অপৰিচিত

গোটেই দিনটো তাই অস্থিৰ হৈ থাকিল। মোবাইলটো অন কৰি চাবলৈকো তাইৰ ভয় লাগিল। কিন্ত্ত কিহৰ বাবে এই ভয় তাই ঠিক ধৰিবও নোৱাৰিলে। সি বাৰু তাইৰ বাবে ৰৈ আছিল নে! এতিয়া চাগে’ সি তাইৰ কথা কি বুলি ভাবিছে!

তাই বিবুধিত পৰিল। কাহানিও নেদেখা মানুহটোৰ সৈতে সঁচাই বাৰু তাই প্ৰেমত পৰিছিলনে? নে তাই প্ৰেমত পৰিছিল তাৰ এটি এটি শব্দৰ! সি কোৱা প্ৰতিটো শব্দ থূপ খোৱাই মনৰ মাজতে তাই যেন গঢ়ি লৈছিল এক অদৃশ্য অব্যক্ত সত্বাৰ। তাই হয়তো সেই সত্বাৰহে প্ৰেমত পৰিছিল। কিহৰ তাড়নাত তাই উজাৰি গৈছিল হৃদয় কোণত ঠাহ খাই থকা কাহানিও নোকোৱা কথা? কিহৰ হেঁপাহত প্ৰতিটো সৰু কথাত তাই অভিমান কৰিছিল! তাৰ মাজত নো প্ৰকৃততে তাই কি বিচাৰি পাইছিল? নে কিবা বিচাৰিবলৈ আগবঢ়া আদবাটতে তাইৰ আউল লাগিল। যাৰ আশংকাত তাৰ সৈতে মুখামুখি হ’বলৈকে তাইৰ মনত সাহস নাহিল!

গধূলি মোবাইলটো অন কৰি তাই নিৰাশ হ’ল। তাই আশা কৰিছিল তাৰ তীব্ৰ আক্ৰোহ, ক্ষোভৰ মেছেজেৰে তাইৰ মোবাইল ভৰি থাকিব। কিন্ত্ত সেয়া একো নহ’ল। মোবাইলৰ শূন্যতাখিনি লাহে লাহে আহি তাইৰ মনৰ মাজত বিয়পি পৰিল আৰু এটা সময়ত গোটেই জগতখনে তাইৰ শূন্য যেন লাগিল। বাৰে বাৰে মোবাইলটোলৈ চাই তাই ভাগৰি পৰিল।

অস্থিৰতাই চৰম সীমা পাওতে তাৰ মেচেজটো আহিল। বিহ্বল দুচকুৰে তাই পঢ়িলে- “বেয়া নাপাবা। তোমাক লগ কৰিবলৈ মোৰ সাহস নহ’ল। লগ পোৱাৰ পিছতে তোমাক যেন হেৰুৱাম বুলি ভাবি মোৰ ভয় লাগিল। কিন্ত্ত কিহৰ বাবে এই ভয় মই হয়তো সঠিককৈ ক’বও নোৱাৰো! তুমি বাৰু মোৰ বাবে ৰৈ আছিলা নে? এতিয়া চাগে’ তুমি মোৰ কথা কি বুলি ভাবিছা!”

ওঁঠৰ কোণত তাইৰ হাঁহি এটি ঢৌ খেলাই থৈ গ’ল। লাহে লাহে নিশব্দে হাঁহিটো পৰিস্ফুট হ’ল আৰু তাই গোটেই মানুহজনী উজলি উঠিল। তাৰ প্ৰতিটো শব্দই তাইক আকৌ এবাৰ আহি জঠৰ কৰিলেহি। অথচ তাইৰ সেই জড়তাখিনি ভাল লাগিল। এইবাৰ তাইৰ দুচকুত দুষ্টালি বিৰিঙিল। পলকতে যেন নতুন এটা অভিমানৰ বাটহে মুকলি হ’ল। লগতে মুকলি হ’ল তাৰ সৈতে হৃদয় খুলি কথা পতাৰ অইন এটি বাখৰুৱা বাট।

 

– প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ।

মন্তব্য দিয়ক