বৰগোহাঞি ছাৰ আৰু নিৰুপমা বাইদেউ

 

দুদিনমানৰ আগেয়ে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ বৰ্ণাঢ্য জীৱন আৰু সাহিত্য কীৰ্তি সকলো সামৰি এটি ৱেবছাইট মুকলি কৰা হৈছিল। ৱেবছাইটত সংযোজিত কৰা হৈছে বৰগোহাঞি ছাৰৰ ডেকা বয়সৰ কেইখনমান দুৰ্লভ আলোকচিত্ৰ। তাৰে দুখনমান ফটো অৱশ্যে তেখেতৰ আত্মজীৱনীমূলক ৰচনা সন্নিৱিষ্ট দুই এখন কিতাপত আগেয়েও দেখা পাইছিলোঁ। ৱেবছাইটৰ ফটোবোৰ একাদিক্ৰমে চাই থাকোতে হঠাত যেন এখন ফটোত দৃষ্টি থৰ হৈ পৰিল। হোমেন বৰগোহাঞি ছাৰ আৰু নিৰুপমা বৰগোহাঞি বাইদেউৰ যুগ্ম জীৱনৰ আৰম্ভণিতে তোলা ফটোখন দেখি খন্তেক সময়ৰ বাবে আবেগ বিহ্বল হৈ ৰ’লোঁ। সেই সময়ৰ তেজোদীপ্ত বৰগোহাঞি ছাৰ আৰু সৰল অথচ দৃঢ়তাৰে সমুজ্জ্বল বাইদেউৰ মুখলৈ বহু সময় অপলক দৃষ্টিৰে চাই ৰ’বলৈ বাধ্য হ’লোঁ।

জীৱন কালতেই যি কেইগৰাকী বিৰল প্ৰতিভাধৰ অসমীয়া ব্যক্তিয়ে নিজৰ অসাধাৰণ কীৰ্তি আৰু অনন্য জীৱন সাধনাৰে সকলোকে প্ৰভাৱিত তথা উদ্বুদ্ধ কৰি তুলিবলৈ সক্ষম হৈছে, সেই সকলৰ ভিতৰত হোমেন বৰগোহাঞি ছাৰ আৰু নিৰুপমা বৰগোহাঞি বাইদেউ সদায়ে শীৰ্ষত থাকিব। তেওঁলোকৰ বৌদ্ধিক ফচলতকৈয়ো দুয়োৰে বৰ্ণিল জীৱন, অপৰাজেয় জীৱন সংগ্ৰাম, আৰু জীৱন যুদ্ধত আপোচবিহীন মনোভাৱেৰে আগুৱাই যোৱাৰ মানসিকতাইহে বহুজনক তেওঁলোকৰ অনুগামী কৰি তুলিছে। জীৱন সম্পৰ্কে তেওঁলোক দুয়োৰে গভীৰ মনস্ত্তাত্বিক দৰ্শন, স্বৰূপাৰ্থত পৰিপূৰ্ণ জীৱন সম্পৰ্কে তেওঁলোকৰ দৃষ্টিভংগী, গভীৰ নৈৰাশ্যৰ মাজতো তেওঁলোকে হৃদয় আৰু আত্মাত জিলিকাই ৰখা গভীৰ আশাবাদৰ পোহৰে বহুজনক সাহস, প্ৰেৰণা আৰু সঞ্জীৱনী শক্তিৰে সৱল কৰি তুলিছে। সেয়াই ছাৰ-বাইদেউ দুয়োৰে জীৱনৰ অনিৰ্বাণ কৃতিত্ব। তথাপিও কি কাৰণতনো এই দুগৰাকী বৰেণ্য অসমীয়া সাহিত্যিকে নিজৰ বৈবাহিক জীৱনৰ যতি পেলাই পৰস্পৰে আঁতৰি থকাৰ সিদ্ধান্ত ল’লে সেয়া যেন সকলোৰে বাবে এক চৰম বিভ্ৰান্তিকৰ কৌতুহলৰ প্ৰশ্ন।

বছৰচেৰেক আগেয়ে গুৱাহাটী গ্ৰন্থমেলাত আয়োজিত এক অন্তৰংগ আলাপ অনুষ্ঠানত এই বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত নিৰুপমা বাইদেৱে কৈছে- ‘সেয়া একান্তই ব্যক্তিগত বিষয়’। হোমেন বৰগোহাঞি ছাৰৰ ভাষাতো- ‘প্ৰত্যেক ব্যক্তিৰে জীৱনটো হৈছে তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত সম্পদ। সেয়ে এই জীৱনটোক ব্যক্তিগতভাৱে জীয়াই থকাতহে জীৱনৰ প্ৰকৃত মাধুৰ্য্যতা নিহিত হৈ আছে।’ দুয়োৰে মনোমালিন্যৰ কাৰণবোৰ ৰাজহুৱা নকৰাৰ ক্ষেত্ৰত ছাৰে লিখিছে- ‘স্বামী-স্ত্ৰীৰ আৱেগ অনুভূতি জড়িত হৈ থকা এটা সমস্যা ৰাজহুৱাভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিলে, আৰু কেৱল এজনেহে সেই আলোচনাত ভাগ ল’বলৈ সুযোগ পালে, তেওঁৰ বক্তব্য একপক্ষীয় হোৱাৰ সম্ভাৱনা থাকি যায়। নিজৰ অনিচ্ছা সত্ত্বেও সি কেতিয়াবা আত্মপক্ষ সমৰ্থন আৰু লগতে আনজনৰ বিৰুদ্ধে প্ৰচ্ছন্ন অভিযোগৰ ৰূপ ল’ব পাৰে। মই তেনে এটা ধাৰণা দিব নোখোজোঁ। স্বামী-স্ত্ৰী দুয়োজনৰে আত্মপক্ষ সমৰ্থনত ক’বলগীয়া বহু কথা থাকিব পাৰে, আৰু দুয়োজনৰ বক্তব্যতে কম-বেছি পৰিমাণে কিছু সত্যতা থাকিব পাৰে। কিন্ত্ত যদি মই কেৱল মোৰ কথাখিনি কওঁ তেন্তে আনজনৰ প্ৰতি ডাঙৰ অন্যায় কৰা হ’ব।’ এইখিনিৰ সমান্তৰালকৈ তেওঁৰ স্বভাৱসিদ্ধ গদ্যশৈলীৰে টানি আনিছে আমেৰিকান কবি এডগাৰ লী মাষ্টাৰ্ছৰ কবিতাৰ প্ৰসংগ। মাষ্টাৰ্ছে তেওঁৰ কবিতামালাত এনে বহুতো দম্পতীৰ চিত্ৰ আঁকিছে- যি সকলৰ জীৱন পাৰস্পৰিক বুজাবুজিৰ অভাৱ বা আবেগৰ প্ৰচণ্ড তাড়নাই সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে। কিন্ত্ত তাৰ পিছতে ছাৰে এই বুলিও স্পষ্টিকৰণ দিছে যে ‘পাৰস্পৰিক বুজাবুজিৰ অভাৱ আৰু আৱেগৰ প্ৰচণ্ড তাড়নাই আমাৰ জীৱন ধ্বংস কৰি দিলে’ এই কথাষাৰ তেওঁলোকৰ ক্ষেত্ৰত সত্য নহয়। বৰং তেওঁলোক দুয়োজনেই সেই ঘটনাটোৰ পিছৰে পৰা লেখক হিচাপে আগতকৈ বেছি উদ্যমশীল আৰু উৎপাদনশীল হ’ল বুলি দাবী কৰিব পাৰে। যি জেদ আৰু অহংকাৰে তেওঁলোক দুয়োজনকে এক অনিবাৰ্য পৰিণতিৰ ফালে ঠেলি লৈ গ’ল, সেই একে জেদ আৰু অহংকাৰে তেওঁলোক দুয়োকে মানুহ হিচাপে ৰক্ষা কৰিলে।

বাইদেউৰ সৈতে বৰগোহাঞি ছাৰৰ প্ৰথম চিনাকি হৈছিল তেওঁ নলবাৰী চহৰত এছ ডি চি হৈ চাকৰি কৰা সময়ত। সেই সময়ত বাইদেউ কলিকতাত অধ্যয়ন সামৰি নলবাৰীলৈ উভটি আহিছে। বাইদেউৰ কথাৰে- ‘যেতিয়া উভটি আহিলো তেতিয়া মোৰ মন-প্ৰাণ হতাশ, বিষাদ, আশাভংগ, গ্লানি, ক্ষোভ, শূন্যতাৰে এনেদৰে আচ্ছন্ন হৈ পৰিছিল যে প্ৰতি দিনৰ জীৱন যাপনেই তেতিয়া মোৰ বাবে দুৰ্বিসহ যেন হৈ পৰিছিল।’ অৱশ্যে এই দুখবোধ আৰু নৈৰাশ্যৰ প্ৰকৃত কাৰণ কি বাইদেউৱে মুকলি কৰি ক’ব খোজা নাই। তেওঁ লিখিছে- ‘মোৰ তেতিয়া এনে এক মানসিক অৱস্থা যে- মই ভাবিছিলো মোৰ কবিতা হ’ব পৰা জীৱনটো প্ৰহসনতেই পৰিণত হ’ল। ভাবিছিলো যে মোৰ জীৱনটো অইন বহু ছোৱালীৰ দৰে গতানুগতিক আৰু যান্ত্ৰিক নহ’ব। সেই জীৱন কবিত্বময় হ’ব, ঐশ্বৰ্যময় হ’ব, অপৰূপ হ’ব! কিন্ত্ত মোৰ যে কি বিধিলিপি! অভাৱনীয় আৰু আনৰ জীৱনত সচৰাচৰ নঘটা ঘটনা মোৰ জীৱনতে ঘটিল!’ এইখিনি সময়তে বৰগোহাঞি ছাৰৰ সৈতে বাইদেউৰ চিঠি পত্ৰৰ যোগেদি চা-চিনাকি হৈছিল। ইতিপূৰ্বে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ সম্পাদনাত প্ৰকাশিত ৰামধেনুৰ যোগেদি সেইসময়ৰ বহুকেইজন তৰুণ লেখকে অসমীয়া সাহিত্যৰ নতুন যুগান্তৰৰ সূচনা কৰিছিল। ছাৰৰ ভাষাত ক’বলৈ গ’লে- ‘পৰস্পৰৰ লগত ব্যক্তিগত পৰিচয় নথকা সত্ত্বেও ৰামধেনুৰ লেখকসকলে নিজকে একেটা বৌদ্ধিক পৰিয়ালৰ সদস্য বুলি অনুভৱ কৰিছিল।’ কটনত পঢ়া দিনত নিৰুপমা বাইদেউ হোমেন বৰগোহাঞি ছাৰতকৈ ছিনিয়ৰ আছিল। বাইদেউক হেনো ছাৰে পিছত এনেদৰে কৈছিল- ‘তোমাৰ সৈতে মোৰ কোনো চা-চিনাকিয়ে নাছিল, কটনত তুমি মোৰ ছিনিয়ৰ আছিলা, লেখক হিচাপে তেতিয়া মোতকৈ তোমাৰ প্ৰতিষ্ঠা বেছি, কোনোবাই দূৰৰ পৰা আঙুলিয়াই মোক এদিন চিনাই দিছিল- সেয়া নিৰুপমা তামুলী!’

নলবাৰীত এছ ডি চি হৈ ছাৰে চাকৰি কৰি থকা সময়ছোৱাতে দুয়োৰে প্ৰথম দেখা পৰিচয় হৈছিল। বাইদেৱে হেনো মনতে ভাবিছিল- ‘ইমান সৰু ল’ৰাটোৱে এনে শক্তিশালী গল্পবোৰ লিখিছে। কলমত ইমান শক্তি অথচ শৰীৰটো ইমান নিশকতীয়া!’ সেই সময়ত বাইদেৱে নলবাৰী কলেজত চাকৰিত সোমাইছিল। ইতিমধ্যে দুয়োৰে ঘনিষ্ঠতাও যথেষ্ট বৃদ্ধি পালে আৰু বাইদেউৰ ভাষাৰে –‘বৰগোহাঞিয়ে মোৰ মনৰ গভীৰতৰলৈ প্ৰৱেশ কৰিবলৈ ধৰিলে আৰু আন কোনেও নজনা অতীত জীৱনৰ সকলো কথাৰে মোৰ পৰা স্বীকাৰোক্তি আদায় কৰিলে।’ বাইদেউ ইতিমধ্যে ছাৰৰ সেই সময়ৰ বহেমিয়ান ৰূপটোৰ সৈতে পৰিচিত হৈছিল। মদ, চিগাৰেট, জুৱাৰ সান্নিধ্যত চৰম নৈতিক অধপতন আৰু আত্মধ্বংসী যাত্ৰা পথৰ পৰা ছাৰে কিদৰে নিজৰ উত্তৰণ ঘটাইছিল সেই কথাবোৰে বাইদেউক প্ৰভাৱিত কৰিছিল। বোধকৰো দুয়ো দুয়োৰে ক্ষয়িষ্ণু জীৱনগাঁথা শুনি প্ৰৱল সমবেদনা আৰু সহৃদয়তা অনুভৱ কৰিছিল আৰু ইয়ে তেওঁলোক দুয়োকে পৰস্পৰৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। তেওঁলোক দুয়োয়ে হয়তো পৰস্পৰৰ মাজত অসম্পূৰ্ণ জীৱনৰ পৰিপূৰ্ণতাৰ প্ৰতিফলন দেখিছিল। বাইদেৱে লিখিছে- ‘বৰগোহাঞিয়ে এদিন যেতিয়া বিয়াৰ প্ৰস্তাৱ দিছিল- মই গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে দুয়ো যথেষ্ট হলাহল পান কৰিছিলোঁ-প্ৰেমৰ লগতে সংশয় আৰু ঈৰ্ষায়ো গোলাপত কাঁইট হৈ দেখা দিছিল। বৰগোহাঞিৰ লগত বিয়াত সন্মতি জ্ঞাপন কৰি মই অৱশ্যে নজনাকৈ থকা নাছিলো যে- ‘আমি জানি শুনি বিষ পান কৰেছি’- কিন্ত্ত জানি শুনি বহুত মানুহেইতো এই সংসাৰত বিষ পান কৰে, ময়ো সেই সকলৰ এজন হৈছিলো। অৱশ্যে মনৰ কোণত এই আশা আছিল যে এদিন মই সেই বিষভাণ্ড অমৃত কুণ্ডলৈ ৰূপান্তৰিত কৰিব পাৰিম।’

প্ৰথমাৱস্থাত ছাৰ আৰু বাইদেউৰ বিয়াখনক লৈ পৰিয়ালৰ মানুহসকল ক্ষুন্ন হৈছিল যদিও সময়ত বাইদেউক বৰগোহাঞি ছাৰৰ পৰিয়ালৰ লোকে আদৰি লৈছিল। একমাত্ৰ ল’ৰাজনে ঘৰৰ সকলোৰে অনুপস্থিতিত আৰু পৰিয়ালৰ অজানিতে কামৰূপৰ গাঁও এখনত বিয়া কৰোৱা কথাটো তেওঁলোকে সহজভাৱে গ্ৰহণ কৰা নাছিল। কিন্ত্ত সময়ত সেই অভিমান যেন নাইকিয়া হৈছিল। দৃঢ়মনা নিৰুপমা বাইদেউৰ পৰিয়ালৰ সকলোৰে প্ৰতি থকা সীমাহেন স্নেহ, ভক্তি আৰু সন্মানৰ বলতে সেয়া সম্ভৱপৰ হৈ উঠিছিল। অভিমানৰ সাময়িক অনলত দহি থাকিলেও ছাৰৰ সৰলমনা আইতাৰ বাবে দীৰ্ঘদিন ধৰি বোৱাৰীয়েকক উপেক্ষা কৰা সম্ভৱ হোৱা নাছিল। এইখিনিতে উল্লেখযোগ্য যে বৰগোহাঞি ছাৰে নিজৰ মাকক আইতা সম্বোধন কৰিছিল। স্নেহময়ী শাহু আইৰ কথা সুঁৱৰি বাইদেৱে লিখিছে- ‘মোৰ চাহ কৰাৰ পাল পৰিছিল। জুইৰ চৌকাৰ গুৰিত ওৰণি-বাৰণিৰে জুপুকা মাৰি বহি সকলোৰে বাবে কাপৰ পিছত কাপ চাহ তপতাত গৈছিলো। তাৰ পিছত হঠাতে দেখিলো- মোৰ শাহুআয়ে হাতত এটা বাটি লৈ মোৰ ওচৰলৈ আহিছে আৰু প্ৰচুৰ ৰসেৰে সৈতে ৰসগোল্লাৰ বাটিটো মোলৈ আগবঢ়াই দি কৈছে- ‘যি কৰিলাতো কৰিলাই, এতিয়া ধৰা, ৰসগোল্লাৰ সৈতে ৰসখিনিও পি খোৱা। ইমানপৰ এনেকৈ জুইৰ ওচৰত বহি থাকি ডিঙি শুকাই যোৱা নাইনে?’ মই কৃতজ্ঞচিত্তে বাটিটো হাতত লৈছিলো আৰু বুজিব পাৰিছিলো যে আইতাৰ ক্ষমা আৰু মৰম আদায় কৰিবলৈ সক্ষম হৈছো। হয়তো দিনটো বহি নীৰৱে চাহ কৰি থাকোতে মই অগ্নিপৰীক্ষাত উত্তীৰ্ণ হ’লোঁ।’

সাংসাৰ যাত্ৰা ছাৰ আৰু বাইদেউ দুয়োৰে বাবে যথেষ্ট আনন্দময় আৰু পৰিপূৰ্ণ আছিল। ছাৰৰ কথাৰে- ‘মই আছিলো সংসাৰ বিলাসী মানুহ। ঘৰখন খুব ভাল পাইছিলো। নিৰুপমা কেৱল মোৰ পত্নীয়েই নাছিল, তেওঁ আছিল মোৰ সকলো চিন্তা আৰু অনুভূতিৰ সমানে ভাগ ল’ব পৰা ঘনিষ্ঠ বন্ধু। মোৰ কাৰণে সংসাৰৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ আছিল মোৰ দুই পুত্ৰ। নিজৰ সন্তানক সকলো পিতৃয়েই নিশ্চয় ভাল পায়। কিন্ত্ত মোৰ নিজৰ ধাৰণা যে মোৰ বাৎসল্য-বোধ যেন আনতকৈ অকণমান বেছি।’ চৰকাৰী চাকৰিৰ কালচোৱাত ছাৰে মাজুলী, ছয়গাঁও, গোৱালপাৰা, লখিমপুৰ, যোৰহাট আদি ঠাইত বদলি হৈ ঘূৰি ফুৰিব লগাত পৰিছিল। এই সময়ছোৱাত প্ৰত্যেকখন ঠাইতে কিন্ত্ত ছাৰৰ ছাঁ হৈ বাইদেউ লগতে আছিল। ছাৰৰ চাকৰিৰ খাটিৰত বাইদেৱে ইখন কলেজৰ পৰা সিখনৰ চাকৰি বাদ দিব লগাত পৰিছিল। গোৱালপাৰা কলেজ, নৰ্থ লখিমপুৰ কলেজ, যোৰহাট কলেজ এই আটাইবোৰ কলেজতে বাইদেৱে অলপ অলপ দিনৰ বাবে অধ্যাপনা কৰি পুনৰ চাকৰি ত্যাগ কৰিব লগাত পৰিছিল। বাইদেউ যেন আক্ষৰিক অৰ্থতে ছাৰৰ প্ৰতি মুহুৰ্তৰ সহধৰ্মিনী আছিল। চৰকাৰী চাকৰিৰ তিক্ততাপূৰ্ণ অভিজ্ঞতাত বিৰক্ত হৈ ছাৰে যেতিয়া সেই চাকৰি এৰি এক অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছিল, সেই সময়তো বাইদেৱে তেওঁৰ সিদ্ধান্তত সন্মান জনাই সেয়া সমৰ্থনহে কৰিছিল। বাইদেৱে লিখিছে- ‘আমাৰ সংসাৰলৈ দুই পুত্ৰৰ আগমন হৈছে- যাৰ ভৰণ-পোষন, শিক্ষা-দীক্ষা সকলো আমাৰ ওপৰত নিৰ্ভৰ কৰিছে। লগতে আছে বৰগোহাঞিৰ নিজৰ ঘৰখনৰ অজস্ৰ দায়-দায়িত্ব। তাৰ বাবেও কিছু খৰচ হয়। কিন্ত্ত তথাপি আমি চৰকাৰী চাকৰিৰ নিৰাপত্তা ত্যাগ কৰি অনিশ্চিত ভৱিষ্যতক আঁকোৱালি লোৱাৰ মৰসাহ কৰিছিলো। বৰগোহাঞিৰ এই চাকৰি এৰা সিদ্ধান্তত মইতো আপত্তি কৰা নাছিলোৱেই, বৰং পৰম উৎসাহেৰে সহযোগিতা আগবঢ়াই গৈছিলোঁ।’  ছাৰৰ বহেমিয়ান আৰু ঢোৱাখুলীয়া স্বভাৱৰ বাবে তেওঁলোক দুয়ো কিছু আৰ্থিক সংকটৰো মুখামুখি হৈছিল। কিন্ত্ত এই কথাটোক বাইদেৱে সহজভাৱে লিখিছে- ‘মই আমাৰ দাৰিদ্ৰৰ কথা নকওঁ, আমাৰ যে টকা পইচা নাছিল সেই কথাহে কওঁ- We are not poor, only we don’t have money- দাৰিদ্ৰ এটা ব্যাপক শব্দ, মানুহ মনৰো দৰিদ্ৰ হ’ব পাৰে, ধনৰো দৰিদ্ৰ হ’ব পাৰে। মনৰ দৰিদ্ৰ হোৱাটোহে লাজৰ কথা।’

এনে এখন পৰিপূৰ্ণ সংসাৰৰ অধিকাৰী হৈয়ো দুয়ো কিয় বেলেগ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এক অবুজ সাঁথৰ। হয়তো দুয়োৰে প্ৰবল অহংকাৰী মন আৰু সুতীব্ৰ আত্মাভিমান ইয়াৰ বাবে বহু পৰিমানে দায়ী। ছাৰে এঠাইত লিখিছে আমি দুয়োৱে বিশ্বাস কৰিছিলো যে গৰ্বিত হোৱাটোৱেই হ’ল মৰণশীল মানুহৰ প্ৰধান কৰ্তব্য আৰু অধিকাৰ।

দুয়োৰে সেই দঃসময়ৰ বাবে মদৰ অলপ-অচৰপ অৰিহণা আছিল বুলি বাইদেৱে আত্মজীৱনীত আংশিকভাৱে স্বীকাৰ কৰিছে। বাইদেৱে হেনো এবাৰ দুই পুত্ৰক কৈছিল যে তেওঁলোকে যদি মদ স্পৰ্শ কৰে তেওঁ সন্ন্যাসিনী হৈ ঘৰৰ পৰা ওলাই যাব। অৱশ্যে পিছৰ সময়চোৱাত এই আৱেগিক প্ৰতিজ্ঞাৰ পৰা তেওঁলোকক মুক্তি দি থৈছো বুলি বাইদেৱে স্বীকাৰ কৰিছে। ছাৰ-বাইদেউ দুয়োৰে বিচ্ছেদত আৱেগৰ আধিক্যৰ ভূমিকা যে নিতান্তই আছিল সেয়া ছাৰেও প্ৰকাৰান্তৰে স্বীকাৰ কৰিছে। তেওঁ লিখিছে- ‘এই পৰিণতিৰ সকলো নৈতিক দায়িত্ব মই স্বীকাৰ কৰি লৈছোঁ। ওথেলোৰ নিচিনাকৈ ময়ো মাজে মাজে স্বগতোক্তি কৰোঁ- Boast! Who can control his fate? মই অৱশ্যে কেৱল ভাগ্যক নহয়, ‘আবেলি পৰত’ মোৰ জীৱনলৈ অহা এক প্ৰচণ্ড আৱেগকো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ!’ ইয়াত ছাৰে ব্যৱহাৰ কৰা ‘আবেলি পৰত’ শব্দ দুটাৰ অৰ্থ ব্যাপক। বৈবাহিক জীৱনৰ বহুতো অব্যক্ত কথাৰ ইংগিতধৰ্মী বৰ্ণনাৰে ছাৰৰ ‘আবেলি পৰত’ শীৰ্ষক গল্পটোৱে এই ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিছে। বিমল প্ৰীতি আৰু অনুৰাগেৰে পৰিপূৰ্ণ দাম্পত্য জীৱনৰ মাজতো যে হঠাতে বিৰাগ আৰু শূন্যতা উপজিব পাৰে সেয়া ছাৰে কৌশলগত ভাৱে গল্পটোৰে উপস্থাপন কৰিছে। গল্পটোৰ নায়ক প্ৰভাতৰ জীৱনলৈ কোনো এক আবেলি হঠাতে অহা এক অনাকাংক্ষিত আৱেগে তেওঁক জৰাজীৰ্ণ কৰি তুলিছে। গল্পটোৰ বৰ্ণনাৰে- ‘প্ৰভাতে শূন্য দৃষ্টিৰে বাহিৰলৈ চাই ৰ’ল। তেওঁৰ চকুৰ আগতে বসন্তৰ উজ্জ্বল আবেলিটো লাহে লাহে মলিন হৈ আহিল, কিন্ত্ত প্ৰভাতৰ চকুত সেইটো ধৰা নপৰিল। তেওঁ কেৱল অনুভৱ কৰিলে যে তেওঁৰ মনৰ ভিতৰখন বৰ চেঁচা আৰু আন্ধাৰ হৈ পৰিছে। এটা ৰহস্যময় বিষন্নতাৰ অনুভূতিয়ে তেওঁৰ মনটো সম্পূৰ্ণ আচ্ছন্ন কৰি পেলালে।’ ক্ষণিকৰ বাবে অহা আৱেগৰ চিৰস্থায়ী প্ৰভাৱক স্বীকাৰ কৰি ছাৰে কৈছে- ‘ইয়াৰ কাৰণে মই অপৰাধী, কিন্ত্ত অপৰাধী নহওঁ। এই ধৰণৰ অপৰাধক guiltness guilt বুলি অভিহিত কৰি জাৰ্মান নাট্যকাৰ শ্বিলেৰে কৈছিল- The greatest tragedy of life is to be guilty without true guilt.’

আনহাতে বাইদেৱে এই সন্দৰ্ভত আশ্ৰয় লৈছে গভীৰ নীৰৱতাৰ। তেওঁ লিখিছে- ‘সংসাৰ নামৰ বস্ত্তটোৰ বোজা বৰ গধুৰ, তথাপি স্বামী-স্ত্ৰী দুজনে সেই বোজা বহন কৰিলে তাৰ ওজনটো কমে। কিন্ত্ত অকলেই সেই বোজা কঢ়িয়াব লগা হোৱাত সি মোৰ বাবে কিছু দুঃসহয়েই হৈ পৰিছিল। অৱশ্যে মই জেদী আৰু অহংকাৰী নোহোৱা হ’লে তাৰ ভাৰ কিছু লাঘৱ কৰিব পাৰিলোহেতেন। কিন্ত্ত মোৰ অনমনীয় মনোভাৱৰ বাবেই মই অকলেই সেই দুখৰ বাট বুলিলো। মই বিবাহিত জীৱনত এক মুহুৰ্তৰ বাবেও কল্পনা কৰা নাছিলো যে এদিন এনেকৈ অভাৱনীয়ভাৱে বৰগোহাঞিৰ লগত বিচ্ছেদ হ’ব। আনকি আজি জীৱনৰ শেষ প্ৰান্তত উপনীত হৈ গোটেই ঘটনাটোৰ কথা ভাবিলে মোৰ এতিয়াও ভাব হয়- আমাৰ এনে পৰিণতিতো হ’ব নালাগিছিল!’

কেইবছৰমান আগেয়ে এটি সাক্ষাৎকাৰত এই বয়সত ছাৰৰ প্ৰতি বাইদেউৰ অনুভৱৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত বাইদেৱে স্বভাৱসুলভ সৰলতাৰে প্ৰত্যয়েৰে কৈছে- “মাজে মাজে মনত পৰে। স্বাস্থ্যৰ কথা চিন্তা হয়। তেওঁ কেনে আছে জানিবৰ মন নিশ্চয় যায়!”

 

– প্ৰাঞ্জল দাস,
এৰাগাঁও, ডাক-বালিপৰা,
জিলা- শোণিতপুৰ, অসম।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s