অসমীয়া বনাম বাংলা

অসমীয়াতকৈ বাংলা ভাষা বহুগুণে বেছি সুপ্ৰতিষ্ঠিত আৰু সমৃদ্ধ, এই কথা স্বীকাৰ নকৰি উপায় নাই। ইয়াৰ প্ৰথম কাৰণ- বাংলা ভাষাৰ বিস্তৃতি। গোটেই বিশ্বত প্ৰায় ২৫ কোটি মানুহে বাংলা ভাষা কয়। আনহাতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা মাত্ৰ ডেৰ কোটি। পশ্চিম বংগ, পূৰ্ব বংগ(বাংলাদেশ), অসমৰ বৰাক উপত্যকা, ত্ৰিপুৰা, অসমৰ পশ্চিম সীমাৰ শিলিগুৰি, কোচবিহাৰ এক বহল বিস্তৃত অঞ্চলৰ লোকৰ মুখৰ ভাষা হ’ল বাংলা। আনহাতে অসমীয়া ভাষা সীমাবদ্ধ কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত। তাৰোপৰি ইয়াতো অলেখ বাংলাভাষী লোক আছে। গতিকে সংখ্যাগত দিশৰ পৰা বাংলা জাতিৰ প্ৰাধান্য অধিক। ইতিহাসবিদসকলে স্বীকাৰ কৰে, বাংলা জাতীয়তাবাদী শক্তিক মষিমূৰ কৰিবলৈকে ব্ৰিটিছে বংগ ভংগ কৰি দুভাগ কৰি লৈছিল। নতুবা অবিভাজিত ভাৰতবৰ্ষত বাঙালীসকলেই সকলোতে ৰাজত্ব কৰিব পাৰিলেহেতেন। আনহাতে বাঙালীৰ তুলনাত অসমীয়া সকল চিৰদিন বিভ্ৰান্ত, পৰিচয় সংকটত ভোগা এটা জাতি। অসমীয়াসকলে অনিচ্ছা সত্বেও বহুসময়ত বাঙালীৰ বিৰুদ্ধে যুঁজ দিব লগা হৈছে, কেৱল নিজৰ ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠাৰ হকে। সেয়া লাগিলে তাহানি হেমচন্দ্ৰ বৰুৱাই ‘ৱ’ৰ কাৰণে লগা যুঁজখনেই হওক, বা এতিয়াৰ ইউনিকোডৰ যুঁজেই হওক। অসমত এক দীৰ্ঘ সময়জুৰি বাংলা ভাষা মাধ্যম হিচাপে আছিল। অসমীয়া মানুহে সৌ সিদিনালৈকে বৌদ্ধিক আহাৰৰ কাৰণে নিৰ্ভৰ কৰিবলগীয়া হৈছিল বাঙালী সাহিত্যৰ ওপৰত। হোমেন বৰগোহাঞি ছাৰে নিজৰ আত্মজীৱনীত লিখিছে, প্ৰথম কিতাপৰ প্ৰেমত পৰোতে ঘৰৰ লাইব্ৰেৰীটোত তেওঁ পাইছিল জাপ জাপ বাংলা ভাষাৰ কিতাপ। ঠিক একেদৰে ভবেন্দ্ৰনাথ শইকীয়া ছাৰেও লিখি গৈছে পঢ়া-শুনাৰ দিনত প্ৰসংগ পুথি হিচাপে তেওঁ বাঙালী লেখকৰ বাংলা কিতাপ পঢ়িবলগীয়া হৈছিল। গতিকে ক’ব পাৰি অসমীয়া ভাষাটো এতিয়াহে লাহে লাহে স্ব-নিৰ্ভৰশীল হৈ থন ধৰি উঠিব আৰম্ভ কৰিছে। কিন্তু তাৰ পিছতো আমাৰ বাধা অনেক আছে। বাহিৰা শক্তিতকৈয়ো আমাৰ বাধা আহে ভিতৰৰ পৰা। আমাৰ যিদৰে অসমীয়া নাজানো বুলি দম্ভালি মৰা এচাম অসমীয়াক আন এচাম অসমীয়াই দাবি ধমকি দিব লগীয়া অৱস্থা হৈছে, বাঙালীসকলৰ মাজত তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ কেতিয়াও হোৱা নাই। পশ্চিমবংগ চৰকাৰে নিজ ৰাজ্যৰ সকলো বিদ্যালয়ত বাংলা ভাষা বাধ্যতামূলক কৰিছে। দুজন বাঙালী সম্প্ৰদায়ৰ লোকে নিজৰ মাজত সদায় বাঙালীতহে কথা পাতে, লাগিলে যি পৰিস্থিতিয়েই নহওক, বা তাত বাংলা ভাষা বুজি নোপোৱা অইন মানুহেই কিয় উপস্থিত নাথাকক। এয়াই বাঙালীৰ জাত্যাভিমান। বঙালীসকলৰ পৰা অসমীয়াই শিকিবলগীয়া কথা বহুত আছে। অসমত যোৱা কিছুদিনত পৰিকল্পিত ভাৱে বাঙালীৰ সৈতে যি সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰা হৈছে, আৰু তাত এচাম অসমীয়াই যিদৰে প্ৰতিক্ৰিয়া দেখুৱাইছে সেয়া দেখি বহুকথাই মনত আহে। বিদেশীৰ সমস্যাটো বেলেগ; কিন্তু বাঙালীৰ বিৰুদ্ধে যুঁজ দিব পাৰিবলৈ অসমীয়া সকল আগত বৌদ্ধিক দিশতো বাঙালীৰ সমকক্ষ হৈ ল’ব পাৰিব লাগিব। বাংলা সাহিত্যত সেই তাহানিৰ যুগতে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল জিকি বিশ্বজয় কৰি থৈ গৈছে। সেয়ে তেওঁলোকৰ ভেটি সুদৃঢ়। আনহাতে আমাৰ অসমীয়া ভাষাৰ ভেটি এতিয়াও নিৰ্মীয়মাণ অৱস্থাতে আছে। এই ভেটি আৰু অধিক মজবুত কৰিবলৈ হ’লে অসমীয়া ভাষা প্ৰথমে আৰু অধিক সমৃদ্ধ হ’ব লাগিব। অসমীয়া ভাষাটো মহান মহান সাহিত্য সৃষ্টি হ’ব লাগিব। আমি সেই কাম কৰিব নোৱাৰিব পাৰো; কিন্তু এচাম অসমীয়া ভাষাৰ প্ৰকৃত সাধকে নিৰৱে নীৰলে সেই পথত কাম কৰি আছে। আমি তেওঁলোকক উৎসাহ দিয়াৰ পৰিৱেশ এটা নিশ্চয়কৈ গঢ়ি তুলিব পাৰো।

 

ক’ৰ’বাৰ পৰা লিখি আহি আহি আন ক’ৰ’বাত পালোহি। গুৱাহাটীত গ্ৰন্থমেলা চলি আছে। বহুত অসমীয়া লেখকৰ নতুন নতুন কিতাপ ওলাইছে। এই কিতাপবোৰ আমি নিকিনিলে কিনিব কোনে? এটা কথা ঠিক, প্ৰকাশিত কিতাপৰ সকলোবোৰ উৎকৃষ্ট বা পঠনযোগ্য নহ’বও পাৰে। কিন্তু তাৰ মাজতো বহু প্ৰতিভাবান লেখক লেখিকা আছে যিসকলে অশেষ কষ্ট কৰি ভাল কিতাপ লিখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকৰ কিতাপ কিনিলেহে তেওঁলোকে নতুন নতুন বিষয়ৰ নতুন কিতাপ লিখিবলৈ প্ৰেৰণা পাব। বহুতেই কয়, কিতাপ পত্ৰ একো নপঢ়োৱেই, এনেই কিনিম নো কিয়! কিন্তু কিতাপৰ ক্ষেত্ৰত এইবোৰ যুক্তি নাখাটে। নপঢ়িলেও মানুহে কিতাপ কিনিব লাগে। ঘৰৰ প’ৰ্টিকত যিমানেই দামী সাজ-সজ্জাৰ সামগ্ৰী নাথাকক কিয়, চেলফত থকা কিতাপ এজাপে যি গাম্ভীৰ্যতা আৰু সৌন্দৰ্যৰ সৃষ্টি কৰে, তাৰ সৈতে তুলনা আন একোৰে কৰিব নোৱাৰি। বৰগোহাঞি ছাৰে ক’বৰ দৰে, পৰিত্যক্ত এটা বঙলাত অকলে থাকিবলগীয়া হ’লে বাহিৰত এজন ৰখীয়া আছে বুলি গম পালে যিধৰণে একপ্ৰকাৰৰ সাহস পোৱা যায়; ঘৰত কিতাপ এজাপ থাকিলে নপঢ়িলেও মনৰ মাজত এক প্ৰত্যয় জাগে যে মোৰ মনৰ সাৰথি হিচাপে এই কিতাপখিনি অন্ততঃ আছে। তদুপৰি জাতি-ভাষাৰ সংকটৰ সময়ত কিছুমান কাম মানুহে পৱিত্ৰ দায়িত্ব হিচাপে নিজে নিজেই পালন কৰিব লাগে। কিতাপৰ নামত খৰচ কৰা কেইটামান টকাও ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি হৈ উঠিব পাৰে। অসমীয়া কিতাপৰ ক্ৰয় গল্প-উপন্যাসৰ মাজতে সীমাবদ্ধ নাৰাখি অইন বিষয় বোৰটো প্ৰসাৰিত কৰিব লাগে। চিন্তাশীল প্ৰবন্ধ, বিজ্ঞান, ইতিহাস, গণিত বিবিধ বিষয়ৰ অসমীয়া কিতাপো বহুজনে প্ৰচুৰ মানসিক পৰিশ্ৰম কৰি কৰি লিখিছে। এইবোৰ কিতাপে আধিক্য পালেহে ভাষাটো সমৃদ্ধিশালী হৈ উঠিব। সেইসকল লেখকক উৎসাহিত কৰাৰ স্বাৰ্থতে আমি এইবোৰ কিতাপ কিনিব লাগে। দুদিন আগত ফটকা ফুটুৱাৰ নামত লাখ লাখ টকা খৰচ কৰা অসমীয়া মানুহৰ কেইখনমান কিতাপ কিনিবলৈ টকা নোলাব নে?

( ১১ নবেম্বৰ, ২০১৮ )

 

– প্ৰাঞ্জল দাস

বালিপৰা, শোণিতপুৰ

মন্তব্য দিয়ক