দ্বিতীয় অমৰনাথ অঞ্জনী শিৱলিংগ

২০১৬ বৰ্ষৰ মাজভাগত আমি কেইগৰাকীমান বন্ধু-বান্ধৱ লগ হৈ দেৱভূমি হিমাচল প্ৰদেশ ভ্ৰমণলৈ গৈছিলোঁ। দহদিনীয়া আমাৰ এই ভ্ৰমণসূচীৰ প্ৰধান লক্ষ্য আছিল হিমাচলৰ দুই মনোমোহা আৰু চিৰযৌৱনা চহৰ ছিমলা আৰু মানালী দৰ্শন। অৱশ্যে এই লেখাটোৰ পৰা সেই ভ্ৰমণৰ বিতং বৰ্ণনা আঁতৰাই কেৱল এক বিশেষ তীৰ্থস্থলীৰ কথাহে লিখিব বিচৰা হৈছে। হিমালয়ৰ পাদদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মানালীৰ পৰা…