হস্পিতালত এদিন

দুয়োখন গাল তেজে তোলবোল। যেন লাহেকৈ চিকুট এটা মাৰি দিলেই সৰসৰাই বৈ পৰিব। তাৰ গৰম উঠিছে। গৰমত তাৰ গাল দুখন আৰু বেছি ৰঙা পৰি উঠিছে। কিন্তু সেইবোৰলৈ তাৰ ভ্ৰুক্ষেপ নাই। সি তাৰ নিজৰ দুনীয়াত ব্যস্ত। সেই তেতিয়া মই দেখাৰেপৰা সি অহৰহ দৌৰিয়েই আছে। দৌৰি দৌৰি সি ইতিমধ্যেই সৰু কেণ্টিনখনত চাৰিপাক মান ঘূৰিছে। পকিবলৈ ধৰা আপেলটো যেন হৈ পৰা তাৰ মুখখনৰ আকৰ্ষণত সকলোৱে তালৈ ঘূৰি ঘূৰি চাইছে। সাধাৰণতে এইখন ঠাইৰ মানুহবোৰ হাঁহি-ধেমালি কৰা মনৰ স্থিতিত নাথাকে। কিবা এক অবুজ বিষাদৰ বোজাই গোটেই মানুহবোৰৰ মুখবোৰক আন্ধাৰ কৰি ৰাখে। তথাপি তাক দেখি সকলোৰে মুখবোৰত এতিয়া হাঁহি বিৰিঙি উঠিছে। কোনোবাবাৰ দৌৰ মাৰি মাৰি সি ওচৰ চাপি যাওঁতে কোনোবা এজনে হাত দুখন মেলি তাক ধৰিবলৈ চেষ্টা কৰা যেন কৰি দেখুৱাইছে। কিন্তু সি সেই কথাটোত আৰু বেছি ফূৰ্তিহে পাইছে। অকণমানি চকু দুটা আৰু বেছি জোৰেৰে জপাই সি মুখখন তেতিয়া বিশেষ এটা ভংগিমাৰে ঘূৰায় আৰু বাধা দিয়া মানুহজনৰ কাষৰপৰা আঁতৰি অইনফালে দৌৰ মাৰে। কেণ্টিনৰ কাম কৰা মানুহখিনিৰ বাবে বোধকৰো সি এইকেইদিনৰ চিনাকি। তেওঁলোকে তাৰ গতি বিধি দেখি বৰ বেছি আগ্ৰহ দেখুওৱা নাই। অৱশ্যে তেওঁলোকৰ মুখবোৰতো হাঁহি বিৰিঙি আছে। কোনোবা এজনীয়ে ‘অই’ বুলি লেনিয়াই তালৈ চাই মাত এষাৰ দিছে আৰু পিছ মুহুৰ্ততে আকৌ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে।

কণমানিটোৰ মনৰ আনন্দখিনিৰ ঠিক বিপৰীত সমান বিষাদভৰা মুখ এখনেৰে সৈতে তাৰ মাক চকীত বহি আছে। মানুহজনীয়ে যেন মনৰ মাজতে কিবা এটা হিচাপ মিলাবলৈ চেষ্টা কৰি আছে। মুখখন মোলান পৰা। চুলিখিনি কিছু আউলী বাউলী। চকু দুটাত উজ্জ্বলতা নাই। টোপনি খতি আৰু দুঃচিন্তাৰ ভাগৰে তেওঁৰ গোটেই মুখখনকে ওন্দোলাই ৰাখিছে। ভাগৰুৱা মুখখনেৰে তেওঁ এতিয়া কেণ্টিনত ভাত কাঁহী অহালৈ ৰৈ আছে। তেওঁৰ মুখৰ অভিব্যক্তিলৈ চাই বুজিব পাৰি তেওঁৰ অলপো ভোক নাই। এইখিনি সময়ত নিয়মমাফিক কিবা এসাঁজ খাব লাগে। সেইকাৰণেহে তেওঁ আহিছে। মাজে মাজে তেওঁ উদাস দৃষ্টিৰে পুতেকলৈ চাইছে। তাৰ কাণ্ডবোৰ চাই শেঁতা হাঁহি এটা মাৰি দেখুৱাইছে। আকৌ পিছ মুহুৰ্তত নিজৰ উদাস জগতখনত বুৰ গৈছে। তেওঁৰ হাঁহিটোলৈ চাই এনেকুৱা লাগে যেন তেওঁ তাক দৌৰি ফুৰিব অনুমতি দিছে, কিন্তু সি যেন অইনক আমনি নকৰে তাৰ কাৰণেও তাক সকীয়াই থৈছে। এপাকত সি দৌৰ মাৰি আহি কাষ পাওঁতে তেওঁ তালৈ ঘোপাকৈ চালে। চকুৰ চাৱনিৰেই তেওঁ তাক মনে মনে বহি থাকিবলৈ আদেশ দিলে। কিন্তু সি খিলখিলাই হাঁহি এটা মাৰি আকৌ আঁতৰি গ’ল।

টেবুলখনৰ আনটো ফালে তেওঁৰ সন্মুখৰ চকী খনত বহি আছো মই। আচলতে ঠিক সন্মুখো নহয়। টেবুলকেইখন যথেষ্ট ডাঙৰ। মুখা মুখিকৈ মুঠ ছয়জন মানুহ বহিব পাৰে। টেবুলৰ এটা ফালে মাজৰ চকীখনত মানুহগৰাকী বহি আছে। তাৰে কাষৰ এখন চকী বোধকৰো তেওঁ ল’ৰাটোৰ কাৰণে ৰাখিছে। টেবুলখনৰ আনটো ফালৰ তিনিখন চকীৰ কাষৰ এখনত মই বহি আছোঁ। এইখন টেবুলৰ বাকীবোৰ চকীত এতিয়া মানুহ নাই। কেণ্টিনত ৰন্ধা ভাত ইতিমধ্যে গ্ৰাহকক দি দি শেষ হৈছে। নতুনকৈ প্ৰেচাৰত চাউল উঠাইছে। অলপ পিছতে হৈ উঠিব। গতিকে তেওঁলোকে আমাক খন্তেক ৰ’বলৈ কৈছে।

মানুহগৰাকী পাহাৰীয়া। তেওঁৰ বেশভুষা, চকু মুখৰ গঢ় দেখিয়ে মই অনুমান কৰি ল’ব পাৰিলোঁ। তেওঁ গালে পিন্ধিছে। ওপৰত এটা পাতল হালধীয়া টি চাৰ্ট। ল’ৰাটোৱে দৌৰি গৈ এইবাৰ হাত মুখ ধোৱা বেচিনটোৰ ওচৰ পালেগৈ। বেচিনটোৰ কাষতে সৰু টেবুল এখনত এগালমান গিলাছ ওলোটাই ৰাখি থোৱা আছে। তাৰ পৰা সি গিলাছ এটা উঠালে। তাৰ পিছত বেচিনটোৰ কাষত থিয় হৈ সি গিলাছত পানী ভৰালে। এইবাৰ সি বামুণে পূজাৰ শেষত নিৰ্মালী ছটিওৱাৰ দৰে আঙুলিৰে কেণ্টিনৰ মজিয়াত পানী ছটিওৱাত লাগিল। মাকে সেই সময়ত তালৈ মন কৰি থকা নাছিল। সি আহি আহি মোৰ কাষ পালেহি। হাতেৰে পানী লৈ সি এইবাৰ মোৰ ফালেও ছটিয়াই দিলে। মোৰ চোলাটো ভিজিল। অত বেলি তাৰ কাৰুকাৰ্য্য ফূৰ্তিৰে চাই থকা সত্বেও এতিয়া তালৈ মোৰ খঙ উঠিল। “ইতনা ক্যিও বট্টমিজি কৰতা হে” ইমান পৰে নিশ্চুপ হৈ ৰৈ থকা মাকে এইবাৰ আতাহ পাৰি তাৰ পিঠিত দুঢকা দিলে। তাৰ পিছত তেওঁ তাক হাতত ধৰি দোপদোপাই টান মাৰি লৈ বেচিনটোৰ কাষ পালেগৈ। টেবুলখনত তেওঁ গিলাছটো ৰাখিলে আৰু পুনৰাই তাক আনি থেকেচা মাৰি নিজৰ কাষত বহোৱালেহি।
“বুৰা মত মাননা হা ভায়া”- মানুহগৰাকীয়ে এইবাৰ অপৰাধবোধৰ চাঁৱনিৰে মোৰ ফালে চাই ক’লে। তেওঁ যেন বিৰাট অশান্তিত ভুগিছে অথচ তেওঁ অসহায়। তেওঁৰ চাৱনিত তেওঁৰ মনৰ সেই বিৰক্তি ফুটি উঠিল।

“নেহি ক’ই বাত নেহি। বাচ্ছা হে” মই হাঁহি মাৰি কথাটো পাতলাবলৈ চেষ্টা চলালোঁ। “চেতান”- ল’ৰাটো সম্পূৰ্ণ নিৰ্বিকাৰ হৈ মাকৰ কাষৰ চকীখনত বহি আছে। মই তালৈ চাই মিচিকিয়াই হাঁহিলোঁ। হয়তো মই মাকৰ মুখতো হাঁহি বিৰিঙাটো আশা কৰিছিলো। কিন্তু তেওঁ নাহাঁহিলে। কিবা এক অদৃশ্য শক্তিয়ে তেওঁৰ গোটেই মুখখনক গোমা কৰি বান্ধি ৰাখিছে। তেওঁ হাঁহিব পৰা নাই। মোৰ সৌজন্যতাবোধ আৰু ভদ্ৰতাৰ হাঁহিয়ে তেওঁক একো প্ৰভাৱ পেলাব পৰা নাই।

মই মন কৰিলো মাকৰ মাৰ খায়ো ল’ৰাটোৱে অলপো কন্দা নাই। সি নিশ্চুপ হৈ বহি আছে। অলপ আগত সকলোৱে দেখা তাৰ ৰূপটোৰ সম্পূৰ্ণ বিপৰীত এটা ৰূপেৰে সি মাকে যিমতে কৈছে সেইমতে নিয়ন্ত্ৰণ হৈছে। সি নিজ ইচ্ছাৰে হাতখন লৰচৰ কৰিবলৈও সাহস কৰা নাই। কিন্তু সি কন্দা নাই। মুখখন তাৰ কঠিন। ৰূঢ়।

‘’কাহা চে আয়ে হো আপলোগ?’’ মই পৰিস্থিতিটো সহজ কৰিবলৈ মানুহগৰাকীক পুনৰ সুধিলোঁ।
‘টিপ্পি, অৰুণাচল।‘
‘আচ্ছা’। মোৰ মুখেৰে ফুটো নুফুটো কৈ শব্দ এটা বিৰিঙিল। ইয়াৰপৰা অতি কমেও এশ কিলোমিটাৰ মান দূৰত হ’ব। মই মনতে ভাবিলো।
‘কই পেচেণ্ট’?
‘হা মেৰা হাচবেণ্ড এডমিট হোৱা হে’। মানুহগৰাকীয়ে এইবাৰ চুটিকৈ ক’লে। মই আৰু কথা নবহলালোঁ।

ভাত আহিল। তেওঁ নিজেও খাইছে, লগতে পুতেককো তেওঁৰ কাঁহীৰ পৰাই দুগৰাহ মান খুৱালে। তাৰ সিমানতে পেট ভৰিল। তৃতীয় গৰাহ ভাত আগবঢ়াই দিওতে সি মুখখন অইনফালে ঘূৰাই দিলে। মাকেও আৰু পুনৰাই চেষ্টা চলাই নাথাকিল। মোতকৈ বহুত আগেয়ে তেওঁৰ ভাত খাই শেষ হ’ল। তেওঁ লৰালৰিলৈ হাত মুখ ধুলে। কাউণ্টাৰত টকা জমা দি মোলৈ চাই ‘’বেথিয়ে হা ভায়া’’ বুলি কৈ তেওঁ আঁতৰি গুচি গ’ল। মই মানুহগৰাকীলৈ চালো। মানুহগৰাকীৰ চাল চলন যন্ত্ৰৱৎ হৈ উঠিছে। কিবা যেন এক গভীৰ সমস্যাই মানুহগৰাকীক মেচিন কৰি পেলাইছে। তেওঁৰ মনৰ জগতখন ভিতৰি কিবা কথায়ে খুলি খুলি খাইছে।

‘বেয়ায়ে লাগে মানুহজনীলৈ। অৱস্থা নোহোৱা হৈ গৈছে তাইৰ এইকেইদিনত।‘
মই সম্বিত ঘূৰাই পালো। আমাৰ টেবুলখনৰ একেবাৰে কাষতে থকা কাউণ্টাৰৰ পৰা মালিকে মাত লগাইছে। তেওঁ তেতিয়াৰে পৰা গোটেই কথা বতৰাবোৰ মন কৰি আছে।
‘কি হৈছে বা গিৰিয়েকৰ?’ মই উৎসুকতাৰে সুধিলোঁ।
‘গ’ল ব্লাডাৰ অপাৰেশ্যন কৰিবলৈ আনিছিল। অপাৰেশ্যন হৈয়ো গ’ল। পিছদিনা পূৰা ইন্টাৰনেল ব্লিডিং। বেহুচ হৈ পৰি গ’ল মানুহজন। ডাক্টৰৰ মিচ ট্ৰিটমেণ্ট। কিন্তু মানিও নলয় ডাক্তৰে। কিবা কিবি কথা কৈ মানুহজনীক ক্ষান্ত কৰি ৰাখিছে। তায়ো নো অকলে অকলে ইয়াত কি কৰিব ডাক্তৰৰ বিৰুদ্ধে’! মানুহজনে অনৰ্গল কথা কৈ গ’ল। মই শুনি অবাক হ’লোঁ। এইমাত্ৰ উঠি যোৱা মানুহজনীলৈ মই খিৰিকিৰে ভুমুকিয়াই চালোঁ। পুতেকক হাতত ধৰি তেওঁ কোবাকোবিকৈ হস্পিতালৰ দিশে আগবাঢ়িছে। মাকৰ খোজৰ গতিৰ সৈতে খোজ মিলাবলৈ খুজি পুতেক ভাগৰি পৰিছে। অগ্যতা সি দৌৰিবলৈ বাধ্য হৈছে। ”ডাক্তৰে তেজ দিব লাগিব বুলি ক’লে। সেইদিনা মানুহজনী কান্দি কাটি হাইৰাণ।” মালিকজনে আকৌ ক’বলৈ আৰম্ভ কৰিলে। মই তেওঁলৈ ঘূৰি চালোঁ। “কোনোবা চিনাকি ভায়েক এজনক ফোন কৰোতে আহিল হেনো পিছত। সিয়ে দিলে তেজ। কোনোমতে মানুহজন বাচিল। কিন্তু ৰিকভাৰ হোৱা নাই এতিয়ালৈকে। আৰু কেইদিনমান অৱজ্যাৰভেশ্যনতে ৰাখিব চাগে। কিন্তু অযথা বহুত কষ্ট পালে মানুহজনে। মানুহগৰাকীৰ কষ্ট বেছি হৈছে। কেঁচুৱাটো লৈ লৈ অকলে চম্ভালি ফুৰিছে গোটেইখন’।

“ইচ ইচ”। মোৰ মুখৰ পৰা ক’ব নোৱাৰাকৈয়ে শব্দ দুটা ফুটি উঠিল। ‘পৰিয়ালৰ অইন কোনো নাই চাগে বাকী?’ মই মালিকক সুধিলোঁ।
‘ঘৰত অকল মানুহটোৰ মাক আছে বুলি ক’লে। বুঢ়ী মানুহ। আহিব নোৱাৰে ইমানদূৰ। আহিও লাভ নাই বিশেষ। দোকান এখন আছে হেনো টিপ্পিত। মানুহজনে চলাই। এইকেইদিন সেইখন বুঢ়ীয়ে চম্ভালি আছে”।
‘খৰচ পাতিও চাগে বহুত হ’লগৈ ইয়াত?’
‘ডাক্তৰে কিবা মিলাই মেলি ৰিলাকশেশ্যন দিম বুলি কৈছে বোলে। ডাক্তৰৰে ভুল। ভিতৰত কিবা সিৰা কাট খালে। তেজ ওলাই ওলাই গোটেই আধ্যা দিলে। কিন্তু ডাক্তৰক এতিয়া কোনে কি ক’ব”?

মোৰ দুখ লাগিল। ঘৰৰ পৰা অতদূৰ আঁতৰত বেলেগ এখন ৰাজ্যত থকা এই অচিনাকী মানুহজনীৰ দুৰ্দশা শুনি মোৰ বুকুখন অজানিতে হাহাকাৰ কৰি উঠিল। মানুহজনী আৰু ল’ৰাটোৰ চেহেৰাদুটা মোৰ চকুত আকৌ ভাঁহি উঠিল। মই মনটো জোকাৰি ল’লোঁ। হাততে শুকোৱা ভাত ডাইলে ইতিমধ্যে কৰাল বান্ধিছিল। মই হাত ধুবলৈ থিয় হ’লোঁ।

‘আপোনাৰ?’ কেণ্টিনৰ মালিকজনে এইবাৰ মোক সুধিলে।
‘মোৰ বন্ধু এজন এডমিট হৈছে। এক্সিডেণ্ট হৈছিল”। মই চমুৱাই ক’লোঁ। আচলতে মোৰ বহলাই ক’বলৈ মন নগ’ল। এই মানুহজনে চাগে দিনটোত এনে কিমানবোৰ ঘটনাৰ কথা শুনে। সকলোবোৰ ঘটনাৰ প্ৰতি তেওঁ বেদনাহত হৈ উঠিলে তেওঁৰ গোটেই জীৱনটোৱে দুৰ্বিষহ হৈ উঠিব। সেয়ে তেওঁ এই সকলোবোৰ কথাক সাধাৰণভাৱে ল’ব শিকিছে। কথাচহকী মানুহজনৰ বাবে এই গোটেই কাহিনীবোৰ কেৱল মুখৰ মুহুদি মৰাৰ সমল। ‘মাকৰ সৈতে যে আছেহি সেই ল’ৰাজন নে?’ মই আচৰিত হৈ তেওঁৰ মুখলৈ চালোঁ। ‘আপুনি কেনেকৈ জানিলে?’ তেওঁ চকু দুটা টিপিয়াই বুদ্ধিদ্বীপ্ত হাঁহি এটা মাৰিলে। ‘বয়সটো মিলাই আন্দাজতে ক’লো। আমাৰ ইয়ালৈ আহিয়ে থাকে নহয় মাকগৰাকী। আবেলিৰ চাহকাপো ফ্লাক্সত ভৰাই লৈ যায়হি মাজে মাজে। সৰহভাগ পেচেণ্টে মোৰ চিনাকি হৈ যায়গে’। মই মন কৰিলো- মানুহজনে হাঁহি হাঁহিয়ে কথাবোৰ কৈ আছে। সৰহভাগ পেচেণ্টৰ সৰহভাগ কাহিনী শুনি শুনিও মানুহজনে ইমান ধুনীয়াকৈ কেনেকৈ হাঁহি থাকিব পাৰিছে! মোৰ আচৰিত লাগিল। মানুহজন মোৰ বাবে চৰম কৌতুহলৰ বিষয় হৈ পৰিল। হয়তো মানুহৰ কটা ছিঙা, এক্সিডেণ্ট হৈ হাত এখন হেৰুৱা ঘটনা এটাও এইজন মানুহৰ বাবে ৰান্ধনিশালৰ আলু এটা কটাৰ দৰে সাধাৰণ হৈ উঠিছে। পৰিৱেশে মানুহক ভিতৰি ইমান কঠিন কৰি তুলিব পাৰে!

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

গৌতমৰ এনে হ’বলগীয়া নাছিল। সাধাৰণ মহ এটা মাৰিবলৈয়ো সংকোচবোধ কৰা যেন চেহেৰাৰ গৌতম। কাকো কেতিয়াও না, নাই, নহ’ব বুলি ক’বলৈ টান পোৱা গৌতম। প্ৰতিসময়ত মুখত প্ৰশান্তি, প্ৰসন্নতা, সৌম্য কঢ়িয়াই ফুৰা গৌতম। এমাহমান আগলৈকে শান্ত, সমাহিত গৌতমৰ যিখন মুখ আমি দেখি আছিলো, সেই একেখন মুখক এতিয়া আচ্ছন্ন কৰি ৰাখিছে বিষ, কোপ, যন্ত্ৰণা আৰু জৰ্জৰতাই। জীৱনত ঘটা কিছুমান ঘটনাৰ কোনো কাৰণ নাই, কোনো অৰ্থ নাই। প্ৰকৃতাৰ্থত চাবলৈ গ’লে এই জীৱনটোৰে কোনো অৰ্থ নাই। পাপ, পুণ্য, কৰ্মফল আদিবোৰ সংজ্ঞাৰে জীৱনত অতৰ্কিতে ঘটা এইবোৰ ঘটনাৰ একো ব্যাখ্যা দিব নোৱাৰি। জীৱনটো কোনো কোনো সময়ত আমাৰ সমূলি নিয়ন্ত্ৰণত নাই। অথচ জীৱনে দিয়া দুখ, যন্ত্ৰণা, দুৰ্বিষহ কষ্ট সহি সহিও আমি জীয়াই থাকিবলৈ বাধ্য। আমাৰ গত্যন্তৰ নাই।

অফিচৰ পৰা আহি গধূলি গৌতমে দুটা ল’ৰা-ছোৱালীক পঢ়োৱাবলৈ যায়। টিউচন কৰিবলৈ গৌতম সদায় খোজকাঢ়ি যায়। অফিচত দিনটোৰ পৰিশ্ৰমৰ পিছতো গৌতমৰ ইমান শক্তি ক’ৰ পৰা আহে? সহকৰ্মী বহুতেই সেই প্ৰশ্নটোকে সদায় কৰে। কিন্তু গৌতমে মিহি হাঁহি এটাৰে সকলো সামৰি থৈ দিয়ে। তাৰ মতে পঢ়া শুনাৰ জগতখনত ব্যস্ত থাকিলে মনটো সদায় সজীৱ হৈ থাকে। তাৰোপৰি খোজকাঢ়ি অহা যোৱা কৰোতে তাৰ অলপ পৰিশ্ৰমো কৰা হয়। নহ’লে গাটো বোৰ জঠৰ হৈ পৰা যেন লাগে। সেইদিনাও গধূলি টিউচন কৰি সি আহি আছিল। মানুহ নোহোৱা এন্ধাৰ বাটটোত খোজ কাঢ়ি আহি থকা গৌতমক ক’ৰ’বাৰ গাড়ী এখনে আহি খুন্দা মাৰি থৈ গ’ল। নিজান নিতাল একাষৰীয়া পথটোৰ দাঁতিত গৌতম পৰি থাকিল প্ৰায় আধা ঘণ্টামান। আমি খবৰটো পাই যেতিয়া হস্পিতাললৈ দৌৰি আহিছিলো তেজেৰে তুমুৰালি দিয়া গৌতমৰ মুখখন তেতিয়া চিনিব নোৱৰা হৈ আছিল। সি ফেপাই ফেপাই উশাহ টানিছিল। থেতেলা পৰা মুখখনলৈ চাই ডাক্তৰে ততালিকে অপাৰেশ্যন কৰাৰ কথা কৈছিল।

কিংকৰ্তব্যবিমূঢ় হৈ ইফালে সিফালে দৌৰি ফুৰিছিল গৌতমৰ অকলশৰীয়া মাক। মানুহজনীয়ে যেন উশাহ ল’বলৈকো পাহৰি গৈছিল। অন্ধকাৰত বাট হেৰুৱা চৰাই এজনীৰ দৰে তেওঁ হস্পিতালৰ ক’ৰিডৰত ঘূৰ্মুটিয়াই ফুৰিছিল। আমি সান্তনা দিবলৈও কথা বিচাৰি পোৱা নাছিলো। টানি টুনি মুখলৈ শব্দ দুটামান আনি আমি কৈছিলো- ‘আপুনি অলপ বহি লওক বৰমা। আমিবোৰ আছো নহয়। গৌতমৰ ভাল হ’ব। আপুনি চিন্তা নকৰিব’।

দুদিন নিৰ্বাক নিস্পদ হৈ গৌতম পৰি থাকিল। তৃতীয় দিনা তাৰ হুচ আহিল। কিন্তু তথাপিও সি ভাল হৈ উঠিব নে নহয় সেই বিষয়ে ডাঠি ক’বলৈ ডাক্তৰকেইজনে থেৰোগেৰো কৰিলে। আমিবোৰে পালপাতি হস্পিতাললৈ গৈ থাকিলো। হস্পিতালত থকা প্ৰায়খিনি সময় নিশ্চুপ হৈ কটালো। মাজে মাজে গুণগুণকৈ আমি কথা পাতিলো- গৌতমৰ কিয় এনে হ’বলৈ পালে? কোনে কৰিলে?

বৰমায়ে ঘৰখন বাদ দি হস্পিতাললৈকে গুচি আহিল। মানুহগৰাকীয়ে নিতাল মাৰি এঘণ্টামান শুৱাও আমি দেখা নাপালোঁ। অক্সিজেন মুখা লগোৱা পুতেকৰ চেহেৰাটোৱে যেন তেওঁক ধৰফৰাই ৰাখে। চকুকেইটা অলপপৰ জাপ খাব খুজিলেই তেওঁ আকৌ সাৰ পাই পাই উঠে। পুতেকৰ গায়ে মূৰে থকা পাইপবোৰ ভালদৰে কাম কৰি আছেনে তেওঁ মাজে মাজে নীৰৱে পৰীক্ষা কৰে। কোনোবাবাৰ ‘বাবা’ বুলি মাত এষাৰ দি চায়। কিজানিবা পুতেকে মাতষাৰ শুনা পায়।

লাহে লাহে গৌতম কিছু সুস্থ হ’ল আৰু আমাৰো দৰকাৰী কামবোৰ বেছি দৰকাৰী হৈ মনত পৰা হ’ল। কাম এৰি পাল পাতি হ’লেও হস্পিতালত ৰৈ থকা আমাৰ বাবে অসম্ভৱ হৈ পৰিল। আমিবোৰ নিজৰ নিজৰ ৰূমলৈ উভটি আহিলো। অফিচলৈ দৈনিক গ’লো। কামত ব্যস্ত হ’লোঁ। দিনটোৰ কামৰ শেষত লগৰ কোনোবা এজনক ফোন কৰি গৌতমৰ কিবা খা খবৰ পাওঁ নেকি সুধো।

আজি প্ৰায় পোন্ধৰদিনৰ পিছত বৰমায়ে মোক হঠাতে ফোন কৰিছে- ‘তুমি আজি অলপ সময় গৌতমৰ কাষত থাকি দিব পাৰিবা নে’? কথাষাৰ শুনি মোৰ মনলৈ অপৰাধবোধ আহিল। প্ৰথম দিনা এইজনী মানুহক আমি আশ্বাস দিছিলোঁ- “আপুনি চিন্তা নকৰিব বৰমা। আমিবোৰ আছো”। কিমান অসহায় হৈ মানুহগৰাকীয়ে আজি মোক ফোন কৰিবলগীয়াত পৰিছে চাগে। মই পাৰিম বুলিলো। অফিচৰ কামখিনি সহকৰ্মী এজনৰ সৈতে মিলাই মই হস্পিতাললৈ ৰাওনা হ’লো।

মই হস্পিতাল গৈ পোৱাৰ লগে লগে তেওঁ কোবাকুবিকৈ ঘৰলৈ বাট বুলিলে। ‘আমি কৰিব পৰা কাম যদি মোকে কওক বৰমা’ বুলি ক’লো যদিও তেওঁ না কৰিলে। তেওঁ বৰ দৰকাৰী ভাৱে ঘৰলৈ যাবলগীয়াত পৰিছে। যিমান সোনকালে পাৰে ঘূৰি আহিব বুলিও কথা দিলে। মই সেই চিন্তা বাদ দিবলৈ ক’লো। গোটেই দিনটোৰ বাবে থাকিবলগীয়া হ’লেও মই হস্পিতালতে আছো।

গৌতম আগতকৈ সুস্থ কিন্তু ভাগৰুৱা। দুয়োভৰি আৰু হাতে মুখে বগা বেণ্ডেজ। সি মোলৈ চাই শেঁতা হাঁহি এটা মাৰিলে। সি বিচনাখনত আউজি বহি আছে। কেবিনটোৰ আনখন বিচনাত মই বহি পৰিলোঁ। আগৰ চেহেৰাৰে গৌতমে চলাফুৰা কৰিবলৈ হয়তো আৰু বহুদিন লাগিব। সেয়া মই বুজিলো। হয়তো গৌতম পুনৰ আগৰ দৰে ভাল হৈ নুঠিবও পাৰে। তেনেকুৱা শংকাও মই মনৰ মাজত দেখা পালো। এই গোটেইখিনি সময়ৰ যন্ত্ৰণাখিনি গৌতমে কঢ়িয়াই ফুৰিব লাগিব অকলশৰে। সকলোৰে পৰা নিলগে। মাক কিয় খৰখেদা কৰি ঘৰলৈ গৈছে গৌতমে সঠিককৈ গম নাপায়। মাকে তাক একো কোৱাও নাই। হয়তো টকা পইচাৰে অসুবিধা হৈছে- মই মনতে ভাবিলোঁ।

‘তই কিবা এটা খাই লগে যা’- মোবাইলৰ পৰা মূৰটো তুলি মই গৌতমলৈ চালো। সেই যন্ত্ৰণাৰ মাজতো সি মোৰ কথা চিন্তা কৰিছে।
‘নালাগে দে। পিছত খাম, ভোকো লগা নাই এতিয়াই’- মই সহজভাৱে ক’লোঁ।
‘আৰু কিমান পিছত খাবি? নাৰ্চবোৰ আছে নহয়। কিবা দৰকাৰ হ’লে মই মাতি দিব পাৰিম”। সি প্ৰত্যয়েৰে ক’লে।
অগত্যা মই কেণ্টিনলৈ আহিলো। লিফট নাই। তৃতীয় মহলাৰ পৰা নামি আহি মই তল পালোহি। তলৰ মহলাৰ চিৰিৰ কাষতে ফাৰ্মাচি এখন। বিবিধ বেমাৰৰ বিবিধ ঔষধে মিলি এটা অদ্ভুত গোন্ধ বতাহত বিয়পাই দিছে। যিবোৰ ৰোগী কেইবাদিনৰ বাবে হস্পিতালত এডমিট হৈছে তেওঁলোকৰ বাবে ঔষধ অনা নিয়া কৰিবলৈ ফাৰ্মাচিত এজাপ প্লাষ্টিকৰ সৰু খৰাহি ৰাখিছে। মানুহবোৰে ডাক্তৰে দিয়া প্ৰেচকিপশ্যনবোৰ আগবঢ়াই দিছে। সেইমতে ফাৰ্মাচীৰ মানুহকেইজনে খৰাহীত ঔষধবোৰ ভৰাইছে। চাফচিকুণ কৰা মহিলা এগৰাকীয়ে ফেনাইল মিহলি কৰা পানীৰে মজিয়াখন মচি আনিছে। নতুনকৈ অনা ৰোগী, লগত অহা পৰিয়ালৰ মানুহ, খবৰ কৰিবলৈ অহা অলেখ মানুহেৰে ৰিচিপশ্যন কাউণ্টাৰৰ ওচৰত ভিৰ কৰিছে। মই হস্পিতালৰ বাহিৰ ওলালোঁ। ঔষধ, ফেনাইলৰ গোন্ধ আঁতৰাই দিয়া এজাক বতাহে মোক ধুৱাই থৈ গ’ল। মোৰ মনটো মুকলি মুকলি লাগিল। হস্পিতাল চৌহদৰ ভিতৰতে গেটৰ একেবাৰে কাষত চাহ ভাতৰ কেণ্টিনখন। মই সেইফালে আগবাঢ়িলোঁ।

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

হঠাতে কিবা এক শব্দ হ’ল। শব্দটোৰ পিছতে বিকট চিঞঁৰ এটা উঠিল। ভূঁইকপে কঁপাই যোৱাৰ পিছত সচকিত হোৱাৰ দৰে মানুহবোৰ হঠাত সচকিত হৈ পৰিল। কেণ্টিনখনৰ মানুহবোৰে খোৱা কাঁহী এৰি হস্পিতালৰ দিশত চকু পোনালে। কেণ্টিনৰ ভাত বিলোৱা ল’ৰাজনে ভাতৰ চৰিয়াটো টেবুল এখনত ৰাখি বাহিৰলৈ ওলাই আহিল। কিন্তু ইমান আঁতৰৰ পৰা হস্পিতালৰ ভিতৰত ক’ত কি ঘটিছে সি একো উমান ল’ব নোৱাৰিলে। সি পুনৰ উভটি আহি ভাত বিলোৱাত লাগিল। হয়তোবা সিয়ো এনেবোৰ চিঞঁৰ শুনি শুনি অভ্যস্ত। চিঞঁৰটোৰ পিছতে অলেখ মানুহৰ হৈ হাল্লা, খৰখেদা আৰু দপদপনিয়ে গোটেই হস্পিতালখন খলকনি তোলা যেন কৰিলে। কেণ্টিনৰ মালিকজনক টকা কেইটা আদায় দি মই বাহিৰলৈ ওলাই আহিলো। কথাচহকী মালিকজন কৌতুহলী। মোৰ লগতে তেওঁৱো বাহিৰ ওলাল আৰু ঘটনাটোৰ কিবা উমান পায় নেকি তাৰে চেষ্টা এটা চলালে। কেণ্টিন এৰি হস্পিতাললৈ যাব নোৱৰা কথাটোৱে যেন তেওঁক ভীষণ অশান্তি দিলে। কেণ্টিনৰ সন্মুখতে এগালমান গাড়ী বাইক পাৰ্কিং কৰা আছে। ৰোগীৰ খবৰ ল’বলৈ অহা যেন চেহেৰাৰ দুজনমান মানুহ বাইক এখনত কাষত থূপ খাই কথা পাতি আছিল। চিঞঁৰটোৱে তেওঁলোককো জোঁকাৰি থৈ গ’ল। ডিঙি মেলি মেলি মানুহকেইজনে হস্পিতালৰ দিশলৈ চাই ঘটনাটো উমান লোৱাৰ চেষ্টা চলাইছে। ‘কি হ’লনো? কিবা গম পালেনে?’ -কেণ্টিনৰ মালিকজন এইবাৰ মোৰ কাষৰ পৰা গৈ তেওঁলোকৰ কাষ পালেগৈ। ‘তাকে ধৰিবই পৰা নাই চোন একো। কি বা হ’ল! ইমান বেয়াকৈ চিঞঁৰিছে।’

মই আহি গ্ৰাউণ্ড ফ্ল’ৰত থকা ৰিশেপশ্যন কাউণ্টাৰৰ ওচৰত থিয় দিলোঁ। ইতিমধ্যে ঘটনাটো লৈ মানুহবোৰে ভুনভুনকৈ কথা পাতি আছিল। কাউণ্টাৰৰ সন্মুখতে দুখন বেৰত লম্বভাৱে দুলানি চোফা ৰখা আছে। হস্পিতাললৈ প্ৰথম আহিলে, বা ৰুগীয়াৰ খবৰ ল’বলৈ অহা মানুহবোৰে পোনতে আহি তাতে বহেহি। সোঁমাজত এখন ডাঙৰ ঘূৰণীয়া টেবুল। টেবুলত কেইখনমান পেপাৰ। সাধাৰণতে পেপাৰবোৰ মানুহবোৰে হাতত লৈ লৈ থাকে। কিন্তু এতিয়া আটাইবোৰ পেপাৰ টেবুলত। এই সময়ত চোফাত বহি থকা মানুহ এজনো নাই। সকলোৱে থিয় হৈ ঘটনাটোৰ উমান লৈছে। দুজনীমান নাৰ্চে খৰখেদা লগাইছে। ঘটনাটোৰ বিষয়ে খবৰ লৈ গম পোৱা মানুহকেইজনৰ ওচৰত বাকী মানুহবোৰে গৈ ভিৰ লগালে। লাহে লাহে গোটেই মজিয়াখনত দুজন তিনিজন মানুহৰ সৰু সৰু গ্ৰুপ কিছুমান গঠন হ’ল।
‘চতুৰ্থ মহলাত পৰিয়াল এটা আছিলহি এসপ্তাহমানৰ পৰা। চৈধ্য বছৰীয়া মানৰ ল’ৰা এটা পেচেণ্ট। ক্লাছ টেনৰ ল’ৰাটোৰ হঠাতে দুয়োটা কিডনী বিকল হ’ল। এসপ্তাহমান চিকিৎসাৰ পিছত ডাক্তৰৰ সৈতে আলোচনা কৰি ককায়েকে এটা কিডনী দিবলৈ সাজু হৈছিল। পিছৰ সপ্তাহতে ট্ৰেন্সপ্লেণ্ট কৰাৰ কথা। আজি অলপ আগত কোনো নথকা সময়ত ল’ৰাটোৱে খিৰিকীৰে বাহিৰলৈ জাপ মাৰি দিলে। অৱস্থা বহুত বেয়া, নাবাচিব চাগে’।

“ইছ ইছ ইছ’- মানুহবোৰৰ মুখবোৰত ক’ব নোৱৰাকৈয়ে বিষাদৰ ৰেখা বিয়পি পৰিল।
‘বৰ অমায়িক ল’ৰাটো। পঢ়া-শুনাটো বৰ চোকা আছিল হেনো’।– নাৰ্চ এগৰাকীয়ে আহি যোগ দিলেহি।
ফেমিলিটোত বা কোন কোন আছিল?
“ককায়েক, বৌৱেক আৰু মাক। মাকজনীও অসুখীয়া। ককায়েকৰ চাহ মিঠাইৰ হোটেল এখন আছে হেনো। কোনোমতে চলি আছিল। সিয়ে দিবলৈ ওলাইছিল কিডনী। ভায়েকটোৱে চাগে নিজকে পৰিয়ালটোৰ বোজা বুলি ভাবিলে। মাটি বাৰী বিক্ৰী কৰি প্ৰায় শেষেই হৈছিল হেনো ঘৰৰ”। ‘ঢুকোৱাই ভাল বুজিছে। মই দেখা পালো নহয় ডাঙি নিওতে। এইটো অৱস্থাত তাক জীয়াই ৰাখিব নোৱাৰে সেইটো পৰিয়ালে’। ডাড়ি মোচে ভোবোকাৰ মানুহ এজনে গহীনকৈ আহি যোগ দিলেহি।

‘ইছ ইছ ইছ’। মানুহবোৰ আকৌ এবাৰ চটফটাই উঠিল। মোৰ শুনি থাকিবলৈ ধৈৰ্য হেৰাই গ’ল। মই ওপৰলৈ উঠি আহিলো। একপ্ৰকাৰ দৌৰ দি অহাৰ দৰেই আহি গৌতমৰ কাষ পালোহি। “কিহৰ ইমান হুলস্থুল লাগিছিল নো? দৌৰা দৌৰি লগা যেন শুনিলোঁ”। গৌতমে বাগৰি থকাৰ পৰাই মাত লগালে।
‘নাই পেচেণ্ট এজনৰ চিৰিয়াছ। পৰিয়াল মানুহে চিঞঁৰিছে। ল’ৰাটোৰ কাহিনী শুনাবলৈ মোৰ সাহ নহ’ল। ‘ভাত খালিনে?’ – সি সুধিলে। ‘অ খালোঁ।’ তাক শুবলৈ কৈ মই আকৌ মোবাইলটো উলিয়াই ল’লোঁ।

মোৰ অফিচলৈ মনত পৰিল। পৰিস্কাৰ, সুপৰিপাতি সাজ পাৰ পিন্ধা এগালমান মানুহ। ওপৰৱালা অফিচাৰৰ নিৰ্দেশ, টাৰ্গেট পূৰণৰ অলেখ হেঁচা মনত লৈ মানুহবোৰে মনোযোগেৰে কাম কৰি আছে। কামৰ মাজে মাজে কোনোবা এজনে ধেমেলীয়া কথা কৈছে। তাৰ পিছত গোটেই অফিচটো ৰজনজনাই যোৱাকৈ হাঁহি উফৰি পৰিছে। আজি মেদিনীৰ বাৰ্থডে আছিল। অফিচৰ পৰা বাহিৰে বাহিৰে লগ হৈ কোনোবা ৰেষ্টুৰেণ্টত বহাৰ কথা আছিল। হয়তো সকলোবোৰ এতিয়া তালৈকে গৈছে। সকলোবোৰ সুখী, প্ৰাণৱন্ত। জীৱনৰ সুধা প্ৰাণভৰি পী থকা এগালমান প্ৰাণোচ্ছল মানুহ। আৰু একেখন চহৰৰে এইটো চৌহদত তাৰ সম্পূৰ্ণ বিপৰীত এখন পৃথিৱী। য’ত মানুহবোৰৰ কথা পতাৰ বিষয় ৰোগ, দুখ, জীৱনে দিয়া অলেখ যান্ত্ৰণা। কাকো ক’ব নোৱাৰা, কাকো বিলাব নোৱাৰা সেই যান্ত্ৰণা বুকুত লৈ দুৰ্ভগীয়া মানুহবোৰে ইয়াত হাহাকাৰ কৰি আছে। নিৰাময়ৰ উপায় বিচাৰি ইফালৰ পৰা সিফাল দৌৰি ফুৰিছে। ডাক্তৰে দিয়া প্ৰতিটো আদেশ নিৰ্বিবাদে পালন কৰিছে। সুখী পৃথিৱীখনত থকালৈকে মানুহবোৰে এইখন পৃথিৱীৰ ছবিবোৰ কেতিয়াও নেদেখে। হয়তো দেখিও মানুহবোৰে নেদেখা কৰি ৰাখে।

বৰমা আহি পাইছে। গ্ৰাউণ্ড ফ্ল’ৰৰ পৰা তেওঁ মোলৈ ফোন কৰিলে।– “তুমি তললৈ অলপ নামি আহিব পাৰিবা নে?” মই দোপদোপাই নামি আহিলোঁ।
তেওঁৰ দুহাতত দুটা ডাঙৰ ডাঙৰ মোনা। কেইবাখলপীয়া এটা ষ্টিলৰ টিফিন, কাপোৰ কানি, পাতল কম্বলৰ ভৰেৰে মোনাদুখন ফুলি আছে। তেওঁ সেই দুটা কঢ়িয়াই চিৰি বগাই ওপৰলৈ উঠি আহিবলৈ অসুবিধা পাইছে। মই মোনা দুটা হাতত ল’লোঁ। মানুহজনীয়ে ফেঁপাইছে। তেওঁৰ বয়স হৈছে। পুতেকৰ দুৰ্ঘটনাটোৱে এইকেইদিনতে যেন মানুহজনীৰ বয়স আৰু কেইবছৰমান বঢ়াই পেলালে।
‘তুমি কিবা এটা খাই ল’লা নে?’ তেওঁ বৰ সাদৰেৰে সুধিলে। ‘মই খিচিৰি অলপ বনাই আনিছিলো। অলপ খাই ল’ব পাৰিবা আমাৰ লগতে।’ মই ইছইছাই উঠিলোঁ- “আপুনিনো এইবোৰ কৰিবলৈকে কিয় যাব লাগে ঘৰলৈ। ইয়াত আছিলেই সকলোবোৰ সুবিধা।”
তেওঁ মোৰ ফালে চাই ম্লান হাঁহি এটা মাৰিলে। ‘বিপদ আহিলে অকলে নাহে অ’ বোপা। ৰাতিপুৱাতে ওচৰৰ ঘৰে মোক ফোন কৰিলে। শুই উঠিয়েই হেনো তেওঁলোকে দেখা পালে আমাৰ ঘৰৰ পিছফালৰ দৰ্জাখন খোল খাই আছে। ৰাতি ঘৰত চোৰ সোমাল। তলা ভাঙি গোটেই ঘৰ কালি আমাৰ তহিলং কৰি থৈ গ’ল।’

মই থৰ লাগিলো। খন্তেক ৰৈ মই মানুহগৰাকীৰ মুখলৈ চালোঁ। এই মুহুৰ্তত কথাৰ প্ৰতিক্ৰিয়া হিচাপে মই এইজনী মানুহক কি ক’ব লাগে একো ভাবি নাপালোঁ। তেওঁ এখন হাত চিৰিৰ কাষৰ ৰেলিঙত ৰাখিছে। আনখন হাতেৰে তেওঁ ভৰিৰ উৰুত হেঁচা দি ওপৰলৈ উঠি আহিছে। তেওঁৰ অৱস্থাটো দেখি মোৰ দুখ লাগিল। কোলত উঠাই মানুহগৰাকীক একে কোবে ওপৰলৈ তুলি নিবলৈ মোৰ মন গ’ল।

“কি চোৰ কৰিলে?”- মোৰ মাতটো ক’ব নোৱাৰাকৈয়ে সৰুকৈ ওলাল।

“কি ক’ত নিছে এতিয়া সেইবোৰ চাই থাকিবলৈ মোৰ সময়কে নহ’ল। নতুন তলা এটা কিনি মাত্ৰ ওচৰ চুবুৰীয়া কিঘৰক অলপ চকু দিবলৈ কৈয়ে আকৌ গুচি আহিছোঁ। গডৰেজৰ কাপোৰ কানিখিনি গোটেই মজিয়াত সিঁচৰতি কৰি পেলাই থৈ দিছে। গহনা গাঁথৰি দুপদমান আছিল। গোটেইখিনি নিলে চাগে”।

মানুহজনীয়ে মোলৈ চাই আকৌ সেই শেঁতা হাঁহিটো মাৰিলে। গোটেই পৃথিৱীৰ অনেক যন্ত্ৰণা, কঢ়িয়াব নোৱৰা অলেখ গধূৰ বোজায়ে যেন তেওঁৰ চকুজোৰত হেঁচা মাৰি ধৰিছে।

“গৌতমক এইবোৰ এতিয়াই একো নক’বা। তাক মই কোৱাই নাই একো। মানুহবোৰে কৈছে বোলে কেছ দিয়ক। মোৰ বাৰু এতিয়া সেইবোৰ কৰি থাকিবলৈ সময় আছে নে?”- তেওঁ হঁহা যেন কৰিলে। “ইয়াত এয়া। আৰু দুসপ্তাহমান পিছতহে ৰিলিজ দিম বুলি কৈছে। এইকেইদিনলৈ ঘৰখনক তুলি ধৰা আৰু গোসাঁই।” শেষৰ কথাষাৰত মানুহগৰাকীৰ মাতষাৰ থুকাথুকি হ’ল। তেওঁ বৰ আকুলতাৰে ওপৰলৈ চকুজুৰি তুলিলে। মই অসহায়বোধ কৰিলোঁ। কাৰোবাৰ সেৱা, শুভকামনাৰে যদি অইন কাৰোবাৰ জীৱনত কিবা ভাল কৰাৰ সামৰ্থ্য আছে তেনে সমস্ত সেৱা আৰু শুভকামনাৰে এই মানুহগৰাকীৰ জীৱন উবুৰাই দিবলৈ মোৰ মনত প্ৰৱল হেঁপাহ জাগিল।

আমি আহি আহি তৃতীয় মহলা পালো। পুতেকৰ ওচৰ পোৱাৰ লগে লগে যেন মানুহজনীৰ খোজৰ গতি হঠাতে বাঢ়ি গ’ল। ট্ৰেসাৰত কঢ়িয়াই মানুহ এজনক তলৰ মহলালৈ নমাই নিছে। হয়তো কিবা ইমাৰ্জেন্সী আহিছে। পিছে পিছে দুগৰাকী নাৰ্চ। তেওঁলোকৰ লগত মানুহজনৰ পুতেক যেন লগা এজন সৰু ল’ৰা। ল’ৰাটোৰ হাতত এখন মোনা। হয়তো দেউতাকক লগা হোৱা ঔষধ পাতি, অসুখৰ কাগজ পত্ৰৰ হিচাপৰ ৰচিদৰে ভৰ্তি মোনাখন। তাৰ সৰল চকুদুটিত ভয় আৰু আতংকৰ চাপ ফুটি উঠিছে। দুয়োখন হাত ধৰাধৰিকৈ এহাল বৃদ্ধ কৰিডৰটোৰে তললৈ নামি আহিব সাজু হৈছে। মানুহজনৰ এটা চকুত বেণ্ডেজ। মানুহজনৰ হাতদুখনত বৰ আলফুলে ধৰি মানুহগৰাকীয়ে তেওঁক আগবঢ়াই লৈ আনিছে। বাৰ্ধক্যৰ চাপত দুয়োগৰাকীয়ে খুঁপি খুঁপি খোজবোৰ দিছে। মই অবাক হৈ চাই ৰ’লোঁ। বাওঁফালৰ কেবিনটোৰ বিচনাত এজনী অকণমানি ছোৱালী বাগৰি আছে। কাষতে তাইৰ মাক। বিচনাখনৰ কাষত দুখন চকীত অইন দুগৰাকী মানুহ। হয়তো তেওঁলোক খবৰ কৰিবলৈ আহিছে। দুয়োগৰাকী নিজৰ মাজতে কথাত মচগুল। মাকজনীয়ে তেওঁলোকৰ কথালৈ ধ্যান দিয়া নাই। তেওঁ নিস্তেজ চকু এহালেৰে বাহিৰলৈ চাই চাই জীয়েকক বিচনীৰে বা দি আছে। কোনোবাটো কেবিনত ডাক্তৰে বৰ জৰুৰীভাৱে কিবা কেইপদমান ঔষধ লৈ আহিব কৈছে। মানুহজনে প্লাষ্টিকৰ খৰাহিটো হাতত লৈ খৰখোজেৰে তললৈ দৌৰ দিছে। এনে অলেখ মানুহৰ অলেখ ব্যস্ততা, কেৱল অসুখৰ কাৰণে তল-ওপৰ কৰি থাকিবলৈ বাধ্য হোৱা এই মানুহবোৰৰ দৌৰা ঢপৰা, কেবিনৰ পৰা ভাঁহি অহা কাৰোবাৰ অস্ফুট কেঁকনি, চিঞঁৰ, কান্দোনৰ মাজত বৰমাই অলপ আগত আকুলতাৰে কোৱা কথাখিনি হেৰাই নোহোৱা হৈ গ’ল। মই চাৰিওফালে এবাৰ ঘূৰি চালোঁ। হস্পিতালবোৰ একো একোখন কাহিনীৰ ঘৰ। মানুহ হোৱাৰ দুখ যন্ত্ৰণা, মানুহৰ বহুতবোৰ বেদনাপূৰ্ণ বিষাদগাঁথা হস্পিতালবোৰে নীৰৱে সামৰি থৈ দিয়ে।

 

– প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ।

1 Comments Add yours

  1. Pankaj Jyoti Mahanta কৈছে:

    পিছত পঢ়িম। ধন্যবাদ।

    Like

মন্তব্য দিয়ক