অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়

অসমৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে কালি ছ’চিয়েল মিডিয়া যোগে ঘোষণা কৰিছে- বিশ্বনাথ জিলাৰ বিহালীত নতুনকৈ স্থাপন কৰিবলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নাম হ’ব ‘ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়’। এইখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কথাটো পূৰ্বতে বহুতেই গম পোৱা নাছিল। পোষ্টটোৰ তলত প্ৰায়সকল লোকে এটায়ে কমেণ্ট দিছে- অসমত আৰু ইঞ্জিনিয়াৰিং কলেজৰ প্ৰয়োজন নাই। চৰকাৰে নিয়োগ আৰু সংস্থাপনৰহে ব্যৱস্থা গ্ৰহণ কৰক। দুদিনমান আগত থাউকতে মনত অহাত অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানবোৰৰ লিষ্ট এখন লিখি পোষ্ট কৰিছিলো। অসমত বৰ্তমান চৰকাৰী পলিটেকনিক শিক্ষানুষ্ঠান হৈছেগৈ ২৬খন। পোষ্টটো পঢ়ি পিছত চিনাকি বহুকেইজনে কৈছিল- অসমত ইমানবোৰ ইঞ্জিনিয়াৰিং কলেজ হ’ল বুলি জনায়ে নাছিলো। কিন্তু সেইসমূহ শিক্ষানুষ্ঠান হ’ল কেৱল কাৰিকৰী শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ বাবে। অভিযান্ত্ৰিক শিক্ষাৰ স্নাতক, স্নাতকোত্তৰ অৰ্থাৎ বি টেক, এম টেক (পূৰ্বৰ বি ই, এম ই পাঠ্যক্ৰম আৰু ডিগ্ৰী প্ৰায় সম্পূৰ্ণ নোহোৱা হৈছে), লগতে ইঞ্জিনিয়াৰিঙৰ ডক্টৰেট ডিগ্ৰী লাভৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহ হ’ল-

১| অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, জালুকবাৰী

২| যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট

৩| বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, কোকৰাঝাৰ

৪| যোৰহাট ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকন’লজী, যোৰহাট

৫| গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়, গোলাঘাট

৬| ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়, ধেমাজি

৭| বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ, কৰিমগঞ্জ

ব্যক্তিগত খণ্ড আৰু অসম চৰকাৰৰ অংশীদাৰিত্বত গঠন হোৱা অভিযান্ত্ৰিক মহাবিদ্যালয়-

১| গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰ

ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠান-

১| গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী

২| ৰয়েল গ্ল’ৱেল ইউনিভাৰ্চিটি, গুৱাহাটী

৩| অসম ডন বস্ক’ ইউনিভাৰ্চিটি, গুৱাহাটী

৪| অসম ডাউন টাউন ইউনিভাৰ্চিটি, গুৱাহাটী

৫| কাজিৰঙা ইউনিভাৰ্চিটি, যোৰহাট

৬| স্ক’লাৰছ ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড মেনেজমেণ্ট, গড়চুক

৭| NETES ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড ছায়েঞ্চ, মিৰ্জা

অসমৰ বিশ্ববিদ্যালয় সমূহৰ অধীনত থকা অভিযান্ত্ৰিক পাঠ্যক্ৰম-

১| গুৱাহাটী বিশ্ববিদ্যালয় (গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকন’লজী)

২| ডিব্ৰুগড় বিশ্ববিদ্যালয় (ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী)

৩| তেজপুৰ বিশ্ববিদ্যালয় (স্কুল অৱ ইঞ্জিনিয়াৰিং)

৪| আসাম বিশ্ববিদ্যালয় (ত্ৰিগুণা সেন স্কুল অৱ টেকন’লজী), শিলচৰ

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰিকৰী শিক্ষানুষ্ঠান-

১| ভাৰতীয় প্ৰাদ্যোগিক প্ৰতিষ্ঠান, গুৱাহাটী (ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী- IIT)

২| ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক প্ৰতিষ্ঠান, শিলচৰ (নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজী- NIT)

৩| কেন্দ্ৰীয় প্ৰাদ্যোগিক প্ৰতিষ্ঠান, কোকৰাঝাৰ (চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকন’লজী- CIT)

৪| ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰমেশ্যন টেকন’লজী, গুৱাহাটী (IIIT)

এই সমূহ শিক্ষানুষ্ঠান থকাৰ পিছতো কালি পুনৰ এখন নতুন ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হৈছে। কেইমাহমান আগেয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বঙাইগাঁৱত আন এখন অভিযান্ত্ৰিক কলেজৰ আধাৰশিলা স্থাপন কৰিছিল। আনকি নগাঁও, শুৱালকুছিতো অভিযান্ত্ৰিক কলেজ প্ৰতিষ্ঠাৰ পৰিকল্পনা থকা বাতৰি পাইছিলো। এই আটাইবোৰৰ ভৱিষ্যৎ কি হ’ব? এই প্ৰসংগটোৰ বিষয়ে লিখিলে কেইজনমানে ফেৰ পাতি ধৰে, অসমত ব্যক্তিগত খণ্ডৰ ইঞ্জিনিয়াৰিং কলেজবোৰ কিয় খুলিছিল? কাৰিকৰী শিক্ষানুষ্ঠান এখন পথৰ কাষৰ দোকান নহয় যে যিকোনো ব্যক্তিৰ মন গ’ল বুলিয়ে খুলিব পাৰিব। এখন কলেজ খুলিবৰ বাবে বহু চৰকাৰী কঠোৰ নীতি নিয়মাৱলী অনুসৰি আবেদন কৰিবলগীয়া হয়। তদুপৰি প্ৰতিবছৰে সেয়া পুনৰীক্ষণ কৰাই থাকিবলগীয়াও হয়। এক কথাত ক’বলৈ অসমৰ বেচৰকাৰী খণ্ডৰ কাৰিকৰী শিক্ষানুষ্ঠান সমূহ নিজে নিজে গঢ় লৈ উঠা নাই, সেয়াও চৰকাৰেই অনুমতি দি প্ৰতিষ্ঠা কৰিছে। এই আটাইবোৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ পৰা প্ৰতিবছৰে অসমত কিমানবোৰ কাৰিকৰী ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ উঠে সেয়া সহজেই অনুমান কৰি লব পাৰি। প্ৰতিবছৰে শিক্ষা সমাপ্ত কৰি ওলাই অহা এই শ শ ছাত্ৰ-ছাত্ৰী বোৰৰ ভৱিষ্যৎ সম্পৰ্কত কিবা কাৰ্যব্যৱস্থা লোৱাৰ কথা ভবা হৈছেনে? কিবা পদক্ষেপ লোৱাৰ লক্ষণ আছেনে?

(১৫ অক্টোবৰ, ২০২০)

– প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ

মন্তব্য দিয়ক