ৰিজাল্টৰ খেলিমেলি আৰু শিক্ষকৰ হেমাহি

অলপতে বজালী কলেজৰ বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে লগ হৈ নিজ মহাবিদ্যালয়ৰ সন্মূখত ধৰ্ণা দিয়াৰ বাতৰি এটা দেখিবলৈ পালোঁ। তেওঁলোকৰ অভিযোগ- দুদিনমান আগত ঘোষণা কৰা তেওঁলোকৰ পঞ্চম ষান্মাসিকৰ ৰিজাল্টত বহুতখিনি বিসংগতি আছে। তেওঁলোকে বহুত ভালকৈ উত্তৰ লিখি অহা বিষয়টো ‘বেক’ পাইছে। কিছুমান বিষয়ত আনকি সকলোৱে একে একে নম্বৰ লাভ কৰিছে। ই কেনেকৈ সম্ভৱ? এগৰাকী ছাত্ৰীয়ে প্ৰচণ্ড ক্ষোভত কৈছে- ‘ঠিক আছে মানি লৈছো মই গাধা, সেইবাবে মই কম পালোঁ। কিন্তু এওঁ মোতকৈ বহুত বেছি চোকা। এওঁৱো সেই একেটা বিষয়তে মোৰ সমান নম্বৰ কেনেকৈ পাব পাৰে’? আন এগৰাকীয়ে কৈছে- ‘আমাৰ অমুকটো বিষয়ত এক নম্বৰৰ বস্তুনিষ্ঠ প্ৰশ্ন দহটা আহে। সেইকেইটা কৰিলেই  আমি দহ নম্বৰ পাওঁ। বাকী আন দুটামান প্ৰশ্ন কৰিলেই আমাৰ পাছ মাৰ্কছটো উঠে। আমি ডিপাৰ্টমেণ্টৰ অতবোৰ ল’ৰা-ছোৱালীয়ে সেইকণ নম্বৰো গোটাব নোৱাৰিম নে’? আন এজন ছাত্ৰই কৈ শুনাইছে বহী পুনৰীক্ষণ কৰিবৰ বাবে বাৰে বাৰে বিশ্ববিদ্যালয়লৈ গৈ থাকিবলগীয়া হোৱাজনৰ যন্ত্ৰণা কিমান! বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হেনো কোনোবাবাৰ ‘আগৰ এপ্লিকেশ্যনখন হেৰাল, আকৌ এখন নতুনকৈ লিখি আনা’ এনেকৈ কৈয়ো ঘূৰাই পঠায়। কলেজত পঢ়ি থকা ছাত্ৰ এজনৰ বাবে বাৰে বাৰে টকা ভৰি, ক্লাছ খটি কৰি তাঁত বাটি কৰি থকাটো কিমান ভয়ংকৰ কথা সেয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বুজিবলৈ চেষ্টা নকৰে।
কথাখিনি শুনি বহুত দিন আগেয়ে এজন অসমীয়া লেখকৰ আত্মজীৱনীত পঢ়া ঘটনা এটা মনত পৰিল। থূলমূলকৈ ঘটনাটো আছিল এনেধৰণৰ- এবাৰ এজন ইউনিভাৰ্চিটিৰ প্ৰফেছাৰে পৰীক্ষাৰ পিছত বহী এজাপ নিজৰ ঘৰলৈ লৈ গ’ল। বাকী প্ৰায়সকল প্ৰফেছাৰে লাহে লাহে নিজৰ ভাগৰ বহীবোৰ ঘূৰাই দিলে। কিন্তু সেই প্ৰফেচাৰজনে বহী ঘূৰাই নিদিয়েহে নিদিয়ে। সেই বহীখিনি নোপোৱাৰ বাবেই ইউনিভাৰ্চিটিয়েও ৰিজাল্ট ঘোষণা কৰিব পৰা নাই। অৱশেষত ৰিজাল্ট ঘোষণা কৰিবলগীয়া সময়ৰ শেষ পৰ্যায় আহি পালেহি; আনহাতে সেই প্ৰফেচাৰজনৰ বহী ঘূৰোৱাৰ কোনো উম ঘামেই নাই। উপায়বিহীন হৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ প্ৰফেছাৰৰ ঘৰত উপস্থিত হ’ল আৰু গম পালে যে প্ৰফেছাৰে ইতিমধ্যে পৰিয়াল সহিতে অসমৰ বাহিৰলৈ ফুৰিবলৈ গৈছে। পিছত প্ৰফেছাৰৰ অনুমতি সাপেক্ষে কিবা ব্যৱস্থাৰে বহীজাপ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হ’ল। কিন্তু তেতিয়ালৈকে তেওঁ এখন বহীও চোৱাই নাছিল।
এই ঘটনাটোৱে আমাৰ কিছুমান শিক্ষকৰ দায়িত্বজ্ঞানহীন মনোভাৱ তথা কামত গাফিলতি মৰা স্বভাৱ আৰু অনৰ্থক এলাহক উদঙাই দিয়ে। পূৰ্বতে কলেজ পৰ্যায়ৰ পৰীক্ষাবোৰ বছৰেকীয়া অাছিল বাবেই হয়তো এই খেলিমেলিৰ ঘটনাবোৰ তুলনামূলক ভাৱে কিছু কমেই আছিল। কিন্তু ছেমিষ্টাৰ পদ্ধতিত পৰীক্ষাৰ সংখ্যাও যথেষ্ট, আৰু পৰীক্ষক সকলেও কম সময়তে বেছি পৰিশ্ৰম কৰিবলৈ বাধ্য। ফলত এতিয়া এই খেলিমেলিৰ ঘটনাবোৰো বাঢ়িবলৈ ধৰিছে। ছমাহৰ ভিতৰত যদি এজন পৰীক্ষকে বহী কেইখনমান মূল্যায়ন কৰিব নোৱাৰে, তেন্তে তেওঁ নিজৰ শিক্ষকতা বৃত্তিটোক কিমান শ্ৰদ্ধা কৰি কাম কৰিছে সেয়া চিন্তা কৰিবলগীয়া কথা। এইসকল শিক্ষকেই ৰিজাল্ট দিয়াৰ মূৰামূৰি সময়ত খৰধৰকৈ বহীবোৰ চাই শেষ কৰে আৰু বহুক্ষেত্ৰত এনেকোৱা কাৰণতো এই বিসংগতিবোৰ ঘটে। এইবোৰ ৰোধৰ বাবে কঠোৰ প্ৰশাসনিক ব্যৱস্থাৰ অত্যন্ত প্ৰয়োজন। উদাহৰণস্বৰূপে, তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা ক’ব পাৰি। তেজপুৰ বিশ্ববিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ দহ-পোন্ধৰ দিন মানৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰাটো বাধ্যতামূলক। আনকি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান নম্বৰ লাভ কৰিছে সেয়া তেওঁ নিজেই গৈ বহীখন চাই আহিবও পাৰে। এনেকুৱা ব্যৱস্থাত শিক্ষকজনে খেলিমেলি কৰাৰ প্ৰশ্নই নাহে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ আন প্ৰায়কেইখন বিশ্ববিদ্যালয়ৰ ছেমিষ্টাৰ ৰিজাল্ট সমূহ ঘোষণা কৰা হয় পৰৱৰ্তী ছেমিষ্টাৰৰ পৰীক্ষা আহি পাও পাও সময়তহে। এটা ছেমিষ্টাৰৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত হঠাতে অভাৱনীয় ৰিজাল্ট এটা আহি পৰিলে কেনেকুৱা সৰগ ভগা পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় সেয়া একমাত্ৰ ভুক্তভোগী ছাত্ৰ এজনেহে বুজি পাব পাৰে।
বিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষকসকলৰ এইধৰণৰ গাফিলতিৰ স্বভাৱৰ মনস্তাত্ত্বিক দিশ এটাও আছে। বছৰ বছৰ ধৰি একেখিনি কথাকে পঢ়াই পঢ়াই, একেখিনি কামকে কৰি কৰি তেওঁলোক ইমান অৱশাদগ্ৰস্ত, বিষণ্ণ হৈ বিমৰ্ষতাত ভোগে যে পৰীক্ষাৰ বহী চোৱা কামটো তেওঁলোকৰ বাবে প্ৰকাণ্ড কাঠৰ কুণ্ডা এটাৰ পৰা খৰি ফলাৰ দৰে হৈ পৰে। কিন্তু সেয়াই তেওঁলোকৰ পেচা আৰু কৰ্তব্য। সেই কামৰ বাবেই তেওঁলোকে বেতন ভোগ কৰে। গতিকে এইখিনি কাম নিয়াৰিকৈ কৰিবলৈ তেওঁলোক দায়বদ্ধ। কলেজত পঢ়ি থকা সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যদি সঁচাকৈয়ে শিক্ষকৰ গাফিলতিৰ বাবেই পৰীক্ষাত প্ৰাপ্ত নম্বৰ নোপোৱাকৈ আছে, প্ৰতিটো ছেমিষ্টাৰৰ ৰিজাল্টেই যদি তেওঁলোকক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ নিব ধৰিছে; তেন্তে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে, আৰু এনেকুৱা খেলিমেলি যাতে পুনৰাই হ’ব নোৱাৰে তাৰ কাৰণেও ব্যৱস্থা ল’ব লাগে। ছাত্ৰ-ছাত্ৰীৰ দৰে শিক্ষকসকলৰ ক্ষেত্ৰটো কিছুমান কঠোৰ ধৰাবন্ধা নিয়ম নীতি নিৰ্ধাৰণ কৰিব লাগে। নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষকৰ প্ৰতি অশ্ৰদ্ধাৰ মনোভাৱ, তেওঁলোকৰ উদাসীন, বেপৰোৱা স্বভাৱ আদিৰ সঘনাই চৰ্চা চলি থাকে। কিন্তু কিছুমান শিক্ষকৰ এনেকুৱা দায়িত্বজ্ঞানহীন মনোভাৱ, পালমৰা স্বভাৱ, গাফিলতিয়েও শিক্ষা ব্যৱস্থাটোত অন্তঃসাৰশূন্য পৰিস্থিতি এটাৰ জন্ম দিছে।
(১৫ এপ্ৰিল, ২০১৯)
– প্ৰাঞ্জল দাস
বালিপৰা, শোণিতপুৰ

1 Comments Add yours

মন্তব্য দিয়ক