অপৰিচিত

গোটেই দিনটো তাই অস্থিৰ হৈ থাকিল। মোবাইলটো অন কৰি চাবলৈকো তাইৰ ভয় লাগিল। কিন্ত্ত কিহৰ বাবে এই ভয় তাই ঠিক ধৰিবও নোৱাৰিলে। সি বাৰু তাইৰ বাবে ৰৈ আছিল নে! এতিয়া চাগে’ সি তাইৰ কথা কি বুলি ভাবিছে! তাই বিবুধিত পৰিল। কাহানিও নেদেখা মানুহটোৰ সৈতে সঁচাই বাৰু তাই প্ৰেমত পৰিছিলনে? নে তাই প্ৰেমত পৰিছিল তাৰ এটি…

স্থবিৰ

“ঐ ৰিক্সা, ষ্টেচন চাৰিআলিলে’ কিমান ল’বি?” গৰমত ফোপাই জপাই মানুহজন তাৰ ফালে আগবাঢ়ি আহিল। শকত আৱত মানুহজনৰ চোলাটো ঘামত তিতি পেটটোতে লিপিট খাই ধৰিছে। ঠিক তাৰ মলিয়ন গেঞ্জীটো তাৰ বুকুৰ কামিহাড় কেইডালত লিপিট খাই ধৰাৰ দৰে। ষ্টেচনলৈকে সেইচোৱা বাট প্ৰায় দুই কিলোমিটাৰ মানে হয়গৈ। তাতে ফটা শিল পৰা ওখোৰা মোখৰা বাট। তাৰ ৰিক্সাখনে বৰকৈ কষ্ট…

বিনিময়

কলিং বেলটো বাজি উঠিল। বন্ধৰ দিন। দুপৰীয়াৰ ভাত সাজ খাই উঠি পাকঘৰখন সামৰি থৈ তাই বিচনাত বাগৰ দিবলৈ ওলাইছিলহে। তেনেকুৱাতে কোনোবা আহিছে। তাইৰ বিৰক্তি লাগিল। প্ৰশান্ত ওলাই গৈছে। আথে বেথে কাৰোবাক মাতি আনি ড্ৰ’ৱিংৰূমত বহুৱাইছে। কথা পাতিছে। তাই বিচনাত বাগৰ দি সিটো ৰূমৰ কথা-বতৰাৰ উমান লৈ থাকিল। কাৰ জানো মাত এইষাৰ! ইমান চিনাকি চিনাকি। অথচ…

শিপা

পাৰ বাহ সদৃশ এই চাৰিচুকীয়া ফ্লেটটোৰ ভিতৰত সোমাই থাকি লীলাৱতী শইকীয়াৰ অসহ্য লাগে। ভাগ্য ভাল যে বাহিৰলৈ চাই থাকিবলৈ বেলকনিখন আছে। বেলকনিৰ আৰামী চকীখনতে বহি লীলাৱতী শইকীয়াই গোটেই দিনটো বাহিৰলৈ চাই চাই অলসভাৱে বহি থাকে। কৰিবলৈও একো কাম নাই। আটাইবোৰ কাম কামকৰা মানুহজনীয়ে আহি কৰি থৈ যায়। পুতেক বোৱাৰীয়েকৰ চাকৰি। নাতিয়েকৰ স্কুল। পুতেকলৈ শইকীয়ানীৰ একো…

সহযাত্ৰী

গোটেই জগতখনক এফালৰ পৰা দহি-পুৰি নিবলৈকে যেন ৰ’দ জাক ওলাইছে। কাম-কাজৰ খাতিৰত ঘৰৰ বাহিৰলৈ ওলাই আহিবলগীয়া হোৱা মানুহখিনিৰ কষ্ট দেখি বেলিটোৰ আনন্দ দুগুণেহে চৰিছে। অইন মানুহবোৰৰ দৰে মোৰ একো কৰ্মব্যস্ততা নাই। অথচ মই এই প্ৰচণ্ড গৰমত বাছ ষ্টেণ্ডত ৰৈ আছো- এই কথাটোৱে মোৰ খঙ আৰু বিৰক্তি দুয়োটাই বঢ়াই তুলিছে। ঘৰৰ ড্ৰাইভাৰ বিনন্দৰ ওপৰত মোৰ আকৌ…

বিৱৰ্তন

  গেটখন বন্ধ কৰি মিনতি ওলাই আহিল। অলপ অলপ ঠাণ্ডা পৰিছে। দুদিনমানৰ পিছৰ পৰা গাত কাপোৰ এখন মেৰিয়াই লৈহে ওলাব লাগিব- তাই মনতে ভাবিলে। কেঁচা আলিবাটটোৰে তাই আগুৱাই গৈ থাকিল। কেঁচা আলিটো গৈ নতুনকৈ পিচ দিয়া পকা ৰাস্তাটোত লগ লাগিছেগৈ। মিনতি সেই ৰাস্তাটোৰে গৈ গৈ চাৰিআলিটোৰ ওচৰৰ পৰা উভটি আহিব। চাৰিআলিটোৰ পৰা অলপদূৰ আগুৱাই গ’লেই…

আৱৰ্জনা

ঘৰখনৰ প্ৰায়বোৰ বস্ত্ত সামৰি-সুতৰি মিনতিয়ে পুৰণি কিতাপৰ আলমাৰিটো খুলি ল’লে। আলমাৰিটোৰ ভিতৰৰ কিতাপ-পত্ৰ, কাগজ-পাতিবোৰৰ লাগতিয়াল অলাগতিয়ালবোৰ এফালৰপৰা তাই চিজিল লগাই গ’ল। আলমাৰিটোৰ ভিতৰত অলেখ বস্ত্ত ওলাইছে। দিগন্তহঁতৰ ঘৰত কাকো লগ নাপায় ‘আহিলে দি দিবচোন’ বুলি মিনতিহঁতৰ ঘৰত দি থৈ যোৱা বিয়াৰ চিঠি দুখনমান ওলাইছে। তাই স্কুলৰ পৰা ঘৰলৈ লৈ অহা কোনোবা বছৰৰ বছৰেকীয়া পৰীক্ষাৰ বহী…

অমাত

    ঘৰখনত সৰু-সুৰা কুৰুক্ষেত্ৰ এখনে আৰম্ভ হ’ল। প্ৰথম দিনা দীপুৱে যেতিয়া প্ৰথম কথাটো উলিয়াইছিল বৰুৱাই ওচৰতে বহি পেপাৰখনত চকু ফুৰাই আছিল। বৰুৱানীয়ে ডলাখনত চাউল কেইটামান লৈ ধান,শিল কিবা আছে নেকি বাচি আছিল। দীপুৱে হাতত কটাৰী এখন লৈ ধাৰ থকা মূৰটোৰ ওলোটা মূৰটোৰে টেবুলখনত খুন্দিয়াই খুন্দিয়াই মাকক আবদাৰ দি আছিল।এপাকত সি মাতটো ডাঙৰকৈ উলিয়াই ধমক…

অপৰাহ্ন

সদানন্দ শইকীয়াই আকৌ এবাৰ মনৰ ভিতৰতে কথাখিনি জুকিয়াই ল’লে- পুতেকক ক’বলগীয়াখিনি তেওঁ কেনেকৈ ক’ব। তেওঁৰ খেলিমেলি লাগিল। সি বাৰু তেওঁৰ মনৰ অৱস্থাটো বুজি পাবনে? কিন্ত্ত এবাৰ কৈ চোৱাতনো আপত্তি কিহৰ? কিজানিবা সি মান্তি হয়েই। মনে মনে সিও যদি তেওঁ ভবাৰ দৰেই কথাবোৰ চিন্তা কৰিছে! আচলতে শইকীয়াৰ জীৱনটো অসহনীয় হৈ পৰিছে। পাঁচটা কোঠালিৰ এই প্ৰকাণ্ড ঘৰটোৰ…

ৰণকৌশল

বিপুলৰ প্ৰথমে বিৰক্তি লাগিল। তাৰ কপালৰ গাঁঠিবোৰ থূপ খাই আহিল। এটা সময়ত তাৰ উশাহবোৰ ঘন হ’বলৈ ধৰিলে আৰু শেষত বিৰক্তিবোৰ থূপ খাই খাই খঙৰ ৰূপ ল’লে। এইটো অফিচলৈ সি আজি পঞ্চমবাৰলৈ আহিছে। প্ৰথমবাৰ সি আহিছিল এপ্লিকেচন ফৰ্মখন ল’বলৈ। তাৰ পিছৰবাৰ সি আহিছিল ফৰ্মখন পূৰাই দৰকাৰী নথি-পত্ৰ, মাচুলসহ জমা দিবলৈ। তৃতীয় আৰু চতুৰ্থবাৰ সি আহিছিল সি…

বিকল্প

মোবাইলটো বাজি উঠিল। তাই মানুহজনী জিকাৰ খাই উঠিল। লেপটপটো অন কৰি তাই গাইডে দিয়া ডাটাখিনি এক্সেলত ভৰাবলৈ লৈছিলহে। তেনেকুৱাতে ফোনটো বাজিছে। ঘৰৰ নম্বৰ। গধূলি মাকে তাইক এবাৰ ফোন কৰিছিল। তাৰ পিছত ঘৰখনত এতিয়া কি কি ঘটনা ঘটিব পাৰে মনৰ ভিতৰতে মিলাই মিলাই তাই ছবি এখন তৈয়াৰ কৰি লৈছিল। কিন্ত্ত এই ৰাতিখন যে পুনৰ তাইক ফোন…

প্ৰতিবিম্ব

বিনীতা মানুহজনী উচপ খাই উঠিল। এক মুহুৰ্তৰ বাবে তাই থৰ লাগি টিভিৰ পৰ্দালৈ চালে আৰু তাৰপাছত তাইৰ মনৰ ভিতৰত থকা চেহেৰাটোৰ সৈতে ছোৱালীজনী ৰিজাই চাবলৈ চেষ্টা কৰিলে। অৰুণ ওচৰতে পেপাৰখন লৈ বহি আছিল। ৰাতিপুৱা অফিচলৈ যোৱাৰ লৰালৰিত তাৰ অইন কামৰ বাবে সময় নাথাকে। গধূলিৰ এইখিনি সময়ত সি টিভিৰ নিউজ শুনাৰ লগতে পেপাৰখনত চকু ফুৰোৱা দুয়োটা কাম সমানে চলাই থাকে। বিনীতালৈ চাই সি খন্তেক ৰ’ল আৰু মাতটো যিমান পাৰি সৰুকৈ উলিয়াই সুধিলে,
-“কি হ’ল?”
-“নাই একো নাই।”