তুষাৰে আৱৰা টাৱাঙত

দৈনন্দিন জীৱনৰ একঘেয়ামীয়ে লাহে লাহে জীৱনটো নীৰস কৰি তুলিছিল। ঘৰ আৰু কলেজৰ ব্যস্ততাৰ পৰা আঁতৰি কিছুদিন জীৱনৰ মাদকতা উপভোগ কৰাৰ বাসনা জাগিছিল মনত। ফোনত কথা পাতি গম পাইছিলো প্ৰায়বোৰ লগৰে এটাই মাথোঁ অভিযোগ- জীৱনটো ব’ৰ হৈ গ’ল। টাৱাঙলৈ যাব বিচৰাটো নতুন কথা নহয়। বোধহয় মই তেতিয়া ক্লাছ নাইনত। সৰুবাপু দাদা(মোৰ জেঠাইৰ ল’ৰা)হঁতৰ টাটা চুমু খন আছিল তেতিয়া। পাহাৰ লাইনত ভাড়া মাৰে গাড়ীখনে; তাৰ বাহিৰে আমি বিশেষ একো নাজানিছিলোঁ। সেইখনতে সৰুবাপু দাদা আৰু ৰুণ দাদাহঁত টাৱাঙলৈ ফুৰিবলৈ গৈছিল। ৰুণ দাদা (পেহীৰ ল’ৰা) তেতিয়া  ইঞ্জিনিয়াৰিঙ পাছ কৰি আহি ঘৰতে আছিল। চাকৰিত জইন কৰায়ে নাই। মই পেহীহঁতৰ ঘৰলৈ যাওঁতে দেখিছিলোঁ ফটোখন। ৰুণ দাদা আৰু সৰু বাপু দাদা একেলগে। পিছফালে কুঁৱলীৰ পাতল চাদৰে আৱৰি ৰখা টাৱাঙ চহৰখন। দেখিয়েই মনটো অজান এক পুলকে ভৰাই তুলিছিল। সেয়াই প্ৰথম টাৱাঙৰ লগত মোৰ চিনাকী। তাৰ পিছত যিমানে বয়স বাঢ়িল সিমানে টাৱাঙ চহৰৰ ন ন কথাই আহি মনটো জীপাল কৰিলেহি। টাৱাঙলৈ এবাৰ ফুৰিবলৈ যোৱাৰ হেঁপাহো দিনে দিনে সুতীব্ৰ হৈ পৰিল।

এম টেক পঢ়ি থকা দিনৰ কথা। আমাৰ লগৰ ‘আজি অ’ত যাও কাইলে ত’ত যাও’ কৰি থকা, আমাৰ সকলো অভিজানৰ লীডাৰ দলজিতে কেইবাবাৰো উলিয়াইছিল কথাটো- এইবাৰ টাৱাঙ যাওঁ ফুৰিবলৈ। পিছে দুটা বছৰত সেয়া প্লেন হিচাপেই থাকিল। কাৰ্য্যত হৈ নুঠিল।

এইবছৰৰ মাজভাগত নৱই এদিন ফোন কৰোতে ক’লে- প্ৰাঞ্জল, ব’লা টাৱাঙ যাওঁ। ময়ো শলাগি থৈ দিলোঁ। মনত বিশেষ চিন্তাও নকৰিলোঁ। তাৰ কিছুদিন পিছত পলাশৰ ফোন। আৰম্ভনিতে তাৰ সেই চিৰচৰিত নাটকীয়টা- “মে অমিতাভ বচ্চন ব’ল ৰাহা হো কৌন বনেগা কৌৰৰপতি চে”। ফোনত তাৰ মাতটো শুনিলেই মুখত হাঁহি উফৰি পৰে। অলপ পিছত সি আকৌ সেই নাটকীয় সুৰতে ক’লে “দাস আপুনি বাৰু এই দৈনন্দিন জীৱনৰ পৰা অলপ আঁতৰি পাহাৰীয়া কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ কথা চিন্তা কৰিছে নেকি? প্লেন এটা বনাব পাৰি নেকি?” মই ক’লো “নৱয়ে মোক কৈছেই কথাটো”। সিও উৎসাহিত হৈ পৰিল। “কি কয়! তেন্তে পাৰি নে?” ময়ো “অ’ পাৰি পাৰি। কিয় নোৱাৰি। মইটো সদায় ৰেডীয়ে আছোঁ। লাইফটো ব’ৰিং হৈ গৈছে” ইত্যাদি ইত্যাদি কৈ পুনৰাই মোৰ বিৰক্তিদায়ক জীৱনৰ ওপৰত বিতৃষ্ণা প্ৰকাশ কৰিলোঁ। সিও পৰম উৎসাহেৰে কেতিয়ালৈ যোৱা হ’ব, কোন কোন যাব ইত্যাদি আলোচনা কৰি ফোনটো ৰাখিলে। মই মনতে ভাবিলোঁ ইমান আগ্ৰহেৰে কৈছে যেতিয়া এইবাৰ নিশ্চয়কৈ আমাৰ যোৱা হ’ব। মাক কথাটো উনুকিয়াই থ’লোঁ- “আমাৰ এইবাৰ টাৱাঙ যোৱাৰ প্লেন চলিছে। আগতীয়াকৈ কৈ থ’লো। পিছত না না নক’বা।” মায়ে হা না একো নক’লে।

তাৰ পিছৰ পৰা ফোন, হোৱাটচ এপপত কথাটো প্ৰায় খাটাং কৰায়ে হ’ল। পূজাৰ পিছতে যোৱা হ’ব। অৰুণাচল প্ৰদেশলৈ অইন ৰাজ্যৰ লোকে বিনা অনুমতিত প্ৰৱেশ কৰিব নোৱাৰে। অন্য লোকে মাটি-বাৰী কিনি ঘৰ সজাটোও তাত অসম্ভৱ। অইন ৰাজ্যৰ লোকে কিবা কাৰণত অৰুণাচললৈ যাব লগাত পৰিলে ইনাৰ-লাইন পাৰ্মিট উলিয়াব লাগে। এই ইনাৰ লাইন পাৰ্মিট সমূহ অসমৰ প্ৰায়বোৰ ডাঙৰ চহৰতে থকা নেফাৰ অফিচৰ পৰা সংগ্ৰহ কৰিব পাৰি। পূজাৰ কেইদিনত চৰকাৰী অফিচ কাৰ্যালয় সমূহ বন্ধ থাকিব এই ধাৰণা কৰি পূজা বন্ধৰ আগতেই এদিন তেজপুৰৰ পাৰ্বতী নগৰত অৱস্থিত নেফাৰ অফিচ ওলালোগৈ। ইনাৰ লাইন পাৰ্মিট উলিয়াবলৈ এখন ফৰ্ম পূৰাই দুকপি ফটোসহ এখন ভেলিড আইডেন্টিটি প্ৰুফ দাখিল কৰিব লাগে। আগবেলা ফৰ্ম পূৰাই দি থৈ আহিলে পাছবেলালৈ তেওঁলোকে ইনাৰ-লাইন পাৰ্মিট খন প্ৰদান কৰে। মই দুপৰীয়া সময়ত অফিচটোত উপস্থিত হ’লোগৈ। ফৰ্ম এখন লৈ লৰালৰিকৈ পূৰাই দিয়াৰ পিছত তেওঁলোকে ক’লে যে এতিয়া তেওঁলোকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় গতিকে পাছবেলাহে ইনাৰ লাইন পাৰ্মিটখন সংগ্ৰহ কৰিব পাৰিম। পাৰ্বতী নগৰৰ পৰা তেজপুৰ মেইন চহৰখনলৈ অলপ দূৰ গতিকে মই ক্ষন্তেক সময় অফিচতে ৰৈ একেবাৰে পাৰ্মিট খন লৈ যাবলৈকে সাজু হ’লোঁ। মোক তেনেকৈ তাতে বহি ৰৈ পৰা দেখি সৰলমনা অৰুণাচলী অফিচাৰ জনৰ বোধহয় বেয়া লাগিল। তেওঁ মোক মতি ‘ইয়ে লো ঔৰ যাও’ বুলি কৈ ইনাৰ লাইন পাৰ্মিট খন হাতত গুজি দিলে। মই মানুহজনক কি বুলি ধন্যবাদ জনাম ভাবিয়ে নাপালোঁ। ‘বহত বহত চুকৰিয়া আপকো’ বুলি কৈ অফিচৰ পৰা ওলাই আহিলোঁ। সেই কিদিনতে এদিন ভাইটিৰ সৈতে তেজপুৰলৈ পূজাৰ বজাৰ কৰিবলৈ ওলাই আহিছিলোঁ। বজাৰ কৰাৰ পিছত তেজপুৰৰ এ এছ টি চি কাৰ্য্যালয়ত সোমাই টাৱাঙলৈ যোৱা টাটা চুমু, অৰুণাচল ট্ৰেন্সপোৰ্টৰ গাড়ীবোৰৰ খা-খবৰ এটা ললোঁ। তেওঁলোকে  পৰ্যটকৰ আগ্ৰহ অনুসৰি চাৰিদিনীয়া, পাঁচদিনীয়া ভ্ৰমণসূচী আগবঢ়াই। এটা দিনত ভাড়া ৪০০০ টকা মানকৈ লয়। এটা গোটত ১০ জন মানলৈকে মানুহ নিব পাৰি। মানুহ কিমানজন যাব সেয়া গোটবোৰৰ নিজৰ ওপৰত কথা কিন্ত্ত ভাড়া তেওঁলোকে নিৰ্ধাৰণ কৰাৰ দৰত দৈনিক দিব লাগিব। মই ফোন নম্বৰ সংগ্ৰহ কৰি পলাশলৈ প্ৰেৰণ কৰিলোঁ। কাৰণ আমাৰ গ্ৰুপটোত সৰ্বাধিক মানুহ যোৰহাটৰ পৰাই যাব। মই, নৱ, পলাশ আৰু পলাশৰ অইন তিনিজন স্কুলৰ বন্ধু- উদ্দীপ্ত, পলাশ বৰা আৰু ৰবি। পিছত জানিব পাৰিলোঁ উদ্দীপ্ত হেনো আগেয়ে তেজপুৰ ইউনিভাৰ্চিটিলৈ গৈছেও। আমাৰ লগৰ প্ৰায়বোৰকে চিনিও পায়। মইহে লগ পোৱা নাছিলোঁ।

অৱশেষত সকলো আলোচনা-বিলোচনাৰ অন্তত, সকলোৰে সা-সুবিধা মিলাই দিনটো থিক কৰা হ’ল। দুৰ্গা পূজাৰ দশমীৰ পিছদিনাই আমি যাত্ৰা কৰিম। যিহেতু আমাৰ কলেজ লক্ষ্মী পূজালৈকে বন্ধ, গতিকে কোনো অসুবিধা নোহোৱাকৈয়ে টাৱাঙ ভ্ৰমণ ধুনীয়াকৈ সামৰি আহিব পাৰিম।

৬ অক্টোবৰ তাৰিখে ৰাতিপুৱাৰে পৰা ফোনযোগে যোগাযোগ চলি থাকিল। নৱ গুৱাহাটীৰ পৰা তেজপুৰ আহি ওলাল। পলাশ আৰু তাৰ বন্ধু উদ্দীপ্ত, ৰবি আৰু পলাশ বৰা চাৰিও যোৰহাটৰ পৰা তেজপুৰ আহি পালেহি। আটাইকেইটা একেলগ হৈ আমি ঠিক থাক কৰা টাটা চুমু খন লগ কৰিলেগৈ। ইতিমধ্যে ময়ো প্ৰায় সাজু হৈছিলোঁ। কাপোৰ-কানি সামৰোতে গৰম কাপোৰ-কানি বেছিকৈ ল’লোঁ। ভাইটিয়ে বালিপৰা চেণ্টাৰত আগবঢ়াই থৈ আহিলগৈ। অলপ পিছতে টাটাচুমু খন লৈ আটাইকেইটা বালিপৰা পালেহি। ভাইটিক বিদায় দি আমিকেইটাই যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰথমে ৰবি, উদ্দীপ্ত, পলাশ আটাইৰে লগত চিনাকি হ’লোঁ। নৱ আৰু পলাশক বহুদিনৰ মূৰত লগ পাই সঁচাকৈয়ে ভাল লাগিল। ইউনিভাৰ্চিটিৰ সময়ছোৱাত আমি আটাইকেইটা সদায় একেলগেই আছিল। ক’ৰবাত ফুৰিবলৈ যোৱা, খাবলৈ ওলাই যোৱা আটাইবোৰতে ইটোৱে সিটোৰ আছিলো সংগী। ইউনিভাৰ্চিটি এৰাৰ এবছৰো ওপৰ হোৱাৰ পিছত পুনৰাই যে আটাইকেইটা লগ হৈ এনেকৈ ফুৰিবলৈ ওলাই আহিছোঁ, সেই কথাটোৱে মন ভৰাই তুলিলে।

বালিপৰা পাৰ হৈ চাৰিদুৱাৰ অতিক্ৰমি নামেৰীৰ সেউজীয়াৰ মাজত সোমাই পৰিলোঁ। এই পথচোৱা পোনতে বৰ ঠেক আছিল। ২০১২ চনতহে ভাৰতীয় পথ নিৰ্মাণ সংস্থাই এই পথচোৱা নতুনকৈ নিৰ্মাণ কৰি তুলিছে। পথচোৱা সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা পৰ্যটক সকলৰ লগতে অৰুণাচল প্ৰদেশ বাসীয়ো যথেষ্ট উপকৃত হৈছে। আমাৰ ড্ৰাইভাৰজনৰ নাম অমিত। বিছ-একৈছ বছৰীয়া সৰু অৰুণাচলী ল’ৰা। সি কথা-বতৰা বৰ কম কয়। আমি বুজিলোঁ স্বভাৱতে সি অলপ লাজকুৰীয়া। কিবা সুধিলেও চুটি চুটিকৈ উত্তৰ দি সামৰিব বিচাৰে। যিহেতু আগন্ত্তক দুই-চাৰিদিন গোটেই সময়খিনি আমি তাৰ তত্বাৱধানতে ওলাই আহিছোঁ, গতিকে আমিয়ে ই সি কথা পাতি তাৰ অসহজবোধ ভাৱ আঁতৰ কৰিলোঁ। নামেৰী পাৰ হোৱাৰ পিছতে অসম সীমান্তৰ ভালুকপুঙত উপস্থিত হ’লোগৈ।

ভালুকপুঙৰ অসম-অৰুণাচল সীমাত এখন সুদৃশ্য তোৰণ আছে। তোৰণৰ বাওঁকাষে তালাচী চকী। তাতেই অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে জৰুৰী দৰকাৰী নথি-পত্ৰ সমূহ চোৱা হয়। অমিতে দুপৰীয়াৰ ভাত-সাজ ভালুকপুঙৰ হোটেল এখনত খাই লৈ গা পোনাই ল’লে। তালাচী চকীত আৰক্ষীয়ে আমাৰ নথি-পত্ৰ সমূহ পৰীক্ষা কৰিলে। তেতিয়াহে কথা এটি মন কৰিলোঁ যে বেলেগ বেলেগ স্থানৰ নেফা অফিচৰ পৰা পৰা দিয়া ইনাৰ লাইন পাৰ্মিট সমূহৰ ধৰণো ভিন ভিন। মোক তেজপুৰৰ অফিচৰ পৰা অকণমানি কাৰ্ড এখন প্ৰদান কৰাৰ বিপৰীতে যোৰহাটত দিঘলীয়া কাগজত ইনাৰ লাইন পাৰ্মিটৰ তথ্য সমূহ প্ৰদান কৰা হৈছে। যা হওঁক ভালুকপুঙত সকলো নিয়মাৱলী সুচাৰুৰূপে হৈ যোৱাৰ পিছত আমাৰ টাটা চুমু অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিল। ভালুকপুঙৰ গেট পাৰ হোৱাৰ পিছতে অতপৰ সমতলত থকা ৰাস্তা হঠাতেই ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। সেউজীয়া পাহাৰৰ মাজে মাজে ক্ৰমান্বয়ে ওপৰলৈ উঠা সেই যাত্ৰা পথৰ অনুভৱ অনন্য। ভালুকপুঙৰ পৰা পাঁচ কিলোমিটাৰ মান দূৰৈত টিপ্পি অৱস্থিত। টিপ্পি অৰুণাচল প্ৰদেশৰ অন্যতম বনভোজ থলী। তদুপৰি টিপ্পিত এখন আকৰ্ষণীয় অৰ্কিড উদ্যান আছে। ইয়ে এই অঞ্চলটোৰ গুৰুত্ব বৃদ্ধি কৰিছে। ৰাস্তাৰ সোঁকাষে আমি উদ্যানৰ প্ৰৱেশদ্বাৰ দেখি গ’লো যদিও সময়ৰ অভাৱত উদ্যান দৰ্শন কাৰ্যসূচী উভটনি যাত্ৰাত ৰাখি আমি আগুৱাই গৈ থাকিলোঁ। পাৰ হোৱাৰ পিছতে ৰাস্তাৰ বাওঁকাষে সৰু-বৰ বহুকেইটা জলপ্ৰপাত আছে। পাহাৰৰ ওপৰৰ পৰা নিগৰি নিগৰি অহা সৰু-বৰ জলধাৰ বোৰৰ সৌন্দৰ্যই যাত্ৰাৰ মাদকতা বাৰুকৈয়ে বৃদ্ধি কৰি তোলিলে। এটি কিছু ডাঙৰ জলপ্ৰপাত দেখি, তদুপৰি জলপ্ৰপাতটোৰ পানী যুৱলিত অলেখ লোকে ফুৰ্তি-তামাচা কৰা দেখি আমি ৰৈ থাকিব নোৱাৰিলোঁ। অমিতক কৈ গাড়ী ৰখাই নামি গৈ জলপ্ৰপাতৰ মনোমোহা দৃশ্য পাৰোমানে উপভোগ কৰিবলৈ চেষ্টা কৰিলোঁ। ফটোও উঠিলোঁ কেইবাখনো। পানীৰ চিটিকনি আহি বহু দূৰলৈকে মানুহক তিয়াই পেলাইছেহি। পানীৰ নামনিত অনেক অৰুণাচলী ল’ৰা-ছোৱালীয়ে মুকলিকৈ সুৰাপান কৰি থকাও চকুত পৰিল।

পাহাৰীয়া একা-বেঁকা পথেৰে আগবাঢ়ি গৈ থাকিলোঁ। পথৰ কাষেৰে আমাৰ সৈতে একেলগে কামেং নদীখনো উজাই গৈ থাকিল। বহুকেইটা ভাৰতীয় সৈন্য-বাহিনীৰ কেম্প দেখা পালোঁ। পথছোৱা মসৃণ। গতিকে গোটেই পথছোৱাত অলপো আমনি নাপালোঁ। বাটত আমি নাগ মন্দিৰ নামেৰে এখন ঠাই পালোঁ। ৰাস্তাৰ বাওঁকাষে ইটাবুলীয়া মন্দিৰৰ তোৰণখন দেখা পালোঁ। মন্দিৰটোৰ নামেৰেই এই ঠাইকণৰ নামো নাগ মন্দিৰ পৰিছে। এই মন্দিৰ বিজড়িত এক অলৌকিক কাহিনী আছে। ঠাইখনৰ সকলো বাসিন্দা, যাত্ৰী তথা ভাৰতীয় সৈন্য বাহিনীৰ জোৱানসকলে এই কাহিনী গভীৰ ভক্তিভাৱেৰে বিশ্বাস কৰে আৰু প্ৰতিদিনে নাগ মন্দিৰত সেৱা-পূজা আগবঢ়ায়। কাহিনী অনুসৰি- সেই ঠাইত বহুদিনৰে পৰ এহাল সাপ একেলগে বসবাস কৰা বহুলোকে দেখিছিল। ভাৰতীয় সৈন্য বাহিনীয়ে চীনৰ অগ্ৰাসন ৰোধ কৰিবলৈ অৰুণাচলৰ এই ঠাইছোৱাত পথ নিৰ্মাণৰ কাম কাজ কৰোতে ভুলঃবশত এটা সাপৰ মৃত্যু হয়। সাপটোৰ মৃত্যুৰ পিছৰে পৰা পথ নিৰ্মাণত নিয়োজিত শ্ৰমিক সকলৰ বিভিন্ন ধৰণৰ অঘটন ঘটা দেখা পোৱা গ’ল। বহুকেইজন শ্ৰমিক দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিল। সকলোৱে কথাটো বিবেচনা কৰি সাপটোৰ সৈতে ঘটা দুৰ্ঘটনাৰ বাবেই এই আটাইবোৰ সংঘটিত হোৱা বুলি অনুমান কৰিলে। সেয়ে সকলোৱে নাগ দেৱতাৰ সন্ত্তষ্টিৰ বাবে এটি মন্দিৰ নিৰ্মাণ কৰি স্ত্ততি মিনতি কৰাৰ পৰিকল্পনা হাতত ল’লে। সেই পৰিকল্পনা অনুসৰিয়ে এই নাগ মন্দিৰৰ নিৰ্মাণ কৰা হয়। মন্দিৰৰ ভিতৰলৈ সোমাই দৰ্শন কৰাৰ সময় নহ’ল যদিও ৰাস্তাৰ পৰাই মন্দিৰত মূৰ দোৱাই গ’লো। মানুহৰৰ আস্থা আৰু ভক্তিতে ভগৱানৰ নিবাস। এই নাগ মন্দিৰো সেই বিশ্বাসৰ প্ৰতিভূ স্বৰূপ। কথিত অনুসৰি মন্দিৰটোৰ স্থাপনৰ পিছৰে পৰাই পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকসকলৰ অলপো হানি-বিঘিনি নঘটা হ’ল।

নাগ মন্দিৰ অতিক্ৰমি কিছুদূৰ যোৱাৰ পিছতে পথৰ বাওঁকাষে এখন হোটেলত সোমাই আমি আবেলিৰ চাহ কাপৰ জুতি ল’লোঁ। পাহাৰীয়া একা-বেকা পথেৰে আগুৱাই গৈ থাকিলোঁ। পথৰ কাষৰ প্ৰাকৃতিক শোভাই প্ৰতি মুহুৰ্ততে আমাৰ মন ধুৱাই ৰাখিলে। সেয়ে ইমান দীঘলীয়া পথছোৱাতো অলপো বিৰক্তি অনুভৱ নকৰিলো। প্ৰকৃতিৰ অনন্য ৰূপ সুধা পান কৰি আমি আটাইবোৰ পুলকিত হৈ পৰিলো। যিমানে আগবাঢ়িলো, অনুভৱ কৰিলো যে ঠাণ্ডা অলপ অলপ বাঢ়িছে। লগত লৈ যোৱা ঠাণ্ডা কাপোৰ পিন্ধাৰ প্ৰয়োজনবোধ হ’ল। মনোমোহা পাহাৰীয়া ঠাইলৈ অহাৰ আমেজ যেন এতিয়াহে পূৰাদ্যমে উপভোগ কৰিলোঁ।

ৰাস্তাত আমি তিনি আলি এটা পালো। সেইখিনিতে অমিতে কিছু পৰ গাড়ী ৰখালে। হয়তো একেৰাহে গাড়ী চলাই চলাই বেচেৰাৰ ভাগৰ লাগিছিল। আমি কেইটাও গাড়ীৰ বাহিৰলৈ ওলাই আহি চৌপাশে অলপ চকু ফুৰালো। সি আমাক বুজালে- সোঁফালে ফাটি যোৱা এই ৰাস্তাটোৱেদি অৰুণাচলৰ অইন এখন উল্লেখযোগ্য চহৰ চেপ্পালৈ যায়। চেপ্পা নামটো দেউতাৰ মুখত বহুবাৰ শুনিবলৈ পাইছোঁ। দেউতা কৰ্মসূত্ৰে বহুবছৰ চেপ্পাত আছিল। মাজে সময়ে কামৰ তাগিদাতো বহুবাৰ চেপ্পালৈ গৈছে। ৰাস্তা-ঘাট হেনো একেবাৰে বেয়া। অৰুণাচলৰ বাট-পথ যোগাযোগ ব্যৱস্থাখিনি অলপ উন্নত হোৱাহেতেনো এই একাষৰীয়া ৰাজ্যখনৰ মানুহবোৰে অলপ সকাহ পালেহেতেন। দুৰ্গম ৰাস্তা-ঘাটৰ বাবেও এই মানুহখিনি সদায়েই একাষৰীয়া হৈ থাকিবলগীয়াত পৰিছে।

ইয়াৰ পিছত আমি লাহে লাহে আৰু ওপৰলৈ আগুৱাই গ’লোঁ। গোটেই বাটছোৱাতে ভাৰতীয় সেনা-বাহিনীৰ গাড়ীবোৰ মাজে মাজে পাৰ হৈ গৈ থাকিলোঁ। ভাৰত চৰকাৰে এই পথচোৱাত সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। বিশেষকৈ ১৯৬২ চনৰ অনাকাংক্ষিত চীনা আক্ৰমণৰ পিছৰে পৰা এই অঞ্চলত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গোটেই পথচোৱাৰ মাজে মাজে পোৱা সেনা চাউনীবোৰ আৰু সেনাৰ গাড়ীবোৰে এই কথাটোকে প্ৰমাণ কৰে। মাজে মাজে নদীৰ পাৰত অৱস্থিত বৰ সুন্দৰ সেনা চাউনী দুটামান দেখা পালোঁ। নদীৰ নিচেই সমীপত শৃংখলাবব্ধ, পৰিপাটীকৈ সজোৱা সৰু গাঁও এখন সদৃশ সেনা চাউনীবোৰে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম।

লাহে লাহে এন্ধাৰ নামি আহিছিল। আমি গৈ টেংগা নামৰ ঠাইত উপস্থিত হ’লোগৈ। ভাৰতীয় পথ নিৰ্মাণ সংস্থাই বালিপৰাৰ পৰা নিৰ্মাণ কৰা পথচোৱা টেংগা ভেলীত শেষ হৈছেহি। টেংগালৈকে মসৃণ পথৰ বাবে অলপো আমনি নোপোৱাকৈ আহিলো যদিও ইয়াৰ পিছতে পথৰ অৱস্থা অলপ বেয়া হৈ পৰিল। টেংগা এখন সৰু পাহাৰীয়া চহৰ। পথৰ দুয়োকাষে দোকান-পোহাৰবোৰ আছে। পাহাৰীয়া অঞ্চল যদিও দোকান-পোহাৰৰ গৃহবোৰ যথেষ্ট উন্নত মানৰে। কিন্ত্ত অলপো শৃংখলাবব্ধ নহয়। ৰাস্তা-পথ ঠেক আৰু ঘন জনবসতি। সন্ধিয়া সময়ত মানুহ-দুনোহ সৰু-সুৰা গাড়ী-মটৰ মিলি এটা ট্ৰেফিক জামে সৃষ্টি হ’ল। ধীৰে ধীৰে গৈ থকা সেনাবাহিনীৰ গাড়ীকেইখনেও জামত সহায় কৰিলেহি। অতদূৰ সুন্দৰভাৱে কোনো আমনি নোপোৱাকৈ আহি থকা আমাৰ বাবে টেংগা চহৰখনৰ এই জাম বৰ বিৰক্তিদায়ক হৈ উঠিল। তদুপৰি বেছি ৰাতি হোৱাৰ আগে আগে বমডিলা গৈ পোৱাৰ কথাটোৱেও আমাক অলপ চিন্তাত পেলালে। টেংগা ভেলীৰ পৰা বমডিলালৈ ২০ কিলোমিটাৰ মান দূৰত্ব। ভগা-ছিগা পথেৰে আমি টেংগা পাৰ হৈ বমডিলালৈ আগুৱাই গৈ থাকিলো। যদিও চহৰখন পাবলৈ বহু দূৰ বাকী আছিল, তথাপি বহু দূৰৈৰ পৰাই আমি বমডিলা চহৰখন দেখিবলৈ পালোঁ। সন্ধিয়া বিজুলী বাতিৰে আলোকিত হৈ পৰা দূৰৈৰ বমডিলা চহৰখনে আমাৰ মন-প্ৰাণ পুলকিত কৰি তুলিলে। ভৈয়ামৰ কোলাহলৰ পৰা বহু যোজন দূৰৈত অৱস্থিত এই শান্ত সমাহিত পাহাৰীয়া চহৰবোৰ একো একোখন যেন জীৱনৰ সঞ্জীৱনী সুধা। প্ৰকৃতিয়ে নিজ হাতেৰে ইমান আটোলটোলকৈ সজা এই চহৰখনত বাস কৰা আটাইবোৰলৈকে একেচাতে মনৰ কোণত ঈৰ্ষা জাগি উঠিল। যিমানেই বমডিলা চহৰখনৰ দিশে আগুৱাই গৈ থাকিলো, সিমানেই চহৰখন পোহৰেৰে আলোকিত হৈ আমাৰ চকুৰ আগত তিৰবিৰণি তুলি তুলি জকমকাই উঠিল। আমি বমডিলাত একো হোটেল বুক কৰি ৰখা নাছিলো। সময়ত যি পাওঁ তাকেই মিলাই মেলি লম ভাবত আহি আছিলো যদিও আহি পাওতে দেৰি হোৱাৰ কথাটোৱে অলপ চিন্তাত পেলালে। তদুপৰি পাহাৰীয়া এই কম জনবহুল চহৰবোৰ যে ৰাতি বেছি দেৰিলৈকে খোলা নাথাকে, সেই কথাটোও আমাৰ মনলৈ আহিল। কিন্ত্ত অমিতে আমাক নিঃচিন্ত হৈ থাকিবলৈহে ক’লে। বমডিলাত হেনো হোটেল পোৱাৰ বাবে চিন্তা কৰিব নালগে। অলপ পৰ বিচাৰিলেই ভাল হোটেল এখন যোগাৰ কৰি লব পৰা যাব। লগতে টাৱাং তেজপুৰ নিয়মীয়াকৈ অহা-যোৱা  কৰি থকাৰ বাবে ড্ৰাইভাৰবোৰৰ চা-চিনাকীও যথেষ্ট। বৰ আটাইটায় হ’লে সিহঁতবোৰেও আমাক সহায় কৰিব পাৰিব।

সি আনি আমাক বমডিলা চহৰৰ হোটেলবোৰ থকা ঠাই এখনত আনি ৰখালেহি। গাড়ীৰ পৰা নামি চহৰখনত ভৰি ৰাখিলো। পাহাৰীয়া একা বেকা পথৰ কাষে কাষে দোকান পোহাৰবোৰ। লগতে গধূলিৰ মদালসা চহৰখন আমাৰ আগত আৰু সুন্দৰ হৈ পৰিছিল। গাড়ীৰ পৰা নামি আমি পোন প্ৰথমে মোবাইল ৰিচাৰ্জৰ দোকান এখনহে বিচাৰি গ’লোঁ। অৰুণাচলত প্ৰৱেশ কৰাৰ পিছৰে পৰা মোবাইলৰ টাৱাৰ নেদেখা হৈ পৰিছিল। একমাত্ৰ বিএচএনল চাৰ্ভিচৰ বাহিৰে ইয়াত অইন একো নেটৱৰ্ক পাবলৈ নাই। ভাগ্য ভাল যে লগত বিএচএনএলৰ চিম এখন আছিল। নথকা হ’লে ইয়াত থাকিবলৈ অহা আটাইকেইদিন বৰকৈ সমস্যাত পৰিলোহেতেন। দোকান এখনত সোমাই ৰিচাৰ্জ কৰি উঠি ঘৰলৈ ফোন কৰি জনালো বমডিলা পালোহি বুলি। মনলৈ এটা ভাব আহিল, গোটেই পথচোৱাত মোবাইলটোৰ সৈতে অলপো সম্পৰ্ক নাছিল বাবেই প্ৰকৃতিৰ এই সৌন্দৰ্য আমাৰ চকুত বেছি আকৰ্ষনীয় হৈ ধৰা দিছিল নে কি! মোবাইলটো লৈ কোনো এজনো ব্যস্ত নথকাৰ বাবেই আমিবোৰে গোটেই পথচোৱাত ইমানবোৰ কথা-বতৰাত ভাগ ল’লো নে কি ! হয়তো কথাষাৰ আংশিক ভাৱে হ’লেও শুদ্ধ।

পথৰ নিচেই কাষতে থকা হোটেল এখন আমি বুক কৰিলোঁ। দুটা প্ৰকাণ্ড ৰূম। আমি মুঠ ছজন। গতিকে তিনিজনকৈ থকাৰ ব্যৱস্থা কৰিলোঁ। হোটেলখন এগৰাকী মহিলাৰ। আমি যোৱাৰ পিছতে তেওঁ আমাৰ সা-সুবিধা, খোৱা-বোৱা ইত্যাদি লৈ ব্যস্ত হৈ পৰিল। মানুহগৰাকীৰ আন্তৰিকতা দেখি মুগ্ধ হ’লোঁ। অতপৰ ভ্ৰমণ কৰি আহি আমাৰ ভাগৰো লাগিছিল। ৰাতি বাহিৰলৈ ওলাই গৈ ক’ৰবাত খোৱাৰ কথা ভাবিবলৈ আমাৰ এলাহ লাগিল। তদুপৰি বাহিৰত ঠাণ্ডাও পৰিছিল যথেষ্ট। সেয়েহে, মানুহগৰাকীৰ হোটেলতে খোৱা-লোৱাৰ ব্যৱস্থা আছে বুলি জানি আমি তেওঁকে ৰাতিৰ সাজৰ ব্যৱস্থা কৰিবলৈ ক’লোঁ। মুখ-হাত কেইটা ধুই মেলি আটাইবোৰে অলপ সতেজ অনুভৱ কৰিলোঁ। আজিৰ যাত্ৰাপথ আমাৰ ঘাই লক্ষ্যস্থান টাৱাং যাত্ৰাৰ তিনিভাগৰ এক অংশহে। কাইলৈ পুৱাই টাৱাং যাত্ৰাৰ বাবে সাজু হ’ব লাগিব। গতিকে সোনকালে খাই বৈ শুই থকাটোৱে ভাল হ’ব বুলি বিবেচনা কৰিলোঁ। আমাক হোটেল ঠিক কৰাত সুবিধা কৰি অমিত গ’লগৈ। তাৰ ঘৰ হেনো বমডিলাতে। ৰাতিপুৱা আমাক সোনকালে সাজু হৈ তাক ফোন কৰি মাতিবলৈ কৈ থৈ গ’ল। হোটেলৰ মানুহগৰাকীয়ে আমাক ৰূমতে ভাত-পানীৰ ব্যৱস্থা কৰি দি থৈ গ’ল। সোনকালে ভাত খাই আমি আটাইকেইটা শেতেলীত পৰিলোঁ।

পিছদিনা কিচিৰ মিচিৰ চৰাইৰ মাত শুনি নিচেই ৰাতিপুৱাতে সাৰ পালোঁ। বিচনাত বাগৰি থাকিবলৈ এলাহ লাগিল। ৰূমৰ পৰা ওলাই হোটেলৰ ক’ৰিডৰেদি আগুৱাই গ’লোঁ। গৈ দেখিলো হোটেলখনৰ একোণত বেলকনি সদৃশ বৰ ধুনীয়া ঠাই এটুকুৰা আছে। সন্মূখত ওখ পাহাৰ। পাহাৰৰ নামনিত ওখ ওখ পাইন গছ। ৰাতিপুৱাৰ কোমল ৰ’দ এজাকে আহি গোটেই গছকেইজোপাক চুমি গৈছে। তাতেই উন্মনা হৈ জাকে জাকে চৰাইবোৰ আহি গছকেইজোপাত উমলি জামলি আপোনপাহৰা হৈছে। বিচনাত পৰি থাকোতে শুনা চৰাইৰ কোলাহলৰ উৎস এই গছকেইজোপাই। না না বিধৰ না না চৰাই। ভুৰুংকৈ উৰিছে, আকৌ আহি গছ কেইজোপাৰ জোপোহাত সোমাইছে। সিহঁতৰ উৎপাত দেখি কাজিয়া লাগিছে নে আনন্দতে মতলীয়া হৈ পৰিছে ঠিক ধৰিব নোৱাৰি। বহু সময় সেই বিনন্দীয়া দৃশ্য চায়েই একেথিৰে ৰৈ থাকিলোঁ। ৰাতিপুৱাৰ পোহৰত বমডিলা চহৰখন আৰু বেছি শুৱনি হৈ উদ্ভাসি উঠিছে। পাহাৰৰ ওপৰত বৰ সুন্দৰকৈ সজা দুই এটা ঘৰ দেখি, টিভি-চিনেমাত দেখা পোৱা সাধুকথাৰ ঘৰবোৰৰ যেনহে লাগিল। ইমান মোহনীয় ঠাই এখনত এনে এটা পুতলাঘৰত থকাটো চাগে কেনে ৰমনীয় হ’ব ভাবিয়ে পুলকিত হৈ পৰিলোঁ।

হোটেলখনৰ বাথৰূমত গিজাৰৰ ব্যৱস্থা নাছিল। কিন্ত্ত মালিকনী মানুহগৰাকীয়ে আমাক গৰম পানীৰ ব্যৱস্থা কৰি দিলে। এই মৰ ঠাণ্ডাত শীতল পানীৰে গা ধোৱাটো আমাৰ বাবে অসম্ভৱ আছিল। আমাৰ অসুবিধাৰ কথা বুজিব পাৰি পানী গৰম কৰি বাল্টিত দি থৈ যোৱা এই পাহাৰীয়া মানুহগৰাকীৰ সৰলতা আৰু আন্তৰিকতা দেখি সঁচাকৈয়ে মুগ্ধ হ’লোঁ। গা পা ধুই আমিকেইটা বমডিলা চহৰখনত এনেয়ে এপাক ফুৰিবলৈ ওলাই আহিলোঁ। পাহাৰীয়া এই সৰু চহৰখন অৰুণাচলৰ ৱেষ্ট কামেং জিলাৰ সদৰ। পূৰ্বৰ নেফাক আঁতৰাই অৰুণাচল প্ৰদেশ গঠন কৰোতে বমডিলাক ৰাজধানী কৰাৰ কথা আছিল। কিন্ত্ত অইন কিছু ৰাজনীতিবিদৰ কু-চক্ৰান্তত ৰাজ্যৰ মধ্যস্থানত থকাৰ অচিলাতে ইটানগৰক অৰুণাচলৰ ৰাজধানী পতা হয়। বমডিলা অৰুণাচলৰ ৰাজধানী চহৰ হোৱাহেতেন বোধকৰো তেজপুৰ সমন্বিতে বালিপৰা, চাৰিদুৱাৰ এই আটাইবোৰ ঠাইয়ে যোগাযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিলেহেতেন। কেউফালে সেউজীয়া পাহাৰৰ মাজতে বমডিলা চহৰখন। আমি অলপ দূৰ আগুৱাই মুকলি ঠাই এটুকুৰাত ৰৈ সেউজীয়া পাহাৰবোৰলৈ একেথিৰে চাই ৰ’লোঁ। পাহাৰবোৰৰ মাজে মাজে চাহ বাগিচাৰ লুঙলুঙীয়া পথৰ সদৃশ ৰাস্তা এটা আগুৱাই গৈ আছে। অদূৰৰ পথটোত গাড়ী-মটৰৰ শাৰী দেখি সেই পথটোৱে চহৰখনৰ পৰা টাৱাঙলৈ ওলাই যোৱাৰ পথ বুলি অনুমান কৰিব পাৰিলোঁ।

চহৰৰ মাজেদি খোজ কাঢ়ি আগুৱাই গৈ থাকিলোঁ। দোকান পোহাৰ বোৰ দুই এখনকৈ খুলিবলৈ আৰম্ভ কৰিছেহে। পথৰ কাষৰ সৰু হোটেল এখনত সোমাই চাহ একাপ একাপ খালোঁ। বৰ সোৱাদকৈ কাঢ়াকৈ বনোৱা চাহ কাপ খাই মনটো সতেজ সতেজ লাগিল। পুনৰ খোজ কাঢ়িলোঁ। তিনি আলি এটাৰ সোঁফালে যোৱা ৰাস্তাটোৱেদি দেখিলো বৌদ্ধ মন্দিৰৰ তোৰণ এখন। আগবাঢ়ি গ’লোঁ। সেয়া বমডিলাৰ বিখ্যাত বৌদ্ধ মঠ। পৰিস্কাৰ পৰিৱেশ। ডাঠ গেৰুৱা বসন পিন্ধা বৌদ্ধ ভীক্ষু দুজনমানে মন্দিৰৰ চৌহদ চাফ-চিকুন কৰি আছে। অইন কেইজনমান ই সি কামত ব্যস্ত। মুঠৰ ওপৰত সুন্দৰ এক মন ভাল লগা পৰিৱেশ। ৰাতিপুৱাৰ সেই সময়খিনিত মন কৰিলোঁ বহু কেইজন লোকে মুখেৰে ৰিব ৰিব মন্ত্ৰ আউৰাই পৰম ভক্তি ভাৱেৰে মন্দিৰ চৌহদ প্ৰদক্ষিণ কৰি আছে। মন্দিৰৰ প্ৰৱেশ দ্বাৰত দেখিবলৈ পালো সচৰাচৰ বৌদ্ধ মথ বোৰত থকা সৰু সৰু স্তম্ভ আকৃতিৰ চকৰিবোৰ। মন্দিৰ চৌহদত প্ৰৱেশ কৰোতে ভক্তসকলে এই স্তম্ভবোৰ হাতেৰে ঘূৰাই ঘূৰাই যোৱাৰ নিয়ম। প্ৰথমবাৰৰ বাবে এই অভিজ্ঞতা লাভ কৰি আমিবোৰ বেচ পুলকিত হ’লোঁ। অৰণাচলৰ শান্তিপ্ৰিয় বৌদ্ধধৰ্মাৱলম্বী মনপা সকলৰ উপাসনাস্থল বমডিলাৰ এই মথটোৰ বিশেষ গুৰুত্ব আছে। মনপা সকলে তেওঁলোকৰ বৌদ্ধ মন্দিৰ সমূহক গোমফা বুলি কয়। সময়ৰ নাটনিৰ বাবে আমি বৰ বেছি সময় মন্দিৰত কটাব নোৱাৰিলো যদিও সেই অকণমান সময়তে মন্দিৰৰ পৰিস্কাৰ শান্ত-নিৰিৱিলি পৰিৱেশে আমাৰ মনবোৰত পৱিত্ৰতাৰ ভাৱে ধোৱাই পেলালে। বাহিৰৰ পৰাই মন্দিৰলৈ সেৱা আগবঢ়ালোঁ। লগতে অইনসকল যাত্ৰীক দেখি আমিও তেওঁলোকৰ লগতে মন্দিৰৰ কেওফালে তিনিবাৰ প্ৰদক্ষিণ কৰিলোঁ।

বৌদ্ধ মথৰ পৰা উভটি আহি আমি পথৰ কাষৰে সৰু হোটেল সদৃশ দোকান এখনত ৰুটি-তৰকাৰী খালোঁ। মানুহজন বিহাৰী। মানুহজনৰ পত্নীয়েও তেওঁক ব্যৱসায়ত সহায় কৰিছে। সেই অলপ সময়তে তেওঁ ক’লে, ইয়াত মাটি বাৰী কিনাৰ সা-সুবিধা নাই। সেয়ে তেওঁলোক ভাড়া ঘৰত থাকি ব্যৱসায় চলাই আছে। পৰিশ্ৰমী বিহাৰী সম্প্ৰদায়ৰ মানুহে আহি এই অৰুণাচলতো সুন্দৰভাৱে জীৱিকা নিৰ্বাহ কৰি আছেহি। কথাষাৰে আমাক ভবাই তুলিলে। অৰুণাচলৰ নিচেই কাষতে থকা আমাৰ কেইজন অসমীয়াইনো এইবোৰ কাম কৰিব পাৰিছে!

সেইঠাইতে থকা অইন এখন দোকানেও আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে। দোকান বোলাতকৈ সেয়া এখন সৰু-সুৰা বজাৰ বুলিলেহে ভাল হ’ব। একেটা চৌহদতে অৱস্থিত ফল-মূলৰ বজাৰখনৰ আটাইবোৰ দোকানত মহিলা বিক্ৰেতা। সহজ-সৰল জনজাতীয় মহিলা সকলে আপেল, কমলা, কিৱি, চেৰী আদি ফলবোৰ বৰ সুন্দৰকৈ পেকেট কৰি বিক্ৰীৰ বাবে ৰাখিছে। ৰাতিপুৱা সেইসময়ত তেওঁলোকে দোকানসমূহ সাজু কৰিবলৈ লৈছিলহে মাথোঁ। গতিকে আগ্ৰহ থাকিলেও ফল-মূল কিনিবলৈ আমি সময় গোটাব নোৱাৰিলোঁ। উভটনি যাত্ৰাত বমডিলাৰ এই বজাৰখনত এপাক মাৰিমেই বুলি মনস্থ কৰি আমি উভটি আহিলোঁ।

ইতিমধ্যে অমিত আহি পালেহি। যিহেতু আজিৰ যাত্ৰাপথৰ দূৰত্ব বেছি সেয়ে সি আজি লগত সহযোগী এজনো লৈ আহিছে। লগৰজনৰ নাম চনো। আমি এইবাৰ টাৱাং যাত্ৰাৰ বাবে সাজু হ’লোঁ। যাত্ৰাৰ আৰম্ভণিতে চনোৱে আমাক ক’লে এইচোৱা পথৰ অৱস্থা সিমান ভাল নহয়। বাৰিষা লেণ্ড সলাইডৰ বাবে বহু সময়ত এই পথচোৱাৰ বহু অংশ বন্ধ কৰিও ৰাখিবলগীয়া হয়। তেনেকুৱা সময়ত হেনো পুনৰ পথ মেৰামতি নোহোৱালৈকে গাড়ী-মটৰ ৰাস্তাতে আবদ্ধ হৈ থাকিবলগীয়া হয়। খলা-বমা পথেৰে আমি আগুৱাই গ’লোঁ। মাজে মাজে মসৃণ পথ। তাৰ পিছত আকৌ পথচোৱা ভঙা। বতৰ ফৰকাল। গতিকে যিমান দূৰলৈকে চাই পঠালো সকলোতে প্ৰকৃতিৰ মোহনীয় ৰূপ-ৰসে আহি আমাৰ চকুত ধৰা দিলেহি। বমডিলাৰ পিছতে আমি অৰুণাচলৰ অইন এখন গুৰুত্বপূৰ্ণ চহৰ ডিৰাঙ পালো। ডিৰাঙ চহৰখনৰ নামো দেউতাৰ মুখত বহুবাৰ শুনিবলৈ পাইছোঁ। চাকৰিৰ কালচোৱাত দেউতা বেছিভাগ সময় অৰুণাচলৰ ইখন চহৰৰ পৰা সিখনলৈ অহা-যোৱা কৰি থাকিবলগীয়াত পৰিছিল। ডিৰাঙত থকা সময়ছোৱাত এই ঠাইখনৰ কথা দেউতাৰ মুখত বহুত শুনা পাইছিলোঁ। প্ৰকৃতিয়ে অকৃত্ৰিম হাতেৰে ডিৰাঙকো অতুলনীয় ভাৱে গঢ়ি তুলিছে। চহৰখনৰ কাষেদিয়ে বৈ গৈছে সৰ্পিল কামেং নদীখন। নদীখনে চহৰখনৰ ৰূপ লাৱন্যত দুগুণে ৰহন চৰাইছে। ডিৰাঙ এখন ব্যস্ততাপূৰ্ণ চহৰ। বহু দোকান পোহাৰৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ বহুবোৰ বিভাগীয় কাৰ্য্যালয় ৰাস্তাৰ কাষত দেখা পালোঁ। বমডিলাৰ পৰা অতদূৰ ভ্ৰমণ কৰি আহি আমাৰ আমনিও লাগিছিল। আমাৰ অৱস্থাৰ কথা বুজিব পাৰি অমিতে ডিৰাঙৰ এখন হোটেলৰ সন্মূখত গাড়ী ৰখাই আমাক চাহ একাপ একাপ খাই ল’বলৈ ক’লে। আমিও ভালেই পালোঁ। গাড়ীৰ পৰা নামি হাত-ভৰিকেইটা অলপ পোনাই ল’লোঁ। চাহকাপ খাই দেহ মন অলপ সতেজ হোৱা যেন লাগিল। ব্যস্ততাপূৰ্ণ ডিৰাঙ চহৰখন এবাৰ চাই পথালোঁ। অৰুণাচলৰ ডেকা-গাভৰু বেচি ভাগেই পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত। সাজ-পোচাক, চাল-চলন সকলোতে এই প্ৰভাৱ পৰিস্ফুট হৈ পৰে। যাতায়াত ব্যৱস্থাৰ সমস্যাবোৰ থকাৰ পিছটো আকৰ্ষণীয় সাজ-পোছাক তথা অত্যাধুনিক পিন্ধন শৈলীত এওঁলোক আমাতকৈ বহুক্ষেত্ৰত আগবঢ়া। আমি চাহ খাবলৈ সোমোৱা দোকানখনৰ সন্মূখতে দেখা পালোঁ অৰুণাচল প্ৰদেশৰ য়াক গৱেষণা কেন্দ্ৰটি। প্ৰচণ্ড শীতক নেওচিও জীয়াই থাকিবলৈ সক্ষম হোৱা হেতুকে এই প্ৰাণীবিধে অৰুণাচল প্ৰদেশৰ লগতে অন্যান্য পাহাৰীয়া ঠাইসমূহত যথেষ্ট গুৰুত্ব লাভ কৰে। ডিৰাঙ চহৰখনৰ সিটো মূৰত এচ এচ বিৰ কেম্পটো দেখা পালোঁ। ৰাস্তাৰ সোঁকাষে অৱস্থিত ধুনীয়া কেম্পটো অপ্ৰত্যাশিতভাৱে দেখা পাই পুলকিত হৈ পৰিলোঁ। দেউতাই এই কেম্পটোতে বহুদিন কাম কৰিছিল। ডিৰাঙত এটি গৰমপানীৰ উঁহো আছে। চহৰখন পাৰ হোৱাৰ পিছতে অমিতে গৰম পানীৰ উঁহ থকা বুলি লিখা ৰখা ফলক এখনৰ কাষত গাড়ী ৰখালে। ৰাস্তাৰ পৰা সোঁফালে তললৈ নামি যোৱা এটি লুঙলুঙীয়া ৰাস্তা। ধীৰে ধীৰে বৰ সাৱধানে তললৈ নামি গৈ গৰম পানীৰ উঁহটো চাই আহিলোগৈ। সৰু খাল এটি সদৃশ উঁহটো। পকীকৈ পাৰটো সজাই ৰখা হৈছে। হাতেৰে কুহুমীয়া পানীখিনি এবাৰ চুই চালোঁ। কাষেদি বৈ গৈছে সুবিশাল নদীখন। নদীৰ পাৰতে এই গোটেই ডিৰাঙ ভেলীখন। গোটেই দিনটো ৰৈ ৰৈ প্ৰকৃতিৰ ৰূপ-সুধা পাণ কৰি থাকিলেও চাগে আমনি নালাগিব। কিন্ত্ত সময়ৰ নাটনিৰ কথা চিন্তা কৰি আমি সেই স্থান সোনকালে এৰিবলৈ বাধ্য হ’লোঁ। আবেলিৰ আগতে চেলা পাচ পাৰ হ’ব পাৰিলে বহুক্ষেত্ৰত সুবিধা। গধূলি বা আন্ধাৰ হ’লে এই পথচোৱা অতিক্ৰম কৰিবলৈ গাড়ীচালক সকলে অসুবিধা অনুভৱ কৰে। পাহাৰীয়া একা-বেঁকা এঢলীয়া পথেৰে আমি আগুৱাই গৈ থাকিলোঁ। মাজে মাজে পথৰ অৱস্থা কিছু ভাল। তাৰ পিছত পুনৰ পথৰ দুৰৱস্থা। সেই গতিৰে আগুৱাই আগুৱাই কিমানখন যে পাহাৰ অতিক্ৰম কৰিলোঁ। কিমান যে সৰু সৰু পাহাৰীয়া নিজৰা দেখিবলৈ পালোঁ। কিমান যে সেউজীয়া নয়ন জুৰি চালোঁ!

দুপৰীয়াৰ সময়ত মোহন কেম্প নামৰ ঠাই এখনত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ক্ষন্তেক পৰ ৰ’লোঁ। পথৰ সোঁকাষে এই হোটেলখনৰ নাম হোটেল সমঝানা। নামটো বেচ অদ্ভুত। কিন্ত্ত সেই জনপ্ৰাণীহীন পাহাৰীয়া ঠাইটুকুৰাত হোটেলখনে বহু যাত্ৰীক সকাহ দি আহিছে। অৰুণাচলৰ স্থায়ী বাসিন্দাৰ লগতে বহুকেইজন টাৱাঙমুখী পৰ্যটকক হোটেলত লগ পালোঁ। ড্ৰাইভাৰ সকলৰ বাবে এই হোটেলবোৰত খোৱা লোৱাৰ সুবিধা বিনামূলীয়া। হয়টো পৰ্যটকসকলক হোটেললৈ আনিবলৈ এইবোৰ একো একোটা নিৰ্দোষ কৌশল। হোটেলৰ সন্মুখতো সৰু সৰু দুই এখন ফল-মূলৰ দোকান দেখিবলৈ পালোঁ। অৰুণাচলৰ বাকী ফল-মূলৰ দোকানবোৰৰ দৰে এইকেইখন দোকানটো কিৱি ফল বেচা দেখিবলৈ পালোঁ।

দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি পুনৰ পাহাৰ বগোৱা যাত্ৰাৰ আৰম্ভণি কৰিলোঁ। যিমানেই উচ্চতালৈ আগুৱাই গ’লো পাহাৰবোৰ লঠঙা হৈ হৈ পৰিল। এই উচ্চতাত গছ-গছনি গজাৰ উপায় নাই। তাৰ পৰিবৰ্তে শেলুৱৈ সদৃশ সৰু সৰু গছবোৰেহে পাহাৰবোৰ আৱৰি ৰখা দেখিবলৈ পালোঁ। ডিৰাঙ পাৰহোৱাৰ পিছৰে পথচোৱা বহু বেছি অকোৱা-পকোৱা হৈ পৰিছিল। পাহাৰীয়া বহুকেইটা কেকুঁৰি পাৰ হৈ ওখ শিখৰ এটিৰ পৰা তললৈ চাই পথালোঁ। বুকু কঁপি উঠা যেন বোধ হ’ল। অমিতে আমাক ক’লে, সেইকেইটা হেনো ‘জেলেপী পাক’! টাৱাঙলৈ আগেয়ে যোৱা বহুতৰ মুখত ভয়ংকৰ এই পথচোৱাৰ কথা শুনিবলৈ পাইছিলোঁ। ফটোও দেখিবলৈ পাইছিলোঁ। এই পথচোৱাত দুৰ্ঘটনাৰ সম্ভাৱনা সৰ্বাধিক। অভিজ্ঞ ড্ৰাইভাৰৰ বাহিৰে এই পথচোৱা অতিক্ৰম কৰাটো সকলোৰে পক্ষে সম্ভৱপৰ নহয়। আমি ইতিমধ্যে ইমানবোৰ ভয়ানক পথ অতিক্ৰমি আহি আহি চেলা পাচৰ নিচেই ওচৰৰ উচ্চতা পালোহি। পথচোৱা আগতকৈও বেছি ঠেক হৈ আহিল। কোনোপধ্যে একেসময়তে দুখন গাড়ী পাৰ হোৱাৰ সুবিধা নাই। সেই ঠেক পথচোৱায়েদিও সেনাৰ দুই এখন কনভয় সাৱধানে আগুৱাই গৈ থকা দেখিবলৈ পালোঁ। পাহাৰৰ সেই সু উচ্চ শিখৰটো আছে সেনাৰ চাউনী। সুন্দৰকৈ ৰঙ কৰা দেৱাল, ৰঙ বিৰঙী ফুলৰে সুশোভিত ফুলনিৰে বৰ আটোমটোকাৰি একো একোটা সেনা চাউনী। দেখিলেই মন জুৰাই যায়। লগতে সেনাৰ কৰ্তব্যনিষ্ঠা দেখি শ্ৰদ্ধাত মূৰ দো খাই। বহু সেনা জোৱান বিভিন্ন ধৰণৰ কামে-কাজে ব্যস্ত হৈ থকাই দেখিবলৈ পালোঁ। কামত এলাহ কৰি বহি থাকিবলৈ, তথা পাহাৰৰ সেই শিখৰত ঠাণ্ডাৰ অজুহাতত কামৰ আহৰি লৈ আড্ডা দি থাকিবলৈও যেন কাৰো আহৰি নাই।

কুঁৱলীয়ে গোটেই পথচোৱা আৱৰি ধৰিছিল। ঘন কুঁৱলীৰ বাবে পথচোৱাৰ সন্মূখৰ অলপ দূৰলৈকে দেখা পোৱাৰ বাদে অইন একো মনিব নোৱৰা হৈ পৰিছিল। বৰ সাৱধানেৰে অমিতে গাড়ীখন লৈ আগুৱাই গৈ থাকিল। সেই যাত্ৰাৰ অন্য এক মাদকতা আছিল। বাহিৰত ফিৰফিৰিয়া ঠাণ্ডা বতাহ। গাড়ীৰ খিৰিকি খোলাৰ কোনো অৱকাশেই নাই। গাড়ীৰ ভিতৰতে আটাইকেইজন এই অনন্য যাত্ৰা পথৰ অংশীদাৰ হ’বলৈ পাই উদ্বাউল হৈ উঠিলোঁ। যাত্ৰাৰ সোৱাদ বেছি সুতীব্ৰ কৰিবলৈকে গাড়ীত প্লে কৰিছিলো এ আৰ ৰহমানে গোৱা হাইৱে ছবিখনৰ গান। তেনেসময়তে আমি মন কৰিলোঁ আমাৰ বিপৰীত দিশৰ পৰা অহা আটাইবোৰ গাড়ীৰ সন্মূখভাগত বৰফৰ চামনিৰ চিন। আমিকেইটা আৰু বেছি আনন্দত আত্মহাৰা হ’লোঁ। টাৱাঙ মানেই যেন বৰফ। সেই ধাৰণাকে মনত শিপাই লৈ এই ভ্ৰমণসূচী লৈছিলোঁ। এতিয়া চেলা পাচত যেন সেই আশা পূৰণ হ’বলৈ আগবাঢ়িছে। অমিতে আমাক বুজালে- এইয়া বৰফ আচলতে প্ৰকৃত বৰফ নহয়। আমাৰ ভৈয়ামত হোৱা শিল বৰষুণৰ দৰে বৰষুণৰ লগত অহা বৰফৰ টুকুৰাহে। ইয়াত শিল বৰষুণৰ তীব্ৰতা বেছি আৰু বৰফৰ টুকুৰাবোৰো আমাৰ ভৈয়ামৰ শিল বৰষুণৰ তুলনাত ডাঙৰ ডাঙৰ। এয়া আৰম্ভণিহে। এতিয়াৰ পৰা আৰম্ভ হৈয়ে ডিচেম্বৰ-জানুৱাৰী মাহলৈ গোটেই টাৱাঙৰ লগতে অৰুণাচলৰ এই অঞ্চল বৰফে ঢাকি পেলাব। পিছে আমাক সেই কথায়ে তলাব নোৱাৰিলে। আমাৰ মনত বৰফ বৰফেই। সেয়া শীতৰ স্ন’ ফলেই হওক বা বৰষুণৰ লগত অহা বৰফেই হওক। লাহে লাহে আগুৱাই আমি বৰফৰ বৰষুণজাক পালোঁ। চাৰিওফালে বৰফৰ বগা চাদৰ। সেই বৰফৰ মাজত আগেয়ে কাহানিও নেদেখা অপূৰ্ব সুন্দৰ এই বিৰল অভিজ্ঞতাৰ সাক্ষী হ’বলৈ পোৱাত উত্ৰাৱল আমাৰ মন। গাড়ীখন ৰখাবলৈ আমি আটায়ে জোৰ কৰিলোঁ। কিন্ত্ত সি চেলা পাচৰ তোৰণ খন পোৱাৰ পিছতহে গাড়ী ৰখোৱাৰ কথা ক’লে। আমিবোৰ মান্তি হ’লোঁ। পৃথিৱীৰ সু-উচ্চ চলাচলৰ উপযুক্ত পথ সমূহৰ ভিতৰত এই চেলা পাচ অন্যতম। সমুদ্ৰতলৰ পৰা চেলাপাচৰ উচ্চতা ১৩,৭০০ ফুট। ক’ৰবাত পঢ়িবলৈ পাইছিলো লা শব্দৰ অৰ্থই হেনো ঠেক গিৰিপথ। সেয়ে হয়তো শুনিবলৈ পোৱা সকলোবোৰ পাহাৰীয়া পথতে লা শব্দটো সংযুক্ত হৈ আছে। যেনে- নাথু লা, খাৰদোং লা ইত্যাদি। পিছে অৰুণাচলী মনপা সম্প্ৰদায়ৰ লোকসকলে চেলা নামৰ এগৰাকী ছোৱালীৰ নামেৰেহে এই ঠাইৰ নাম চেলা পাচ হোৱা বুলি কব বিচাৰে। চীন-ভাৰত যুদ্ধৰ লগত জড়িত চেলা আৰু নুৰা নামৰ দুগৰাকী যুৱতীৰ বৰ হৃদয়বিদাৰক কাহিনী এটি আছে। সেই কাহিনীৰ সত্যাসত্য নিৰুপণ কৰাৰ উপায় নাই।

চেলা পাচত বৌদ্ধ সংস্কৃতিৰ চানেকি থকা এখন সুউচ্চ আৰু আকৰ্ষণীয় তোৰণ আছে। টাৱাঙৰ তথা অৰুণাচলৰ পৰ্যটন সম্বন্ধীয় বহুকেইটা বিজ্ঞাপনত এই তোৰণখনৰ ফটো দেখিবলৈ পাওঁ। এতিয়া নিজ চকুৰে সন্মুখতে তোৰণখন দেখি মন ভৰি পৰিল। তোৰণখনক লৈয়ে চেলা পাচ গঢ় লৈ উঠিছে। পথৰ সোঁকাষে দুই এখন সৰু সৰু দোকান আছে। তাত চাহ-কফিৰ সোৱাদ ল’ব পাৰি। প্ৰচণ্ড ঠাণ্ডাত একাপ কফিয়ে জীৱনদায়িনী শক্তি প্ৰদান কৰা যেন অনুভৱ হয়। আমি পিছে সেই সোৱাদৰ পৰা বঞ্চিত হ’লোঁ। বৰষুণৰ মাত্ৰা বাঢ়ি আহিছিল। গতিকে অমিতে যিমান সোনকালে পাৰি সেই ঠাই পাৰ হ’বলৈ বিচাৰিলে। চেলাপাচৰ ৰাস্তাৰ বাওঁকাষে এটি সুন্দৰ হ্ৰদ। বৰফেৰে চাৰিওকাষ ওপচাই পেলাইছে। সেই শুভ্ৰতাৰ মাজত হ্ৰদৰ ফটফটিয়া পানীখিনি দেখিবলৈ অপূৰ্ব সুন্দৰ হৈ পৰিছিল। বৰষুণৰ মাত্ৰা অলপ কমা যেন লগাৰ লগে লগে আমি গাড়ীৰ পৰা নামি বৰফলৈ ঢপলিয়াই গ’লোঁ। কেওফালে বৰফৰ বগা চাদৰ! তাৰ মাজত থিয় দি আছো আমি। কিমান অনন্য সুন্দৰ সেই অনুভৱ শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰি। সেই অনুভৱৰ বাবে প্ৰকৃতিৰ সেই শুভ্ৰতাক নিজ চকুৰে এবাৰ পান কৰি আহিবই লাগিব। গছ-বন নাছিল। পাহাৰবোৰ শুকান শিলময়। এই সময়ত সেই পাহাৰ, শিল, পথ সকলো তুষাৰে ঢাকি ধৰিছে। হাত দুখন আপোনা আপোনি যেন মেল খাই গ’ল। চকু দুটা মুদি ওপৰলৈ মুৰ তুলি দিলোঁ। চিৰদিনৰ বাবে যেন হেৰাই যাম প্ৰকৃতিৰ এই অমিয়া সৌন্দৰ্যৰ মাজত!

অমিত আৰু চনোৱে প্ৰায় জোৰ কৰিয়ে আমাক সেই ঠাই ত্যাগ কৰোৱালে। সিহঁতৰ উদ্দেশ্য যিকোনো প্ৰকাৰে সোনকালে গৈ টাৱাঙ পাবগৈ লাগে। আমাক কথা দিলে, উভটনি যাত্ৰাত সি অলপ বেছি পৰ চেলা পাচত গাড়ীখন ৰখাব। আমিও সন্মত হ’লোঁ।

বমডিলাৰ পৰা টাৱাঙলৈ যাত্ৰাপথৰ লেখদাল যেন এখন সৰু পাহাৰেই। ধীৰে ধিৰে পাহাৰৰ একা বেঁকা পথেৰে আমি চেলা পাচৰ সুউচ্চ শিখৰ উঠিলোহি। ইয়াৰ পিছতে চেলাপাচৰ পৰা টাৱাঙলৈ পথচোৱা পুনৰ তললৈ নামি গৈছে। চেলাপাচত লগ পোৱা বৰফৰ শুভ্ৰতাই যেন আমাক লগ নেৰিলে। বাকী পথচোৱাটো বহুদূৰলৈকে বৰফ দেখিবলৈ পালোঁ। মাজে মাজে দেখা পালোঁ পথৰ দাঁতিত ৰৈ থকা নিঠৰ একো একোটা য়াক। সেই প্ৰচণ্ড ঠাণ্ডাত গাৰ দীঘল নোম খিনিকে সাৰথি কৰি সিঁহতবোৰ থিয় দি আছে। পুনৰাই একা বেঁকা পথ আৰম্ভ হ’ল। বাৰিষা এই পথচোৱাত কেনেকুৱা দুৰ্গতি হ’ব পাৰে আমি ভাবি পাৰ নাপালোঁ। ভৈয়ামৰ নিমজ পথত গাড়ী চলোৱা ড্ৰাইভাৰ সকলৰ বাবে ইয়াত গাড়ী চলাবলৈ কঠিন প্ৰত্যাহ্বানে হ’ব। অভ্যস্ত মানুহেহে ইয়াত উদ্ভৱ হ’ব পৰা পৰিস্থিতৰ লগত মোকাবিলা কৰিবলৈ সক্ষম।

অতপৰে পাহাৰবোৰ দেখি দেখি চকুহালে প্ৰতিক্ৰিয়া দেখুৱাবলৈ পাহৰিছিল। ইখনৰ পিছত সিখনকৈ কিমানখন যে পাহাৰ বগাই আগবাঢ়ি গৈ আছো ভাবি পাৰ নাপালোঁ। চকুৰে মনা দূৰত্বলৈকে কেৱল পাহাৰ আৰু পাহাৰ। কিন্ত্ত আমাৰনো দৃষ্টিৰ সীমনা কিমান! তাৰ সিপাৰেও যে প্ৰকৃতিৰ কত কি বিস্ময়কৰ সৌন্দৰ্যই হয়তো সকলোৰে অলক্ষিতে তিৰবিৰাই আছে তাকে ভাবি আটাইবোৰ ভাবুক হৈ পৰিলোঁ।

ইয়াৰ পিছত আমি টাৱাঙৰ পথত পোৱা আন এক পৰ্যটকৰ প্ৰধান আকৰ্ষণস্থলী যশৱন্ত গড় পালোঁ। পথৰ বাওঁকাষে সৰু পাহাৰৰ এটি টিলা- সেয়াই যশৱন্ত গড়। যশৱন্ত গড় নামটো ৰখা হৈছে ১৯৬২ চনৰ চীন ভাৰত যুদ্ধৰ সময়ৰ শ্বহীদ ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ সন্মানাৰ্থে। এইজনা বীৰ শ্বহীদক মৰোনোত্তৰ ভাৱে ভাৰত চৰকাৰে মহা বীৰ চক্ৰ সন্মান প্ৰদান কৰিছিল। যশৱন্ত গড়ৰ কাষত অমিতে গাড়ীখন ৰাখিলে। গোটেই ঠাইটুকুৰা সেইসময়ত ঘন কুঁৱলীয়ে আৱৰি ৰাখিছিল। সো সোৱাই বলি আছিল ঠাণ্ডা বতাহ। আমিবোৰ একেঠাইতে থিয় দি ৰৈ থাকিবলৈকে অসুবিধা অনুভৱ কৰিলোঁ। দৌৰ দি যশৱন্ত গড়লৈ আগবাঢ়ি গ’লোঁ। ১৯৬২ চনৰ চীনা যুদ্ধৰ স্মাৰক হিচাপে সেনাই এই গড়টো বৰ সুন্দৰকৈ আৰু নিখুঁত পৰিকল্পনাৰে গঢ়ি তুলিছে। যুদ্ধৰ স্মৃতিবিজড়িত সকলো সা-সৰঞ্জাম তথা অস্ত্ৰ-শস্ত্ৰবোৰ সুন্দৰকৈ নিৰ্মিত ভৱন এটাৰ ভিতৰত ৰখা হৈছে। ভৱনটো আমি সচৰাচৰ দেখা পোৱা ভাৰতীয় সেনাবাহিনীৰ পোচাকৰ ৰঙেৰে সুশোভিত কৰি তোলা হৈছে। ভৱনৰ বাহিৰত এখন ফলকত বৰ্ণনা কৰা আছে চীন-ভাৰত যুদ্ধৰ সময়ত এই ঠাইত (নুৰানাং) হোৱা আক্ৰমণৰ কাহিনী। অইন এখন ফলকত সেই যুদ্ধতে শ্বহীদ হোৱা ভাৰতীয় বীৰ সেনা জোৱানসকলৰ নাম লিপিবদ্ধ কৰি ৰখা হৈছে। আমি স্মৃতি ভৱনটোৰ ভিতৰলৈ সোমাই গ’লোঁ। বৰ পৰিপাটিকৈ যুদ্ধৰ বিভিন্ন সা-সৰঞ্জাম, যুদ্ধৰ টোকা, ফটো আদি সজাই ৰখা হৈছে। লগতে ৰখা হৈছে শ্বহীদ যশৱন্ত সিংৰ এটি আৱক্ষ মূৰ্তি। ১৯৬২ চনৰ ১৭ নৱেম্বৰ তাৰিখে চীনা সৈন্যৰ হাতত প্ৰাণ ত্যাগ কৰা যশৱন্ত সিঙৰ মূৰ্তিটো বৰ সুন্দৰকৈ বগা টাইলচ্‌ লগোৱা অকণমানি কোঠা এটিত ৰখা হৈছে। দেখিয়েই আমাৰ আটাইৰে মূৰ শ্ৰদ্ধাত দোঁ-খাই আহিল। সময়ৰ নাটনিৰ হেতুকে আটাইবোৰ বস্স্ত এফালৰ পৰা পঢ়ি বুজি চাবলৈ অসুবিধা হ’ল। কিন্ত্ত সেই অলপ সময়তে এই যশৱন্ত গড়ৰ যুদ্ধ স্মাৰকটোৱে আমাৰ সকলোৰে মনত স্বদেশপ্ৰেমৰ ভাৱেৰে ওপচাই তুলিলে। বতৰ বহুত বেয়ালৈ ঢাল খালে। তাৰ লগতে আমি সোনকালে গৈ টাৱাঙত উপস্থিত হ’বগৈ লাগে। গতিকে উভটনি যাত্ৰাত সময় মিলাই এই যুদ্ধ স্মাৰক আকৌ এবাৰ চোৱাৰ হেঁপাহ কৰি আমি ওলাই আহিলোঁ। যশৱন্ত গড়ৰ সন্মুখতে ৰাস্তাৰ সোঁফালে ভাৰতীয় সেনাৰ দ্বাৰা পৰিচালিত Blazing Sword Café নামৰ কেফে এখন আছে। তাৰ লগতে আছে এটি সুন্দৰকৈ নিৰ্মাণ কৰা ভিউ পইণ্ট। সন্মূখত সুবিশাল সেউজীয়া পাহাৰ। ভিউ পইণ্টৰে সেই সৌন্দৰ্য উপভোগ কৰিবলৈ পোৱাটো সঁচাই অনন্য অনুভৱ। সেনাই সেই ঠাইত প্ৰয়োজনীয় সা-সামগ্ৰীৰ এখন কেণ্টিনো খুলি ৰাখিছে। পৰ্যটক সকলে চাহ-কফিৰ সোৱাদ লোৱাৰ লগতে হাত-মোজা, জেকেট, মাফলাৰ আদি কিনিব পাৰে। পিছে আটাইবোৰ সাজ-পোচাকতে ভাৰতীয় সেনা বাহিনীৰ ইউনিফৰ্মৰ চাপ সুস্পষ্ট।

আবেলি হৈ আহিছিল। আমি পুনৰ পাহাৰ ভেদি আগুৱাই গৈ থাকিলোঁ। ইয়াৰ পিছত আমি বাটত পোৱা অইন এখন উল্লেখযোগ্য চহৰ আছিল জং। জং চহৰখন বমডিলা আৰু ডিৰাঙৰ তুলনাত কিছু সৰু। পথৰ দুইকাষে দোকান-পোহাৰবোৰ অতিক্ৰমি আমি জং চহৰখন পাৰ হৈ গ’লোঁ। অতদূৰ জনপ্ৰাণীহীন পাহাৰবোৰ দেখি অহাৰ পিছত সেৰেঙা বসতিৰে ইয়াত দুই এঘৰ মানুহ দেখা পালোঁ। ভৈয়ামৰ পৰা অত দূৰত, দুৰ্গম এইবোৰ এলেকাত কিমান অসুবিধাৰ মাজেৰে এই মানুহবোৰ ইয়াত বসবাস কৰি আছে, ভাবিলেই আচৰিত লাগে। তেওঁলোকে নিত্য প্ৰয়োজনীয় বস্ত্ত-বাহানিবোৰো থাউকতে লাগ বুলি ক’লেই পায় নে! হয়তোবা তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰো কম। নহ’লে ইমান দূৰত ইমান কম সুবিধাৰ আমাৰ দৰে মানুহ ইয়াত জীয়াই থকাটোৱে একপ্ৰকাৰ অসম্ভৱ যেন কথা।

জং ঠাইখন সেউজীয়া পাহাৰেৰে পৰিপূৰ্ণ। ডিৰাঙ পাৰ হোৱাৰ পিছত একেলেথাৰিয়ে পোৱা টকলা পাহাৰবোৰৰ পৰিবৰ্তে এইখিনি ঠাইত চকু জুৰ পৰি যোৱা সেউজীয়াই আমাৰ মন তৃপ্ত কৰি তুলিলে। পথৰ কাষতে সৰু সৰু বহুকেইটা বৌদ্ধ স্ত্তপ দেখা পালোঁ। বগা বৰণীয়া গম্বুজবোৰত বিভিন্ন কলাকৃতি খোদিত কৰি ৰখা হৈছে। লগতে দেখা পালোঁ আমাৰ অসমীয়া ঘৰবোৰত সন্মুখৰ চোতালত থকা তুলসীৰ ঢিপবোৰৰ সদৃশ সৰু সৰু একো একোটা চুলা। দুই এটাৰ পৰা ধোঁৱা নিৰ্গত হৈ থকা দেখা পাই আমাৰ কৌতুহল বাঢ়িল। অমিতে বুজাই ক’লে যে সেই চুলাসমূহ মনপা সম্প্ৰদায়ৰ লোকসকলে চৌপাশৰ পৰিৱেশ পবিত্ৰ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰে। কোনো এক পাহাৰীয়া সুগন্ধিজাত গছৰ ডাল-পাত এই চুলাবোৰত জ্বলাই ৰখা হয়। তাৰ ধোঁৱাই চৌপাশ আমোলমোলাই ৰাখে। গাড়ীৰ বন্ধ খিৰিকিৰ বাবে আমি সেয়া সুগন্ধি অনুভৱ নকৰিলো যদিও গোটেই ৰীতিটো শুনি সঁচাকৈয়ে আপ্লুত হ’লোঁ। আমাৰ মনবোৰো পবিত্ৰতাৰ ভাৱ এটিয়ে আহি বুৰাই পেলালেহি।

এইবাৰ জং জলপ্ৰপাত দেখুৱাবলৈ পথৰ সোঁকাষে থকা এটি সৰু পথেৰে অমিতে আমাক আগুৱাই লৈ গ’ল। সকলোৱে জং ৱাটাৰফল বুলিলেও এই জলপ্ৰপাতটোৰ প্ৰকৃত নাম নুৰানাং ৱাটাৰফল হে। সকলোৰে অলক্ষিতে পাহাৰৰ মাজত থকা প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যৰ কথা বহুতেই জনা নাছিল। ১৯৯৭ চনত ৰাকেশ ৰোচনে তেওঁৰ শ্বাহৰুখ খান, মাধুৰী অভিনীত কয়লা ছবিখনত দৃশ্যায়ন কৰাৰ পিছতহে এই জলপ্ৰপাতটোৱে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। কয়লা ছবিৰ ‘তনহাই তনহাই’ শীৰ্ষক গীতটিত এই জলপ্ৰপাতটি বৰ সুন্দৰকৈ চিত্ৰায়িত কৰা হৈছে। আমাৰ অসমীয়া মুনিন বৰুৱা পৰিচালিত ছবি ‘হিয়া দিয়া নিয়া’ৰ ‘মিঠা মিঠা’ গীতটোৰ চিত্ৰায়নো এই জং ৱাটাৰফলতেই কৰা হৈছে। গাড়ীৰ পৰা নামি জলপ্ৰপাতটিৰ অপৰূপ সৌন্দৰ্য সুষমা দেখি আমি আটাইবোৰ বিস্ময় বিমুগ্দ্ধ হৈ ৰ’লোঁ। সুবিশাল জলপ্ৰপাতটিৰ হোঁ হোঁৱনি বহু দূৰৈৰ পৰাই শুনিবলৈ পোৱা যায়। পাহাৰৰ শীৰ্ষৰ পৰা বাগৰি অহা জলপ্ৰপাতৰ পানী তলৰ শিলত ঠেকা খাই বহু দূৰলৈকে চিটিকি পৰে। সূৰ্যৰ পোহৰত এই ঠাইত সেয়েহে প্ৰতি মুহৰ্ততে সাতোৰঙী ৰামধেনু দেখিবলৈ পোৱা যায়। পানীৰ চিটিকনিৰে ধোৱাই পেলোৱাৰ আশংকা কৰি আমি জলপ্ৰপাতৰ বৰ বেছি কাষলৈ আগুৱাই নগ’লোঁ। কিন্ত্ত জলপ্ৰপাতৰ পানী জুঁৱলিত গোটেই দিনটো বহি থাকিলেও বোধকৰো প্ৰকৃতিৰ এই অনন্য ৰূপ ৰস উপভোগ কৰিবলৈ সময়ৰ নাটনি হ’ব। সঁচা অৰ্থতে জং ৱাটাৰফল চাবলৈকে এটি ভ্ৰমণসূচী আচুতীয়াকৈ তৈয়াৰ কৰিব পাৰি।

জং ৱাটাৰফলৰ পৰা উভটি আমি এইবাৰ টাৱাং অভিমুখে ৰাওনা হ’লোঁ। ইয়াৰ পিছত পথত ৰৈ চাবলগীয়া অন্য একো কাৰ্যসূচী নাছিল। ইতিমধ্যে সময়ো লাহে লাহে গধূলি হৈ আহিছিল। (আগলৈ)

 

-প্ৰাঞ্জল দাস,

এৰাগাঁও, বালিপৰা, শোণিতপুৰ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s