঁ। মানুহজন খুব কথকী। আচল ঘৰ বিহাৰত। কিন্তু পৰিয়াল লৈ এতিয়া গুৱাহাটীতে থাকে। গাড়ী কিনি তেওঁ তাতে ব্যৱসায় আৰম্ভ কৰিছে। মানুহজনে সেইকণ সময়তে মোৰ সৈতে ধেৰ কথা পাতিলে। বহুত কথা জানেও। মোৰ পঢ়া পাতি, কি কৰো সকলো সুধি তেওঁ ঘপককৈ ক’লে ‘আমাৰ বিহাৰত যে ল’ৰাবোৰে মেট্ৰিকত নকল কৰি পাছ…

অসমীয়া বনাম বাংলা

অসমীয়াতকৈ বাংলা ভাষা বহুগুণে বেছি সুপ্ৰতিষ্ঠিত আৰু সমৃদ্ধ, এই কথা স্বীকাৰ নকৰি উপায় নাই। ইয়াৰ প্ৰথম কাৰণ- বাংলা ভাষাৰ বিস্তৃতি। গোটেই বিশ্বত প্ৰায় ২৫ কোটি মানুহে বাংলা ভাষা কয়। আনহাতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা মাত্ৰ ডেৰ কোটি। পশ্চিম বংগ, পূৰ্ব বংগ(বাংলাদেশ), অসমৰ বৰাক উপত্যকা, ত্ৰিপুৰা, অসমৰ পশ্চিম সীমাৰ শিলিগুৰি, কোচবিহাৰ এক বহল বিস্তৃত অঞ্চলৰ…

গাঁৱৰ মানুহ, শংকৰ সঙ্ঘ আৰু এটা গল্প

সুলেখিকা নিৰুপমা বৰগোহাঞিক যিটো গল্পয়ে পোন প্ৰথমে প্ৰতিষ্ঠা প্ৰদান কৰিছিল, সেই গল্পটোৰ নাম ‘এনথ্ৰ’পলজিৰ সপোনৰ পিছত’। গল্পটো লিখাৰ সময়ত নিৰুপমা বৰগোহাঞিয়ে মেট্ৰিক পাছ কৰি কটন কলেজত নাম ভৰ্তি কৰিছে মাত্ৰ। সেই সময়ত ‘ৰামধেনু’ত এক চুটি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল আৰু সেই প্ৰতিযোগিতাত উক্ত গল্পটোৱে তৃতীয় স্থান পাইছিল। একেটা প্ৰতিযোগিতাত প্ৰথম স্থান পাইছিল সৌৰভ কুমাৰ…

এজন অসমীয়াৰ দৃষ্টিৰে গান্ধীজী

আজিৰ পৰা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হ’ব। ‘মহাত্মা গান্ধীক বেয়া পাওঁ’ বুলি কোৱাটো এতিয়া এটা ফেশ্বনৰ টাইপ হৈ পৰিল। ‘মই গান্ধীক ভাল নাপাও, সুভাষ বসু, ভগৎ সিঙক হে ভাল পাওঁ’ এনেকুৱা কিছুমান কথা প্ৰায়ে শুনো। ফেচবুকতো দিনটোত কত কি কি যে পোষ্ট দেখো! ক’ৰ’বাত যদি গান্ধীৰ নাৰী কেলেংকাৰী কথা। ক’ৰ’বাত আকৌ…

ৰিজাল্টৰ খেলিমেলি আৰু শিক্ষকৰ হেমাহি

অলপতে বজালী কলেজৰ বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে লগ হৈ নিজ মহাবিদ্যালয়ৰ সন্মূখত ধৰ্ণা দিয়াৰ বাতৰি এটা দেখিবলৈ পালোঁ। তেওঁলোকৰ অভিযোগ- দুদিনমান আগত ঘোষণা কৰা তেওঁলোকৰ পঞ্চম ষান্মাসিকৰ ৰিজাল্টত বহুতখিনি বিসংগতি আছে। তেওঁলোকে বহুত ভালকৈ উত্তৰ লিখি অহা বিষয়টো ‘বেক’ পাইছে। কিছুমান বিষয়ত আনকি সকলোৱে একে একে নম্বৰ লাভ কৰিছে। ই কেনেকৈ সম্ভৱ? এগৰাকী ছাত্ৰীয়ে প্ৰচণ্ড ক্ষোভত কৈছে-…

বালিঘৰ

ভেণ্টিলেটৰৰ ফাঁকেৰে কোমল ৰ’দ এচেৰেঙা কোঠালিটোলৈ সোমাই আহিল। ৰেৱতী বৰুৱা সাৰ পালে।  বাহিৰত হৰেক ৰকমৰ চৰাইবোৰে কিচিৰ মিচিৰ শব্দ উলিয়াই কোৰ্হাল কৰি ফুৰিছে। ৰাতিৰ এন্ধাৰজাক আঁতৰাই বেলিটো ওলোৱাৰ পিছত আটাইতকৈ সুখী হোৱা প্ৰাণীবোৰ বোধহয় এই চৰাই-চিৰিকতিবোৰেই। বৰুৱানীয়ে মনতে ভাবিলে। অইনদিনা হোৱাহেতেন ইমান পৰে তেওঁ বাহি বন সামৰি গা-পা ধুৱে। আজি পিছে তেওঁ এলাহ কৰি বিচনাতে…