বিশ্বকৰ্মা পূজা, ভাদমহীয়া নাম ইত্যাদি…

আমি সৰুতে পূজা বুলিলে অকল দুখন পূজাৰ কথাহে বুজিছিলোঁ- সৰস্বতী পূজা আৰু দুৰ্গা পূজা। আমাৰ সৰুকাল অতিবাহিত হৈছিল চাৰিদুৱাৰত। কোনো ধৰণৰ চিন্তা-ভাৱনা নথকা পাখি মেলা শৈশৱ কাল। আক্ষৰিক অৰ্থতে আমি চৰাইৰ দৰে গোটেই গাঁওখন ঢপলিয়াই ফুৰিছিলোঁ। পঢ়াৰ বোজা নাছিল। টিউচন চিউচন লোৱাৰ কথাও নাছিল। পুৱা-গধূলি অলপমান পঢ়িছিলোঁ। মায়ে কেতিয়াবা কেতিয়াবা পঢ়াবলৈ বহিছিল। বেছিভাগ নিজেই পঢ়া-শুনা কৰিছিলোঁ। পঢ়ি উঠি ফলি কিতাপ সামৰি সদায় সৰস্বতী প্ৰাৰ্থনা গাবলৈ নাপাহৰিছিলোঁ- সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী/ আমি বোলো আই/ যিখনি পাহৰোঁ দিবা সোঁৱৰাই/ খৰি খৰি খৰি বৰজৰ খৰি/ খৰিয়ে মেলিলে পাত/ আই সৰস্বতী কণ্ঠত থাক! সেই আই সৰস্বতীৰ পূজা ভাগলৈকে বছৰৰ আৰম্ভণিতেই বৰ হেঁপাহেৰে ৰৈ আছিলোঁ। পূজাৰ আগদিনা ছাৰ-বাইদেউৰ পৰিচালনাত গোটেই স্কুল ঘৰ চাফ চিকুন কৰিছিলোঁ, মণ্ডপ সাজিছিলোঁ, ৰাতিপুৱাতে উঠি ফুল বিচাৰি ঘূৰি ফুৰিছিলোঁ। পূজাৰ দিনা কোনোবাবাৰ স্কুলত খিচিৰি খুৱাইছিল, কোনোবাবাৰ পায়স। এবাৰ লুচি-ভাজি খুওৱাৰ কথাও মনত পৰে। শাৰী পাতি আটাইবোৰ বহি পৰম তৃপ্তিৰে সৰস্বতী পূজাৰ ভোগ খাইছিলোঁ। পূজাৰ দিনা আটাইতকৈ আকৰ্ষণীয় কথাটো আছিল অইনদিনাৰ দৰে সেইদিনা ফলি পুথি ল’ব লগা নাছিল। মায়েও সেইদিনা নপঢ়িলে একো কোৱা নাছিল। সৰস্বতীৰ পূজা দিনা পঢ়িবলৈ নাপায়!

দুৰ্গা পূজালৈ এমাহমান আগৰে পৰা কেলেণ্ডাৰখন চাই চাই দিন গণিছিলোঁ। কেতিয়াবা কেতিয়াবা পূজালে’ আৰু ইমান দিন বুলি চিঞঁৰ মাৰিছিলোঁ। পূজাৰ কেইদিনমান আগতে মাহঁতে ভাইটি আৰু মোলৈ একে ৰঙৰ একে ডিজাইনৰ চোলা-পেণ্ট কিনি আনিছিল। সেইটোও পৰম আনন্দৰ কথা আছিল। একে একে কাপোৰ পিন্ধি দেউতাৰ চাইকেলত উঠি পূজা চাবলৈ গৈছিলোঁ। দুপৰীয়াৰ পৰা উৎপাত কৰোতে কৰোতে আবেলিৰ পৰলৈ দেউতাই ব’ল ব’ল বুলি ক’বলৈ বাধ্য হৈ পৰিছিল। পূজা মানে পূজা সেৱা কৰাতকৈ হৰেক ৰকমৰ বস্ত্তৰে বহা দোকান পোহাৰৰ মেলাখনৰ কথাহে বুজিছিলোঁ। পিষ্টল, ৰঙা ৰঙা কাগজত ক’লা ক’লা গুলীৰ নুৰিওৱা পেকেট, বেলুন, জেলেপি, খেলনা লৈ হুইছেল বজাই বজাই গধূলি ঘৰ সোমাইছিলোহি। ঘৰত পিষ্টলত গুলীৰ পেকেট ভৰাই লৈ পুলিচ-দকাইতৰ গুলীওৱা-গুলীৰ খেল খেলিছিলোঁ।

তাৰ পিছত আমাৰ পৰিয়ালটো বালিপৰালৈ উঠি আহিলো। বালিপৰাতো কথাবোৰ একেধৰণৰে আছিল। চাৰিআলিটোৰ তেজপুৰ ৰ’ডত থকা সমূহীয়া পূজাঘৰটোত এখনেই সাৰ্বজনীন পূজা পতা হৈছিল। সেইখনতে মানুহবোৰ উবুৰ খাই পৰিছিলগৈ। দোকান-পোহাৰৰ মেলাবোৰ চৌপাশে বহিছিল। নৱমীৰ ৰাতি আৰতি প্ৰতিযোগিতা চাবলৈ অলপ দেৰিলৈকে আছিলোঁ। ধূণা লৈ লৈ ঢাকৰ তালে তালে নচা প্ৰতিযোগীবোৰক পৰম বিস্ময়েৰে চাইছিলোঁ।

সৰস্বতী পূজা আৰু দুৰ্গা পূজাৰ বাদে দুই এঘৰত গাইগুটিয়াকৈ বিশ্বকৰ্মা পূজা আৰু শিৱৰাত্ৰিৰ আয়োজন কৰিছিল। শিৱৰাত্ৰিৰ পূজালৈ মাহঁতে আমাক কেতিয়াও পঠিওৱা নাছিল। কোনোবাই ফুচুলাই ভাঙৰ লাৰু বা ঘোটা খুৱাব বুলি ভয় কৰিছিল। বিশ্বকৰ্মা পূজাৰো বৰ বিশেষ আয়োজন নাছিল। গাড়ী-গোৰা থকা দুই এঘৰে মাহ-প্ৰসাদ খুৱাইছিল। বিশ্বকৰ্মা পূজাতকৈও সেইদিনা প্ৰাধান্য পোৱা কথাটো আছিল- ভাদমহীয়া নাম সামৰা। গোটেই ভাদ মাহটো আবেলি আবেলি নাম গাই গাই সামৰণিৰ দিনা নামঘৰত বিশেষ আয়োজন কৰিছিল। বহুকেইঘৰে সমূহীয়াকৈ শৰাই আগবঢ়াইছিল, বৰ দীঘলীয়া নাম-প্ৰসংগ চলিছিল। আমি সৰু সৰুবোৰে প্ৰসাদ দিয়াৰ সময়লৈকে নামঘৰৰ চাৰিওফালে দৌৰা-ঢাপৰা কৰি কোৰ্হাল কৰি ফুৰিছিলোঁ। প্ৰসাদ দিয়াৰ সময়ত হাত দুখন পেণ্টত মচি চাফা কৰি লৈ হাত পাতিছিলোগৈ।

এতিয়া ভাবিলে বৰ পলকতে সেই দিনবোৰ সলনি হোৱা যেন লাগে। কোনোবা এবাৰ (বোধহয় ৯৯ চনত) বালিপৰা চাৰিআলিটোৰ লখিমপুৰ ৰ’ডত অইন এখন দুৰ্গা পূজা আয়োজন কৰা হৈছিল। একেখন সৰু ঠাইতে দুখন দুখন পূজা!- সেই কথাটোৱে আমাৰ মনতোক পুলকিত কৰি তুলিছিল। তাৰমানে মফচলীয় চহৰ বালিপৰাখনো লাহে লাহে উন্নতিৰ পথত আগবাঢ়িছে! তাৰ পিছৰ কোনোবা বছৰ অইন এটি পথটো অইন এখন পূজা হ’ল। এনেদৰে পূজাৰ সংখ্যাবোৰ বাঢ়ি গ’ল। সলনিবোৰ বোধহয় এনেকৈয়ে অলপ অলপকৈয়ে হৈছিল। এতিয়া বালিপৰা চাৰিআলিটোৰ চাৰিওটা পথতে চাৰিখন বেলেগ বেলেগ দুৰ্গা পূজা মণ্ডপ। দোকান-পোহাৰৰ সংখ্যাবোৰো বাঢ়ি গ’ল। মূল চাৰিআলিটোৰ চাৰিখন পূজা বাদ দিও ওচৰৰ পাজৰৰ এলেকাবোৰত সৰু বৰ দহ-বাৰখনমান পূজাৰ আয়োজন চলে।

আজিকালি আমাৰ ঘৰলৈ বিভিন্ন সময়ত বিভিন্ন দল আহে- কোনোবাই জগধাত্ৰী পূজাৰ বাবে চান্দা বিচাৰে, কোনোবাই ক’ৰবাত মনসা পূজাৰ আয়োজন কৰে। ব’হাগ বিহুৰ সময়ত দুৰ্গা পূজা সদৃশ লক্ষ্মী, গণেশ, কাৰ্তিক, সৰস্বতী আটাইবোৰ মূৰ্তিৰে সৈতে বাসন্তী পূজাও পাতে। কেইদিনমান আগত বৰ ধুমধামেৰে গণেশ পূজাৰ আয়োজন চলিল। আগেয়ে দেৱালী বুলিলে আমি পদূলিত কলপুলি পুতি চাকি বন্তি জ্বলাই বোম, ফুলজাৰি ফুটুৱাৰ কথাহে বুজিছিলোঁ। আজিকালি আমাৰ সৰু চহৰখনত কেইবাঠাইটো কেইবাখনো কালী পূজাৰ আয়োজন কৰা হয়। আগেয়ে লক্ষী পূজাৰ দিনা সন্ধিয়া মায়ে গোঁসাইঘৰত লখী চৰিত পাঠ কৰে। আমাক কঠত বহি শুনি থাকিবলৈ কয়। ঘৰতে অনুষ্টুপীয়াকৈ মাহ-প্ৰসাদৰ আয়োজন কৰে। আজিকালি লক্ষ্মী পূজাৰো বিশাল আয়োজন চলে- আকৰ্ষণীয় মণ্ডপ, প্ৰতিমা, জাকজমক।

ভাবিলে এতিয়া আচৰিত লাগে। ইমানবোৰ পূজা-পৰ্বণ সংস্কৃতি লাহে লাহে আমাৰ মাজত সোমাই পৰিল। সহজ সৰল নাম-ধৰ্ম ৰীতি-নীতিৰ অসমীয়া মানুহবোৰে এতিয়া উত্তৰ ভাৰতীয় বলয়ৰ পূজা সংস্কৃতি আঁকোৱালি বিশৃংখলিত হৈ পৰা যেনহে অনুভৱ হয় মাজে মাজে। শংকৰদেৱে বোধকৰো সেই তাহানিতে এই আটাইবোৰ কথা পূৰ্বানুমান কৰিব পাৰিছিল। সেয়েহে হয়তো উত্তৰ ভাৰত ভ্ৰমণ কৰি আহিয়ে এক শৰণ ধৰ্মৰ ধাৰণাটো লৈছিল। কিন্ত্ত আজিকালি দেখোন দুৰ্গা পূজাৰ বিসৰ্জনৰ জাক-জমকত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিৰ কথা আমাৰ বহুতৰ মনলৈকে নাহে। আজি বিশ্বকৰ্মা পূজাও মহা ধুমধামেৰে আমাৰ চহৰখনত আয়োজন কৰা হ’ল। সৰু-বৰ বহুকেইটা মণ্ডপ। কোনোবাই নিজাববীয়াকৈ আয়োজন কৰিছে, ক’ৰবাত সন্থাৰ ফালৰ পৰা সমূহীয়াকৈ আয়োজন চলিছে। আমাৰ মানুহখিনিৰ বাবে বিশ্বকৰ্মা পূজা আয়োজনৰ ধামখুমীয়াত পৰি ভাদমহীয়া নাম সামৰা প্ৰথা স্তিমিত হৈ পৰিল। কেউফালে উৎসৱমুখৰ পৰিৱেশ। সকলোৰে ৰঙীণ মন। ভাত-পানী খাই উঠাৰ পিছত এতিয়াও কোনোবা পূজা মণ্ডপৰ পৰা ৰিণি ৰিণি হিন্দী গীতৰ কলি ভাঁহি আহিছে। মায়ে বিচনাত পৰি সুধিছে- “এইটো এতিয়া গোটেই ৰাতিটো বাজি থাকিব নহয় চাগে!”

 

– প্ৰাঞ্জল দাস

এৰাগাঁও, বালিপৰা, শোণিতপুৰ ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s