‘বৰলা কাই’ আৰু কিছু অনুভৱ

উজনি অসমৰ শিৱসাগৰৰ মিহিৰাম চুতীয়া নামেৰে এজন লোক টে’ট পৰীক্ষাত উত্তীৰ্ণ হৈ নামনিৰ কটলাকুছি নামৰ গাঁও এখনলৈ আহিছে- গাঁওখনৰ প্ৰাথমিক স্কুলখনত শিক্ষকতা কৰিবলৈ। মিহিৰাম চুতীয়াৰ বয়স যথেষ্ট হৈছে যদিও বিয়া হোৱা নাই। তেওঁৱে ‘বৰলা কাই’। ৰঙ নামৰ বৈদ্যুতীন মাধ্যমৰ চেনেলটোত বৰ্তমানে সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিকৰ কাহিনী এইয়া। জনপ্ৰিয় বুলি মই একেআষাৰতে ক’ব বিচৰা নাই। যোৱা গোটেই বছৰটোত বহুজনৰ মুখত এই ধাৰাবাহিকখনৰ বিষয়ে বহুতো প্ৰশংসাসূচক মন্তব্য শুনিবলৈ পালোঁ। সু-প্ৰতিষ্ঠিত তথা ৰুচীসম্পন্ন দুই এগৰাকী সন্মানীয় ব্যক্তিৰ মুখতো ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ প্ৰশংসা শুনি বুজিছোঁ- ‘বৰলা কাই’য়ে সঁচাকৈয়ে বহুতৰে হৃদয়ত আসন পাৰি বহিব পাৰিছে। এইখন ধাৰাবাহিকে সকলো স্তৰৰ সকলো শ্ৰেণীৰ দৰ্শককে মোহিবলৈ সক্ষম হৈছে।
 
বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত দৈনিক ধাৰাবাহিক এখন চাবলৈ বহুতৰে সময়ৰ অভাৱ। তদুপৰি আমাৰ ধাৰাবাহিকবোৰৰ প্ৰচলিত যি ধাৰা, সেই ধাৰাই মুষ্টিমেয় এক সংখ্যকক মোহি ৰখাৰ বিপৰীতে গৰিষ্ঠ সংখ্যক দৰ্শককে বিৰক্তিহে প্ৰদান কৰে। এই ক্ষেত্ৰত অসমীয়া ধাৰাবাহিকৰ অৱস্থা আৰু শোচনীয়। তেনেই স্থূল কাহিনী এটাক ভেটি কৰি লৈ নিৰ্মাণ কৰা এই ধাৰাবাহিকবোৰত অভিনয় শিল্পীসকলৰ জড়তাপূৰ্ণ অভিনয়ে দৰ্শকক পলকতে অতীষ্ঠ কৰি তোলে। অসমীয়া ধাৰাবাহিকসমূহৰ দৰ্শকৰ সংখ্যা তেনেই কম। তাৰ লগতে কাহিনী আৰু অভিনয়ৰ দোষৰ বাবেই বহুসময়ত দৰ্শকক ধৰি ৰাখিবলৈ অক্ষম হয়। ফলত ধাৰাবাহিক এখন কোনেও গম নোপোৱাকৈ আৰম্ভ হৈ আধাতে মৃত্যুমুখত পৰাৰ উদাহৰণো যথেষ্ট আছে। ইয়াৰ বিপৰীতে কিন্ত্ত ‘বৰলা কাই’ ধাৰাবাহিক খনে দৰ্শকৰ মৰম পাবলৈ পূৰামাত্ৰাই সক্ষম হৈছে। ধাৰাবাহিকখন সফল হোৱাৰ মূলতে আছে প্ৰতিজন শিল্পীৰ অভিনয় দক্ষতা। ঘাই চৰিত্ৰ বৰলা কাই যদিও অন্যান্য চৰিত্ৰসমূহ- ভোলা, কেৰপা, মালতী, প্ৰেমলতা, হেডছাৰ, চেনেল পেহী, হাফিজ, জয়া, সুনীতা আটাইবোৰ চৰিত্ৰত অভিনয়শিল্পী কেইগৰাকীৰ অভিনয় ইমানেই নিখুঁট যে ইয়েই ধাৰাবাহিকখনৰ জয়যাত্ৰাৰ মূল হোতা।
 
ধাৰাবাহিকখনৰ মুখ্য বৰলা কাই চৰিত্ৰটি ৰূপায়ন কৰিছে জনপ্ৰিয় কৌতুক অভিনেতা হিৰণ্য ডেকাই। মিহিৰাম চুতীয়াৰ চৰিত্ৰটিত তেওঁ স্বাভাৱিক অভিনয়েৰে সকলোকে মোহি ৰাখিবলৈ সক্ষম হৈছে। মিহিৰাম চুতীয়া যুক্তিবাদী মানুহ। খোলা অন্তৰৰ হৃদয়ৱান লোক। সেয়েহে তেওঁ দীপাৱলীৰ দিনা মালতীৰ দুখ দেখি ফটকা-ফুলজাৰি কিনি আনি মুখত হাঁহি বিৰিঙাইছে। অবাঞ্চিতভাৱে ক’ৰবাৰ পৰা আহি ওলোৱা মাক-জীয়েক এহালক নিজৰ ঘৰত কিছুদিন স্থান দিছে। পঢ়া-শুনাৰ লগতে ইংৰাজী জনাৰ বাবে সকলোৱে তেওঁক সমীহ কৰি চলে। তদুপৰি চুতীয়া ছাৰ বুধিয়ক। বাকীসমূহ চৰিত্ৰৰ বিভিন্ন বিপদ-আপদৰ সময়ত, কাজিয়া পেচালত তেওঁ নিজস্ব বুদ্ধিমত্তাৰে সকলোকে সমিধান দিয়ে।
 
যদিও বৰলা কাইক কেন্দ্ৰ কৰিয়ে ধাৰাবাহিকখনৰ কাহিনী, তথাপি এই চৰিত্ৰটোৰ অনুপস্থিতিত ধাৰাবাহিকখনত অলপো যতি পৰা নাই। মাজে-সময়ে দুই-তিনিসপ্তাহৰ বাবে মিহিৰাম চুতীয়া নিজঘৰলৈ গৈছে। কোনোবাবাৰ কোনো বাবাৰ প্ৰতি আকৰ্ষিত হৈ দুই-তিনিমাহৰ বাবে আশ্ৰমত আছেগৈ। কিন্ত্ত সেই সময়তো কাহিনীৰ গতিশীলতা বাকী শিল্পীসকলে অব্যাহত ৰাখিছে।
 
কটলাকুছি গাঁৱত মিহিৰাম চুতীয়া ভোলাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকে। ভোলাৰ ঘৰত প্ৰথমে মানুহ আছিল মাথোঁ দুজন। ভোলা আৰু মাক। মাকৰ মনত ভোলা ‘সনা হেন ছলি’। এতিয়া ভোলাৰ বিয়া হ’ল। বোৱাৰীয়েক অহাৰ পিছৰে পৰা ভোলাৰ মাকে কূটা এগছো ইফাল-সিফাল নকৰে। গাঁৱৰ সহজ-সৰল, বয়সীয়াল, হটঙা শাহুৱেকৰ চৰিত্ৰটিত অভিনয় কৰা শিল্পীগৰাকীৰ অভিনয় শলাগিবলগীয়া।
 
বৰলা কাইৰ পিছতে অইন দুটি ঘাই চৰিত্ৰ ভোলা আৰু কেৰপাৰ যুতিয়েও দৰ্শকক যথেষ্ট আমোদ প্ৰদান কৰে। দুয়ো বন্ধু। দুয়ো লগ লাগি পূৰ্বতে সৰু-সুৰা চুৰি কাৰ্যতো হাত দিছিল। তাৰোপৰি সুৰাপান কৰাটো দুয়ো দুয়োৰে সংগী। পিছে ভোলাৰ বিয়াৰ পিছৰেপৰা কেৰপা কিছু অকলশৰীয়া হৈ পৰিল। দুয়ো বন্ধু যদিও বহু সময়ত ইজনে সিজনক ঠগ-প্ৰবঞ্চনাও কৰে। কিন্ত্ত বিপদৰ সময়ত ভোলা কেৰপা চিৰদিন লগৰীয়া।
 
ভোলাৰ পত্নী মালতীৰ চৰিত্ৰটি আকৰ্ষণীয়। মালতী আজলী। আজলী মানে তেনেই আবেৰী। আবেৰী মালতীৰ বাবেই বুধিয়ক ভোলা বহুসময়ত লটি-ঘটিতো পৰিবলগীয়া হয়। মালতীৰ মনত তাইৰ গিৰিয়েকে ফাই ফাই ইংৰাজী ক’ব পাৰে। ভোলাৰ মুখৰ পৰা দুই-এটা ইংৰাজী শব্দও মালতীয়ে মাজে মাজে শিকে। কেৱল শিকাতেই ক্ষান্ত নাথাকি কেইবাদিনলৈ সেই শব্দৰ ব্যৱহাৰৰ চেষ্টাও চলাই যায়।
 
কেৰপাৰ প্ৰেম সুনীতাৰ প্ৰতি। সুনীতা আকৌ ভোলাৰ সম্বন্ধত ভনী। তাই ভোলাহঁতৰ ঘৰতেই থাকে। গাঁৱৰ ছোৱালী যদিও সুনীতা ব্যক্তিত্বসম্পন্ন আৰু মাত-কথা সকলোতে এক গাম্ভীৰ্যতা আছে।
 
সুনীতাৰ বান্ধৱী জয়া। জয়াৰ আকৌ বুধেশ্বৰৰ প্ৰতি আকৰ্ষণ আছে। বুধেশ্বৰ মিহিৰাম চুতীয়াৰ বাল্যবন্ধু। তেওঁ মিহিৰামৰ লগত একেটা ঘৰতে থাকে। জয়া আৰু বুধেশ্বৰ দুয়ো সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ। জয়াক দেখিলেই বুধেশ্বৰ বিৰক্ত হৈ উঠে। সহজ-সৰল, নিমাখিত বুধেশ্বৰ বহুসময়ত বিপদত পৰে। টেঙৰ ভোলা-কেৰপা দুয়ো মিলি বুধেশ্বৰৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি শলঠেকত পেলায়।
 
হেডমাষ্টৰ ছাৰ আৰু স্কুলৰ মিড ডে মীল ৰান্ধনী প্ৰেমলতাৰ প্ৰেম কাহিনীও অনন্য। প্ৰেমলতা হেডছাৰৰ দ্বিতীয় প্ৰেম। প্ৰতি গধূলি বইল কণী খাবলৈ যোৱা হেডছাৰে প্ৰেমলতাৰ প্ৰেমত বন্দী হৈ বিয়া পাতিলে। বিয়াখনৰ আয়োজন আছিল যথেষ্ট। সাহিত্য সভাত গোট খোৱা সমান মানুহক নিমন্ত্ৰণ জনোৱাও হৈছিল। পিছে প্ৰেমলতাৰ সেই আশা পূৰণ নহ’ল। পৰিস্থিতিত পৰি প্ৰেমলতাই খোজ কাঢ়িয়ে হেডছাৰৰ ঘৰৰ পদূলি গচকিব লগীয়াত পৰিল। তাৰ পিছতো কিন্ত্ত প্ৰেমলতাৰ বিপদ নাতৰিল। হেডছাৰৰ প্ৰথমা পত্নীৰ ফালৰ কন্যা মাজনীয়ে আহি প্ৰেমলতাক জোলোকা-জোলোকে পানী খোৱালেহি। পিছে প্ৰেমলতাও সহজে এৰা ভকত নহয়। অৱশেষত মাজনীয়ে দেউতাকৰ ঘৰ এৰি গুৱাহাটীলৈ উভটিবলৈ বাধ্য হ’ল। ইয়াৰ পিছতো কাহিনী অলেখ বাগৰিল। প্ৰেমলতাৰ অপহৰণো হ’ল। এগৰাকী পৰিচালকে আহি প্ৰেমলতাক চিনেমাৰ হিৰোইন কৰাৰ সপোন দেখালেহি। বৰ্তমান হেডছাৰ আৰু প্ৰেমলতাৰ মাজত মাতবোল নাই। দুয়ো মিলি বাকীসকলৰ সৈতে থাৰ্টী ফাৰ্ষ্টৰ পাৰ্টিও কৰিলে। পিছে সম্বন্ধ এতিয়ালৈকে পূৰ্বৰদৰে স্বাভাৱিক হৈ উঠা নাই। সহজ-সৰল প্ৰেমলতাৰ কথা-বতৰাৰ সুৰো ভিন্ন। কোনোবাদিনা যদি তাই হেডছাৰৰ সৈতে ফোটোৰে পেলেনিঙ (ফিউচাৰ প্লেনিঙ) কৰিবলৈ বহিছে, অইন এদিন আকৌ বিদৌক (বি দি অ’) অফিচতে গালি-শপনি পাৰি থৈ আহিছে।
 
কটলাকুছি গাঁৱৰ ৰিক্সাচালক হাফিজৰ সৰলতা আৰু জ্ঞান-বুদ্ধিয়েও সকলোকে আকৰ্ষণ কৰে। ৰিক্সাচালক হ’লেও হাফিজে সততাৰ সৈতে কোনোদিনে অলপো আপোচ কৰা নাই। হাফিজৰ দুই পত্নী লিলি আৰু খিলি। পিছে বহুদিনৰ আগৰেপৰা লিলি অন্তৰ্ধান। ৰোগাক্ৰান্ত লিলি মৃত্যুমুখত পৰা বুলিও সঠিককৈ দেখুওৱা হোৱা নাই। বৰ্তমান হাফিজৰ একমাত্ৰ সংগিনী খিলি। পতিৰ প্ৰতি সন্মানেৰে খিলিয়ে হাফিজৰ ৰিক্সাত কোনোদিনে ওপৰৰ ছিটত নবহে। কোনোবাদিনা ৰিক্সাত উঠিবলগীয়া হ’লেও সদায় পাউদানীত বহিহে যায়।
 
গাঁওখনৰ সকলোৰে আদৰৰ কনকী পেহী উৰফে চেনেল পেহী। খা-খবৰবোৰ ইঘৰে সিঘৰে বিলাই ফুৰা বাবে চেনেল নামটি পালেও, এই শব্দটো শুনিলেই পেহীৰ খঙে চুলিৰ আগ পায়গৈ আৰু জোকোৱাজনক শগনেখোৱ মৰণনহ গালি পাৰি আধ্যা কৰে। পেহীয়ে অলপ অচৰপ বেজালিও জানে। পিছে ধাৰাবাহিকখনত গাঁৱলীয়া জঁৰা-ফুকাক অলপো উদগনি দিয়া হোৱা নাই। বেজৰ জালত পৰি সুনীতা আৰু মিহিৰামৰ শোচনীয় অৱস্থা হোৱাৰ দৃশ্যহে এবাৰ দেখুওৱা হৈছে।
 
এইকেইটা প্ৰধান চৰিত্ৰৰ বাহিৰেও অন্যান্য সৰু-বৰ বহুকেইটা চৰিত্ৰ ধাৰাবাহিকখনলৈ আহিছে। মিহিৰাম চুতীয়াৰ পিতৃ-মাতৃৰ চৰিত্ৰত অভিনয় কৰা শিল্পী দুগৰাকী, গাঁৱৰ থানাখনৰ মহিলা পুলিচ বিষয়া গৰাকী, ভূঁঞা দা, কলিতা দা আটাইবোৰ চৰিত্ৰত অভিনয় শিল্পীকেইগৰাকীৰ অভিনয় ইমানেই সাৱলীল যে ইয়ে দৰ্শকসকলক ধাৰাবাহিকখনৰ সৈতে প্ৰতি মুহুৰ্ততে বান্ধি ৰাখিবলৈ সক্ষম হয়।
 
মিহিৰাম চুতীয়াৰ জীৱনলৈ ইতিমধ্যে বহুকেইগৰাকী নাৰী আহিছে। কটলাকুছি গাঁৱলৈ আহিয়ে মিহিৰামৰ হৰমায়াৰ সৈতে প্ৰেম নিবিড় হয়। অনাথ হৰমায়াৰ সৈতে প্ৰায় হ’বলগীয়া বিয়াখন আঙুঠি পিন্ধোৱাৰ দিনাই ভাঙে। সেইদিনাৰপৰা হৰমায়াৰ চৰিত্ৰটিকো দেখুওৱা হোৱা নাই। ভোলা-কেৰপা, ভোলাৰ মাতৃ, শিৱসাগৰত মিহিৰামৰ পিতৃ-মাতৃ সকলোৱে মিলি চেষ্টা চলাইছে যদিও বৰ্তমানলৈ বৰলা কাইৰ বিয়াখন হৈ উঠাগৈ নাই। বিয়াখন হৈ উঠিলেই বোধকৰো ধাৰাবাহিকখনৰ নামটোৰ তাৎপৰ্য নাথাকিব বুলি ভৱা হৈছে।
 
এইক্ষেত্ৰত ‘বৰলা কাই’ক নব্বৈৰ দশকৰ অইন এখন সফল ধাৰাবাহিক ‘বৃকোদৰ বৰুৱাৰ বিয়া’ৰ সৈতে তুলনা কৰিব পৰা যায়। আকৰ্ষণীয় কাহিনী আৰু অভিনয় শিল্পীসকলৰ অভিনয় দক্ষতাৰে সমগ্ৰ অসমবাসীৰে মন জিনিবলৈ সক্ষম হোৱা বৃকোদৰ বৰুৱাৰ বিয়াৰ কথা আজিৰ তাৰিখতো বহুজনৰ মুখত শুনিবলৈ পাওঁ। শুনিবলৈ পোৱা মতে সেই ধাৰাবাহিকখনৰ জনপ্ৰিয়তা ইমানেই শিখৰত উঠিছিল যে, শেষৰটো খণ্ড সম্প্ৰচাৰৰ দিনা- আজি সন্ধিয়া বহু প্ৰত্যাশিত বৃকোদৰ বৰুৱাৰ বিয়াখন হৈ উঠিব বুলি বাতৰি কাকতসমূহত বাতৰি প্ৰকাশ কৰা হৈছিল। ‘বৃকোদৰ বৰুৱাৰ বিয়া’ৰ সফলতাৰ অইন এটি কাৰণ হয়তো সু-পৰিকল্পিতভাৱে আগবঢ়াই নিয়া কাহিনীৰ সফল পৰিসমাপ্তি। কিন্ত্ত বৰলা কাইৰ ক্ষেত্ৰত সফল পৰিসমাপ্তিৰ কথাটো পৰিচালকে চিন্তা কৰা বুলি আমাৰ বোধ নহয়। বৰ্তমান বৰলা কাই ধাৰাবাহিকখনে পাঁচশৰো অধিক খণ্ড অতিক্ৰম কৰিছে। ইমান দীঘলীয়া ধাৰাবাহিকখন কেৱল কাহিনী আৰু অভিনয় শিল্পীকেইগৰাকীৰ দক্ষতাৰ জোৰতেই অতদিনে বৰ্তি থাকিবলৈ সক্ষম হৈছে। কিন্ত্ত সুদীৰ্ঘকাল জুৰি এই গতিয়েই অব্যাহত থাকিব বুলি ভবাটোও ভুল। ধাৰাবাহিকখনক দীৰ্ঘসূত্ৰিতাৰ দোষে চুলে দৰ্শক মোহবিচ্ছিন্ন হ’ব। অগত্যা সেইসকল অভিনয় শিল্পীক লৈ ন পৰিকল্পনাৰে নতুন এখন ধাৰাবাহিকৰ কথাও পৰিচালকে চিন্তা কৰিব পাৰে। কিন্ত্ত বৰলা কাইৰ সফল পৰিসমাপ্তি আমি আশা কৰিছোঁ। তেতিয়াহে বোধকৰো এই ধাৰাবাহিকখনো এই সময়চোৱাৰ দৰ্শকসকলৰ বাবে এক সুমধুৰ স্মৃতি হৈ দীৰ্ঘদিন জীয়াই থাকিব।
 
অন্য দিশেৰে চাবলৈ গ’লে বৰলা কাইক সকলো ফালৰ পৰাই আমি এখন সফল অসমীয়া ধাৰাবাহিক হিচাপে গণ্য কৰোঁ। অন্ততঃ বৰ্তমানৰ অসমীয়া বিনোদন মাধ্যমৰ মহঙা দিনচোৱাত। ধাৰাবাহিক এখনৰ মূল উদ্দেশ্য যদিওবা দৰ্শকক আমোদ প্ৰদান কৰাতোহে, বৰলা কাই এইক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল হোৱাৰ লগতে অইন এটি মহান কামতো সকলোৰে অলক্ষিতে বৰঙণি যোগাবলৈ সক্ষম হৈছে। কথিত ভাষাৰ ভিন্নতাৰ বাবেই হওক বা অইন কিবা কাৰণতেই হওক আমি সদায়েই উজনি আৰু নামনিৰ মাজত নেদেখা আঁচ এডাল অনুভৱ কৰি আহিছোঁ। বহুসময়ত দেখিবলৈ পাইছোঁ বেচ উচ্চশিক্ষিত লোকৰ মাজতো ইজনে সিজনক হেয় প্ৰতিপন্ন কৰিবলৈ উজনি-নমনিক লৈ যুঁজ-বাগৰ লাগিছে। বৰলা কাইয়ে এই ভিন্নতাৰ বাট কটাত যেন বহুখিনি অৰিহণা যোগাব পাৰিছে। নামনি অসমৰ পটভূমিত নিৰ্মিত ধাৰাবাহিকখনত বেছিভাগ সংলাপ নামনি অসমৰ কথিত ভাষাৰ ঠাঁচতে ৰখা হৈছে। কিন্ত্ত ইয়ে ধাৰাবাহিকখনৰ আকৰ্ষণীয়তা দুগুণেহে চৰাইছে। উজনিৰ বহুলোকে এতিয়া বৰলা কাইৰ যোগেদিয়ে নামনিৰ বহুকেইটা শব্দ শিকিছে। দুদিনমান আগত আমাৰ ঘৰলৈ ফুৰিবলৈ অহা বৰতা এজনে ক’লে- নাওমান চাহ দিয়াচোন। যদিওবা তেওঁ আমাক আমোদ দিবলৈকে কথাষাৰ কৈছিল, তথাপি কথাষাৰে আমাৰ মন চুই গ’ল। শব্দৰ আদান প্ৰদানে সম্প্ৰীতৰে বৰ্তা কঢ়িয়াই নিয়ে। ‘বৰলা কাই’ৰ পৰা শিকি লখিমপুৰৰ এজনে কথা প্ৰসংগতে ‘বুঢ়া বাসুদেউৰ কিড়া’ খোৱা বুলি কোৱা শুনাও মোৰ সৌভাগ্য হৈছে। 
-প্ৰাঞ্জল দাস
এৰাগাঁও, বালিপৰা
Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s