কৃষণ কুমাৰ খান্না : আপোন ঘৰখনৰ সন্ধানত পাকিস্তানলৈ যাত্ৰা কৰা মানুহজন

পাকিস্তানৰ এখন বিদ্যালয়। প্ৰধান শিক্ষক গৰাকীয়ে দীঘল বাৰাণ্ডাখনেদি এগৰাকী বয়সীয়াল লোকক আগবঢ়াই আনিছে। লগত আন দুই-চাৰিগৰাকী শিক্ষক। লাখুটিৰ ভৰত কেকোজেকোকৈ খোজ দিয়া মানুহজনক আনি তেওঁ এটা শ্ৰেণীৰ ছাত্ৰসকলৰ আগত চিনাকি কৰাই দিছে –‘এইগৰাকী ব্যক্তি ভাৰতৰ পৰা আহিছে। আজিৰপৰা সত্তৰ বছৰ আগেয়ে এওঁ এইখন বিদ্যালয়ৰে এগৰাকী ছাত্ৰ আছিল। অত বছৰৰ পিছত তেওঁ আজি ইয়ালৈ আহিছে নিজৰ…

বিথ’ভেনৰ একোছা সোণালী চুলি

১৮২৭ চনৰ ২৬ মাৰ্চ তাৰিখে বিশ্ববিশ্ৰুত সঙ্গীতজ্ঞ লুডউইগ ভান বিথ’ভেনৰ মৃত্যু হয়। ৫৬ বছৰ বয়সতে মৃত্যু হোৱা এইগৰাকী অসামান্য বিৰল প্ৰতিভাধৰক শেষ শ্ৰদ্ধা জনাবলৈ ভিয়েনা চহৰৰ ৰাজপথত প্ৰায় ২০০০০ জন লোক সমবেত হৈছিল। সুৰৰ মূৰ্চ্ছনাৰে সকলোকে আপ্লুত কৰিলেও বিথ’ভেনৰ ব্যক্তিগত জীৱন আছিল চৰম দুৰ্দশাগ্ৰস্ত আৰু অতিশয় কৰুণ। জীৱনৰ ভৰ বয়সতে তেওঁ কাণেৰে নুশুনা হৈ পৰে।…