কথানদী- The River of Fables.

যোৱা গোটেই সপ্তাহটোত ‘কথানদী’ চিনেমা খনৰ ওপৰত বিভিন্নজনে ফেচবুকত বিভিন্ন কথা লিখা দেখা পালোঁ। স্বাভাৱিকতে চিনেমাখনৰ প্ৰতি উৎসুকতা বাঢ়ি গ’ল। অগত্যা বৃহস্পতিবাৰে গধূলি ‘জোনাকী হল’ত চিনেমাখন চাবলৈ ওলালো। হলত চিনেমাখনৰ প্ৰথম সপ্তাহৰ শেষ দিন হোৱা হেতুকে, তথা দ্বিতীয় সপ্তাহত চিনেমাখন থকা-নথকাৰ আশংকাতে বোধকৰো দৰ্শকৰ সংখ্যা আছিল যথেষ্ট চকুতলগা। ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ পৰা আদি কৰি বহুকেইজন…

বিশ্বকৰ্মা পূজা, ভাদমহীয়া নাম ইত্যাদি…

আমি সৰুতে পূজা বুলিলে অকল দুখন পূজাৰ কথাহে বুজিছিলোঁ- সৰস্বতী পূজা আৰু দুৰ্গা পূজা। আমাৰ সৰুকাল অতিবাহিত হৈছিল চাৰিদুৱাৰত। কোনো ধৰণৰ চিন্তা-ভাৱনা নথকা পাখি মেলা শৈশৱ কাল। আক্ষৰিক অৰ্থতে আমি চৰাইৰ দৰে গোটেই গাঁওখন ঢপলিয়াই ফুৰিছিলোঁ। পঢ়াৰ বোজা নাছিল। টিউচন চিউচন লোৱাৰ কথাও নাছিল। পুৱা-গধূলি অলপমান পঢ়িছিলোঁ। মায়ে কেতিয়াবা কেতিয়াবা পঢ়াবলৈ বহিছিল। বেছিভাগ নিজেই পঢ়া-শুনা…