অপৰিচিত

গোটেই দিনটো তাই অস্থিৰ হৈ থাকিল। মোবাইলটো অন কৰি চাবলৈকো তাইৰ ভয় লাগিল। কিন্ত্ত কিহৰ বাবে এই ভয় তাই ঠিক ধৰিবও নোৱাৰিলে। সি বাৰু তাইৰ বাবে ৰৈ আছিল নে! এতিয়া চাগে’ সি তাইৰ কথা কি বুলি ভাবিছে! তাই বিবুধিত পৰিল। কাহানিও নেদেখা মানুহটোৰ সৈতে সঁচাই বাৰু তাই প্ৰেমত পৰিছিলনে? নে তাই প্ৰেমত পৰিছিল তাৰ এটি…

স্থবিৰ

“ঐ ৰিক্সা, ষ্টেচন চাৰিআলিলে’ কিমান ল’বি?” গৰমত ফোপাই জপাই মানুহজন তাৰ ফালে আগবাঢ়ি আহিল। শকত আৱত মানুহজনৰ চোলাটো ঘামত তিতি পেটটোতে লিপিট খাই ধৰিছে। ঠিক তাৰ মলিয়ন গেঞ্জীটো তাৰ বুকুৰ কামিহাড় কেইডালত লিপিট খাই ধৰাৰ দৰে। ষ্টেচনলৈকে সেইচোৱা বাট প্ৰায় দুই কিলোমিটাৰ মানে হয়গৈ। তাতে ফটা শিল পৰা ওখোৰা মোখৰা বাট। তাৰ ৰিক্সাখনে বৰকৈ কষ্ট…

বৰগোহাঞি ছাৰ আৰু নিৰুপমা বাইদেউ

  দুদিনমানৰ আগেয়ে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ বৰ্ণাঢ্য জীৱন আৰু সাহিত্য কীৰ্তি সকলো সামৰি এটি ৱেবছাইট মুকলি কৰা হৈছিল। ৱেবছাইটত সংযোজিত কৰা হৈছে বৰগোহাঞি ছাৰৰ ডেকা বয়সৰ কেইখনমান দুৰ্লভ আলোকচিত্ৰ। তাৰে দুখনমান ফটো অৱশ্যে তেখেতৰ আত্মজীৱনীমূলক ৰচনা সন্নিৱিষ্ট দুই এখন কিতাপত আগেয়েও দেখা পাইছিলোঁ। ৱেবছাইটৰ ফটোবোৰ একাদিক্ৰমে চাই থাকোতে হঠাত যেন এখন…

‘বৰলা কাই’ আৰু কিছু অনুভৱ

উজনি অসমৰ শিৱসাগৰৰ মিহিৰাম চুতীয়া নামেৰে এজন লোক টে’ট পৰীক্ষাত উত্তীৰ্ণ হৈ নামনিৰ কটলাকুছি নামৰ গাঁও এখনলৈ আহিছে- গাঁওখনৰ প্ৰাথমিক স্কুলখনত শিক্ষকতা কৰিবলৈ। মিহিৰাম চুতীয়াৰ বয়স যথেষ্ট হৈছে যদিও বিয়া হোৱা নাই। তেওঁৱে ‘বৰলা কাই’। ৰঙ নামৰ বৈদ্যুতীন মাধ্যমৰ চেনেলটোত বৰ্তমানে সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিকৰ কাহিনী এইয়া। জনপ্ৰিয় বুলি মই একেআষাৰতে ক’ব বিচৰা নাই। যোৱা…

বিনিময়

কলিং বেলটো বাজি উঠিল। বন্ধৰ দিন। দুপৰীয়াৰ ভাত সাজ খাই উঠি পাকঘৰখন সামৰি থৈ তাই বিচনাত বাগৰ দিবলৈ ওলাইছিলহে। তেনেকুৱাতে কোনোবা আহিছে। তাইৰ বিৰক্তি লাগিল। প্ৰশান্ত ওলাই গৈছে। আথে বেথে কাৰোবাক মাতি আনি ড্ৰ’ৱিংৰূমত বহুৱাইছে। কথা পাতিছে। তাই বিচনাত বাগৰ দি সিটো ৰূমৰ কথা-বতৰাৰ উমান লৈ থাকিল। কাৰ জানো মাত এইষাৰ! ইমান চিনাকি চিনাকি। অথচ…

বালিপৰা অঞ্চলৰ ভৱিষ্যত

শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলটো (বালিপাৰা নহয়) এক অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল। উজনি অসমৰ লখিমপুৰ, ধেমাজি আদি জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ বমডিলা, ডিৰাং, টাৱাং আদি ঠাইৰ সৈতে অসমৰ এই অঞ্চলটোৰ মাজেদিয়ে যোগাযোগ ব্যৱস্থা আছে। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে এনে এটা কেন্দ্ৰীয় অঞ্চলৰ যি ধৰণে উন্নয়ন হ’ব লাগিছিল তাৰ বিপৰীতে বালিপৰা অঞ্চলটো কিন্ত্ত চিৰদিন অনগ্ৰসৰ হৈয়ে থাকিল। ইয়াৰ…

তুষাৰে আৱৰা টাৱাঙত

দৈনন্দিন জীৱনৰ একঘেয়ামীয়ে লাহে লাহে জীৱনটো নীৰস কৰি তুলিছিল। ঘৰ আৰু কলেজৰ ব্যস্ততাৰ পৰা আঁতৰি কিছুদিন জীৱনৰ মাদকতা উপভোগ কৰাৰ বাসনা জাগিছিল মনত। ফোনত কথা পাতি গম পাইছিলো প্ৰায়বোৰ লগৰে এটাই মাথোঁ অভিযোগ- জীৱনটো ব’ৰ হৈ গ’ল। টাৱাঙলৈ যাব বিচৰাটো নতুন কথা নহয়। বোধহয় মই তেতিয়া ক্লাছ নাইনত। সৰুবাপু দাদা(মোৰ জেঠাইৰ ল’ৰা)হঁতৰ টাটা চুমু খন…

শিপা

পাৰ বাহ সদৃশ এই চাৰিচুকীয়া ফ্লেটটোৰ ভিতৰত সোমাই থাকি লীলাৱতী শইকীয়াৰ অসহ্য লাগে। ভাগ্য ভাল যে বাহিৰলৈ চাই থাকিবলৈ বেলকনিখন আছে। বেলকনিৰ আৰামী চকীখনতে বহি লীলাৱতী শইকীয়াই গোটেই দিনটো বাহিৰলৈ চাই চাই অলসভাৱে বহি থাকে। কৰিবলৈও একো কাম নাই। আটাইবোৰ কাম কামকৰা মানুহজনীয়ে আহি কৰি থৈ যায়। পুতেক বোৱাৰীয়েকৰ চাকৰি। নাতিয়েকৰ স্কুল। পুতেকলৈ শইকীয়ানীৰ একো…

কথানদী- The River of Fables.

যোৱা গোটেই সপ্তাহটোত ‘কথানদী’ চিনেমা খনৰ ওপৰত বিভিন্নজনে ফেচবুকত বিভিন্ন কথা লিখা দেখা পালোঁ। স্বাভাৱিকতে চিনেমাখনৰ প্ৰতি উৎসুকতা বাঢ়ি গ’ল। অগত্যা বৃহস্পতিবাৰে গধূলি ‘জোনাকী হল’ত চিনেমাখন চাবলৈ ওলালো। হলত চিনেমাখনৰ প্ৰথম সপ্তাহৰ শেষ দিন হোৱা হেতুকে, তথা দ্বিতীয় সপ্তাহত চিনেমাখন থকা-নথকাৰ আশংকাতে বোধকৰো দৰ্শকৰ সংখ্যা আছিল যথেষ্ট চকুতলগা। ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ পৰা আদি কৰি বহুকেইজন…

বিশ্বকৰ্মা পূজা, ভাদমহীয়া নাম ইত্যাদি…

আমি সৰুতে পূজা বুলিলে অকল দুখন পূজাৰ কথাহে বুজিছিলোঁ- সৰস্বতী পূজা আৰু দুৰ্গা পূজা। আমাৰ সৰুকাল অতিবাহিত হৈছিল চাৰিদুৱাৰত। কোনো ধৰণৰ চিন্তা-ভাৱনা নথকা পাখি মেলা শৈশৱ কাল। আক্ষৰিক অৰ্থতে আমি চৰাইৰ দৰে গোটেই গাঁওখন ঢপলিয়াই ফুৰিছিলোঁ। পঢ়াৰ বোজা নাছিল। টিউচন চিউচন লোৱাৰ কথাও নাছিল। পুৱা-গধূলি অলপমান পঢ়িছিলোঁ। মায়ে কেতিয়াবা কেতিয়াবা পঢ়াবলৈ বহিছিল। বেছিভাগ নিজেই পঢ়া-শুনা…

সহযাত্ৰী

গোটেই জগতখনক এফালৰ পৰা দহি-পুৰি নিবলৈকে যেন ৰ’দ জাক ওলাইছে। কাম-কাজৰ খাতিৰত ঘৰৰ বাহিৰলৈ ওলাই আহিবলগীয়া হোৱা মানুহখিনিৰ কষ্ট দেখি বেলিটোৰ আনন্দ দুগুণেহে চৰিছে। অইন মানুহবোৰৰ দৰে মোৰ একো কৰ্মব্যস্ততা নাই। অথচ মই এই প্ৰচণ্ড গৰমত বাছ ষ্টেণ্ডত ৰৈ আছো- এই কথাটোৱে মোৰ খঙ আৰু বিৰক্তি দুয়োটাই বঢ়াই তুলিছে। ঘৰৰ ড্ৰাইভাৰ বিনন্দৰ ওপৰত মোৰ আকৌ…

মনৰ পৰিধি আৱৰি থকা মানুহজন

২০০০ চন। মই তেতিয়া সপ্তম মানত পঢ়ি আছোঁ। পেহীৰ ছোৱালীজনী মোতকৈ এশ্ৰেণী ওপৰৰ। পেহীহঁতৰ ঘৰ আমাৰ কাষৰ গাঁৱখনত। সঘন আহ-যাহ। পেহীৰ ছোৱালীজনীয়ে এখন কিতাপ কিনিছিল- ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’। সেই সময়ত আমাৰ মাজত কিতাপ আৰু অ’ডিঅ’ কেছেটৰ সালসলনি কৰাৰ নিয়ম আছিল। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, ঈছপৰ সাধু, বীৰবলৰ সাধু কত কিতাপৰ যে আদান-প্ৰদান চলিছিল।…