স্থবিৰ

“ঐ ৰিক্সা, ষ্টেচন চাৰিআলিলে’ কিমান ল’বি?”

গৰমত ফোপাই জপাই মানুহজন তাৰ ফালে আগবাঢ়ি আহিল। শকত আৱত মানুহজনৰ চোলাটো ঘামত তিতি পেটটোতে লিপিট খাই ধৰিছে। ঠিক তাৰ মলিয়ন গেঞ্জীটো তাৰ বুকুৰ কামিহাড় কেইডালত লিপিট খাই ধৰাৰ দৰে।

ষ্টেচনলৈকে সেইচোৱা বাট প্ৰায় দুই কিলোমিটাৰ মানে হয়গৈ। তাতে ফটা শিল পৰা ওখোৰা মোখৰা বাট। তাৰ ৰিক্সাখনে বৰকৈ কষ্ট পায়। হ’লেও তাৰ উপায় নাই। যোৱা কেইমাহমানৰ পৰা তাৰ উপাৰ্জন একেবাৰে বেয়া। বিবুধিত পৰি তাৰ লগৰ বহুকেইটাই নিজৰ ৰিক্সাবোৰ বিকিয়ে দিলে। পিছে তাৰ যে ৰিক্সাখনেই একমাত্ৰ সাৰথি। টকা ধাৰে লৈ কিনা ৰিক্সা তাৰ। ধাৰৰ টকাকেইটা নমৰালৈকে সি সেইখন বেচি অইন উপায়ৰ কথা চিন্তা কৰিবও নোৱাৰে। চহৰখনৰ একোণত চটাই বেৰৰ পাৰ বাহ সদৃশ ঘৰখনৰ আটাইকেইটা প্ৰাণীয়ে তাৰ মুখলৈকে বাট চাই ৰৈ থাকে। অইন কাম নাপালে সি সিহঁতকেইটাক খুৱাবই বা কেনেকৈ! সি যেন কোনোফালেই বাট নোপোৱা হৈছে।

“বিশ টকা এটা দিব আৰু দাদা!” সি মাতটো যিমান পাৰে সৰুকৈ ওলিয়াব চেষ্টা কৰিলে।

শকত মানুহজনৰ মুখত বিৰক্তিৰ চাপ ফুটি উঠিল। কেকোজেকোকৈ কোনোমতে মানুহজন ৰিক্সাখনত উঠিল। দুই এঠাইত মামৰ বন্ধা তাৰ দুৰ্বল ৰিক্সাখন কেৰমেৰাই উঠিল।

কান্ধৰ গামোচাখন কঁকালত বান্ধি সি সাজু হ’ল। কালি গোটেই দিনটোত তাৰ কোনোমতে মাত্ৰ ৰাতিৰ ভাতসাজৰ জোখাৰে কেইটামান টকা উপাৰ্জন হৈছিল। দেহ পোৰা ৰ’দত পৰ দি থাকিও সি আজিকালি ভাৰা নাপায়। এটা চকা ফুটাত সেইখন মেৰামতি কৰোতেই তাৰ কালি আধা টকা গ’ল। ৰাতিপুৱাও সি একো এটা নোখোৱাকৈয়ে ঘৰৰ পৰা ওলাই আহিছিল। এতিয়া কিবা এটা পোৱাৰ আশাতে যেন তাৰ পেটটো কলমলাই উঠিল।

“এই ৰহ ৰহ ৰহ। সেইখন টমটম গাড়ী আহিলেই!”

পেডেলত সি ভৰি দিছিলহে মাথোঁ, মানুহজন একেজাপে নামি বেটেৰী ৰিক্সাখনত বহিলগৈ।

মৃদু ভুঁ ভুঁৱনি তুলি ৰিক্সাখন আগবাঢ়ি গ’ল। নিৰ্বাক নিস্পন্দ হৈ একেথিৰে সেইফালে চাই সি ৰৈ থাকিল।

– প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ ।।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s