পদ্মাৱতী আৰু সঞ্জয় লীলা ভাঞ্চালী

‘পদ্মাৱতী’- বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ এই শেহতীয়া ছবিখনে বিগত বহুকেইটা দিন ধৰি সমগ্ৰ দেশৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। তুমুল বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ছবিখনৰ মুক্তিৰ তাৰিখ পূৰ্বে ঘোষিত এক ডিচেম্বৰৰ পৰিৱৰ্তে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল। চতুৰ্দশ শতিকাৰ প্ৰৱল সাহসী আৰু বীৰাঙ্গনা ৰাণী পদ্মাৱতীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ বাবে আৰম্ভণিৰ…

কৃষণ কুমাৰ খান্না : আপোন ঘৰখনৰ সন্ধানত পাকিস্তানলৈ যাত্ৰা কৰা মানুহজন

পাকিস্তানৰ এখন বিদ্যালয়। প্ৰধান শিক্ষক গৰাকীয়ে দীঘল বাৰাণ্ডাখনেদি এগৰাকী বয়সীয়াল লোকক আগবঢ়াই আনিছে। লগত আন দুই-চাৰিগৰাকী শিক্ষক। লাখুটিৰ ভৰত কেকোজেকোকৈ খোজ দিয়া মানুহজনক আনি তেওঁ এটা শ্ৰেণীৰ ছাত্ৰসকলৰ আগত চিনাকি কৰাই দিছে –‘এইগৰাকী ব্যক্তি ভাৰতৰ পৰা আহিছে। আজিৰপৰা সত্তৰ বছৰ আগেয়ে এওঁ এইখন বিদ্যালয়ৰে এগৰাকী ছাত্ৰ আছিল। অত বছৰৰ পিছত তেওঁ আজি ইয়ালৈ আহিছে নিজৰ…

বিথ’ভেনৰ একোছা সোণালী চুলি

১৮২৭ চনৰ ২৬ মাৰ্চ তাৰিখে বিশ্ববিশ্ৰুত সঙ্গীতজ্ঞ লুডউইগ ভান বিথ’ভেনৰ মৃত্যু হয়। ৫৬ বছৰ বয়সতে মৃত্যু হোৱা এইগৰাকী অসামান্য বিৰল প্ৰতিভাধৰক শেষ শ্ৰদ্ধা জনাবলৈ ভিয়েনা চহৰৰ ৰাজপথত প্ৰায় ২০০০০ জন লোক সমবেত হৈছিল। সুৰৰ মূৰ্চ্ছনাৰে সকলোকে আপ্লুত কৰিলেও বিথ’ভেনৰ ব্যক্তিগত জীৱন আছিল চৰম দুৰ্দশাগ্ৰস্ত আৰু অতিশয় কৰুণ। জীৱনৰ ভৰ বয়সতে তেওঁ কাণেৰে নুশুনা হৈ পৰে।…

বৰগোহাঞি ছাৰ আৰু নিৰুপমা বাইদেউ

  দুদিনমানৰ আগেয়ে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ বৰ্ণাঢ্য জীৱন আৰু সাহিত্য কীৰ্তি সকলো সামৰি এটি ৱেবছাইট মুকলি কৰা হৈছিল। ৱেবছাইটত সংযোজিত কৰা হৈছে বৰগোহাঞি ছাৰৰ ডেকা বয়সৰ কেইখনমান দুৰ্লভ আলোকচিত্ৰ। তাৰে দুখনমান ফটো অৱশ্যে তেখেতৰ আত্মজীৱনীমূলক ৰচনা সন্নিৱিষ্ট দুই এখন কিতাপত আগেয়েও দেখা পাইছিলোঁ। ৱেবছাইটৰ ফটোবোৰ একাদিক্ৰমে চাই থাকোতে হঠাত যেন এখন…

‘বৰলা কাই’ আৰু কিছু অনুভৱ

উজনি অসমৰ শিৱসাগৰৰ মিহিৰাম চুতীয়া নামেৰে এজন লোক টে’ট পৰীক্ষাত উত্তীৰ্ণ হৈ নামনিৰ কটলাকুছি নামৰ গাঁও এখনলৈ আহিছে- গাঁওখনৰ প্ৰাথমিক স্কুলখনত শিক্ষকতা কৰিবলৈ। মিহিৰাম চুতীয়াৰ বয়স যথেষ্ট হৈছে যদিও বিয়া হোৱা নাই। তেওঁৱে ‘বৰলা কাই’। ৰঙ নামৰ বৈদ্যুতীন মাধ্যমৰ চেনেলটোত বৰ্তমানে সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিকৰ কাহিনী এইয়া। জনপ্ৰিয় বুলি মই একেআষাৰতে ক’ব বিচৰা নাই। যোৱা…

বালিপৰা অঞ্চলৰ ভৱিষ্যত

শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলটো (বালিপাৰা নহয়) এক অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল। উজনি অসমৰ লখিমপুৰ, ধেমাজি আদি জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ বমডিলা, ডিৰাং, টাৱাং আদি ঠাইৰ সৈতে অসমৰ এই অঞ্চলটোৰ মাজেদিয়ে যোগাযোগ ব্যৱস্থা আছে। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে এনে এটা কেন্দ্ৰীয় অঞ্চলৰ যি ধৰণে উন্নয়ন হ’ব লাগিছিল তাৰ বিপৰীতে বালিপৰা অঞ্চলটো কিন্ত্ত চিৰদিন অনগ্ৰসৰ হৈয়ে থাকিল। ইয়াৰ…

কথানদী- The River of Fables.

যোৱা গোটেই সপ্তাহটোত ‘কথানদী’ চিনেমা খনৰ ওপৰত বিভিন্নজনে ফেচবুকত বিভিন্ন কথা লিখা দেখা পালোঁ। স্বাভাৱিকতে চিনেমাখনৰ প্ৰতি উৎসুকতা বাঢ়ি গ’ল। অগত্যা বৃহস্পতিবাৰে গধূলি ‘জোনাকী হল’ত চিনেমাখন চাবলৈ ওলালো। হলত চিনেমাখনৰ প্ৰথম সপ্তাহৰ শেষ দিন হোৱা হেতুকে, তথা দ্বিতীয় সপ্তাহত চিনেমাখন থকা-নথকাৰ আশংকাতে বোধকৰো দৰ্শকৰ সংখ্যা আছিল যথেষ্ট চকুতলগা। ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ পৰা আদি কৰি বহুকেইজন…

বিশ্বকৰ্মা পূজা, ভাদমহীয়া নাম ইত্যাদি…

আমি সৰুতে পূজা বুলিলে অকল দুখন পূজাৰ কথাহে বুজিছিলোঁ- সৰস্বতী পূজা আৰু দুৰ্গা পূজা। আমাৰ সৰুকাল অতিবাহিত হৈছিল চাৰিদুৱাৰত। কোনো ধৰণৰ চিন্তা-ভাৱনা নথকা পাখি মেলা শৈশৱ কাল। আক্ষৰিক অৰ্থতে আমি চৰাইৰ দৰে গোটেই গাঁওখন ঢপলিয়াই ফুৰিছিলোঁ। পঢ়াৰ বোজা নাছিল। টিউচন চিউচন লোৱাৰ কথাও নাছিল। পুৱা-গধূলি অলপমান পঢ়িছিলোঁ। মায়ে কেতিয়াবা কেতিয়াবা পঢ়াবলৈ বহিছিল। বেছিভাগ নিজেই পঢ়া-শুনা…

মনৰ পৰিধি আৱৰি থকা মানুহজন

২০০০ চন। মই তেতিয়া সপ্তম মানত পঢ়ি আছোঁ। পেহীৰ ছোৱালীজনী মোতকৈ এশ্ৰেণী ওপৰৰ। পেহীহঁতৰ ঘৰ আমাৰ কাষৰ গাঁৱখনত। সঘন আহ-যাহ। পেহীৰ ছোৱালীজনীয়ে এখন কিতাপ কিনিছিল- ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’। সেই সময়ত আমাৰ মাজত কিতাপ আৰু অ’ডিঅ’ কেছেটৰ সালসলনি কৰাৰ নিয়ম আছিল। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, ঈছপৰ সাধু, বীৰবলৰ সাধু কত কিতাপৰ যে আদান-প্ৰদান চলিছিল।…