সহযাত্ৰী

গোটেই জগতখনক এফালৰ পৰা দহি-পুৰি নিবলৈকে যেন ৰ’দ জাক ওলাইছে। কাম-কাজৰ খাতিৰত ঘৰৰ বাহিৰলৈ ওলাই আহিবলগীয়া হোৱা মানুহখিনিৰ কষ্ট দেখি বেলিটোৰ আনন্দ দুগুণেহে চৰিছে। অইন মানুহবোৰৰ দৰে মোৰ একো কৰ্মব্যস্ততা নাই। অথচ মই এই প্ৰচণ্ড গৰমত বাছ ষ্টেণ্ডত ৰৈ আছো- এই কথাটোৱে মোৰ খঙ আৰু বিৰক্তি দুয়োটাই বঢ়াই তুলিছে। ঘৰৰ ড্ৰাইভাৰ বিনন্দৰ ওপৰত মোৰ আকৌ…

মনৰ পৰিধি আৱৰি থকা মানুহজন

২০০০ চন। মই তেতিয়া সপ্তম মানত পঢ়ি আছোঁ। পেহীৰ ছোৱালীজনী মোতকৈ এশ্ৰেণী ওপৰৰ। পেহীহঁতৰ ঘৰ আমাৰ কাষৰ গাঁৱখনত। সঘন আহ-যাহ। পেহীৰ ছোৱালীজনীয়ে এখন কিতাপ কিনিছিল- ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’। সেই সময়ত আমাৰ মাজত কিতাপ আৰু অ’ডিঅ’ কেছেটৰ সালসলনি কৰাৰ নিয়ম আছিল। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, ঈছপৰ সাধু, বীৰবলৰ সাধু কত কিতাপৰ যে আদান-প্ৰদান চলিছিল।…

ত্ৰিপুৰাত তিনিদিন

ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতা কৰা সকলে নিয়মিত পাঠদান কৰাৰ লগতে অন্য কিছুমান পাঠদান বহিৰ্ভূত কাৰ্য্যসূচীটো অংশগ্ৰহণ কৰিবলগীয়া হয়। বাধ্যবাধকতাৰ মাজেৰে কৰ্মজীৱন চলাই নিবলগীয়া হোৱা হেতুকে বোধকৰো তেওঁলোক নিজৰ পেচাদাৰী জীৱনত নিজৰ সম্পূৰ্ণ কৰ্মকুশলতা উজাৰি দিবলগীয়া হয়, যিটো বহুক্ষেত্ৰত চৰকাৰী খণ্ডৰ শিক্ষক সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। সেয়ে হয়তো বিগত দশক কেইটাত দেখা গৈছে শৈক্ষিক ফলাফলৰ…

বিৱৰ্তন

  গেটখন বন্ধ কৰি মিনতি ওলাই আহিল। অলপ অলপ ঠাণ্ডা পৰিছে। দুদিনমানৰ পিছৰ পৰা গাত কাপোৰ এখন মেৰিয়াই লৈহে ওলাব লাগিব- তাই মনতে ভাবিলে। কেঁচা আলিবাটটোৰে তাই আগুৱাই গৈ থাকিল। কেঁচা আলিটো গৈ নতুনকৈ পিচ দিয়া পকা ৰাস্তাটোত লগ লাগিছেগৈ। মিনতি সেই ৰাস্তাটোৰে গৈ গৈ চাৰিআলিটোৰ ওচৰৰ পৰা উভটি আহিব। চাৰিআলিটোৰ পৰা অলপদূৰ আগুৱাই গ’লেই…

আৱৰ্জনা

ঘৰখনৰ প্ৰায়বোৰ বস্ত্ত সামৰি-সুতৰি মিনতিয়ে পুৰণি কিতাপৰ আলমাৰিটো খুলি ল’লে। আলমাৰিটোৰ ভিতৰৰ কিতাপ-পত্ৰ, কাগজ-পাতিবোৰৰ লাগতিয়াল অলাগতিয়ালবোৰ এফালৰপৰা তাই চিজিল লগাই গ’ল। আলমাৰিটোৰ ভিতৰত অলেখ বস্ত্ত ওলাইছে। দিগন্তহঁতৰ ঘৰত কাকো লগ নাপায় ‘আহিলে দি দিবচোন’ বুলি মিনতিহঁতৰ ঘৰত দি থৈ যোৱা বিয়াৰ চিঠি দুখনমান ওলাইছে। তাই স্কুলৰ পৰা ঘৰলৈ লৈ অহা কোনোবা বছৰৰ বছৰেকীয়া পৰীক্ষাৰ বহী…

অমাত

    ঘৰখনত সৰু-সুৰা কুৰুক্ষেত্ৰ এখনে আৰম্ভ হ’ল। প্ৰথম দিনা দীপুৱে যেতিয়া প্ৰথম কথাটো উলিয়াইছিল বৰুৱাই ওচৰতে বহি পেপাৰখনত চকু ফুৰাই আছিল। বৰুৱানীয়ে ডলাখনত চাউল কেইটামান লৈ ধান,শিল কিবা আছে নেকি বাচি আছিল। দীপুৱে হাতত কটাৰী এখন লৈ ধাৰ থকা মূৰটোৰ ওলোটা মূৰটোৰে টেবুলখনত খুন্দিয়াই খুন্দিয়াই মাকক আবদাৰ দি আছিল।এপাকত সি মাতটো ডাঙৰকৈ উলিয়াই ধমক…

অপৰাহ্ন

সদানন্দ শইকীয়াই আকৌ এবাৰ মনৰ ভিতৰতে কথাখিনি জুকিয়াই ল’লে- পুতেকক ক’বলগীয়াখিনি তেওঁ কেনেকৈ ক’ব। তেওঁৰ খেলিমেলি লাগিল। সি বাৰু তেওঁৰ মনৰ অৱস্থাটো বুজি পাবনে? কিন্ত্ত এবাৰ কৈ চোৱাতনো আপত্তি কিহৰ? কিজানিবা সি মান্তি হয়েই। মনে মনে সিও যদি তেওঁ ভবাৰ দৰেই কথাবোৰ চিন্তা কৰিছে! আচলতে শইকীয়াৰ জীৱনটো অসহনীয় হৈ পৰিছে। পাঁচটা কোঠালিৰ এই প্ৰকাণ্ড ঘৰটোৰ…

ৰণকৌশল

বিপুলৰ প্ৰথমে বিৰক্তি লাগিল। তাৰ কপালৰ গাঁঠিবোৰ থূপ খাই আহিল। এটা সময়ত তাৰ উশাহবোৰ ঘন হ’বলৈ ধৰিলে আৰু শেষত বিৰক্তিবোৰ থূপ খাই খাই খঙৰ ৰূপ ল’লে। এইটো অফিচলৈ সি আজি পঞ্চমবাৰলৈ আহিছে। প্ৰথমবাৰ সি আহিছিল এপ্লিকেচন ফৰ্মখন ল’বলৈ। তাৰ পিছৰবাৰ সি আহিছিল ফৰ্মখন পূৰাই দৰকাৰী নথি-পত্ৰ, মাচুলসহ জমা দিবলৈ। তৃতীয় আৰু চতুৰ্থবাৰ সি আহিছিল সি…

বিকল্প

মোবাইলটো বাজি উঠিল। তাই মানুহজনী জিকাৰ খাই উঠিল। লেপটপটো অন কৰি তাই গাইডে দিয়া ডাটাখিনি এক্সেলত ভৰাবলৈ লৈছিলহে। তেনেকুৱাতে ফোনটো বাজিছে। ঘৰৰ নম্বৰ। গধূলি মাকে তাইক এবাৰ ফোন কৰিছিল। তাৰ পিছত ঘৰখনত এতিয়া কি কি ঘটনা ঘটিব পাৰে মনৰ ভিতৰতে মিলাই মিলাই তাই ছবি এখন তৈয়াৰ কৰি লৈছিল। কিন্ত্ত এই ৰাতিখন যে পুনৰ তাইক ফোন…

উদ্‌যাপন

অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰ-সমাৰ কৰি বৰুৱা ঘৰ সোমালহি। ঘৰখনত নিমাওমাও পৰিবেশ। বৰুৱানীয়ে পাকঘৰত কিবা কৰি আছে। -“হেৰা, ইহঁত দুটা কলৈ গ’ল?” -“ইয়াৰ লগৰ কোনোবা এটাৰ মাক-দেউতাকৰ বোলে আজি মেৰেজ এনিভাৰ্চেৰী! তালৈকে গৈছে।” -“আৰু মাজনী?” -“তাইকো লগত লৈ গৈছে।” বৰুৱানীয়ে লাহেকৈ ক’লে। -“তুমি ইহঁতহালে অ’লৈ যাওঁ, তলৈ যাওঁ বুলি ক’লেই পঠিয়াই কেলেই দিয়া? সেইবোৰ মানুহৰ…

প্ৰতিবিম্ব

বিনীতা মানুহজনী উচপ খাই উঠিল। এক মুহুৰ্তৰ বাবে তাই থৰ লাগি টিভিৰ পৰ্দালৈ চালে আৰু তাৰপাছত তাইৰ মনৰ ভিতৰত থকা চেহেৰাটোৰ সৈতে ছোৱালীজনী ৰিজাই চাবলৈ চেষ্টা কৰিলে। অৰুণ ওচৰতে পেপাৰখন লৈ বহি আছিল। ৰাতিপুৱা অফিচলৈ যোৱাৰ লৰালৰিত তাৰ অইন কামৰ বাবে সময় নাথাকে। গধূলিৰ এইখিনি সময়ত সি টিভিৰ নিউজ শুনাৰ লগতে পেপাৰখনত চকু ফুৰোৱা দুয়োটা কাম সমানে চলাই থাকে। বিনীতালৈ চাই সি খন্তেক ৰ’ল আৰু মাতটো যিমান পাৰি সৰুকৈ উলিয়াই সুধিলে,
-“কি হ’ল?”
-“নাই একো নাই।”

পিঞ্জৰা

প্ৰকাণ্ড অ’ডিটৰিয়ামটোৰ সোঁমাজতে এখন চকীত সি বহি আছে। কাষতে তাৰ দেউতাক। বিৰাট গৰম পৰিছে। গোটেই জগতখনে যেন অলপ পিছত দহি শেষ হৈ যাব। অ’ডিটৰিয়ামটোৰ বেৰকেইখনত লাগি থকা ফেন কেইখনে মানুহবোৰক বতাহ দিবলৈ ঘূৰি ঘূৰি ভাগৰি পৰিছে। সি এবাৰ দেউতাকৰ মুখলৈ চালে। দেউতাকে একেথিৰে সন্মূখৰ ষ্টেজৰ ওপৰলৈ চাই আছে। গোটেই ৰাতিটো নাইট চুপাৰত অহাৰ ভাগৰ খিনিয়ে আহি তাৰ চকুদুটাত ভিৰ কৰিছিলহি। পিছে সি দেউতাকৰ চকুত সেই ভাগৰৰ লেখমানো চিন দেখা নাপালে। অবুজ এক আশাৰ চিকমিকনিয়ে তেওঁৰ চকুকেইটা তিৰবিৰাই ৰাখিছে আৰু সেই তিৰবিৰণিয়ে ৰাতিৰ টোপনি খতিৰ ভাগৰখিনিক ঢাকি পেলাইছে। দেউতাকে বাৰু এনেকুৱা পৰিৱেশ এটা আগতে কেতিয়াবা দেখি পাইছেনে? সি এনেয়ে এবাৰ ভাবি চালে। হায়াৰ চেকেণ্ডাৰীৰ এডমিচনৰ সময়ত সি সম্বন্ধীয় ককায়েক এজনৰ লগত গৈছিল। দুবছৰৰ পিছত কলেজত ডিগ্ৰীৰ এডমিচনৰ কামখিনি সি অকলেই কৰিব পৰা হৈছিলগৈ। দেউতাক এয়ে প্ৰথমবাৰৰ কাৰণে তাৰ লগত এডমিচনৰ কামত আহিছে।