শিপা

পাৰ বাহ সদৃশ এই চাৰিচুকীয়া ফ্লেটটোৰ ভিতৰত সোমাই থাকি লীলাৱতী শইকীয়াৰ অসহ্য লাগে। ভাগ্য ভাল যে বাহিৰলৈ চাই থাকিবলৈ বেলকনিখন আছে। বেলকনিৰ আৰামী চকীখনতে বহি লীলাৱতী শইকীয়াই গোটেই দিনটো বাহিৰলৈ চাই চাই অলসভাৱে বহি থাকে। কৰিবলৈও একো কাম নাই। আটাইবোৰ কাম কামকৰা মানুহজনীয়ে আহি কৰি থৈ যায়। পুতেক বোৱাৰীয়েকৰ চাকৰি। নাতিয়েকৰ স্কুল।

পুতেকলৈ শইকীয়ানীৰ একো অভিযোগ নাই। অন্য দহজনে ব্যস্ততাৰ খাতিৰত মাক-দেউতাকক অৱহেলা কৰা দিনত সি দেউতাক ঢুকোৱাৰ পিছত মাকক আনি চহৰৰ ঘৰত একেলগে যে ৰাখিছে তাতে তেওঁ সন্ত্তষ্ট। কিন্ত্ত নাতিয়েকৰ সৈতে মন খুলি সময় কটাব নোৱৰা কথাটোৱে শইকীয়ানীক দুখ দিয়ে। বোৱাৰীয়েকলৈ তেওঁৰ ভয় লাগে। আইতাকৰ লগত থকা সময়খিনিও মানুহজনীয়ে পুতেকক প্ৰতিটো সময় চকুৰ আগত ৰাখিব বিচাৰে। নাতিয়েকে আইতাকৰ সৈতে অকণমান খেলিবলৈ বিচাৰেহে। মাকজনীয়ে কেঙকেঙাই উঠে-‘বাবা! তোমাৰ হোমৱৰ্ক বাকী নাইনে! যোৱা। ৰূমলৈ যোৱা।’ ইমান অকণমানি পোৱালিকণে এই বয়সতে কি নো ইমান পঢ়িব লাগে শইকীয়ানীয়ে ভাবি পাৰ নাপায়। তাতে তাৰ মগজটোও ভাল। এবাৰ পঢ়িয়েই সি সলসলীয়াকৈ আটাইবোৰ গাই যাব পাৰে। নোৱাৰিবনে! সি লীলাৱতী শইকীয়ানীৰহে নাতি। সি আইতাকক ইংৰাজীৰ ৰাইমচ মাতি শুনাই। শইকীয়ানীৰ বুকুখন কোনোবাখিনিত খামোচ মাৰি ধৰি বিষাই। পিছে তেওঁৰ উপায় নাথাকে। পঢ়োৱাতো বাদেই নাতিয়েকক সাধু এটা শুনাবলৈও শইকীয়ানীয়ে বোৱাৰীয়েকৰ ভয়ত তাপ মাৰি থাকে।

আজি শইকীয়ানীৰ সুযোগ মিলিছে। পুতেক বোৱাৰীয়েক দুয়ো অফিচৰ মানুহখিনিৰ সৈতে মিলি ক’ৰবাত ফুৰিবলৈ গৈছে। নাতিয়েক আজি গোটেই দিনটো আইতাকৰ সৈতে থাকিব। ৰাতিপুৱা গাটো ধুই উঠি শইকীয়ানীয়ে বৰ হেঁপাহেৰে নাতিয়েকক মাতি বেলকনিত বহাই ল’লেহি। ৰাতিপুৱাৰ ৰ’দজাকে আহি দুয়োৰে মুখখন পোহৰাই তুলিছেহি।

-‘আজি আমি দুয়োটাই মিলি অইন কিবা এটা পঢ়িম দেই!’
-‘কি পঢ়িম আইতা?’
-‘মই কৈ যাম। তই মোৰ লগে লগে কৈ যাবি দেই। কচোন ‘অ’!”
-“অ”- আইতাকৰ সুৰত সুৰ মিলাই সি লেনিয়াই মাতি গ’ল।
ডেৰকুৰি বছৰ গাঁৱৰ এল পি স্কুলৰ হেডমাষ্টৰণী হৈ অৱসৰ লোৱা লীলাৱতী শইকীয়াৰ মুখখন জিলিকি জিলিকি উঠিল।
-“এইবাৰ ক ‘আ’”
-“আ”…..

-প্ৰাঞ্জল দাস,

এৰাগাঁও, বালিপৰা

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s