অসমৰ ভৱিষ্যত

ধৰা হওক, আজিৰ পৰা ত্ৰিশ চল্লিছ বছৰমানৰ পিছত বড়োসকলৰ স্বাধীন ৰাজ্য গঠনৰ সপোন এদিন পূৰ হ’ল। বড়োসকল যে এতিয়া আৰু অসমীয়া জাতিৰ অংশ হিচাপে থাকিব বিচৰা নাই, সেয়া তেওঁলোকৰ কথা-বতৰা, কাম-কাজ প্ৰতিটো ক্ষেত্ৰতে ফুটি উঠিছে। তদুপৰি তেওঁলোকৰ আন্দোলন ইমান সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী যে সেয়া সফল নোহোৱাৰ কথাই নাই। বড়ো ৰাজ্য গঠন এতিয়া কেৱল ‘BTAD’ৰ চাৰিখন জিলাতে সীমাবদ্ধ হৈ থকা নাই। অৰুণাচলৰ সীমাই সীমাই তেওঁলোকে গোটেই অসমখনৰে সপোন দেখিছে। তাৰ অংশস্বৰূপে শোণিতপুৰৰ চাৰিদুৱাৰ, গহপুৰৰ পৰা আদি কৰি ধেমাজি, চিলাপথাৰলৈ প্ৰায় আটাইবোৰ দাঁতিকাষৰীয়া ঠাই এতিয়া বড়ো জনবসতিপ্ৰধান এলেকালৈ পৰিণত হৈছে। ‘Divide Assam 50-50’ শ্লোগান সেই আঁচনিৰ বাবেই। বহুদিন আগেয়ে এবাৰ এজন বড়ো বন্ধুৰ মুখত শুনা মতে সেই ৰাজ্যখনৰ নাম হ’ব ‘উদয়াচল’। সেয়া যদি সঁচাকৈয়ে এদিন হৈ উঠেগৈ তেন্তে ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত অসম নামৰ ভূ-খণ্ডৰ অংশ হৈ থাকিব কেৱল শোণিতপুৰ, লখিমপুৰ, ধেমাজি জিলাৰ কিছু কিছু অংশ।

নামনি অসমৰ প্ৰায়খিনি ঠাই এতিয়া অভিবাসী মুছলমান সকলৰ অধীনত। সংখ্যাগত দিশতেই হওক, বা কৰ্মদক্ষতাৰে যুঁজ দিয়াৰ ক্ষেত্ৰতেই হওক তেওঁলোকৰ সৈতে তিষ্ঠি থকাটো কাৰো বাবেই সম্ভৱপৰ নহয়। আনহাতে, বৃহত্তৰ অসমীয়া জাতিৰ অংশ বুলি মেলে-মিটিঙে চিঞঁৰি থাকিলেও মূল সুঁতিৰ অসমীয়াবোৰে তেওঁলোকক কোনো দিনেই আদৰি লোৱা নাই। দিনে দিনে এই সম্পৰ্ক আৰু অধিক তিক্ততাৰ দিশলৈহে আগবাঢ়িছে। এতিয়া NRC গঠনৰ সময়ত Original Inhabitant(OI)ৰ যি প্ৰসংগ ওলাইছে সিয়ে যে তেওঁলোকক আৰু অধিক আঁতৰলৈহে লৈ যাব সেয়া নিশ্চিত। এনে পৰিস্থিতিত কোনোবাদিনা হঠাতে যদি তেওঁলোকে নিজৰ মাতৃভাষা বাংলা বুলি ঘোষণা কৰে, তেন্তে নামনি অসমত অসমীয়াৰ কোনো অস্তিত্বই হয়তো বাকী নাথাকিব।

বৰাক উপত্যকা অঞ্চলৰ মানুহখিনিয়ে কাগজে-পত্ৰই অসমবাসী হৈ থাকিলেও প্ৰকৃতাৰ্থত কোনোদিনেই নিজকে অসমৰ বুলি ভাবিব পৰা নাই। তেওঁলোকৰ বাবে তেজপুৰ, গুৱাহাটী কোনো অঞ্চললৈ কিবা কামত অহাৰ অৰ্থ হ’ল- ‘অসমলৈ অহা’! এনে এটা সম্পৰ্ক লৈ একেলগ হৈ থকাতকৈ তেওঁলোকে যদি কোনোবাদিনা অসমৰ ভূ-খণ্ডৰ পৰা আঁতৰিও যাব বিচাৰে, তেন্তে তাত আচৰিত হ’বলগীয়া একো নাই। কাৰ্বি-ডিমাচা সকলেও লাহেকৈ বিচ্ছিন্নতাৰ আন্দোলন আৰম্ভ কৰিছেই। ডিফুৰ ৰাজপথত কৰা উলংগ প্ৰতিবাদে ইতিমধ্যে জংগী ৰূপ পাইছে। হয়তো এটা সময়ত কাৰ্বি আংলঙ, ডিমা-হাচাও অসমৰ অংশ হৈ নাথাকিবগৈ।

শেষত আহিল নাগালিমৰ প্ৰসংগ। অসমীয়াই টেটুঁ ফালি চিঞঁৰিও এতিয়ালৈ ‘Naga Framework Agreement’খন কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজহুৱা কৰিব পৰা নাই। সঁচাকৈয়ে যদি শিৱসাগৰ, তিনিচুকীয়াৰ বৃহৎ বৃহৎ অংশ নাগালিমৰ অন্তৰ্ভুক্ত হয়, তেন্তে ব্ৰহ্মপুত্ৰৰ দক্ষিণ অংশত অসমৰ ভূ-খণ্ড হিচাপে থাকিবগৈ মাথোঁ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ কিছু কিছু অংশ। সেইখিনি লৈয়ে অসমখন। বাকী অসমীয়া ভাষাটো- নিজৰ ভাষাটো কোৱাত, লিখাত, সেইটো ভাষাত পঢ়া-শুনা কৰাত অসমীয়াৰ যি লাজ, অনীহা, হীনমন্যতা সেয়া দেখি শুনি অসমীয়া বুলি কিবা এটা ভাষা যে এটা শতিকা মানৰ পিছত থাকিবগৈ সেয়া কোনেও কল্পনাও কৰিব নোৱৰা এটা কথা।

( ২৮ অক্টোবৰ, ২০১৭ )

– প্ৰাঞ্জল দাস

বালিপৰা, শোণিতপুৰ

মন্তব্য দিয়ক