ক’ৰোনা কালৰ মালিতা

(১)

ঢেঁকীয়াখোৱা বৰ নামঘৰৰ মাধৱদেৱৰ দিনৰে পৰা জ্বলি থকা চাকিগছ নুমাই গ’ল বুলি কালি উৰাবাতৰি এটা ওলাল। বাতৰিটো আহি আমাৰ এইফালেও প্ৰচাৰ হৈছিল। অলপ পিছতে গম পালো ভুৱা বুলি। আজি দেখিলো নামঘৰ কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে শিৱসাগৰৰ ল’ৰা এজনক গ্ৰেপ্তাৰ কৰিছে। তেনেই সৰু ল’ৰা। বেচেৰাই কান্দি কান্দি কৈছে সি ভবাই নাছিল ইমান সৰু কথাটোৰ এনেকুৱা পৰিণাম হ’ব বুলি। সিও হেনো গধূলি ক’ৰবাত ওলাই যাওঁতে দেখিলে মানুহে ঘৰে ঘৰে পদূলিত চাকি জ্বলাইছে। কাৰণটো সোধাত কোনোবা এজনে তাক ক’লে, ঢেঁকীয়াখোৱা বৰনামঘৰৰ চাকিগছ নুমাই গ’ল, সেয়ে সকলোৱে ঘৰে ঘৰে আজি চাকি দিছে। সি কথাটো শুনাৰ পিছত সকলোকে জনাই দিবলৈ ফেচবুকত পোষ্ট এটা লিখিলে। লগে লগে পোষ্টটো ভাইৰেল হৈ গ’ল। চাকি নুমোৱা বুলি উৰাবাতৰিটো আগৰে পৰা প্ৰচাৰ হৈ ঘূৰি আছিল। ল’ৰাজনে পোষ্টটো দিয়াত গোটেই অসম বিয়পি পৰিল। যি নহওক, ল’ৰাটোক আগলৈ এনে নকৰিবলৈ সকিয়াই দি ঘৰলৈ ঘূৰাই পঠোৱাটোকে আশা কৰিম। এনেকুৱা জটিল সময়ত উৰাবাতৰি বিয়পি যোৱাটো তেনেই সহজ কথা। কালি পালো পুৰীৰ জগন্নাথ মন্দিৰৰ শিখৰৰ পতাকাখনত জুই জ্বলি উঠিল। বাতৰিবোৰ প্ৰচাৰ হওতে সদায় অলৌকিক ঘটনা বুলিয়ে প্ৰচাৰ হয়। যেন পৃথিৱী ধ্বংস হ’বলৈ আৰু বেছি দিন নাই, সেয়ে সকলোতে নানানটা ঘটনা ঘটিব ধৰিছে। পিছত গম পোৱা গ’ল কিবা বিশেষ তিথি উপলক্ষে মন্দিৰৰ শিখৰত চাকি জ্বলাইছিল। তাৰ পৰাহে জুই লাগিল। সময়খিনি যথেষ্ট জটিল। ক’ৰণা মহামাৰীয়ে কোন সময়ত গোটেই ভাৰতখন চানি ধৰে থানথিত নোহোৱা হৈছে। ভাৰতৰ ক’ৰণা সংক্ৰমণৰ মেপখন চালে দেখি উত্তৰ-পূৱৰ আমাৰ ঠাইখিনি কোনোমতে নিৰাপদে আছে। কিন্তু ফেচবুকত এইকেইদিন কিছুমানৰ কথা কাণ্ড দেখিলে এনেকুৱা লাগে, তেওঁলোক যেন অধৈৰ্য হৈ ৰৈ আছে অসমত এতিয়ালৈ এটাও ক’ৰণা সংক্ৰমণৰ ঘটনা ঘটা নাই কিয়? এবাৰ এটা ঘটনা শুনিবলৈ পালেই যেন তেওঁলোক শান্তিত থাকিব পাৰিব। আজি অ’ত ওলাইছে কালি ত’ত ওলাইছে, বিশ্বনাথ, যোৰহাট, শিৱসাগৰ য’তেই সাধাৰণ সন্দেহৰ ঘটনা এটা শুনিছে লগে লগে আগ পাছ নুগুনি বাতৰি লিখি বিলাই ফুৰিছে। সজাগ হৈ থকাটো প্ৰয়োজন। আনক সজাগ কৰাটোও প্ৰয়োজন। কিন্তু সেইবুলি আতংক বিয়পোৱা উচিত নহয়। এই একেখিনি মানুহেই দিনটোত দহবাৰ মান পোষ্ট লিখে আতংকিত নহ’ব সজাগ হৈ থাকক বুলি। ইফালে আতংক বিয়পোৱাৰ কামবোৰো নিজেই সমান্তৰালকৈ চলাই ৰাখিছে। বয়সীয়াল কিছুমান লোক যিসকলে ম’বাইলত দেখা সকলো কথাকে সঁচা বুলি বিশ্বাস কৰে, এই কথাবোৰে তেওঁলোকৰ বহুত ক্ষতি কৰে। ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ সামাজিক পৰিৱেশৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিয়া হৈছে। ফেচবুকো এটা সামাজিক মাধ্যম। এই কেইটা দিনত কিছুমান মানুহ ইয়াৰ পৰাও আঁতৰতে থকা প্ৰয়োজন।

(২১ মাৰ্চ, ২০২০)

(২)

অনবৰতে ক’ৰোনা ক’ৰোনা শুনি থকাৰ বাবে মনটোত অসংলগ্নভাৱে বিভিন্ন কথাবোৰ আহি থাকে। স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৩ তাৰিখে ঘোষণা কৰিছিল ২৪ মাৰ্চৰ সন্ধিয়াৰ পৰা অসমক সম্পূৰ্ণৰূপে লক ডাউন কৰা হ’ব। সেইটো বহুক্ষেত্ৰত সুবিবেচকী সিদ্ধান্ত আছিল। অন্ততঃ ঘৰৰ পৰা আঁতৰত থকা সকলে ঘৰলৈ উভটিবলৈকে এটা দিনৰ সময় পাইছিল। প্ৰধানমন্ত্ৰীয়ে ২৪ তাৰিখে সন্ধিয়া আঠটা বজাত ঘোষণা কৰিছে ৰাতি বাৰ বজাৰ পৰা সমগ্ৰ ভাৰত বন্ধ। দিল্লীৰ আনন্দ বিহাৰত কালি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে এনে কম সময়ত কৰা ঘোষণাৰ বহুত দোষ আছে। যিহওক বিদেশত থকা ভাৰতীয়সকলক ঘৰলৈ উভটাই আনিবলৈ যিদৰে ব্যৱস্থা লোৱা হৈছিল, ভাৰততে থকা ভাৰতীয় মানুহখিনিক ঘৰে ঘৰে পঠোৱাৰ ব্যৱস্থাও চৰকাৰে সুপৰিকল্পিতভাৱে লোৱা উচিত। দিল্লীত যোৱা কেইটামানদিনত উত্তৰ-পূৱৰ মানুহখিনি বহুত ৱৈষম্যৰ বলি হ’ল। মণিপুৰী যুৱতী এগৰাকীক এজন লোকে ক’ৰণা ভাইৰাছ বুলি মুখত থুৱাই দিয়াৰ বাতৰিও পাইছিলো। কিন্তু চাবলৈ গ’লে ভাৰতৰ অন্য প্ৰান্ততকৈ উত্তৰ-পূৱহে এতিয়ালৈ বাচি আছে। ইয়াত মাত্ৰ দুটা পজিটিভ কেচ ধৰা পৰিছে। আৰু কেইদিনমান এই স্থিতাৱস্থা বৰ্তাই ৰাখিব পাৰিলে হয়তো বহুখিনি সকাহ হ’ব। তথাপিও মাজে মাজে মনলৈ আহে কেৰেলা, মুম্বাই, পুনেত কাম কৰা হেজাৰ হেজাৰ মানুহ আহি এইকেইদিনত অসম সোমাইছেহি। সেইসকলৰ এজনৰ গাতো কেনেবাকৈ ক’ৰণাৰ ভাইৰাছ আহি অসমত ভিতৰি ভিতৰি বিয়পি ফুৰিছে নেকি। বেমাৰে ইতিমধ্যেই জাল বান্ধিছেই, কেৱল ধৰাহে পৰা নাই যদি। এবাৰ সংক্ৰমণে মহামাৰী ৰূপ ল’লে এইখন দেশ বচাবলৈ কাৰোবাৰ সামৰ্থ হ’বনে? কিমান দিনলৈ এই ক’ৰণাৰ আতংক চলি থাকিব এতিয়াই কব নোৱাৰি। কেৱল মানুহৰ জীৱন বচোৱাৰ কথাটোহে এইসময়ত প্ৰথম আৰু প্ৰধান লক্ষ্য হৈ পৰিছে। কিন্তু এই বিভীষিকা শেষ হোৱালৈ দেশৰ অৰ্থনীতি, চাকৰি ব্যৱসায় বাণিজ্য, শৈক্ষিক পঞ্জী সকলোবোৰে নতুন (বিধ্বস্ত) ৰূপ লৈ উঠিব। হয়তো আমি সম্পূৰ্ণ নতুন এখন দেশতহে জীৱন আৰম্ভ কৰিম। বহুতৰ জীৱন হয়তো জটিল হ’ব।

(২৯ মাৰ্চ, ২০২০)

(৩)

দিল্লীৰ নিজামুদ্দিন অসমৰ মানুহৰ বাবে আতংকৰ অন্য এটা নাম হৈ পৰিছে। অতদিনে আমি ভাবি আছিলো দক্ষিণ ভাৰতৰ পৰা অসমলৈ অহা লোক সকলৰ পৰা অসমত ক’ৰণা সংক্ৰমণ হ’ব পাৰে। কিন্তু তাৰ বিপৰীতে সেয়া আহিল সম্পূৰ্ণ অকল্পনীয় আৰু নতুন এটা বাটেৰে। ইয়াৰ লগত জড়িত হৈ আছে একাংশ মানুহৰ অসচেতনতা আৰু ধৰ্মীয় গোড়ামিৰ বাবে কাৰো হাক বাধা শুনিব নিবিচৰা মনোবৃত্তি। যাৰ ফল হয়তো এতিয়া গোটেই অসমবাসীয়ে ভুগিবলগীয়া হ’ব পাৰে। সেয়ে আজি সকলোৰে খং উঠিছে, যিটো স্বাভাৱিক। বহুতে দিল্লীৰ ঘটনাটো বুজাবলৈ হজৰত নিজামুদ্দিন দৰগাহ বুলি কৈ আছে। কাৰণ এই নামটো টিভি, চিনেমাত শুনি শুনি সকলোৰে মনত চিনাকি। কিন্তু নিজামুদ্দিন দৰগাহ আৰু নিজামুদ্দিন মাৰ্কাজ দুটা সম্পূৰ্ণ পৃথক। হজৰত নিজামুদ্দিন তেৰশ শতিকাৰ এজন চুফী সন্ত। তেওঁৰ সমাধি অৱস্থিত কাৰণে গোটেই ঠাইখনিৰ নামে নিজামুদ্দিন। ‘বজৰংগী ভাইজান’ চিনেমাখনত দেখুৱায় মাকে কথা কব নোৱৰা শ্বাহিদাক লৈ পাকিস্তানৰ পৰা দিল্লীৰ নিজামুদ্দিন দৰগাহলৈ আহে। ‘ৰকষ্টাৰ’ত ৰণবীৰ কাপুৰে ঘৰৰ পৰা ওলাই গৈ নিজামুদ্দিন দৰগাহতে কেইবাদিন অনাই বনাই ঘূৰি থাকে। চুফীবাদৰ নীতি সদায় উদাৰ আৰু মূল ধৰ্ম মানৱ সেৱা আৰু মানৱতাবাদ। সেয়ে চুফীবাদৰ প্ৰতি কেৱল ইছলামে নহয়, সকলো ধৰ্মৰ মানুহেই আকৃষ্ট হয়। হজৰত নিজামুদ্দিন দৰগাহ দৰ্শনৰ বাবেও সেয়ে সকলো ধৰ্মৰ মানুহে তালৈ যায়। এই দৰগাহ বহুতৰ বাবে গভীৰ আস্থা আৰু মনৰ প্ৰশান্তি প্ৰাপ্তিৰ স্থান। দুদিনমান আগত অসমৰ উদীয়মান সংগীতশিল্পী অনুৰাগ শইকীয়াই ইণ্টাৰভিউবোৰত কৈছিল ‘প্ৰজেক্ট বৰগীত’ৰ আৰম্ভণিৰ কথা তেওঁ পাতিছিল দিল্লীৰ নিজামুদ্দিন দৰগাহত। কিন্তু দিল্লী নিজামুদ্দিন মাৰ্কাজ বেলেগ। দৰগাহ শতিকাপুৰণি, কিন্তু মাৰ্কাজৰ আৰম্ভণি ১৯২৬ চনত। তবলিগী জামাত, মাৰ্কাজ, ইস্তেমা এইকেইদিনত এইকেইটা নতুন শব্দ শুনি অলপ খুঁচৰি চালোঁ। তবলিগী জামাতৰ মূল উদ্দেশ্য ইছলাম ধৰ্ম আৰু আল্লাৰ বাণী প্ৰচাৰ। তবলিগী সকলে আল্লাৰ বাণী প্ৰচাৰ কৰি ফুৰে, আৰু জামাত মানে তেওঁলোকৰ গোট। মাৰ্কাজ হ’ল সভা অনুষ্ঠিত কৰা ঠাই। ইস্তেমা এক ধৰ্মীয় অনুষ্ঠান য’ত এই ধৰ্মগুৰু সকলে ইছলাম প্ৰচাৰ কৰিবৰ বাবে বৃহৎ সভা অনুষ্ঠিত কৰে। আমি মাজে মাজে মাইকত ইছলাম ধৰ্মগুৰু কিছুমানে উদ্ভট মন্তব্য কৰা ভিডিঅ’বোৰ দেখো। এইবোৰ এনে ইস্তেমা অনুষ্ঠান। ইছলাম ধৰ্মৰ গভীৰ জ্ঞান থকা সকলে এইবোৰ কথা বহলকৈ বুজাব পাৰিব। গোড়া ইছলাম অনুসৰণ কৰা সকলে চুফী মতবাদক সমৰ্থন নকৰে। সেয়ে তেওঁলোকে নিজামুদ্দিন দৰগাহ দৰ্শনো বৰ এটা পচন্দ নকৰে। এই যিসকল লোকে দিল্লীলৈ গৈ ক’ৰণাৰ বীজাণু দেহত লৈ ঘূৰি আহিছে তেওঁলোক গৈছিল নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণৰ বাবে, নিজামুদ্দিনৰ দৰগাহলৈ নহয়। মাৰ্কাজ আৰু দৰগাহৰ মাজত অলপ দূৰত্ব আছে। নিজামুদ্দিন দৰগাহ দৰ্শন চৰকাৰী নিৰ্দেশনা অনুসৰি পূৰ্বৰ পৰা বন্ধ আছিল। সেয়ে নিজামুদ্দিন দৰগাহত ক’ৰণা বিয়পা বুলি বাতৰি ওলোৱাৰ লগে লগে তেওঁলোকে তাৰ বিৰোধিতা কৰিছিল। গোটেই দেশত ক’ৰণা সংক্ৰমন হঠাতেই অধিক হাৰত বৃদ্ধি পোৱা ঘটনাত একাংশৰ ধৰ্মীয় গোড়ামী আৰু ধৰ্মৰ বাবে কাকো কেৰেপ নকৰা উদণ্ড মনোবৃত্তি সম্পূৰ্ণ জগৰীয়া। নিজামুদ্দিন দৰগাহ আৰু নিজামুদ্দিন মাৰ্কাজৰ পাৰ্থক্যৰ কথায়ো এইচাম লোকৰ ধৰ্মীয় গোড়ামীকে উদঙাই দিয়ে। চুফী হজৰত নিজামুদ্দিন আউলিয়া মিছাতে আজি বদনাম হৈছে।

(২ এপ্ৰিল, ২০২০)

(৪)

ইউৰোপীয় উন্নত দেশসমূহৰ লোকৰ তুলনাত দক্ষিণ-পূৱ এছিয়া, আফ্ৰিকা আদিৰ দুখীয়া দেশবোৰৰ মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বহুত বেছি। এবাৰ ক’ৰ’বাত পাইছিলো বাংলাদেশৰ নাগৰিকৰ হেনো ইমিউনিটি সকলোতকৈ বেছি। তেওঁলোকে যিকোনো প্ৰতিকূল পৰিৱেশটো খাপ খাই জীয়াই থাকিব পাৰে। এইবোৰ প্ৰামাণিক তথ্য নহয় চাগে, কিন্তু এটা কথা ঠিক পৰিৱেশে মানুহক শক্তিশালী কৰি তুলিব পাৰে। দুখীয়া দেশবোৰৰ মানুহে যি অস্বাস্থ্যকৰ প্ৰতিকূল পৰিৱেশৰ মাজত দৈনিক জীৱন নিৰ্বাহ কৰে, ইয়ে তেওঁলোকক ৰোগৰ সৈতে যুঁজিবলৈ অধিক সক্ষম কৰি তুলিছে। বাহিৰৰ দেশবোৰৰ তুলনাত আমাৰ ইয়াত সেয়ে হয়তো এতিয়ালৈ ক’ৰোনা প্ৰাণঘাতী ভয়ংকৰ মহামাৰী ৰূপ লৈ উঠা নাই। ভাৰতত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ হাৰ বাকী দেশবোৰতকৈ যথেষ্ট কম। আৰু ৰোগাক্ৰান্ত প্ৰায়সকলে কিছুদিন পিছতে সম্পূৰ্ণ সুস্থ হৈ হৈ উঠিছে। কালি গোলাঘাটৰ পৰা দিল্লীলৈ গৈ ক’ৰোনাত আক্ৰান্ত হোৱা ল’ৰাজনৰ ভিডিঅ’টো চালোঁ। তেওঁ সকলোকে ভীতিগ্ৰস্ত নহ’বলৈ বাৰে বাৰে অনুৰোধ কৰিছে। ক’ৰোনাৰ লক্ষণ হিচাপে তেওঁৰ তেনেই সাধাৰণ জ্বৰ, গাৰ বিষ হৈছিল। সচৰাচৰ জ্বৰ হোৱাৰ দৰে তেওঁ পেৰাচিটামল খাইছে আৰু এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে। পানীলগা জ্বৰ চৰ্দি এইবোৰো ভাইৰাছজনিত ৰোগ, আৰু বতৰ সলনি হ’বৰ এনেকুৱা সময়ত এইবোৰ ৰোগ সকলোৰে হ’ব পাৰে। ক’ৰোনা ভাইৰাছৰ ফলত হোৱা জ্বৰ চৰ্দিকো এতিয়া একেদৃষ্টিৰে চাবলৈ শিকিবলৈ আমি হয়তো সাজু হ’বৰ সময় হ’ল। এতিয়া ক’ৰোনাৰ সৈতে সহাৱস্থান কৰাৰ কথাও আলোচনা হৈছে। কাৰণ আগন্তুক দুবছৰ মানলৈ এই ৰোগ নাইকিয়া হোৱাৰ লক্ষণ নাই। আৰু চিৰদিন বেমাৰৰ ভয়ত ঘৰৰ ভিতৰত সোমাই থকাৰো কোনো উপায় নাই। ক’ৰোনাৰ সৈতে সহাৱস্থান কৰাটো সম্পূৰ্ণৰূপে সম্ভৱ নহয়। কাৰণ ইয়াৰপৰা আৰোগ্য হৈ উঠাৰ সম্ভাৱনা থাকিলেও শেষ সত্যটো এয়ে যে ক’ৰোনাৰ ৰোগ প্ৰতিৰোধী ভেকচিন এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। তাৰোপৰি ৰোগৰ সংক্ৰমণৰ হাৰো বহুত বেছি ক্ষীপ্ৰ। সেই গতিকে ল’বলগীয়া সাৱধানতা খিনি প্ৰতি সময়ত বৰ্তাই ৰাখি চলিবলৈ আমি বাধ্য। কিন্তু সেইবুলি ক’ৰোনা আক্ৰান্ত হ’ল মানেই মৃত্যুৰ দুৱাৰদলিত থিয় দিয়া ধৰণৰ ভাৱবোৰ এতিয়া অন্ততঃ ত্যাগ কৰিবৰ হ’ল। বহুত দিন আগেয়ে The Ruins নামৰ চিনেমা এখন চাইছিলো। হয়তো বহুতেই চাইছে চিনেমাখন। গভীৰ অৰণ্যৰ মাজত থকা এটা আৰ্কিয়লজিকেল চাইট, য’ত গোটেই ঠাইখিনি এজোপা বিশেষ লতায়ে আৱৰি আছে। লতাজোপাৰ ঠাল ঠেঙুলিবোৰে মানুহৰ দেহত প্ৰৱেশ কৰি মানুহ ভক্ষণ কৰে। সেই গছজোপাৰ প্ৰতি ওচৰ পাজৰৰ মানুহবোৰৰ এনে ভয়ংকৰ ভয় যে কেনেবাকৈ তাৰ পাত এখিলা কাৰোবাৰ গাত লাগিলেও লগে লগে তেওঁক কঠোৰ শাস্তি দিয়ে। এইকেইদিন টিভিত কোনোবা এজন ক’ৰোনা আক্ৰান্ত চিনাক্ত হ’লেই যিদৰে চিঞৰ বাখৰ কৰিছে, সেয়া দেখি সেই ৰোগীবোৰকো চিনেমাখনত দেখুওৱা লতাৰ কাষলৈ অহা দুৰ্ভগীয়া মানুহৰ দৰেই লগা হৈছে। বাৰে বাৰে ‘অতি ভয়ংকৰ তথ্য আহি পৰিছে’ বুলি এনেকৈ উচ্চাৰণ কৰে যেন ৰোগীজন এজন অপৰাধীহে। তেওঁ মনে মনে দেহত ক’ৰোনা ভাইৰাছ লুকুৱাই লৈ ঘূৰি ফুৰিছিল এতিয়া ধৰা পৰি গ’ল। গাঁৱত আক্ৰান্ত হোৱা সকলৰতো আৰু দুৰ্ভাগ্যজনক অৱস্থা। টিভি চেনেলৰ সাংবাদিক বোৰে ৰেপি ৰেপি ওচৰ চুবুৰীয়াবোৰক এনেকৈ প্ৰশ্ন কৰে যেন তেওঁলোকক সুধিছে, আপোনালোকে এই অপৰাধী মানুহ ঘৰৰ কাষত কেনেকৈ আছে? এনেকুৱা পৰিৱেশেই যদি বৰ্তি থাকে ক’ৰোনা আক্ৰান্ত হৈ জ্বৰ চৰ্দি হোৱা সকলেও ডাক্তৰক জনাবলৈ সংকোচহে কৰিব আৰু ভিতৰি এইবোৰেই ভয়ংকৰ সংক্ৰমণ ঘটাব। কাৰণ এতিয়া আৰু ট্ৰেভেল হিষ্টৰি বিচাৰি বিচাৰি ক’ৰোনা আক্ৰান্ত চিনি ওলোৱা সময় প্ৰায় পাৰ হৈছে। লাহে লাহে গণ সংক্ৰমণ হ’বলৈয়ে আৰম্ভ কৰিছে। ক’ৰোনাৰ সৈতে সহাৱস্থান সম্ভৱ নহ’লেও ক’ৰোনা ৰোগীৰ প্ৰতি এতিয়া কিছু সংবেদনশীল আৰু সহৃদয় হোৱাটো জৰুৰী। কাৰণ মনৰ জোৰেহে মানুহ এজনক ৰোগৰ সৈতে যুঁজিবলৈ সাহসী কৰি তোলে। সকলোৱে অস্পৃশ্যৰ দৰে ব্যৱহাৰ কৰিলে তেওঁৰ মনোবল আপোনা আপুনি বহুতখিনি কমি যাব পাৰে।

(১৭ মে’, ২০২০)

(৫)

ক’ৰোনা মহামাৰীয়ে প্ৰায় সকলোবোৰ ক্ষেত্ৰতে বিস্তৰ ক্ষতিসাধন কৰি থৈ গ’ল। কিন্তু আটাইতকৈ বেছি বিশৃংখলাৰ যদি সৃষ্টি কৰি থৈ গ’ল, তেন্তে সেয়া হ’ল শিক্ষাখণ্ডত। মনত পৰে, যোৱা বছৰ এনেকুৱা সময়তে ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত অলপ অলপকৈ বাতৰিবোৰ শুনিছিলো। নতুন এটা ৰোগ উদ্ভৱ হোৱা বুলি হোৱাটছএপত মেচেজ এটা ফৰৱাৰ্ড হৈ অহাও মনত পৰে। কিন্তু সেইটো তেতিয়া একেবাৰেই গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ দৈনিক তেনেকুৱা হৰেক ৰকমৰ মেচেজ আহি থাকে। লাহে লাহে যেতিয়া ৰোগৰ ভাইৰাছ সংক্ৰমণ হৈ আহি আহি ভাৰত পালেহি, তেতিয়া পোন প্ৰথমে স্কুল-কলেজবোৰেই বন্ধ কৰা হৈছিল। স্কুল কলেজবোৰক কোৱাৰেণ্টাইন চেণ্টাৰ সজা হ’ল। প্ৰথমে মাত্ৰ এসপ্তাহ-পোন্ধৰদিনমানৰ বাবে ঘোষণা কৰা বন্ধ বাঢ়ি বাঢ়ি কেইবামাহলৈকে চলিল। ব্যক্তিগত খণ্ডৰ স্কুলবোৰত অনলাইন মাধ্যমেৰে পাঠদান কাৰ্য চলি থাকিল। কিন্তু বাকী শ শ চৰকাৰী বিদ্যালয়ত অনলাইন শিক্ষা ব্যৱস্থা ভালদৰে কাৰ্যকৰী নহ’ল। চৰকাৰী বিদ্যালয়সমূহত শিক্ষাগ্ৰহণ কৰি থকা সৰহসংখ্যক নিম্ন, মধ্যবিত্ত পৰিয়ালৰ ল’ৰা-ছোৱালীখিনিক অনলাইন মাধ্যমৰ শিক্ষা ব্যৱস্থাৰে সামৰি লোৱা সম্ভৱপৰো নহ’ল। ফলত স্বাভাৱিকতে এক বৃহৎ শৈক্ষিক ব্যৱধানৰ সৃষ্টি হৈ পৰিল। আজিকালি পাছ-ফেইল পদ্ধতি নথকাকৈ শ্ৰেণী আগবঢ়াই নি থকাৰ নিয়ম প্ৰৱৰ্তনৰ ফলত স্কুলবোৰত একধৰণৰ সোলোক ঢোলোক অৱস্থাৰ সৃষ্টি হৈছেই। এতিয়া কিতাপ-কলমৰ পৰা প্ৰায় এবছৰীয়া দূৰত্ব বৃদ্ধিৰ ফলত বহুতবোৰ ছাত্ৰ-ছাত্ৰী বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হ’ল। বিশেষকৈ এই সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। নিয়মিত পাঠদান প্ৰক্ৰিয়া চলি থকাৰ যি এক সুশৃংখলিত ৰীতি আৰু মনোযোগ সেয়াও বাধাপ্ৰাপ্ত হ’ল। বাকী এই অনলাইন মাধ্যমেৰে চলাই থাকিব বিচৰা শিক্ষা ব্যৱস্থা কিমানদূৰ ফলপ্ৰসূ হ’ল সেয়া নিজৰ অভিজ্ঞতাৰ ভিত্তিত কিছু কথা ক’ব পাৰোঁ। ষাণ্মাসিক পদ্ধতিৰে চলি থকা পাঠ্যক্ৰমসমূহৰ যোৱা বছৰ এনেকুৱা সময়ত শ্ৰেণীবোৰ আৰম্ভ হৈছিলহে। কিন্তু তাৰ পিছতেই ক’ৰোনায়ে আহি খেলিমেলিৰ সৃষ্টি কৰিলে। ক’ৰোনাৰ দুৰ্যোগ কিমান দিনলৈ চলিব, বাধাপ্ৰাপ্ত হোৱা শিক্ষা নতুনকৈ কেনেদৰে চলোৱা যাব তাৰ বাবে ব্যৱস্থা লওতেই কিছু সময় লাগিল। তাৰ পিছত পৰীক্ষা কিদৰে লোৱা হ’ব সেই লৈয়ো যথেষ্ট চিন্তা চৰ্চা হ’ল। শেষত কেৱল শেষ ষাণ্মাসিকত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাদে অইনবোৰ ষাণ্মাসিকৰ পৰীক্ষা নোলোৱাটোৱে সিদ্ধান্ত কৰা হ’ল। পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কথা ওলোৱাৰ লগে লগে যি চালুকীয়াকৈ অনলাইন শিক্ষা আৰম্ভ হৈছিল, তাৰ গুৰুত্ব আৰু আগ্ৰহ স্বাভাৱিকতে কমি গ’ল। শেষৰ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলৰো অনলাইন ব্যৱস্থাৰে খৰধৰকৈ নামমাত্ৰ মূল্যায়ন ব্যৱস্থাৰ আখৰা কৰি উত্তীৰ্ণ কৰাই দিয়া হ’ল। সেই সময়ত কেৱল কিদৰে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ এটা নষ্ট নোহোৱাকৈ ৰাখিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। অনলাইন ব্যৱস্থাৰে পতা পৰীক্ষাত গাঁৱে ভূঞে ভিতৰুৱা অঞ্চলত নেটৱৰ্ক ভালদৰে নথকা ঠাইৰ ল’ৰা-ছোৱালীখিনিয়ে ভালদৰে দুৰ্যোগ ভুগিবলগীয়া হৈছিল। এই ব্যৱস্থাটোত তেওঁলোকে ঘৰতে ভিডিঅ’ কেমেৰা অন কৰি লৈ পৰীক্ষাৰ প্ৰশ্নকাকতখন সমাধান কৰে। আমিও কেমেৰা অন কৰি পৰ্যবেক্ষক হৈ তেওঁলোকৰ গতিবিধি মন কৰি থাকোঁ। এদিন দেখিলো এগৰাকী ছাত্ৰীৰ কেমেৰাটো বাৰে বাৰে অফ হৈ যায়। অলপ পিছত আকৌ নিজে নিজে সংযোগ হয়। ছাত্ৰীগৰাকীক বাৰে বাৰে সাৱধান কৰি দিয়াৰ পিছতো তেনেকুৱা হৈ আছিল। তাইৰ মতে তাই ভিডিঅ’ অফ কৰা নাই। ছাত্ৰীগৰাকীক একাণপতীয়াকৈ লিখি থকা দেখি তাই তেনেকুৱা কিবা কৰিব যেনো লগা নাই। কিন্তু বিশ্ববিদ্যালয়ৰ পৰাও যিহেতু পৰীক্ষা তদাৰক কৰিবলৈ একো একোজন নিৰীক্ষক নিয়োজিত কৰা হৈছিল, তেওঁলোকৰ সন্মুখত পৰিস্থিতিটো বৰ অশুৱনি হয়। ছাত্ৰীগৰাকীয়ে ভয় খাই পৰীক্ষাৰ শেষত গোটেই পৰিস্থিতিটো বৰ্ণাই ক’লে। তাহাঁতৰ অঞ্চলটোত মোবাইল নেটৱৰ্কটোৱে বৰকৈ আমনি কৰি থাকে। তাই কোনোমতে বিচাৰি বিচাৰি নেটৱৰ্ক থকা ঠাইৰপৰা পৰীক্ষা লিখিব বহিছে যদিও নেটৱৰ্কৰ অহা-যোৱাৰ বাবে বাৰে বাৰে তাই অসুবিধাত পৰিছে। এইটো মাত্ৰ তেনেই সৰু এটা উদাহৰণহে, এনেকুৱা অলেখ কাহিনী আছিল। অনলাইন পৰীক্ষাৰ শেষত গোটেই উত্তৰবহীখনৰ ফটো তুলি পিডিএফ ফাইল হিচাপে আপলোড কৰিব লাগে। তাৰ বাবে নিৰ্দিষ্ট কিছু সময় নিৰ্ধাৰণ কৰা থাকে। সেই লৈয়ো বহুত ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ সৃষ্টি হ’ল। কাৰণ পিডিএফবোৰ সময়মতে আপলোড নহয়। নেটৱৰ্কৰ সমস্যা থাকিলে অলপ ডাঙৰ চাইজৰ ফাইল আপলোড কৰিবলৈ বহুত সময় লাগে। যি কি নহওক, এনেকৈয়ে অনেক বাধা বিঘিনিৰ মাজেৰে পৰীক্ষাবোৰ অনুষ্ঠিত কৰা হ’ল। পূৰ্বতে যিবোৰ ষাণ্মাসিক জুলাই-আগষ্টত আৰম্ভ হৈছিল, এইবাৰ অক্টোবৰ মাহ মানৰ পৰাহে কোনোমতে আৰম্ভ কৰিব পৰা গ’ল। তাকো অনলাইন ব্যৱস্থাৰে সকলো ছাত্ৰ-ছাত্ৰী সামৰি ল’ব পৰা নহয়। এদিন মাজ ৰাতি এজন ছাত্ৰৰ পৰা মেচেজ আহিছে। অলপমান দুৰ্গম পাহাৰীয়া একাষৰীয়া অঞ্চলৰ বাসিন্দা ল’ৰাজনে নিজৰ মোবাইলৰ স্ক্ৰীণশ্বট দেখুৱাই নেটৱৰ্কৰ সমস্যা থকাৰ কথাটো বুজাব বিচাৰিছে। সি যে মিছা মতা নাই, তাৰে প্ৰমাণ দিবলৈ সি ফোনৰ নেটৱৰ্কৰ ছিগনেল দেখুৱাইছে। ফটোখন সি মেচেজ কৰি পঠিয়াইছিল অইন সময়ত, কোনোমতে ডেলিভাৰ হৈছেহি মাজৰাতি। সেইজন ছাত্ৰয়ে এটাও ক্লাছত উপস্থিত থাকিব পৰা নাই, কাৰণ ঘৰত ভালদৰে নেটৱৰ্কে নাপায়। সাধাৰণ ফোন, মেচেজ কৰিব পাৰিলেও সেইটো নেটৱৰ্কত ভিডিঅ’ কনফাৰেন্সিঙত ভাগ লোৱা সম্ভৱ নহয়। এনেকৈয়ে বিষমভাৱে অনলাইন ব্যৱস্থাৰ পাঠদান চলি থাকিল। বছৰৰ শেষৰফাললৈ দোকান পোহাৰ, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান সকলোবোৰ মুকলি কৰি দিয়া হ’ল যদিও স্কুল, কলেজ, হোষ্টেলসমূহ খুলিবলৈ যথেষ্ট হোহকা পিছলা কৰি থকা হ’ল। পোনতে কেৱল শেষৰ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীখিনিক কলেজলৈ অনা হ’ল। তেওঁলোকৰ বাবে হোষ্টেল খোলা হ’ল। পিছতহে অইন বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক মতা হ’ল। কিন্তু তেওঁলোকৰ কাৰণে হোষ্টেল খুলি নিদিয়াৰ বাবে পুনৰ সমস্যাৰ সৃষ্টি হ’ল। এতিয়াও হোষ্টেল নিবাসী বহুত ছাত্ৰ-ছাত্ৰী ওচৰ পাজৰৰ পেয়িং গেষ্ট, ভাড়াঘৰত থাকিহে কোনোমতে নিয়মীয়া ক্লাছসমূহ কৰি আছে। ফেব্ৰুৱাৰীৰ পৰাহে সকলোৰে বাবে হোষ্টেলসমূহ খোলাৰ ব্যৱস্থা কৰা হ’ব। মুঠৰ ওপৰত ক’বলৈ গ’লে পূৰ্বতে যিবোৰ ষাণ্মাসিক পৰীক্ষা ডিচেম্বৰৰ ভিতৰত শেষ হৈছিল, সেইবোৰ এতিয়া মাৰ্চ-এপ্ৰিল মানলৈ পিছুৱাই যাব। আৰু পূৰ্বতে যিবোৰ ষাণ্মাসিক জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল, সেয়াও হয়তো এপ্ৰিল, মে’ মাহ মানৰ পৰাহে আৰম্ভ কৰিব পাৰিব। আৰম্ভ হ’বনে নাই তাতো সন্দেহ আছে, কাৰণ মাজতে অসমৰ বিধানসভা নিৰ্বাচনো আছে।

(৩০ জানুৱাৰী, ২০২১)

-প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ।

মন্তব্য দিয়ক