মনৰ পৰিধি আৱৰি থকা মানুহজন

২০০০ চন। মই তেতিয়া সপ্তম মানত পঢ়ি আছোঁ। পেহীৰ ছোৱালীজনী মোতকৈ এশ্ৰেণী ওপৰৰ। পেহীহঁতৰ ঘৰ আমাৰ কাষৰ গাঁৱখনত। সঘন আহ-যাহ। পেহীৰ ছোৱালীজনীয়ে এখন কিতাপ কিনিছিল- ‘মহাদুষ্টৰ দুষ্টবুদ্ধি’। সেই সময়ত আমাৰ মাজত কিতাপ আৰু অ’ডিঅ’ কেছেটৰ সালসলনি কৰাৰ নিয়ম আছিল। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, ঈছপৰ সাধু, বীৰবলৰ সাধু কত কিতাপৰ যে আদান-প্ৰদান চলিছিল। সালসলনি কৰি শুনা কেছেটৰ ভিতৰত আছিল- জুবিন গাৰ্গৰ এলবামবোৰৰ লগতে বিহু কেছেটবোৰ।

মহাদুষ্টৰ দুষ্টবুদ্ধি কিতাপখন ধাৰলৈ আনি এফালৰ পৰা কাহিনীবোৰ পঢ়িবলৈ ল’লোঁ। সেইবোৰ দিনত কিতাপ এখন সম্পূৰ্ণ কৰি নপঢ়ালৈকে মনত শান্তি নাপাইছিলোঁ। এদিন বা বৰ বেছি দুদিনৰ ভিতৰতে কিতাপখন পঢ়ি অতাবই লাগিব। একেকোবতে পঢ়ি শেষ কৰা মহাদুষ্টৰ দুষ্টবুদ্ধি কাহিনীবোৰে শিশু মনটোক দুলনি দি দি উচাল মাৰি তুলিলে।

ভবেন্দ্ৰ নাথ শইকীয়া- মানুহজনৰ নামটো তেতিয়ালৈকে মই এগৰাকী সাহিত্যিক বুলিহে জানিছিলোঁ। মাজে সময়ে ঘৰলৈ অনা প্ৰান্তিক আলোচনীখনৰ তেওঁ সম্পাদক বুলি জানিছিলোঁ। লেখা-মেলা তেনেকৈ একো পঢ়া নাছিলোঁ। এতিয়া সেই মানুহজনৰ বিষয়ে জানিবলৈ, আন আন লেখাবোৰ পঢ়িবলৈ মনটো হাউবাউ কাঢ়ি উঠিল। মহাদুষ্টৰ দুষ্টবুদ্ধিখন ঘূৰাই দিবলগীয়া হোৱা কথাটোৱে মনটোক ইমান দুখ দিলে যে মাক কুটুৰি কুটুৰি (দেউতা সেইসময়ত চাকৰিসূত্ৰে ঘৰৰ বাহিৰতে থাকে) কিতাপখন নিজৰ কাৰণেও কিনি আনিলোগৈ। লগতে কিনিলো- ‘শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট মহাদুষ্ট’। তাৰ পিছত ‘মৰমৰ দেউতা’। প্ৰতিখন কিতাপে মোক অন্য এখন পৃথিৱীলৈ লৈ লৈ গৈছিল। শব্দ চয়ন, ভাষাৰ লালিত্য এইবোৰ কথা সেইসময়ত বুজি পোৱা নাছিলোঁ। কিন্ত্ত কিতাপকেইখনে সেই সময়ত মোৰ শিশুমনৰ কল্পনাৰাজ্যত বাৰেৰহণীয়া ৰামধেনু সাজি তুলিছিল। ৰুণী, ভুলু, বাপু, মনু- চৰিত্ৰবোৰ মনৰ মাজত জীৱন্ত হৈ হৈ উঠিছিল। যেন মোৰ চৌপাশে বাপু-মনুহঁতৰ কথা-বতৰাবোৰ শুনিছোঁ! যেন ৰুণীহঁতৰ মাকে কোৱা কথাবোৰ মোৰ মায়ে কোৱা কথাহে! যেন মৰমৰ্ দেউতাৰ বিপুলটো মোৰ উৎপতীয়া সৰু ভাইটিহে!  ভবেন্দ্ৰ নাথ শইকীয়া- মানুহজনৰ প্ৰতি দিনে দিনে তীব্ৰ আকৰ্ষণ বাঢ়ি গৈছিল। ‘মৰম’, ‘তোমালোকৰ ভাল হওক’ – তেওঁৰ যি যি কিতাপৰ নাম শুনিছিলোঁ আটাইবোৰ কিনি কিনি পঢ়িছিলোঁ।

নৱম মানত সেই একেজন মানুহৰ এখন কিতাপ অসমীয়াৰ দ্ৰুতপাঠ্য হিচাপে পালোঁ। ‘মোৰ শৈশৱ মোৰ কৈশোৰ’। তেওঁৰ ‘জীৱন বৃত্ত’ কিতাপখনৰ প্ৰথম এছোৱাৰে যে এইখন কিতাপ, সেই কথাটো তেতিয়া গম পোৱা নাছিলোঁ। কিতাপখনে যেন আমাক মানুহজনৰ আৰু ওচৰলৈ টানি লৈ গ’ল। দাৰিদ্ৰৰে ভৰা তেওঁৰ শৈশৱত স্কুল ছুটিৰ পিছত আবেলি বজাৰত নেমু-জলকীয়া বিকিবলৈ যোৱা কথাটোৱে মনটোক গধূৰ কৰি তুলিছিল। তেওঁ লিখিছে- সমনীয়া কোনো বন্ধু-বান্ধৱীক বজাৰত দেখা পালে তেওঁ তাত বহি থাকিব নোৱাৰিছিল। বহা ঠাইৰ পৰা উঠি অলপ আঁতৰত তেওঁ ৰৈ থাকেগৈ। সাধাৰণ বৰ্ণনাৰে কেনে এক বিষাদগাঁথা!

আমি নৱম মানত পঢ়ি থকা সেই বছৰতে আৱাহণ থিয়েটাৰত তেওঁৰ ‘নীলকণ্ঠ’ নাটকখন মঞ্চস্থ কৰা হৈছিল। বালিপৰাত আমি চাবলৈ গৈছিলোঁ। মনত আছে- মোৰ দুকাষে বহি থকা মা আৰু পেহী দুয়োগৰাকী চকুপানী মচি মচি তত্‌ নোপোৱা হৈছিল। আজি অত বছৰ পিছতো মোৰ মনত সেই নাটকখনৰ প্ৰতিটো দৃশ্য সজীৱ হৈ আছে। নীলকণ্ঠ, ৰাধা, কুৱলী এটি এটি চৰিত্ৰ এটিয়াও চকুৰ সন্মূখতে দেখা যেন পাওঁ। নীলকণ্ঠ ৰূপী প্ৰাণজিত দাসে পত্নী ৰাধাক হেৰুৱাৰ পিছত শয্যাগত মাকক লোৱা আলপৈচানৰ কৰুণ দৃশ্যাৱলীয়ে আমাৰ মনটোত দকৈ ৰেখা টানি গৈছিল। এতিয়াও শুনা যেন পাওঁ নাটকখনত সংযোজিত কৰা শইকীয়া ছাৰৰ গান- ‘গাব দিয়া মোক জীৱনৰ শেষ গান/ নকৰিবা মান নকৰিবা অভিমান’।

আমি দশম মানত পঢ়ি থাকোতে ছাৰৰ মৃত্যু হৈছিল। বৰ আপোন মানুহ এজনৰ মৃত্যুত হোৱা দুখে আমাক আৱৰি ধৰিছিল। স্কুলত পতা শোকসভাত অধ্যক্ষ ছাৰে তেওঁৰ বৰ্ণনা দি থাকোতে দুচকু চলচলীয়া হৈ পৰিছিল। কুমলীয়া মনত তেতিয়া মাথোঁ এটা কথাই দুলা দি আছিল- ভাল ভাল মানুহবোৰক ভগৱানে কিয় সোনকালে লৈ লৈ যায়!

যিমানে ডাঙৰ হৈ আহিলোঁ মানুহজনক আৰু দকৈ বুজি উঠিলোঁ। স্কুলীয়া দিনত অকল শিশু সাহিত্যৰ মাজতে বন্দী কৰি ৰখা মানুহজনৰ গল্পবোৰ পঢ়িবলৈ ল’লো এটা এটাকৈ। ঢোৰাসাপ, বৰ্ণবোধ, বানপ্ৰস্থ, সান্ধ্যভ্ৰমণ। সাধু, গল্প, পদ্য আদিৰ পৰা অলপমান ৰসস্বাদৰ উত্তৰণ ঘটা আমাৰ মনটোত সেইবোৰ দিনত এই গল্পবোৰে কেনেদৰে ৰেখাপাত কৰিছিল লিখি বৰ্ণনা কৰিব নোৱাৰোঁ। মহেশ্বৰ নেওগ ছাৰে হেনো এঠাইত লিখিছে- ‘ভবেন্দ্ৰ নাথ শইকীয়াৰ সকলোবোৰ গল্পৰ বৰ্ণনা গোট খুৱালে হয়তো আগলৈ এটা যুগৰ এডোখৰ ঠাইঅৰ সমাজতাত্বিক এখণ্ড অধ্যয়ন ৰূপে বিবেচিত হ’ব পাৰিব। সাধাৰণ বাক্যবোৰৰ পৰা গভীৰ অৰ্থ ওলোৱা শইকীয়াৰ ভাষাত শব্দবোৰৰ যেন নিজস্ব এক গতি-শক্তি আছে, যদিও তেওঁৰ সুকীয়া এখন অভিধান নাই’।

দৰং কলেজত হায়াৰ ছেকেণ্ডাৰী পঢ়া সেইবোৰ দিনতে ‘দীনবন্ধু’ চিনেমাখন চাবলৈ গৈছিলোঁ। পূৰ্বানুমান কৰাৰ দৰেই চিনেমাখনে গোটেই জীৱনৰ কাৰণে মনৰ মাজত সাজ কাটি বহিল। ছাৰৰ যৌতুক গল্পটোৰ আধাৰত নিৰ্মিত চিনেমাখনৰ কথা বহলাই লিখাৰ প্ৰয়োজন নাই। চিনেমাখন চোৱা প্ৰতিজন দৰ্শকৰে অনুভৱ অনন্য। আমাৰ চামৰ বহুতকে এই চিনেমাখনেই মান বিশিষ্ট অসমীয়া ছবিৰ বিষয়ে ন ধাৰণা দিছিল। অসমীয়া চিনেমা বুলি ক’লেই মুখত এক বিৰক্তিৰ অভিব্যক্তি ফুটাই তোলা বহুজনৰ মুখত শুনিছিলোঁ- দীনবন্ধুখন সঁচাকৈয়ে ভাল চিনেমা। মুনিন বৰুৱাই এটি সাক্ষাৎকাৰত কৈছে- “শইকীয়া ছাৰে লগ পালেই সদায় সোধে ‘এতিয়া কি কৰি আছা মুনিন?’ শইকীয়া ছাৰৰ কাহিনীৰে চিনেমা এখন পৰিচালনা কৰা মোৰ যথেষ্ট হেঁপাহ আছিল আৰু সেয়েহে মই সুযোগ পালেই ছাৰক চিনেমা এখন নিৰ্মাণ কৰিবৰ বাবে মোক ভাল কাহিনী এটা দিয়াৰ কথা কৈছিলোঁ। এদিন শইকীয়া ছাৰে পুনৰ সেই প্ৰশ্নটো কৰিলে। উত্তৰত মই ধেমালিকৈ ক’লো যে এতিয়া মই এনেই আছো, আপুনি ভাল কাহিনীয়ে নিদিলে। ছাৰে তেতিয়া ক’লে – ঠিক আছে, তুমি কাইলৈ আবেলি ৫ বজাত পাবা। মোৰ ঘৰলৈ আহিবা। পিছদিনা মই আবেলি ৫ টাতে গ’লো, তেতিয়া ছাৰৰ কাহিনী লিখা সম্পূৰ্ণ শেষ। কাহিনীটোৰ লগতে যথেষ্ট সংলাপো ছাৰে মোক হাতত দি কিছু মূল্যবান উপদেশ দিলে, যিবোৰ উপদেশ চিনেমাখন বনাবলৈ গৈ মই আখৰে আখৰে পালন কৰিছোঁ। ভাড়াঘৰৰ মালিকৰ চৰিত্ৰত অৰুণ নাথক, বাণীৰ চৰিত্ৰত নিশিতা গোস্বামীক ল’বলৈ ছাৰেই মোক উপদেশ দিছিল। দুয়োজন শিল্পীয়েই চিনেমাখনত যথেষ্ট ভাল কাম কৰিছিল। চিনেমাখনৰ চিত্ৰনাট্য বনাবলৈ গৈ মই দেখিলোঁ যে ছাৰে লিখা সংলাপবোৰ ইমান সাৱলীল যে কোনোটো সংলাপকে বাদ দিব নোৱাৰি। আৰু পাছত যেতিয়া চিনেমাখন ৰিলিজ হ’ল, তেতিয়া প্ৰতিজন দৰ্শকৰ মুখত মই সংলাপবোৰৰ ওপৰত কিছুমান special comment শুনিলো আৰু তেতিয়া প্ৰমাণিত হ’ল যে মই পূৰ্বতে কৰা ধাৰণা ঠিকেই আছিল। সংলাপবোৰেই চিনেমাখনক দৰ্শকৰ নিচেই কাষলৈ লৈ যোৱাত সহায় কৰিছিল। কিন্ত্ত মোৰ এটা বৰ ডাঙৰ দুখ থাকি গ’ল। ছাৰৰ কাহিনী সংলাপ লৈ মই ৰাষ্ট্ৰীয় পুৰস্কাৰো পালো, কিন্ত্ত চিনেমাখন ৰিলিজ হোৱাৰ সময়ত ছাৰেই নাথাকিল। ২০০৪ চনত দীনবন্ধু মুক্তি পাইছিল আৰু ২০০৩ চনৰ ১৩ আগষ্টত শইকীয়া ছাৰৰ মৃত্যু হৈছিল’। (উৎস: সৃজন, ২০১৩-১৪)

শইকীয়া ছাৰৰ জীৱনবোধ, কৰ্মৰাজী সামৰি এনেকৈ এটি সৰু লেখাৰ দুই-এশাৰীত লিখি শেষ কৰিব পাৰিনে! এতিয়াওঁ প্ৰান্তিকৰ শেষপৃষ্ঠাত যেতিয়া ছাৰৰ দিনলিপি খন পঢ়ো- অভিভূত, বিস্ময়বিমুগ্ধ হওঁ। কেনেদৰে এগৰাকী ব্যক্তি আক্ষৰিক অৰ্থতে কৰ্মযোগী হ’ব পাৰে! উদ্দেশ্যধৰ্মী সৃষ্টিশীল কৰ্মব্যস্ততাই যেন ছাৰৰ জীৱনসুধা।

সাহিত্য চৰ্চা, কলা-সংস্কৃতি বুলিলে আমি যিবোৰ ক্ষেত্ৰ বুজো আটাইবোৰতেই দেখোন ছাৰেই আমাক আৱৰি আছে। প্ৰিয় গল্প বুলিলেই সদায় ছাৰৰ গল্প কেইটাই মনলৈ আহে। প্ৰবন্ধ বুলিলেই মুকলাই লওঁ শেষ পৃষ্ঠাৰ খণ্ড কেইটা। অন্তৰীপ, ৰম্যভূমিৰ দৰে মননশীল উপন্যাস! আৰু চিনেমা! কিমান সাৱলীল দৃশ্যাৱলী, মননস্পৰ্শী কাহিনীৰে ছাৰৰ প্ৰতিখন চিনেমা। ছাৰৰ সূক্ষ্মদৃষ্টিত একো একোটি দৃশ্যপট কিমান চিনাকি হৈ মনৰ ভিতৰলৈ সোমাই যায়গৈ। সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, আৱৰ্তন- প্ৰত্যেকখন চিনেমাই যেতিয়া চাওঁ প্ৰতিটো দৃশ্য, প্ৰতিটো সংলাপ যেন আমাৰ চৌপাশৰ বৰ্ণনা। সন্ধ্যাৰাগত চাৰু আৰু কান্তাৰূপী ৰুণু দেৱী আৰু কাশ্মিৰী শইকীয়াই বেডমিণ্টন খেলিছে। তাৰ পিছৰ দৃশ্যত পাকঘৰত কাম কৰি থকা চাৰুৰ খেলখনৰ ঘটনাৰ কথা মনত পৰি হাঁহি উঠিছে। কিমান সূক্ষ্মদৃষ্টি থাকিলে এজন পৰিচালকে এইবোৰ দৃশ্যপট কল্পনা কৰিব পাৰে- ভাবি আঁচৰিত হওঁ। মৃদুলা বৰুৱাই তেওঁৰ আৱৰ্তন চলচিত্ৰখনৰ অভিজ্ঞতা সম্পৰ্কত এটি সাক্ষাৎকাৰত কৈছে- এটি দীঘল দৃশ্যত তপন দাস আৰু তেওঁ কথা-বতৰা পাতি খোজ কাঢ়ি আহিছে। মাজৰ এঠাইত মৃদুলা বৰুৱাই কব লাগে ‘সিহঁতৰ কিমানযে আপত্তি’, অভ্যাসবশতঃ তেওঁ ক’লে ‘সিহঁতৰ কিমানযে ওজৰ আপত্তি’। ছাৰে সেইটো কথাও মন কৰিলে। শ্বটতোৰ পিছত মৃদুলা বৰুৱাক মাতি নি কথাটো সুধিলে আৰু অলপপৰ ভাবি ক’লে- ‘শ্বটতো আকৌ ল’ম। এতিয়া চিনেমাখন চালে সেই দৃশ্যটোৰ সংলাপ শুনিলে ভাবো- ওজৰ আপত্তি ক’লে সঁচাকৈয়ে বেলেগ অৰ্থ বুজাব। আপত্তিয়েই সেই ঠাইত শুদ্ধ শব্দ। ছবিখনৰ নিৰ্মাণৰ সময়ত হেনো ছাৰে মৃদুলা বৰুৱাক ঘৰলৈ গৈ ছবিখনত তেওঁৰ অভিনয়ৰ কিমানটা শ্বট থাকিব, কোনটো শ্বটৰ বাবে কেনেকুৱা সাজপাৰ পিন্ধিব লাগিব আটাইবোৰ কথাৰ এখন লিষ্ট দি আহিছিল। ইমানেই পৰিপাটি, নিখুত, শৃংখলাবদ্ধ ছাৰৰ প্ৰতিটো কাম, প্ৰতিটো চিন্তা।

ছাৰৰ জীৱনশৈলী, দৃষ্টিভংগী আমাৰ সকলোৰে পাথেয় হওক। ধৰ্মৰ বিষয়ে তেওঁৰ ধাৰণা আৰু বিশ্বাস কেনেধৰণৰ বুলি সুধা এটি প্ৰশ্নৰ উত্তৰত ছাৰে কৈছে- ‘মই কাৰোবাৰ উপকাৰ কৰিব পাৰিলো বা নোৱাৰিলো, সেইটো ডাঙৰ কথা নহয়; পাৰিলো যদি কৰিলো, নোৱাৰিলো যদি নকৰিলো; কিন্ত্ত জানি-শুনি মই কাৰো অপকাৰ নকৰো; মোৰ কাৰণে এই পৃথিৱীত কোনেও কষ্ট নাপাওক; কাৰো দুখ নহওক;- তেনেকৈ চলিব পৰাটোৱেই মোৰ কাৰণে ধৰ্মত চলা’। (উৎস: গল্প আৰু শিল্প)

এবাৰ কেইজনমান যুৱকে ছাৰৰ ওচৰলৈ জীৱন বাটৰ সহায়ক হোৱা দুই এটা পৰামৰ্শ বিচাৰি যাওঁতে ছাৰে হেনো কৈছিল- প্ৰচুৰ পৰিমাণে অভিজ্ঞতা অৰ্জন কৰা। দাৰিদ্ৰৰ ৰূপটো চাবলৈ চেষ্টা কৰা।

-প্ৰাঞ্জল দাস

এৰাগাঁও, বালিপৰা

১৩ আগষ্ট, ২০১৬

 

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s