মোৰ বিষয়ে

মোৰ নাম প্ৰাঞ্জল দাস। ঘৰ শোণিতপুৰ জিলাৰ বালিপৰাৰ এৰাগাঁৱত। মুক্ত বিচাৰ-বুদ্ধিৰ মই এজন সহজ-সৰল অসমীয়া ল’ৰা। স্বভাৱতে অলপ এলেহুৱা। এলাহৰ হেতুকে নকৰিলেই নোহোৱা দায়িত্বখিনিৰ বাহিৰা কাম-কাজৰ পৰা পৰাপক্ষত আঁতৰি থাকিবলৈকে ভাল পাওঁ। অইন দহজনৰ দৰে সেয়ে হয়তো মোৰ চখ বা ৰাপ বোলা আগ্ৰহটো কতোৱেই নাই। সৰুতে বাহিৰা দুই এখন কিতাপ আলোচনী পঢ়ি সাহিত্যৰ প্ৰতি মনটো অলপ ঢাল খোৱাই নোলোৱা হ’লে মই নিশ্চয় অকৰ্মন্যতাৰ শেষ পৰ্যায়ত থিয় দি থাকিলোহেতেন। এই ব্লগত অন্তৰ্ভুক্ত আটাইখিনি লেখা মোৰ মনৰ অলস মুহুৰ্ত কিছুমানত দোলা দিয়া ছবিচিত্ৰবোৰক সজাবলৈ কৰা লেহেমীয়া প্ৰচেষ্টাৰ বহিঃপ্ৰকাশ মাথোঁ। আখৰাৰ পৰ্যায়ত দিহা পৰামৰ্শ দি আগবাঢ়িবলৈ সহায় কৰিলে উপকৃত হম নিশ্চয়। শুভ-ইচ্ছাৰে। ইতি।