সহযাত্ৰী

গোটেই জগতখনক এফালৰ পৰা দহি-পুৰি নিবলৈকে যেন ৰ’দ জাক ওলাইছে। কাম-কাজৰ খাতিৰত ঘৰৰ বাহিৰলৈ ওলাই আহিবলগীয়া হোৱা মানুহখিনিৰ কষ্ট দেখি বেলিটোৰ আনন্দ দুগুণেহে চৰিছে। অইন মানুহবোৰৰ দৰে মোৰ একো কৰ্মব্যস্ততা নাই। অথচ মই এই প্ৰচণ্ড গৰমত বাছ ষ্টেণ্ডত ৰৈ আছো- এই কথাটোৱে মোৰ খঙ আৰু বিৰক্তি দুয়োটাই বঢ়াই তুলিছে। ঘৰৰ ড্ৰাইভাৰ বিনন্দৰ ওপৰত মোৰ আকৌ এবাৰ টিঙিচকৈ খঙটো উঠি আহিল- তাৰ আজিহে অসুখ হ’বলৈ পালে!

ৰাতিপুৱা সাতমান বজাতে মায়ে ফোণ কৰিছিল। তেতিয়ালৈ মোৰ টোপনিৰ প্ৰথম সপোনটোৱে পূৰ হোৱা নাই। আগদিনা ৰাতি লগৰবোৰৰ লগত আড্ডা দি দি শুবলৈ লওঁতে বহুত দেৰি হ’ল। তিনিটা মান বজাত বিচনাত পৰিছিলোহে। তাতে আকৌ শ্বিলঙৰ শীতৰ আমেজ। মানুহে গৰমত ছাটি-ফুটি কৰি তত নোপোৱা হোৱা সময়ত মই গাত পাতল কম্বল এখন আৰি হোটেলৰ কোঠাত পৰম সুখত শুই আছোঁ।

-“বাবা, আহিবই লাগিব কিন্ত্ত আজি যেনেতেনে। নহ’লে পাৰ্টীত আটাইবোৰে তোমাৰ কথাকে সুধি থাকিব।”

-“বিনন্দক পঠিয়াই দিবা।” মই টোপনিৰ আলজালতে ক’লো।

-“আজি বিনন্দও যাব নোৱাৰে। তাৰ জ্বৰ কালিৰেপৰা। তুমি বাছতে আহিব লাগিব।”

-“কি!!” মই চিঞঁৰ মাৰি উঠিলোঁ। অত দূৰ বাট বাছেৰে যোৱাৰ কথাটো ভাবি মোৰ তীব্ৰ বিৰক্তি লাগিল। বিৰক্তিবোৰ থূপ খাই পলকতে খঙৰ ৰূপ ল’লে। তথাপি মাতটো যিমান পাৰি সৰুকৈ উলিয়াই ক’লোঁ- “এনি ৱেজ হেপী এনিভাৰ্চেৰী!”

-“থেংক ইউ!” ফোণৰ মাতটো শুনিয়েই অনুমান কৰিলো মাৰ মুখত প্ৰশান্তিৰ হাঁহি এটি ফুটি উঠিছে।

আজি মা-দেউতাৰ মেৰিজ এনিভাৰ্চেৰী। পঁচিছ বছৰ পূৰ হ’ব। সেইকাৰণে এইবছৰ অলপ ডাঙৰকৈ পাতিব খুজিছে। গধূলিলৈ ঘৰত এটা পাৰ্টি হ’ব। মা-দেউতাহঁতৰ লগ-বন্ধুবোৰ আহিব। স্বাভাবিকতে স্বইচ্ছাৰে আমনি গোটাই ল’বলৈ এনেকুৱা এটা পাৰ্টিত মোৰ অলপো থাকিবলৈ মন নাই। কিন্ত্ত মায়ে একেটা কথাকে ৰেপি ৰেপি এসপ্তাহ ধৰি কৈয়ে আছে- শুকুৰবাৰে যেনে তেনে ঘৰ পাবহি লাগিবই। বেঙ্গলোৰলৈ যোৱাৰ পাছৰে পৰা হেনো সকলোৱে মোৰ কথা সুধি মেলি থাকে, মোক চাবলৈ বিচাৰে। গধূলি পাৰ্টিত মানুহবোৰে মোক কি কি প্ৰশ্ন সুধিব, মই একেকেইটা উত্তৰকে কেইবাৰ দিব লাগিব- পূৰ্বানুমান এটা কৰিব পাৰিলোঁ।

মই ঘৰলৈ যাব লাগে কাৰণেই আটাইকেইটা গুৱাহাটীলৈ উভটিবলৈ বাধ্য হ’লোঁ। অন্যথা বাকীকেইটাৰ আৰু এদিন শ্বিলঙত কটাবৰ মন। ডাউকীৰ ফালে যোৱাৰ প্লেন আছিল। আটাইবোৰ বাদ পৰিল। লাহে ধীৰে এলাহ কৰি কৰি আটাইকেইটা সাজু হওঁতে বাৰটামান বাজিল। লগৰ এটাইটো বিৰক্তিৰে কৈয়ে দিছিল- ‘কৈ দে ঘৰত গাড়ী নাপালি বুলি, একো নহয়’। মোৰ সত নগ’ল। অন্ততঃ আজিৰ দিনটোত মাক মিছা কথা ক’বলৈ মন নগ’ল।

খানাপাৰাত মোক নমাই থৈ সিহঁতবোৰ আগবাঢ়িল। বাকী লগৰ আটাইকেইটাৰ ঘৰ গুৱাহাটীত; মইহে দূৰৈৰ। সেই তেতিয়াৰে পৰা আগষ্ট মাহৰ প্ৰখৰ ৰ’দজাক মূৰত লৈ বাছ এখনলৈ ৰৈ আছোঁ। আবেলিৰ এই তিনি বজাতো ৰ’দৰ খাও খাও মূৰ্তি। শ্বিলঙত যোৱা তিনিদিন শীতৰ আমেজ লৈ থকা কাৰণেই নে কি মোৰ বাবে এই গোপগোপীয়া গৰম অসহ্য হৈ পৰিছে।

এটা সময়ত বাছ এখন আহিল। বিশ্বনাথ চাৰিআলিলৈ যাব। একে কোবতে জাপ মাৰি উঠি ল’লোঁ। কিমান দিনৰ পিছত যে এনেকৈ বাছত উঠিছো ঠিক মনত নাই। অন্য দিনত গুৱাহাটীত আহি পোৱাৰ পিছতে ড্ৰাইভাৰ বিনন্দ গাড়ী লৈ এয়াৰপ’ৰ্টত ৰৈ থাকেহি। দুই এবাৰ লগত দেউতাও আহিছে।

বাছখনত কেইটামান ছিটহে খালী আছে। খালী ছিট এটা বিচাৰি ইফালে-সিফালে চকু ফুৰাওতেই তাক দেখা পালো। বাছখনৰ সোঁমাজৰ এটা শাৰীতে বাওঁফালে খিৰিকীৰ কাষত সি বহি আছে। মুখৰ গঢ়টো বহুত সলনি হ’ল তাৰ। মিহি মিহি ডাঢ়ি খিনিৰে সৈতে তাৰ মুখখনত এটা অভিজ্ঞ আৰু দায়িত্বশীল অভিব্যক্তি ফুটি উঠিছে। কাপোৰ কানি পৰিশীলিত। জিনছ আৰু টি-ছাৰ্ট পিন্ধা মোক নিজকে তাৰ সমবয়সীয়া বুলি ভাবিবলৈ গৈ ক্ষন্তেক যেন থমকি ৰ’লো। হয় সিয়েই। কি নাম আছিল জানো তাৰ! প্ৰৱাল! নে পৰাণ! তাৰ কাষতো এটা খালী ছিট। আগবাঢ়ি যাওঁতে সি মোক দেখা পালে।

-“আৰে ভাস্কৰ! ইমান দিনৰ পিছত!” সি বেচ সপ্ৰতিভ হৈ পৰিল। মোৰ নামটো তাৰ মনত আছে! কাষৰ ছিটত ৰাখি থোৱা বেগটো তুলি সি নিজৰ কোচত ল’লে। মোৰ অইন উপায় নাছিল। অগত্যা তাৰ কাষতে বহিবলৈ বাধ্য হ’লোঁ। মোৰ মনলৈ এটা মিশ্ৰিত ভাব আহিল। অতবছৰৰ পুৰণি চিনাকি লগৰ এজনৰ লগত কি কথা পাতিম মই ভাবি নাপালোঁ। এই চাৰি-পাঁচ বছৰে তাৰ আৰু মোৰ জগতখন বহুত সলনি হৈ গ’ল। এতিয়া মোৰ জগতখন বেলেগ। মোৰ লগ-বন্ধু বেলেগ। সেই জগতখনৰ সৈতে সি কোনোদিনে খাপ নাখায়। পাতিবলগীয়া কথাও নাই।

-“ভাল নে তোমাৰ?” অইন কথা কি সুধিব লাগে মই তত ধৰিব নোৱাৰিলোঁ। তাৰ লগে লগে মনলৈ অইন এটা প্ৰশ্নও আহিল- ‘গুৱাহাটীলৈ কিবা কামত আহিছিলা?” সেয়ে দুয়োটা একেলগে সুধি পেলালোঁ।

-“ভালে আছো দিয়া। কাম দুটামান লৈ গুৱাহাটীলৈ আহিছিলোঁ। লগত দেউতা আৰু ভাইটিও আহিছে। সেইয়া।”

আমাৰ একে শাৰীতে থকা অইন দুটা ছিটৰ এটাত মানুহ এজন চকু দুটা মুদি বহি আছে। আনটো ছিটত আমাতকৈ বয়সত কিছু সৰু যেন লগা ল’ৰা এজন খিৰিকীৰে বাহিৰলৈ চাই বহি আছে।

-“অ’ আচ্ছা!” মোৰ মুখেৰে ফুটু নুফুটু কৈ শব্দ দুটা বাহিৰ হ’ল।

-“দেউতা, এয়া মোৰ লগৰ ভাস্কৰ। হায়াৰ ছেকেণ্ডাৰীত আমি একেলগে পঢ়িছিলোঁ।” সি দেউতাকক মাত দিলে।

চিলমিলিকৈ টোপনি অহা যেন লগা মানুহজন খপজপাই উঠি মোলৈ চালে। তেওঁতকৈও বেছি অপ্ৰস্ত্তত হ’লো মই। অইন কথা কি ক’ব লাগে ভাবি নাপায় নমস্কাৰ জনোৱাৰ দৰে হাত দুখন উঠালো। মানুহজনে প্ৰতি নমস্কাৰ জনাই মিচিকিয়াই হাঁহি মাৰিলে।

-“তুমি আমাৰ পলাশৰ লগৰ?”

উঃ ৰক্ষা! পলাশ! মানুহজনে নামটো কৈ মোক যেন ৰক্ষাহে কৰিলে।

-“হয়”- মই মুখলৈ হাঁহি এটি আনিবলৈ চেষ্টা কৰিলোঁ।

-“ঘৰ? বিশ্বনাথ চাৰিআলিতে নে?”

-“নহয়। অলপ আগত। টুপীয়াত।”- মই চমুৱাই থ’লো। এনেধৰণৰ কথা-বতৰাত মই অসহজ বোধ কৰো। তেওঁ এটা এটাকৈ কথা সুধি থাকিব; আৰু মই এটা এটাকৈ উত্তৰ দি যাম! বিপৰীতে ইমান বয়সীয়াল লোকজনক মোৰ সুধিবলগীয়া বিশেষ একো প্ৰশ্নও নাথাকিব। ঘৰত কোন কোন আছে সোধাৰ পিছতে তেওঁ টুপীয়াৰ কোনখিনিত মোৰ ঘৰ জানিবলৈ বিচাৰিলে।

পলাশে বোধহয় মোৰ মনটো পঢ়িব পাৰিছিল।

-“ভাস্কৰৰ দেউতাকে বাগানত কাম কৰে, দেউতা। তাতে থাকে।”- একে কোবতে কথাকেইটা কৈ উঠি সি মোৰ ফালে চাই মিচিকিয়াই হাঁহিলে।

দেউতাকে “অ’ ভালেই দিয়া” বুলি আকৌ চকু দুটা জপাই দিলে। তাৰ পিছত মানুহজনে কিবা এটা ভাবি মোৰ ফালে চাই ক’লে-“আমাৰ ঘৰলৈ আহিবা কেতিয়াবা।” ইমান আন্তৰিকতা ভৰা এষাৰ মাত! মোৰ মুখলৈ ক’ব নোৱাৰাকৈয়ে হাঁহি এটি বিৰিঙি উঠিল।

“হ’ব দিয়ক”- মই শলাগি থ’লোঁ।

অতবোৰ কথা মনত আছে তাৰ! আমি নিজৰ ঘৰৰ কথা কেতিয়াবা পাতিছিলোনে! মোৰ দেখোন মনতে নপৰে। তাৰ ঘৰৰ কথা মই কেতিয়াবা সুধিছিলোনে! হয়তো নাই সোধা বা সি কৈছিল যদিও মই পাহৰিলোঁ। কাৰণ সেইবোৰ দিনত তেনেধৰণৰ কথা বতৰাৰ মোৰ মনত কোনো গুৰুত্বই নাছিল। হায়াৰ ছেকেণ্ডাৰীত আমাৰ দুয়োটাৰে ৰোল নম্বৰ অগা পিছাকৈ আছিল। মেট্ৰিকত দুয়োটাই প্ৰায় সমান নম্বৰ পাইছিলোঁ। সেই গতিকে আটাইকেইটা প্ৰেক্টিকেলৰ ক্লাছত মই তাৰ লগ হ’বলৈ বাধ্য হৈছিলোঁ । তাৰ লগত মোৰ চিনাকি মাথোঁ সিমানখিনিয়েই। সেইখিনি সময়তেই কেতিয়াবা দুই এটা কথা-বতৰা পাতিছিলোঁ- সি সেই আটাইবোৰ কথা মনত ৰাখি থৈছে। আৰু মই তাৰ নামটোও পাহৰি গৈছিলোঁ! তীব্ৰ অপৰাধবোধে মোৰ মনটোক হেঁচি ধৰিলেহি।
বাইক লৈ কলেজলৈ যোৱা মোৰ বন্ধু-বান্ধৱীবোৰো সেইসময়ত বেলেগ আছিল। সাধাৰণ সাজ-পোছাক পিন্ধা পলাশহঁতে যেতিয়া ক্লাছৰ অফ টাইমত লাইব্ৰেৰীত গৈ পঢ়া-শুনা কৰি থাকে আমিবোৰে কেণ্টিনৰ মজিয়াত আড্ডা জমাই তোলো। আমাৰ বাবে পলাশহঁত আছিল ফিজিক্সৰ দীঘলীয়া ডিৰাইভেচনচৰ বোৰৰ দৰে নীৰস, জীৱনহীন একো একোটা প্ৰাণী। প্ৰাণচঞ্চল কলেজীয়া জীৱনৰ মাদকতা উপভোগ কৰিব নিশিকা একো একোটা ‘ব’ৰ’!

অথচ মেট্ৰিকত সমান সমান নম্বৰ পোৱা তাৰ আৰু মোৰ মাজত মেধাৰ একো পাৰ্থক্য মই বিচাৰি পোৱা নাছিলোঁ। নিয়মীয়াকৈ ক্লাছ কৰি, লাইব্ৰেৰীত গৈ পঢ়া-শুনা কৰাৰ বাবে সিহঁতবোৰ আমাতকৈ কিহত ইমান আগবাঢ়ি গৈছে মই ভাবি পোৱা নাছিলোঁ। এদিন প্ৰেক্টিকেলৰ ক্লাছতে সি সংকোচ কৰি কৰি মোৰ অৰগেনিক কেমেষ্টিৰ নোটচ আছে নেকি সুধিছিল। সেইদিনাহে মই গম পাইছিলোঁ- এটা বিষয়তো টিউচন নকৰাকৈ সি হায়াৰ চেকেণ্ডাৰী চায়ন্সত পঢ়ি আছে, যিটো মোৰ বাবে আছিল কল্পনাৰো অগোচৰ। প্ৰায় আটাইকেইটা বিষয়ত টিউচন লৈ লৈ মেট্ৰিকত তাৰ সমান নম্বৰ পাই কৰা মোৰ অহমিকা সেইদিনা একেকোবতে তল পৰিছিল। মই ভিতৰি ভিতৰি লাজ পাইছিলোঁ। কিন্ত্ত তাতোতকৈয়ো বেছি তাৰ মেধা আৰু প্ৰতিভাত আচৰিত হৈছিলোঁ।

প্ৰায় সদায়েই গোট গোট আখৰেৰে পৰিপাটিকৈ লিখা তাৰ প্ৰেক্টিকেলৰ বহীবোৰ মই ঘৰলৈ লৈ লৈ গৈছিলোঁ। কোনোবাদিনা লিখিছিলোঁ, কোনোবাদিনা এলাহতে নিলিখাকৈ পেলাই থৈছিলোঁ।

হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দিয়াৰ পিছৰ পৰা মই তাক কোনোদিনে লগ পোৱা নাছিলোঁ। কোনোমতে ফাৰ্ষ্ট ডিভিজনটো পায় মই বেঙ্গলোৰলৈ ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ গুচি গ’লোঁ। কলেজলৈ ৰিজাল্ট ল’বলৈ যোৱা দিনা কাৰোবাৰ মুখত শুনিছিলোঁ- পলাশে ষ্টাৰ পাইছে।

-“তুমি কেমেষ্ট্ৰিত মেজৰ লোৱা নাছিলা জানো?” এইটো প্ৰশ্ন মই অনুমানতে সুধিলোঁ।

-“নহয়। ফিজিক্সত।” তাৰ মুখখনত উজ্জ্বল হাঁহি এটি জিলিকি উঠিল।

-“আচ্ছা। এতিয়া? কমপ্লিট হ’লটো?”

-“অ’ যোৱা বছৰে হ’ল। এতিয়া ঘৰৰ ওচৰৰে স্কুল এখনত সোমাইছোঁ। মেথচ পঢ়াও। মাজে মাজে দুই এটা একজাম দি আছোঁ- কিবা এটা হোৱাগৈৰ আশাত!” তাৰ কথাত গভীৰ প্ৰত্যয়ৰ সুৰ।

-“গুৱাহাটীলৈ একজাম দিবলৈকে আহিছিলা নেকি?” মোৰ মনলৈ ঘপকৈ প্ৰশ্ন এটা আহিল। লগে লগে সুধি পেলালোঁ।

-“নহয়। ভাইটিৰহে একজাম এটা আছিল আজি। সি এইবাৰ বি কম পাছ কৰিলে। বেংকৰ একজাম দুই এটা দি আছে।” অলপ পৰ ৰৈ সি আকৌ ক’লে-“দেউতাৰ অসুখ। নাৰ্ভৰ অলপ প্ৰব্লেম। সেইকাৰণে দেখুৱাবলৈ গুৱাহাটীলৈ লৈ আহিছিলোঁ। কালি আহি হোটেলত থাকিলোহি। আজি ভাইটিৰ একজামৰ সময়খিনিত দেউতাক ডক্টৰৰ ওচৰলৈ লৈ গ’লো- আগবেলা। তাৰ পিছত তিনিওটা উভটিছো এতিয়া।” একে উশাহতে কথাকেইটা কৈ সি শেঁতা হাঁহি এটা মাৰিলে। মই থৰ লাগি তাৰ মুখখনলৈ চাই ৰ’লোঁ।

-“তুমি বেঙ্গলোৰলৈ যোৱা নাছিলা জানো? ইঞ্জিনিয়াৰিঙ কমপ্লিট হ’লটো চাগে’?”

-“অ’ হ’ল। এই বছৰ। এতিয়া চাকৰি-বাকৰি কিবা এটা বিচাৰিব লাগিব আৰু।” মই অলপ হঁহা যেন কৰিলোঁ। সিও।

-“গুৱাহাটীলৈ কিবা কামত আহিছিলা নে?”

-“অ’। বন্ধু এজনৰ ঘৰলৈ আহিছিলোঁ। বহুদিনৰ পৰা মাতি আছিল।” মই মিছা মাতিলোঁ।

পলাশৰ দেউতাকলৈ এবাৰ চালো। অৱসাদগ্ৰস্ত, চিন্তাক্লিষ্ট মানুহজনৰ গোটেই মুখখনত বয়সৰ চাপ পৰিছে। ভায়েকে তেতিয়াও খিৰিকীৰে বাহিৰলৈ চাই চাই বহি আছে।

মোৰ মনটোত নানানটা কথাই আহি দুলা দিবলৈ ধৰিলে। মোতকৈ হেজাৰগুণ মেধাৱী, অধ্যৱসায়ী, যোগ্য এই ল’ৰাজনে এতিয়া এখন স্কুলত অংক পঢ়াবলৈ যায়। অথচ তাতকৈ বহু কম নম্বৰেৰে পৰীক্ষাত পাছ কৰা মই আজি এজন ইঞ্জিনিয়াৰ। জীৱনবোৰ সদায় কিয় আমাৰ বোৰৰ বাবেহে সুন্দৰ-সহজ হৈ পৰে! নে পলাশহঁতে দেখা বাটটোহে প্ৰকৃত জীৱন। পলাশৰ সমবয়সীয়া মই বাৰু কেতিয়াবা তাৰ দৰে দায়িত্বশীল হ’বলৈ পাৰিমনে! সিমানখিনি চম্ভালিব পৰাকৈ মোৰ মনৰ জোৰ আছেনে? দেউতাই মাজে মাজে ডায়েবেটিছৰ সমস্যাৰ বাবে ডক্টৰৰ ওচৰলৈ যায়। কি নাম আছিল জানো ডক্টৰ জনৰ? চাম ডক্টৰ বৰকটকী মে’ বী ! আনন্দ-্স্ফুৰ্টি, ৰঙ- তামাচা, পাৰ্টীত মচগোল আমিবোৰে জীৱনৰ আচল ৰূপটো দেখিছোনে! নে দেখিও আমি আঁতৰি ফুৰিবলৈ শিকিছোঁ!

মই চকু দুটা জপাই দিলোঁ। বেঙ্গলোৰৰ দামী ইঞ্জিনিয়াৰিঙ কলেজত ড’নেচন দি নামভৰ্তি কৰা মই ফাইনেল চেমিষ্টাৰ আৰম্ভণি হোৱাৰ পিছতেই কেম্পাচ ইণ্টাৰভিউৰ যোগেদি চাকৰি পালো। পঢ়া সামৰাৰ পিছতেই চাকৰিত জইন কৰিলোগৈ। প্ৰথম চাকৰিৰ দৰমহাৰে ট্ৰিট দিবলৈকে লগৰবোৰৰ সৈতে শ্বিলং ট্ৰিপটোৰ এৰেঞ্জ কৰিছিলোঁ। সেই কথাটো পলাশক জনাবলৈ মোৰ মন নগ’ল। হয়তো মোৰ লাজ লাগিল।

 

-প্ৰাঞ্জল দাস,

এৰাগাঁও, বালিপৰা ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s