কথানদী- The River of Fables.

যোৱা গোটেই সপ্তাহটোত ‘কথানদী’ চিনেমা খনৰ ওপৰত বিভিন্নজনে ফেচবুকত বিভিন্ন কথা লিখা দেখা পালোঁ। স্বাভাৱিকতে চিনেমাখনৰ প্ৰতি উৎসুকতা বাঢ়ি গ’ল। অগত্যা বৃহস্পতিবাৰে গধূলি ‘জোনাকী হল’ত চিনেমাখন চাবলৈ ওলালো। হলত চিনেমাখনৰ প্ৰথম সপ্তাহৰ শেষ দিন হোৱা হেতুকে, তথা দ্বিতীয় সপ্তাহত চিনেমাখন থকা-নথকাৰ আশংকাতে বোধকৰো দৰ্শকৰ সংখ্যা আছিল যথেষ্ট চকুতলগা। ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ পৰা আদি কৰি বহুকেইজন বয়সীয়াল লোক পৰিয়ালৰ সৈতে চিনেমা চাবলৈ অহা দেখা পালোঁ। অসমীয়া চিনেমাৰ বাবে চিনেমাহললৈ এনেকৈ দৰ্শক ঢপলিয়াই অহাতো নিশ্চয়কৈ আশাব্যঞ্জক।

‘বুঢ়ী আইৰ সাধু’ৰ চাৰিটা সাধু- ‘ঔ কুঁৱৰী’, ‘তাৱৈয়েকৰ সাধু’, ‘চম্পাৱতী’ আৰু ‘তেজীমলা’ক লগলগাই চিনেমাখনৰ কাহিনীভাগ সজা হৈছে। তাহানি সৰুতে বুঢ়ী আইৰ সাধু খনে আমাৰ কল্পনাৰাজ্যত বাৰে ৰহণীয়া ৰামধেনু সাজিছিল। চিলনীৰ জীয়েকে গছৰ ওপৰত বহি সাত হাত দীঘল চুলি আঁচোৰে। সেই চুলি আহি গছৰ ছাঁত জিৰণি লোৱা সদাগৰৰ মূৰত পৰে। সদাগৰৰ দুজনীকৈ পত্নী থাকে। লাগীজনীয়ে এলাগী আৰু এলাগীৰ ল’ৰা ছোৱালীক সদায় কষ্ট দিয়ে। বৰা চাউল খাবলৈ নাপাই তীখৰে গাঁৱৰ কাৰোবাৰ চোতালত ৰ’দত দিয়া ধানত বাগৰ মাৰেগৈ। ডলাত দেখা বৰা চাউলৰ পিঠাৰ দাগ গণনা কৰি ফৰিঙে সৰৱজান নাম পায়। ইফালে লটকনে মাখি নাম লৈ মিঠৈ খাবলৈ ধৰে। মেকুৰীৰ দুজনী জীয়েক জন্মে। কোনোবা ৰাজ্যৰ সৰু ৰাণীৰ ঔ-টেঙা এটি উপজে। তাৱৈয়েকৰ কথা মানি কোনোবাই নিজৰ সন্তানক মাটিত গাত খান্দি পোতে। এই কাহিনীবোৰৰ সৈতে একাত্ম হৈ আমিও কোনোবা এখন অচিন সপোনপুৰীত বিচৰণ কৰি ফুৰিছিলোগৈ।

‘কথানদী’য়ে সেই সপোনপুৰীখনৰ সৌন্দৰ্য দেখুওৱাত সম্পূৰ্ণৰূপে সমৰ্থ হৈছে। গোটেই চিনেমাখন ইমান সুন্দৰকৈ নিভাঁজ অসমীয়া গাঁও এখনিত চিত্ৰায়িত কৰা হৈছে যে দেখি পুলকিত হ’লোঁ। আধুনিকতাৰ কতো অলপো চিনচাব নাই। ঘৰ-দুৱাৰ, সাজ-পাৰ, আলি-পথ সকলোৱে সাধুকথাৰ মনৰ মাজত অংকিত হৈ থকা গাঁও এখনকে চকুৰ আগত তোলি ধৰিলেহি। ধনী-দুখীয়া সকলোৰে খেৰী ঘৰ, গোবৰ লেটিয়াই চোতাল মচা, বিয়ালৈ বুলি গাঁৱৰ মানুহে বাঁহ কঢ়িয়াই নিয়া, কলগছ কটা, কইনাৰ মাকে দৰাক আদৰা ইত্যাদি দৃশ্যবোৰ সঁচাকৈয়ে মন পৰশা হৈছে। তেজীমলাৰ সাধুটি পঢ়োতে মাহীমাকৰ অত্যাচাৰতকৈও জৰাটেঙা, পদুম ফুল হৈ জন্ম লভি শেষত আকৌ তেজীমলা দেউতাকৰ ওচৰ পোৱাৰ কথাটোৱেহে আমাক বেছিকৈ আকৰ্ষিত কৰিছিল। সাধুটোৰ শেষত সদাগৰে দ্বিতীয় ঘৈণীক খেদি দি সুখেৰে খাই-বৈ থকা কথাটোৱে মনলৈ আনন্দ আনিছিল। কিন্ত্ত ‘কথানদী’ চিনেমাখনত মাহীমাকে তেজীমলাক ঢেঁকীৰে খুন্দাৰ যি ভয়ংকৰ দৃশ্য উপস্থাপন কৰা হৈছে, সেয়া দেখি সঁচাকৈয়ে শিহঁৰিত হ’লোঁ। মাহীমাকে থেকেচি থেকেচি তেজীমলাক কেৰেলুৱা খুৱাই দিয়াৰ দৃশ্যটো দেখি হললৈ মাক-দেউতাকৰ সৈতে অহা কণ কণ ল’ৰা-ছোৱালীবোৰৰ মনৰ অৱস্থা কেনেকুৱা হৈছিল অনুমান কৰিবলৈ আমি অসুবিধা পালোঁ। ঠিক একেদৰে ‘চম্পাৱতী’ সাধুটো পঢ়োতেও চম্পাৱতীৰ সতীয়া মাকৰ জী (নামটো- ‘বনলতিকা’ চিনেমাখনত দেখুৱাৰ মতে) অজগৰৰ পেটত সোমোওৱা কথাটোতকৈ অজগৰ ৰূপী স্বামীক ন-ৰূপত ঘূৰাই পোৱা আৰু অজগৰে ৰাক্ষসী মাকক মাৰি চম্পাৱতীৰ সৈতে সুখেৰে খাই বৈ থকা কথাটোৱেহে মনটো ভৰাই ৰাখিছিল। কিন্ত্ত চিনেমাখনত অজগৰে ন-কইনাক মেৰিয়াই ধৰা দৃশ্যটো ইমান ভয়ংকৰ যে আমাৰ সন্মূখত বহা এগৰাকী দৰ্শক ভয়তে চিঞঁৰ মাৰি উঠিল। সেইদৰে অজগৰৰ পেট ফালি কইনাৰ হাতখন উলিয়াই অনা দৃশ্যটোও বহুত পৰলৈকে চকুৰ আগত অগা-দেৱা কৰি থাকিল। ‘তাৱৈয়েকৰ সাধু’টিৰ মতে দেউতাকে ৰাতি পল এটাত বহি ইতিপূৰ্বে পুতি থোৱা সন্তানকেইটিৰ কথা-বতৰা শুনি থাকেগৈ। চিনেমাখনত পিতৃ-মাতৃ (পোনাই আৰু মালতী) দুয়ো জোঁৰ লৈ গৈ ৰাতি সন্তানকেইটাৰ যি বিকৃত ৰূপ দেখে, সেয়া চিনেমাখনত দেখাৰ আগতে আমি কল্পনাই কৰিব নোৱাৰিছিলোঁ। চিনেমাখনত ‘ঔ-কুঁৱৰী’ সাধুটোৰ উপস্থাপন অৱশ্যে ভিন্ন। ঔ-টেঙাটো মাক কেতেকীৰ পিছে পিছে বাগৰি ঘূৰি ফুৰা দৃশ্যাৱলী বৰ সুন্দৰকৈ দেখুওৱা হৈছে। ঔ-টেঙাৰ ভিতৰৰ পৰা ওলাই অহা ৰঙা চুলি আৰু শুধ বগা চেহেৰাৰ ছোৱালীজনী প্ৰথমে আখজা লাগিলেও ঔ-টেঙাৰ ভিতৰত সোমাই থকা কাৰণেই তেনেকুৱাকৈ দেখুওৱা হৈছে বুলি মনটোক পতিয়ন নিয়াই থ’লোঁ।

যি হ’লেও ‘কথানদী’ অসমীয়া চলচ্চিত্ৰৰ বাবে এক ব্যতিক্ৰমী প্ৰয়াস। সেয়ে হয়তো বহু মানুহে চিনেমাখন চাবলৈ আগ্ৰহ কৰিছে। চিনেমাখনক প্ৰথম দৃশ্যৰ পৰা শেষলৈকে দৰ্শকৰ সৈতে সংযোগ কৰি ৰখাৰ কৃতিত্ব অভিনয় শিল্পী কেইজনে দাবী কৰিব পাৰে। আদিল হুচেইন, সীমা বিশ্বাস, উৰ্মিলা মহন্ত, জেৰিফা ৱাহিদ, কপিল বৰা, আশা বৰদলৈৰ পৰা তেজীমলাৰূপী কাসবী শৰ্মালৈকে আটায়ে ইমান সুন্দৰ অভিনয় কৰিছে যে আগেয়ে জনা কাহিনী কেইটাকে ন ৰূপত এই কেইজন শিল্পীৰ অভিনয়েৰে চাই দৰ্শক মোহাচ্ছ্ন্ন হৈ থাকিল। জেৰিফা ৱাহিদক ব্যতিক্ৰমী চৰিত্ৰ এটাত দেখি ভাল লাগিল যদিও ৰাগিয়াল ৰূপটো অতি নাটকীয় যেন লাগিল। ‘কথানদী’ চাই বোধ হ’ল অসমত প্ৰতিভাধৰ অভিনয় শিল্পীৰ অভাৱ নাই। সৰুতে দুৰদৰ্শনত দেখা ‘যাচুচ বিজয়’ ধাৰাবাহিক খনৰ বিজয়জন যে আমাৰ অসমৰে আদিল হুচেইন সেই কথাটো বহু দেৰিকৈহে জানিব পাৰিছিলোঁ।‘আদিল হুচেইন’ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সন্মানীয় শিল্পী সেই কথা কোৱাটো বাহুল্য। ঠিক একেদৰে ‘বেণ্ডিত কুইন’ৰ ফুলন দেৱী চৰিত্ৰটোৰ পৰা কেইদিনমান আগত মুক্তি পোৱা ‘ফ্ৰীকি আলি’ ছবিত নৱাজুদ্দিন চিদ্দিকীৰ মাতৃৰ চৰিত্ৰলৈকে আটাইবোৰতে সাৱলীল অভিনয় কৰা সীমা বিশ্বাসক লৈও আমি কিছু গৌৰৱবোধ কৰোঁ। উৰ্মিলা মহন্ত সঁচা অৰ্থতে এগৰাকী স্বভাৱশিল্পী। বহুদিন আগেয়ে ‘চিচিংফাক’ নামৰ হাস্যমধুৰ ভিচিডি ছবি এখনত চেতনা দাসৰ জীয়েক ৰমলাৰ ৰূপত উৰ্মিলা মহন্তক প্ৰথম দেখা মনত পৰে। বৰ্তমান উৰ্মিলা মহন্তই অভিনয় প্ৰতিভাৰে মুম্বাইতো খোপনি পুতিবলৈ সক্ষম হৈছে। ইয়াৰ উদাহৰণ ‘ক্ৰাইম পেট্ৰল’ ধাৰাবাহিক খনৰ কাহিনীবোৰত উৰ্মিলাক সঘনাই দেখা পোৱাটো। অসমীয়া ছবিৰ অতি পৰিচিত জেৰিফা ৱাহিদ, কপিল বৰা, আশা বৰদলৈ আটাইবোৰ শিল্পীয়ে যে সঠিক চিত্ৰনাট্য, সংলাপ পালে মন পৰশা অভিনয় উজাৰি দিব জানে ‘কথানদী’ ছবিখনে সেই কথাটোকে আমাক দেখুৱাই দিলে।

এসপ্তাহ ধৰি শুনি থকা হেতুকে ‘কথানদী’ৰ প্ৰতি আমাৰ expectation যথেষ্ট বেছি আছিল। সেয়ে হয়তো অলপমান হতাশ হ’লো যদিও সামগ্ৰিকভাৱে বহুদিনৰ পিছত এখন ভাল অসমীয়া ছবি উপভোগ কৰিলোঁ বুলি প্ৰত্যয়েৰে ক’ব পাৰোঁ। ‘কথানদী’ ন-ধাৰাৰ অসমীয়া ছবি নিৰ্মাণৰ ভেটি হওক। অসমীয়া ছবি চাবলৈ দৰ্শকে ‘কথানদী’ চাবলৈ অহাৰ দৰে ভিৰ কৰক- সেয়াই আশা কৰিলোঁ। ছবি নিৰ্মাণৰ নামত বহু টকা খৰচ কৰি দুৰ্বল কাহিনী, জড়তাপূৰ্ণ অভিনয়ৰে দৰ্শকক অসমীয়া ছবিৰ প্ৰতি বিতৃষ্ণা জগাই তোলাতকৈ ‘কথানদী’ৰ দৰে ব্যতিক্ৰমী ধাৰাৰ সুন্দৰ চিত্ৰনাট্য আৰু সুন্দৰ অভিনয়েৰে দৰ্শকক মুহিব পৰা চিনেমা নিৰ্মাণ কৰাটোহে এই সময়ত বেছি জৰুৰী। সু প্ৰচেষ্টাৰ বাবে সকলো ফালৰ পৰাই সঁহাৰি আহে। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ ইঞ্জিনিয়াৰিঙ প্ৰতিষ্ঠানৰ তৰফৰ পৰা পল্টন বজাৰৰ গ’লড চিনেমা হলত তিনিটা দিনৰ ‘কথানদী’ৰ আটাইকেইটা দৰ্শনীৰ সকলো টিকেট শিক্ষা প্ৰতিষ্ঠানটোৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে বুক কৰা কথাটোৱে ইয়াৰ এক সুন্দৰ উদাহৰণ।

-প্ৰাঞ্জল দাস,

এৰাগাঁও, বালিপৰা, শোণিতপুৰ

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s