বালিপৰা অঞ্চলৰ ভৱিষ্যত

শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলটো (বালিপাৰা নহয়) এক অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল। উজনি অসমৰ লখিমপুৰ, ধেমাজি আদি জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ বমডিলা, ডিৰাং, টাৱাং আদি ঠাইৰ সৈতে অসমৰ এই অঞ্চলটোৰ মাজেদিয়ে যোগাযোগ ব্যৱস্থা আছে। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে এনে এটা কেন্দ্ৰীয় অঞ্চলৰ যি ধৰণে উন্নয়ন হ’ব লাগিছিল তাৰ বিপৰীতে বালিপৰা অঞ্চলটো কিন্ত্ত চিৰদিন অনগ্ৰসৰ হৈয়ে থাকিল। ইয়াৰ লগতে অনাগত দিনবোৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে পথ আৰু ৰে’ল সংযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা দুই এটা পদক্ষেপৰ বাবে অদূৰ ভৱিষ্যতে যে বালিপৰা অঞ্চলটোৰ গুৰুত্ব আৰু কমাইহে পেলাব, সেয়া চিন্তাৰ বিষয় হৈ পৰিছে। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ চাৰিলেন যুক্ত কৰাৰ বাবে যি কাম-কাজ চলি আছে, তাত দেখা পোৱা গৈছে যে বালিপৰাৰ মাজেদি যোৱা ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ (বৰ্তমান ১৫ নং) ক্ষেত্ৰত মিচন চাৰিআলিৰ পৰা বালিপৰা হৈ জামুগুৰিলৈকে এই অংশক বাদ দি তেজপুৰৰ পৰা দোলাবাৰী-পাঁচমাইল হৈ জামুগুৰিলৈ নতুন এটি পথহে সংযোগ কৰা হ’ল। ইয়াৰ ফলত সেই পথছোৱাৰ ফ’ৰলেনৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত বালিপৰা হৈ লখিমপুৰলৈ যোৱা পথটো যে এলাগী হৈ পৰিব সেয়া ধূৰুপ। তদুপৰি অৰুণাচল প্ৰদেশৰ টাৱাঙৰ দৰে অতি গুৰুত্বপূৰ্ণ পৰ্যটনথলী এখনলৈ যিহেতু বালিপৰা-চাৰিদুৱাৰ-ভালুকপুং পথহৈয়ে যোগাযোগৰ ব্যৱস্থা আছে, সিয়ে এই অঞ্চলটোৰ অন্য এক গুৰুত্ব বঢ়াইছিল। কিন্ত্ত বৰ্তমান ওৰাঙৰ পৰা অৰুণাচলৰ ৰূপা হৈ বমডিলাৰ ওচৰলৈকে যি নতুন পথছোৱাৰ নিৰ্মাণ চলি আছে সিয়ে বালিপৰা অঞ্চলহৈ নামেৰী আৰু অৰুণাচললৈ যোৱা পৰ্যটকৰ সংখ্যা যে হ্ৰাস কৰিব সেয়া নিশ্চিত। যিহেতু অসমৰ বাহিৰৰ পৰা অহা প্ৰায়সকল পৰ্যটকে টাৱাঙলৈ গুৱাহাটীৰ পৰাই যাত্ৰা আৰম্ভ কৰে, গতিকে ওৰাঙৰ পৰা উক্ত পথছোৱা সম্পূৰ্ণ হোৱাৰ পিছত সকলো পৰ্যটক সেই পথেদিয়ে টাৱাঙলৈ যাব।

ইয়াৰ উপৰিও বালিপৰাৰ পৰা ভালুকপুঙলৈকে বৰ্তমান ৰেল’ সংযোগ থকাৰ হেতুকে উক্ত ৰে’ল পথছোৱাকে টাৱাঙলৈকে সম্প্ৰসাৰিত কৰিব পৰাৰ থল নিশ্চয় আছিল। কিন্ত্ত কেন্দ্ৰীয় চৰকাৰে মিছামাৰিৰ পৰা টাৱাঙলৈ এক নতুন ৰে’লপথৰ পৰিকল্পনা হাতত লোৱাৰ কথাহে জানিব পৰা গৈছে। এই আটাইবোৰ ব্যৱস্থাই মিলি অদূৰ ভৱিষ্যতে বালিপৰাৰ লগতে চাৰিদুৱাৰ, ৰঙাপৰাক সামৰি এই বৃহৎ অঞ্চলটোক যে আওহতীয়া অঞ্চললৈ পৰিণত কৰি তুলিব সেয়া সহজেই বুজিব পাৰি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰত থকাৰ ফলত অঞ্চল এটাৰ উন্নয়নত কেনেধৰণে বাধা আহে তাৰ প্ৰমাণ ঢকুৱাখনা, মৰিগাঁও আদি অঞ্চল সকলোৰে চকুৰ সন্মূখতে আছে। তথাপি এই কথাটো অনস্বীকাৰ্য যে নতুনকৈ নিৰ্মাণ চলি থকা উক্ত পথকেইটা সম্পূৰ্ণ হৈ উঠিলে লখিমপুৰ আৰু টাৱাঙলৈ যোৱা যাত্ৰাপথৰ দূৰত্ব যথেষ্ট পৰিমাণে হ্ৰাস পাব আৰু ফলস্বৰূপে দূৰণিবটীয়া যাত্ৰীসকলৰ কষ্টও বহুখিনি লাঘৱ হ’ব। ৰাজহুৱা স্বাৰ্থত সেইখিনি হৈ উঠাটো আমিও আশা কৰোঁ। কিন্ত্ত তাৰ বাবে বালিপৰা অঞ্চলটোৰ উন্নয়নত যাতে যতি নপৰে সেই কথাটো এতিয়াই সকলোৱে চকু দিয়াটো ভাল।

বালিপৰাৰ লগতে সংযোগী অন্য এটা অঞ্চল ৰঙাপৰা (ৰঙাপাৰা নহয়)। স্বাধীনতাৰ অতবছৰৰ পিছতো ৰঙাপৰাবাসী ৰাইজে সাধাৰণ সা-সুবিধা সমূহ পাবলৈকে সক্ষম নহ’ল। বহুকেইখন চাহ-বাগিছাৰ সৈতে ৰে’ল নগৰী হিচাপে খ্যাত প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰঙাপৰা অঞ্চলটোক ৰজাঘৰে কোনোদিনেই গুৰুত্ব প্ৰদান নকৰিলে। ৰঙাপৰাৰ বিধ্বস্ত বাট-পথ সমূহৰ কথা সেই অঞ্চললৈ যোৱা সকলোৰে জ্ঞাত। যি সময়ত ৰাজ্যৰ বাকী জিলাসমূহৰ গাঁৱৰ পথবোৰ চি চি ব্লকৰ সহায়ত উন্নীতকৰণ কৰা হৈছে, সেই সময়ত বালিপৰা-ৰঙাপৰা অঞ্চলৰ কোনো এখন গাঁৱৰে ৰাস্তা-পথত শিলগুটি এটাও পেলোৱা হোৱা নাই; পকীকৰণৰ কথা বাৰু বাদেই দিলোঁ। এটা সময়ত কংগ্ৰেছৰ অভেদ্য দুৰ্গ বুলি খ্যাত ৰঙাপৰা অঞ্চলৰ উন্নয়নৰ বাবে কোনো এটা কাম নকৰা কংগ্ৰেছ দলটোক ইতিমধ্যে ৰাইজে উচিত শিক্ষা প্ৰদান কৰিছে। এতিয়া নিজৰ নৱনিযুক্ত নেতাগৰাকীৰ ওপৰতে সমগ্ৰ অঞ্চলটোৰ ৰাইজে আশা পালি ৰৈ আছে। অঞ্চল এটাৰ সামগ্ৰিক উন্নয়নৰ বাবে যিহেতু যোগাযোগৰ সু ব্যৱস্থাই প্ৰথম চৰ্ত, সেয়ে বালিপৰা-ৰঙাপৰা অঞ্চলটোৰ বাট-পথ সমূহৰ উন্নয়নৰ বাবে ক্ষিপ্ৰতাৰে আগভাগ ল’বলৈ এই পত্ৰৰ যোগেদিয়েই আমি নৱ-নিযুক্ত বিধায়ক মহোদয়ক আবেদন জনালোঁ। বৰ্তমান বালিপৰা-তেজপুৰ সংযোগী পথটোৰ বহু অংশ বিধ্বস্ত হৈ পৰিছে। বিশেষকৈ খেলমাটি, পাটগাঁও, বামুণগোলা, ঘোঁৰামাৰী অঞ্চলত পথছোৱা যাতায়াতৰ উপযোগী হৈ থকা নাই। বহুকেইটা সৰু-বৰ দুৰ্ঘটনাৰে যাত্ৰা পথছোৱাই সকলোকে বাৰুকৈয়ে জলাকলা খুৱাইছে। ৰঙাপৰা-বালিপৰা সংযোগী পথছোৱাৰ কাম ইতিমধ্যে কেন্দ্ৰীয় পথ নিৰ্মাণ সংস্থাই হাতত লৈছে আৰু সেয়া ক্ষিপ্ৰ গতিত হৈ উঠাটো সমগ্ৰ অঞ্চলটোৰ ৰাইজে পৰম আশাৰে বাট চাই আছে।

 

-প্ৰাঞ্জল দাস,

এৰাগাঁও, ডাক-বালিপৰা

শোণিতপুৰ, অসম, পিন -৭৮৪১০১

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s