জুবিন

ইংৰাজীত যে কোৱা শুনো- You can love him. You can hate him. But you can’t ignore him. জুবিনৰ ক্ষেত্ৰত আমাৰ বাবে কথাষাৰ অলপ তেনেকুৱাই হয় চাগে। মানুহজনৰ অৱস্থিতি প্ৰতিনিয়ত আমাৰ আশে-পাশে থাকেই। আজি জুবিনৰ জন্মদিন। ৰাতিপুৱাৰ পেপাৰখনৰ পৰা আদি কৰি, ফেচবুকত, বন্ধু বৰ্গৰ সৈতে কথা-বতৰাত দিনটোত কতবাৰ যে জুবিনৰ নাম দেখিলো শুনিলো হিচাপ নাই। পিছে…

অসমীয়া মানুহৰ কৰ্মচেতনা

(১) সিদিনা সকাম এটালৈ যাওঁতে ছাৰ এজনক লগ পালোঁ। বহুত দিনৰ মূৰত লগ পোৱা বাবে ছাৰে আমাক কেইটামানক বেছ আথে বেথে মাতি বহুত পৰ কথা পাতিলে। ছাৰে ইউনিভাৰ্চিটি কোৱাৰ্টাৰ এৰি নতুন এঠাইত ঘৰ সাজিছে। ছাৰে ক’লে, ‘ঘৰখন সাজোতে মোৰ মুঠ ইমান লাখ টকা খৰচ হ’ল। সিদিনা মই হিচাপ কৰি দেখিলো, তাৰে মুঠ ইমান লাখ টকায়ে…

বিষয়: অসমৰ বংগমূলীয় মুছলমান

(১) এইকেইদিন টিভিত বাতৰি চোৱা প্ৰায়সকলেই এনআৰচি কেন্দ্ৰসমূহৰ খা-খৱৰবোৰ দেখিছে। আজি অ’ত কাইলে ত’ত কৰি প্ৰায় প্ৰতিদিনেই ১৩০-১৫০ জনীয়া একো একোটা বৃহৎ পৰিয়াল আৱিষ্কাৰ কৰি থকা হৈছে। আজিও অলপ আগত বাতৰিত দেখিলো নগাঁৱত কালি ১২৩ জনীয়া পৰিয়াল এটাই এনআৰচি কেন্দ্ৰত বংশবৃক্ষ পৰীক্ষা কৰোৱাবলৈ আহিছে। সিদিনা এঠাইত দেখিলো সৰ্বোচ্চ ১৭০ জনীয়া এটা পৰিয়াল। যদিও টিভিত বাতৰিবোৰ…

কয়লা নামেৰী শ্বাহৰুখ মাধুৰী

আমি সৰুতে য’ত আছিলো, আমাৰ দেউতাহঁতৰ ঘাই ঘৰখন য’ত, তাৰ পৰা ভালুকপুং বেছি দূৰ নহয়। অৰুণাচলৰ দাঁতিত এখন গাঁও। গাঁওখন পাৰ হৈয়ে পিছফালে বিস্তীৰ্ণ মুকলি পথাৰ। পথাৰৰ সিমূৰত নীলা নীলা পাহাৰবোৰ। ৰ’দত পাহাৰবোৰ আৰু বেছি জিলিকি উঠে। সৰুতে আমি কেতিয়াবা পথাৰৰ কাষত থিয় দি বা আলিৰ দাঁতিত বহি পাহাৰবোৰলৈ বহুত পৰ ৰ লাগি চাই থাকিছিলোঁ।…

জৈৱ গেছৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা

মানৱ সভ্যতাৰ বিকাশ আৰু উন্নয়নত শক্তিৰ প্ৰয়োজন অনস্বীকাৰ্য। এই শক্তিৰ বহুলাংশ আহৰণ কৰা হয় পেট্ৰ’ল, ডিজেল, কয়লা আদি ইন্ধন দহন কৰি। এই সমূহ ইন্ধনৰ বৈশিষ্ট এয়ে যে, এবাৰ ব্যৱহাৰ কৰাৰ পিছতে সেয়া সম্পূৰ্ণৰূপে শেষ হৈ যায়। অৰ্থাৎ, দ্বিতীয়বাৰৰ বাবে আৰু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি, বা সহজতে উৎপাদন কৰিবও নোৱাৰি। সেয়ে এইধৰণৰ ইন্ধন সমূহক অনৱীকৰণযোগ্য শক্তিৰ…

শহাপহু উপাখ্যান

লখিমপুৰৰ জেঠাইহঁতৰ ঘৰত শহাপহু পোহিছিল। প্ৰথমে দুটা আনিছিল বোলে, পিছত বাঢ়ি বাঢ়ি এপাল হ’ল। মা এদিন গ’ল। বগা বগা পহুবোৰ দেখি তেওঁৰ হেনো মৰম লাগিল। মায়ে জেঠাইক ক’লে, ‘মোকো দিবিচোন দুটা, পোহিম’। জেঠায়ে বোলে ‘হ’ব’। আমি সেইবোৰ কথা গমেই নাপাও ইফালে। তাৰ পিছত এদিন জেঠাইৰ ল’ৰা বাপুটি কাৰ্টন এটাত দুটা শহা পহু ভৰাই লৈ হাজিৰ।…

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক

অসমীয়া লিপিয়ে ইউনিকোডত স্থান পোৱা-নোপোৱাৰ বিষয়টোৱে যোৱা কিছুদিনত বেচ চৰ্চা লাভ কৰিছে। বিশেষকৈ অসমীয়া ভাষাৰ লিপিক স্বতন্তৰীয়াকৈ ‘অসমীয়া’ লিপি হিচাপে নাম দিয়াৰ পৰিৱৰ্তে ‘বাংলা-অসমীয়া’ বুলি নামকৰণ কৰাক লৈ বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে। লণ্ডনৰ সভাত বিষয়টো সন্দৰ্ভত আলোচনা কৰিব যোৱা অসমৰ প্ৰতিনিধি দলক বহুতে ককৰ্থনাও কৰিছে। আলফাৰ দৰে সংগঠনেও আঁতৰৰ পৰাই ‘অসম সাহিত্য সভা’ক সকিয়নী প্ৰদান…

অংকীয়া ভাওনা আৰু কিছু আনুষংগিক চিন্তা

প্ৰান্তিক আলোচনীখনৰ শেষপৃষ্ঠাত প্ৰকাশ পোৱা প্ৰয়াত ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ দিনলিপিখন এতিয়াও বহু সচেতন অসমীয়াই আন্তৰিকতাৰে পঢ়ি চায়। আধুনিক অসমীয়া সমাজখনৰ অভিভাৱক হিচাপে যিকেইগৰাকী বিৰল প্ৰতিভাধৰ অসমীয়াক সকলোৱে স্বীকৃতি দিছে, সেইসকলৰ ভিতৰত শইকীয়া ছাৰ অন্যতম। সেয়েহে সমসাময়িক ঘটনাৱলী, চৌপাশৰ পৰিৱেশ আদিক এইগৰাকী সূক্ষ্মদৃষ্টিসম্পন্ন অসমীয়াই কিধৰণে চাইছিল, কি মতামত দিছিল তাৰ আধাৰত আমি কিছু চিন্তাৰ খোৰাক…