পিঞ্জৰা

প্ৰকাণ্ড অ’ডিটৰিয়ামটোৰ সোঁমাজতে এখন চকীত সি বহি আছে। কাষতে তাৰ দেউতাক। বিৰাট গৰম পৰিছে। গোটেই জগতখনে যেন অলপ পিছত দহি শেষ হৈ যাব। অ’ডিটৰিয়ামটোৰ বেৰকেইখনত লাগি থকা ফেন কেইখনে মানুহবোৰক বতাহ দিবলৈ ঘূৰি ঘূৰি ভাগৰি পৰিছে। সি এবাৰ দেউতাকৰ মুখলৈ চালে। দেউতাকে একেথিৰে সন্মূখৰ ষ্টেজৰ ওপৰলৈ চাই আছে। গোটেই ৰাতিটো নাইট চুপাৰত অহাৰ ভাগৰ খিনিয়ে আহি তাৰ চকুদুটাত ভিৰ কৰিছিলহি। পিছে সি দেউতাকৰ চকুত সেই ভাগৰৰ লেখমানো চিন দেখা নাপালে। অবুজ এক আশাৰ চিকমিকনিয়ে তেওঁৰ চকুকেইটা তিৰবিৰাই ৰাখিছে আৰু সেই তিৰবিৰণিয়ে ৰাতিৰ টোপনি খতিৰ ভাগৰখিনিক ঢাকি পেলাইছে। দেউতাকে বাৰু এনেকুৱা পৰিৱেশ এটা আগতে কেতিয়াবা দেখি পাইছেনে? সি এনেয়ে এবাৰ ভাবি চালে। হায়াৰ চেকেণ্ডাৰীৰ এডমিচনৰ সময়ত সি সম্বন্ধীয় ককায়েক এজনৰ লগত গৈছিল। দুবছৰৰ পিছত কলেজত ডিগ্ৰীৰ এডমিচনৰ কামখিনি সি অকলেই কৰিব পৰা হৈছিলগৈ। দেউতাক এয়ে প্ৰথমবাৰৰ কাৰণে তাৰ লগত এডমিচনৰ কামত আহিছে।

Advertisements

ব্যঞ্জন

লৰালৰিকৈ গাটো ধুই গোঁসাইঘৰত মূৰটো দোঁৱাই মধুমিতা ওলাই আহিল। পাকঘৰৰ এটা চুকত বেৰ দি সৰুকৈ তাই কোঠা এটা সাজি লৈছে। সেইখনেই তাইৰ গোঁসাইঘৰ। তাতে তাই লক্ষ্মী-বিষ্ণু আৰু মাক-দেউতাকৰ ফটো দুখন ৰাখিছে। সদায় ৰাতিপুৱা গা-পা ধুই আহি সেই ফটোদুখনত সেৱা এটা কৰাতো তাইৰ নিত্য-নৈমিত্তিক কাম। অইনদিনাখন হোৱা হ’লে ইমান সময় তাইৰ ভাত-পানী ৰান্ধি স্কুললৈ যাবলৈ খৰখেদা লাগিলহেতেন। আজি পিছে তাইৰ সেইবোৰ লেঠা নাই। বাৰটামান বজালৈকে সময়ৰ হিচাপ এটা কৰি তাই এফালৰপৰা কামবোৰৰ সূচী এখন মনৰ ভিতৰতে তৈয়াৰ কৰি ল’লে। চাহৰ বাচনটো জুইত তুলি দি তাই চ’ৰাঘৰলৈ আহিল। চ’ৰাঘৰৰ চোফাকেইখনত ধূলিয়ে পাতল চামনি পেলাইছে। তাই ফটাকানি এখন আনি এফালৰ পৰা চোফাকেইখনত কোব এটা এটা মাৰি গ’ল। কোঠাটোৰ সোঁমাজতে থকা টেবুলখনত বাতৰি কাকত কেইখনমান সিঁচৰতি হৈ আছে। সেইকেইখন ঠিক ঠাক কৰি তাই ওলাই আহিল। চিলিংখনত মকৰাজাল অলপ বান্ধিছে। পিছে এতিয়া সেইবোৰ চাফ কৰি থাকিলে নচলিব। চাহকাপ খাই তাই বজাৰলৈ বুলি সাজু হ’ল।

অপত্য

কথাটো শুনাৰ পিছত অদিতিৰ প্ৰথমে লাজ লাগিল। তাই অস্বস্তিত পৰিল। কিন্তু পিছমুহুৰ্ততে তাইৰ দেউতাকলৈ ভীষণ খং উঠিল। অৰগেনিক কেমেষ্ট্ৰিৰ এটা ৰিয়েকচন মেকানিজম বুজিবলৈ চেষ্টা কৰি তাই ভাগৰি পৰিছিল। কিতাপত থকা কথাখিনিৰে সহজে বুজিব নোৱাৰি। ইফালে সেইখিনি কথা ক্লাছত বুজোৱাৰ দিনা তাই কলেজলৈও যোৱা নাছিল। মেজৰ চাবজেক্টৰ মিড টাৰ্ম পৰীক্ষালৈ বেছি দিন নাই। গতিকে একে লগৰ সুনীতাৰ পৰা নোটখিনি লিখি আনোগৈ বুলি তাই তাহাঁতৰ ঘৰলৈ আহিছিল। ড্ৰ’য়িংৰূমত মাকৰ সৈতে সাধাৰণ ভাল-বেয়া খবৰ লোৱা দুই এটা কথা পতাৰ পিছত দুইজনী আহি সুনীতাৰ ৰূমতে বহি ল’লেহি। তাই নোটছখিনি যিমান পাৰে সোনকালে লিখিবলৈ ল’লে আৰু মাজে মাজে সুনীতাৰ লগত কথাৰ মহলা মৰাতো ব্যস্ত থাকিল। হঠাতে সুনীতাই ক’লে, “কালি হেনো তহঁতৰ বৰতাই বিপুলহঁতক বেয়াকৈ কামোৰ দিলে?”

জ্যামিতি

“লিখা। বিশেষসূত্ৰ। ধৰা হ’ল এ বি চি এটা ত্ৰিভুজ। ইয়াৰ এবি, বিচি আৰু চিএ তিনিটা বাহু। প্ৰমাণ কৰিব লাগে যে, ত্ৰিভুজটোৰ যিকোনো দুটা বহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। পাৰিবানে?”
“অ’ পাৰিম।”
“ঠিক আছে। কৰা তেন্তে।”
ৰাজু একান্তমনে বহীখনত বিশেষসূত্ৰ, অংকন, প্ৰমাণ এইবোৰ লৈ ব্যস্ত হৈ পৰিল। পলাশে তাৰ সন্মূখত থকা কাগজখনত এটা ত্ৰিভুজ আঁকিলে। সমদ্বিবাহু ত্ৰিভুজ। ঠিক ৰাজুৱে তাৰ বহীত অঁকাৰ দৰে। সি কোনটো বাহু হ’ব? ভূমি। ঠিক ভূমি। সি বেচ্। তাৰ ওপৰত বেচ্‌ কৰিয়ে চিনাকি হৈছিল সিহঁত দুটা। নহয়; সি নিজেই চিনাকি কৰাই দিছিল।

মৰুভূমি

বৰুৱানীৰ ঘৰৰ পাছফালৰ বাৰাণ্ডাখনৰ খুঁটাটোতে আঁউজি লৈ মালতী বুঢ়ীয়ে পুৰণি কথাবোৰ পাগুলি থাকে। আজি তাই যিখিনি ঠাইত বহি আছে, সেইখিনিতে সুন্দৰ বুঢ়াৰ ডাঙৰ বাৰীখন নাছিল জানো! বুঢ়াৰ বাৰীৰ মধুৰীআম, জলফাই, হৰতকী জোপা! আঢ়ৈ কুৰি বছৰৰ পিছতে আজি ইমানবোৰ সলনি হ’লনে? বুঢ়ী আচৰিত হয়। সুন্দৰ বুঢ়াই এই বাৰীখন বেচি থৈ ক’লৈ গ’লগৈ বাৰু? এই বাৰীখনতে যে সৰুতে এবাৰ ডাঁহেচীয়া আম বিচাৰি আহোতে মালতীক বিছাই ডাকিছিল। তাই যে আতাহ পাৰি গোটেই বাৰীখন ৰজনজনাই তুলিছিল। তাইৰ চিঞৰ শুনি সুন্দৰ বুঢ়াও আবেলিৰ ভাত ঘুমটি এৰি লৰি-ঢাপৰি আহিছিল। মালতীক হেমেশ্বৰে হাতত ধৰি টানি লৈ গৈছিল। কাৰোবাৰ ঘৰৰ পৰা চূণ অলপ আনি সি তাইৰ কাণত লগাই দিছিল। কাৰ ঘৰৰ পৰা চূণ আনিছিল হেমেশ্বৰে!