সৰল জীৱন

সৌৰভ কুমাৰ চলিহাৰ ‘ঘৰুৱা ঘটনা’ নামৰ এটা বিখ্যাত গল্প আছে। গল্পটোৰ নায়কজন এটা ভাড়া ঘৰত থাকে। তেওঁৰ ৰূমটো লাংখা লিংখি দৰকাৰী অদৰকাৰী অলেখ বস্তুৰে ভৰি পৰি এনেকুৱা চৰম অৱস্থা পায়গৈ যে, প্ৰয়োজনৰ সময়ত তেওঁ লগা বস্তু এটা বিচাৰিও হাবাথুৰি খাবলগীয়া হয়। আক্ষৰিক অৰ্থতে তেওঁৰ ৰূমটোত ভৰি দিবলৈ ঠাই নাইকিয়া হয়। তেওঁ এটা নতুন ভাড়াৰূম বিচাৰে। এটা পালেও। কিন্তু কথা হ’ল তেওঁ নতুন ভাড়াঘৰটোলৈ সেইদিনায়ে গধূলি পাঁচটা বজাৰ আগত গৈ সোমাব লাগিব, নহ’লে সেই ৰূমটো অইন কোনোবাই লৈ লোৱাৰ সম্ভাৱনা আছে। নায়কে উপায়বিহীন হৈ লৰালৰিকৈ প্ৰতিটো বস্তু এফালৰ পৰা পৰ্য্যবেক্ষণ কৰি যায়। প্ৰতিটো বস্তুৰ লগে লগে তেওঁ সেইটো গোটোৱাৰ কাহিনীবোৰো মনত পৰে, আৰু ভাৱ হয় যে এইটো বস্তু লগত নাৰাখিলেও তেওঁৰ একো লোকচান নহয়। এইদৰে বাদ দিওতে দিওতে,  আৰু অকল ন্যূনতম দৰকাৰী বস্তুবোৰ লগত ৰাখোতে তেওঁৰ ৰূমটো ইমান খালী হৈ পৰে যে তেওঁ নতুন ভাড়াঘৰলৈ যোৱাৰ দৰকাৰে নপৰে। শেষত তেওঁ ভাড়াঘৰ সলোৱা পৰিকল্পনা বাদ দিয়ে।

এবাৰ এটা অনুপ্ৰেৰণামূলক প্ৰবন্ধত পঢ়িছিলো এই গল্পটো হেনো এটা প্ৰতীকধৰ্মী গল্প। আমাৰ মনবোৰো সেই গল্পৰ নায়কৰ ভাড়াৰূমটোৰ দৰেই। আমি দিনটোত অলেখ কথা দেখো, অলেখ কথা শুনো, অলেখ ঘটনাৰ মুখামুখি হওঁ। প্ৰতিটো কথা, প্ৰতিটো ঘটনাক সমান গুৰুত্ব দি মনত স্থান দিওতে দিওতে আমাৰ মনবোৰ ইমান অলাগতিয়াল চিন্তা, অদৰকাৰী ভাৱনাৰে ভাৰাক্ৰান্ত হৈ উঠে যে, আমি সদৰ্থক চিন্তা কৰিবলৈ, গঠনাত্মক কিবা এটা ভাবিবলৈ নোৱৰা হৈ পৰোঁ। মনৰ জগতখনৰ প্ৰতিটো অপ্ৰয়োজনীয় চিন্তা, অদৰকাৰী ভাৱনা আঁতৰ কৰি মনটো পৰিস্কাৰ মুকলি কৰা, আৰু কামত অহা কথা বতৰাৰে ভৰাই ৰখাৰ দায়িত্ব আমাৰ নিজৰ। সৌৰভ চলিহাই গল্পৰ শেষত লিখিছে- ‘জীৱন বহু জটিল হ’ল-  আমি ব্যতিব্যস্ত হৈ অলাগতিয়াল বস্তু কিছুমান কঢ়িয়াই লৈ ফুৰিছোঁ’।

– প্ৰাঞ্জল দাস

বালিপৰা, শোণিতপুৰ

1 Comments Add yours

মন্তব্য দিয়ক