ত্ৰিপুৰাত তিনিদিন

ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতা কৰা সকলে নিয়মিত পাঠদান কৰাৰ লগতে অন্য কিছুমান পাঠদান বহিৰ্ভূত কাৰ্য্যসূচীটো অংশগ্ৰহণ কৰিবলগীয়া হয়। বাধ্যবাধকতাৰ মাজেৰে কৰ্মজীৱন চলাই নিবলগীয়া হোৱা হেতুকে বোধকৰো তেওঁলোক নিজৰ পেচাদাৰী জীৱনত নিজৰ সম্পূৰ্ণ কৰ্মকুশলতা উজাৰি দিবলগীয়া হয়, যিটো বহুক্ষেত্ৰত চৰকাৰী খণ্ডৰ শিক্ষক সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। সেয়ে হয়তো বিগত দশক কেইটাত দেখা গৈছে শৈক্ষিক ফলাফলৰ ক্ষেত্ৰতে হওক বা অন্য আনুসংগিক ক্ষেত্ৰবোৰতে হওক ব্যক্তিগত খণ্ডত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলে সদায়েই সুফল দেখুৱাই যাবলৈ সক্ষম হৈছে। এনে এক পাঠদানৰ বহিৰ্ভূত কাৰ্যসূচীৰ অংশ হিচাপেই ২০১৬ বৰ্ষৰ জুন মাহত উত্তৰ-পূৰ্বাঞ্চলৰ একেবাৰে দক্ষিণত অৱস্থিত ত্ৰিপুৰা ৰাজ্যত তিনিদিন কটোৱাৰ সুযোগ পাইছিলো। এইখিনিতে উল্লেখ কৰাটো ভাল হ’ব যে ইয়াত তিনিদিন হিচাপটো তাৰিখ বাদ দি সময়ৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হৈছে। তাৰিখৰ হিচাপত আমি ৮ জুনৰ আবেলি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি ১১ জুনৰ আবেলি পুনৰ গুৱাহাটীলৈ উভটি আহিছিলোঁ। তদুপৰি এই লেখাটোত কামৰ মাজতে সাঙুৰি লৈ আমি চাবলৈ যোৱা ত্ৰিপুৰাৰ পৰ্যটনথলীসমূহৰহে বৰ্ণনা দিবলৈ বিচৰা হৈছে। ত্ৰিপুৰা ভ্ৰমণৰ মূল উদ্দেশ্য আমাৰ কাৰ্যাৱলী সমূহ এই লেখাটোৰ পৰা আঁতৰাই ৰখা হ’ব।

সাম্যবাদী নীতিৰে পৰিচালিত মাণিক সৰকাৰৰ ৰাজ্য ত্ৰিপুৰা। এয়াৰপ’ৰ্টত নমাৰ পিছৰে পৰা মনটো পুলকিত হৈ পৰিছিল।  এয়াৰপৰ্টৰ পৰা আগৰতলা চহৰখনৰ মাজত দূৰত্ব প্ৰায় ১২ কিল’মিটাৰ মান হ’ব। চহৰলৈ যাবলৈ অট’ পোৱা যায়। আগৰতলাত ভৰি থৈয়ে এটা কথা দেখি সুখী হ’লো যে অট’চালকবোৰে অচিনাকি যাত্ৰী দেখিও অত্যাধিক ভাড়া বিচাৰি আমাক হাৰাশাস্তি কৰা নাই। যিমান যথাযোগ্য সিমানেই বিচাৰিছে। অট’ত উঠি আগৰতলা অভিমুখে আগবাঢ়োতে দেখা পাইছিলোঁ ৰাস্তা পথ অত্যন্ত সুন্দৰ আৰু চাফ-চিকুন। অৱশ্যে আমাৰ গুৱাহাটীৰ তুলনাত ৰাস্তা-পথবোৰ অলপ ঠেক যেন অনুভৱ হ’ল। চহৰলৈ প্ৰৱেশ কৰাৰ আগে আগে ৰাস্তাৰ বাওঁকাষে ত্ৰিপুৰা সচিবালয় চকুত পৰিল- সুদৃশ্য। ঠিক একেই সুন্দৰ ভাৱে সুসজ্জিত ৰাজ্যিক অতিথিশালাখনো অট’চালক জনে বাটত দেখুৱাই গ’ল।

আমি মুখ্যত যি কৰ্মসূচী লৈ আগৰতলালৈ গৈছিলোঁ, বাহিৰে বাহিৰে তাৰে কিছু কাম আওটাই হোটেললৈ ৰাওনা হ’লোঁ। এয়াৰপ’ৰ্টৰ পৰা ১২ কিল’মিটাৰ আনি চহৰখনৰ মাজতো অলপ-অচৰপ ঘূৰোৱাৰ পিছটো অট’চালকজনে কেৱল ২০০ টকাহে ভাড়া ল’লে। গুৱাহাটীৰ অট’চালকে ইমানখিনি দূৰত্বৰ বাবে ৫০০ টকাৰ ওপৰত ভাড়া বিচাৰিলে হেতেন সেয়া নিশ্চিত। যা হওক হোটেলত বস্ত্ত-বাহানিবোৰ সামৰি আমি দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে আগবাঢ়ি গ’লোঁ। আগৰতলা চহৰৰ মূখ্য ডাকঘৰৰ কাষতে থকা এখন হোটেলত সোমালোগৈ। নামটো আদৰ্শ হোটেল। দুপৰীয়া প্ৰচণ্ড গৰমটো হোটেলত অত্যন্ত ভীৰ। আমি গৈ দুয়োজন দুখন চকীত বহিলোগৈ। টেবুলত আগৰপৰাই খালী কাঁহী-গিলাছ সজাই ৰখা আছিল। লগতে চকুত পৰিল আমাৰ টেবুলৰ তলতে বাল্টি এটাও ৰাখি থোৱা আছে। ভাত-দাইল বিলাই ফুৰা ল’ৰা দুজনমানে বাৰে বাৰে আমাক কিবা এষাৰ কৈ গ’ল যদিও আমাৰ বোধগম্য নহ’ল। পাছত এবাৰ আহি অলপ ধীৰে-সুস্থিৰে কওতেহে বুজিলোঁ আমাক কাঁহী দুখন আওখলাই ল’বলৈ কৈছে। তেতিয়াহে বুজিলোঁ ইয়াৰ হোটেলসমূহত গ্ৰাহকসকলে নিজে এবাৰ কাঁহীবোৰ আওখলাই লোৱাটো নিয়ম। টেবুলৰ তলত ৰাখি থোৱা বাল্টিটোৰ ৰহস্যও তেতিয়াহে বুজি পালোঁ। কাঁহীবোৰ আওখলাই পানী বাল্টিত পেলোৱাৰ নিয়ম। আমি নিৰামিস খাদ্য বিচৰাত অকল ভাত, দাইল আৰু কাচকলৰ ভাজি অলপহে দি থৈ গ’ল। এইখিনিকে লৈ সেই দুপৰীয়া প্ৰচণ্ড ভোকত খাবলৈ পৰ্যাপ্ত নহ’ল। হোটেলৰ অন্য গ্ৰাহক সকললৈ চাই দেখিলোঁ সকলোৱে ভাতৰ সৈতে মাছ বা মাংস কিবা এবিধ লৈছেই। আমিও উপায়বিহীন হৈ মাছ অৰ্ডাল দিলোঁ, যদিও সেই গৰমখনত আমিষ খাবলৈ মন নাছিল।

হোটেললৈ আহি অলপ পৰ জিৰণি লৈ আবেলি ওলাই গ’লোঁ। মিষ্টান্ন ভাণ্ডাৰ বুলি লিখা থকা দোকান এখনত চাহ একাপ খাও বুলি সোমাই দেখো তাত কেৱল মিঠাইহে বিক্ৰী কৰে, চাহ পোৱা নাযায়। অন্য এখন দোকানত ‘চাই পাৱা যায়’ দেখি সোমাই গম পালো তাত চাহপাতহে বিক্ৰী কৰে। গোটেই কাৰবাৰটোত আমি বৰ আমোদ পালোঁ। এইবাৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰি থকা বিক্ৰেতা এজন দেখি দুয়ো চাহ একাপ একাপ ল’লোঁ। আমি দুয়ো অসমীয়াত কথা পাতি থকা শুনি মানুহজনে আমাক আচৰিত কৰি সুধিলে, ‘আপনালোক কি আসাম থেকে আচ্ছে, ময়ো অসমৰে’। তাৰ পিছত মানুহজন বেচ সপ্ৰতিভ হৈ পৰিল। ৰঙাপৰাত হেনো তেখেতৰ মোমায়েকৰ ঘৰ। তাতে থাকি তেওঁ পঢ়া-শুনা কৰা। দৰং কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লৈছিল। ইমান উচ্চ শিক্ষিত এজন লোকে আহি ত্ৰিপুৰাত পথৰ কাষত চাহ বিক্ৰী কৰি জীৱিকা আৰ্জিছে- কথাটোত সন্দেহ উপজিছিল যদিও বিশ্বাস কৰাৰ বাহিৰে আমাৰ অন্য উপায়ো নাছিল।

ত্ৰিপুৰাত আমি থকা হোটেলখনৰ নাম ‘হোটেল ৰাধা ইণ্টাৰনেচনেল’। তিনি তাৰকাযুক্ত সুদৃশ্য হোটেলখনৰ সন্মুখৰ পথটো সেন্ট্ৰেল ৰোড। মানুহবোৰে ‘গোল বাজাৰ ৰোড’ বুলি কোৱাও শুনা পালোঁ। চহৰখনৰ মাজ মজিয়াতে সুবিশাল ৰাজ-হাউলিটো। দূৰৰ পৰাই চকুত পৰিল। অনুমান কৰিলোঁ ৰাজ-হাউলিটোক কেন্দ্ৰ কৰিয়ে আগৰতলা চহৰখন গঢ় লৈ উঠিছে। চহৰখনৰ ৰাস্তা-পথবোৰো ৰাজ-হাউলিৰ পৰাই আৰম্ভ হোৱা যেন লাগিল। সকলোবোৰ পথ যেন সমান্তৰাল, লম্ব আৰু সৰলৰৈখিক। চহৰখনৰ কেওফালৰ পৰা ৰাজহাউলিটো দেখা পোৱা যায়। গতিকে বাট-পথবোৰ হেৰুওৱাৰ ভয় নাথাকে। কোনোমতে গৈ ৰাজ হাউলি উলিয়াব পাৰিলেই বাকী পথবোৰ উলিওৱাটো সহজ হৈ পৰে। ৰাজ-হাউলিৰ সন্মুখেদি আৰম্ভ হোৱা দীঘ্ল পথটোৱে সেণ্ট্ৰেল ৰোড বা গোল বাজাৰ ৰোড। গধূলি আলোক সজ্জাৰে সুশোভিত হৈ পৰা ৰাজ হাউলিটো দেখি আগবাঢ়ি গ’লো যদিও গেটত থকা ৰখীয়া জনে জনালে যে ৰাজবাড়ী ৰাতিপুৱা ১১ বজাৰ পৰা ৫ বজালৈহে খোলা থাকে। তাৰ পিছত টিকট বিক্ৰী কৰাৰ ব্যৱস্থা নাই। অৱশ্যে ৫ বজাত টিকট কিনি ৬ বজালৈ দৰ্শন কৰিব পাৰি। ত্ৰিপুৰাৰ ৰজাই নিৰ্মাণ কৰা ৰাজবাড়ী বৰ্তমান ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰহালয়। আমি নিৰাশ নহ’লো যিহেতু আমাৰ হাতত এতিয়াও দুটা দিন বাকী আছেই। ৰাজবাড়ীলৈ যোৱা পথৰ বাওঁকাষে এখন সুন্দৰ উদ্যান চকুত পৰিল। উদ্যানৰ মাজতে এটি সৰু জলাশয়। তাৰ মাজভাগত নৌকা আকৃতিৰ এটি পানীৰ ফোৱাৰা ৰখা হৈছে। ফোৱাৰাৰ পৰা নিৰ্গত পানীৰ উচ্চতা ইমান ওপৰলৈ উঠিছিল যে জলাশয়ৰ বেছি কাষলৈ গ’লে পানীৰ চিটিকনিয়ে সকলোকে অলপ পৰৰ পিছতে ধুৱাই পেলায়। জলাশয়ৰ চাৰিওকাষ সুন্দৰকৈ বন্ধোৱা আছে। তাৰে ৰেলিঙত আউজি প্ৰেমিক যুগল বোৰক বাৰ্তালাপত মগ্ন হৈ থকা দেখা পালোঁ। পানীৰ চিটিকনিলৈ তেওঁলোকে কোনেও কেৰেপ কৰা নাই। বৰঞ্চ পানীৰ এচাকনিয়ে তেওঁলোকক অন্য এক ৰোমাঞ্চ প্ৰদান কৰা যেন হে বোধ হ’ল। জলাশয়ৰ কাষতে ‘বই বাজাৰ’ বুলি বৰ ডাঙৰ কিতাপৰ দোকান এখন চকুত পৰিল। ঠিক একেদৰে ৰাস্তাৰ অন্য পাৰে থকা ‘মহাৰাণী তুলসীবতী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ খনেও আমাৰ দৃষ্টি কাঢ়িলে। বিদ্যালয় ভৱন সুবিশাল সুদৃশ্য। এটা কথা মন কৰিলোঁ ৰাজবাড়ীৰ কাষৰ গেটেই অঞ্চলটোকে ৰাজহাউলিৰ আৰ্হিৰে বগা ৰঙৰে সজাই তোলা হৈছে। ঠিক ৰাজস্থানৰ জয়পুৰ চহৰখন গোলপীয়া ৰঙেৰে সজাই তোলাৰ আৰ্হিত বোধহয়। বালিকা বিদ্যালয়খন, বই বাজাৰ সকলোবোৰ ভৱন বগা ৰঙৰ। লগতে ভৱনবোৰৰ আৰ্হিও ৰাজবাড়ীৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে।

ইয়াৰ পাছত আমি ৰিক্সা এখন লৈ চহৰখন এপাক ফুৰিবলৈ থিৰাং কৰিলোঁ। ত্ৰিপুৰাত ৰিক্সা, অটোৰ আধিক্য। সেইবাবেই চহৰখনত অলপ জান-যঁট হোৱাও দেখা পালোঁ। বিশেষকৈ সন্ধিয়াৰ সময়খিনিত আগৰতলাৰ ৰাস্তা-পথ সকলোতে বিৰ দি বাট নোপোৱা অৱস্থা। ৰিক্সাচালক এজনক আমাক গোটেই চহৰখন এপাক ঘূৰাই আনিবলৈ কোৱাত তেওঁ উৎসাহিত হৈ পৰিল। তেওঁৰ খীণ চেহেৰাটোলৈ চাই আমি অলপ সংকাবোধ কৰিছিলোঁ যদিও তেওঁ যি উদ্যমেৰে আমাক লৈ আগবাঢ়িল; আমি আপ্লুত হ’লোঁ। ৰিক্সাখনৰ চৈ পিছফাললৈ হাওলাই ৰখা। গতিকে মুকলিকৈ আমি চহৰৰ আও-ভাও দেখি যাবলৈ সক্ষম হ’লোঁ। এফালৰ পৰা চকুত পৰিল ৰবীন্দ্ৰ ভৱন, ইন্দিৰা গান্ধী চিকিৎসালয়, আগৰতলা সিটি সেণ্টাৰ ইত্যাদি ইত্যাদি। বগা বৰণীয়া দীঘল গম্ভুজাকৃতিৰ ট্ৰেফিক পইণ্টবোৰো ব্যতিক্ৰমী। ট্ৰেফিক পুলিচ বোৰে ‘থামুন’ বুলি লিখা ৰখা কাগজৰ প্লেকাৰ্ড হাতত লৈয়ে যান বাহন নিয়ন্ত্ৰণ কৰি থকা দেখা পালোঁ। চহৰখনৰ মাজে মাজে সুন্দৰকৈ ৰখা ৰাজহুৱা শৌচাগাৰ, প্ৰেসাৱগাৰবোৰ দেখি ভাল লাগিল। ইমান সুন্দৰকৈ ৰখা হৈছে যে কাৰো সংকোচবোধ নহয়। আমাৰ অসমতো এনেধৰণৰ ব্যৱস্থা কৰি তুলিলে সকলোৱে উপকৃত হ’ল হেতেন।

দ্বিতীয় দিনা ৰাতিপুৱা আমি উদয়পুৰলৈ বুলি ৰাওনা হ’লো। উদয়পুৰ ত্ৰিপুৰাৰ অন্যতম পৰ্যটন থলী। ইয়াতে বিখ্যাত ত্ৰিপুৰেশ্বৰী মন্দিৰ আছে। মূল আগৰতলা চহৰৰ পৰা মন্দিৰৰ দূৰত্ব প্ৰায় ৫৫ কিলোমিটাৰ মান হ’ব। ত্ৰিপুৰেশ্বৰী মন্দিৰৰ অন্য নাম ত্ৰিপুৰাসুন্দৰী মন্দিৰ। স্থানীয় লোকসকলে দুৰ্গা দেৱীক সন্মান প্ৰদৰ্শনেৰে ঠাইখনক মাতাবাড়ী (মাৰ আবাস) বুলি মতাও শুনা পালোঁ। ভাৰতৰ ৫১ খন শক্তি পীঠৰ  অন্যতম ত্ৰিপুৰেশ্বৰী মন্দিৰত দেৱী সতীৰ সোঁ ভৰিৰ আঙুলি পৰিছিল বুলি বিশ্বাস প্ৰচলিত আছে। পোন্ধৰ শতিকাত ত্ৰিপুৰাৰ ৰজা ধন্য মাণিক্যই এই মন্দিৰটো সুন্দৰকৈ সজাই তুলিছিল। আমাৰ গুৱাহাটীৰ বাবে কামাখ্যা মন্দিৰৰ যেনেধৰণৰ গুৰুত্ব সেই একেই গুৰুত্ব ত্ৰিপুৰাত ত্ৰিপুৰেশ্বৰী মন্দিৰৰ। ত্ৰিপুৰাৰ মুঠ জিলা আঠ খন । আগৰতলা চহৰখন ত্ৰিপুৰাৰ ‘ৱেষ্ট ত্ৰিপুৰা’ জিলাৰ অন্তৰ্গত। উদয়পুৰ আগৰতলাৰ পৰা দক্ষিণ দিশত অৱস্থিত। বাটত আমি বিশালগড় আৰু বিশ্ৰামগঞ্জ নামৰ দুখন সৰু সৰু চহৰ পালোঁ। বিশ্ৰামগঞ্জ চহৰখন আমাৰ ইয়াৰ আমনি চহৰখনৰ দৰে। আমাৰ গাড়ীচালক জনে ৰগৰ কৰি ক’লে, ‘এইখানে সবাই বিশ্ৰাম কৰে’। সকলো সৰু-ডাঙৰ গাড়ী, বাছ বিশ্ৰামগঞ্জত খন্তেক ৰখোৱা হয়। লগতে যাত্ৰীসকলেও ইয়াতে চাহ-জলপান গ্ৰহণ কৰা চকুত পৰিল। আমিও বিশ্ৰামগঞ্জৰ হোটেল এখনত সোমাই পুৰি-চবজি, চাহ, ৰসগোল্লাৰ জুতি ল’লোঁ। সাধাৰণ হোটেল যদিও তাৰ ৰসগোল্লা সঁচা অৰ্থতে ৰসেৰে ভৰি আছিল। খাই বেচ ভাল লাগিল।

ইতিমধ্যে আমি সীপাহিজালা জিলাত প্ৰৱেশ কৰিছিলোঁ। ৰাস্তাৰ কাষেদি সীপাহিজালা অভয়াৰণ্যলৈ সোমাই যোৱা পথটো দেখা পালোঁ। পথছোৱাৰ সেইখিনি বাট আমাৰ গোলাঘাটৰ নামবৰ হাবিৰ মাজেদি যোৱা পথছোৱাৰ সৈতে সম্পূৰ্ণ একে। সীপাহিজলাৰ পিছত আমি গোমতি জিলাত প্ৰৱেশ কৰিলোঁ। গোমতি জিলাখনৰ নাম গোমতি নদীখনৰ পৰা আহিছে। মাজে মাজে পাহাৰীয়া, মাজে মাজে সমতল পথছোৱাত অনন্য পুলক অনুভৱ কৰিলোঁ। পথছোৱা সুন্দৰ যদিও যান বাহনৰ ভিৰৰ তুলনাত কিছু ঠেক। অৱশ্যে পথছোৱা বহল কৰিবলৈ কাম হাতত লোৱা চকুত পৰিল। ৰাস্তাৰ দুয়োকাষৰ পাহাৰ কাটি পথ বহলোৱাৰ কাম চলাই ৰখা দেখা পালোঁ। এটা সময়ত আমাৰ গাড়ীখনে ৰাস্তাৰ পৰা বাওঁফালে গতি কৰিলে। এটি সৰু টিলাৰ ওপৰত ত্ৰিপুৰেশ্বৰী মন্দিৰটো। মন্দিৰটোক কেন্দ্ৰ কৰি সৰু-বৰ দোকানবোৰ গঢ় লৈ উঠিছে। আমি এখন দোকানত সোমাই চাকি-ধূপ বিচাৰিলোঁ। পিছে মন্দিৰত চাকি জলোৱাতকৈ মম জলোৱাৰ প্ৰথাহে বেছিকৈ প্ৰচলন যেন বোধ হ’ল। মই আগেয়ে মম জলোৱাৰ প্ৰথা কেৱল বৌদ্ধ, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজতহে প্ৰচলন আছে বুলি ভবা ধাৰণাটো ইয়ালৈ আহি ভাগিল। তদুপৰি ত্ৰিপুৰেশ্বৰী মন্দিৰত পেৰা আগবঢ়োৱাৰ প্ৰথাৰো প্ৰচলন আছে। চাকি-ধূপ কিনোতে দোকানীজনে এটা সৰু মাটিৰ মলাত মোক পেৰা কেইটামান বান্ধি দিলে। পূজাৰ সা-সামগ্ৰীৰ সৈতে মন্দিৰ যাবলৈ সাজু হওঁতেই মানুহ এজনে আহি জৱা ফুলৰ দীঘল মালা এডাল যাঁচি দিলেহি-‘এইটা মাতাবাড়ী থেকে চড়াবে’। মই থতমত খালোঁ। জৱা ফুলৰ ৰেণুৱে মোৰ গোটেই টি-চাৰ্টটো হালধীয়া কৰি পেলালেহি। মন্দিৰত আগবঢ়াব কোৱা মালা এডাল নালাগে বুলি উভটাই দিবলৈও মোৰ সত নগ’ল। দামৰ কথা সোধাত মন্দিৰৰ পৰা ঘূৰি আহি দিয়াৰ কথা ক’লে। তেতিয়া মোৰ বুজিবলৈ বাকী নাথাকিল যে দোকানীকেইজন নিশ্চয়কৈ অচিনাকি যাত্ৰী দেখি ঠগাৰ মনোভাৱতে আছে। তথাপি মন্দিৰলৈ যোৱাৰ আগত মনটোক মুকলি কৰি ৰখাৰ ভাবত সেইবোৰ কথালৈ মন কাণ নিদি আগবাঢ়িলোঁ। ত্ৰিপুৰেশ্বৰী মন্দিৰটো এটি সৰু টিলাৰ ওপৰত অৱস্থিত। মূল গৰ্ভগৃহটি- য’ত দেৱীৰ মূৰ্তি বা বিগ্ৰহ স্থাপন কৰা হৈছে, তাৰ সন্মূখত আমাৰ নামঘৰবোৰৰ দৰে এখন দীঘলীয়া মুকলি কাথি। তাতে বহু দৰ্শনাৰ্থী বহি থকা দেখিবলৈ পালোঁ। কাথিৰ সৈতে মূল মন্দিৰটোৰ সংযোগ নাই। ইটাবুলীয়া ৰঙেৰে সুশোভিত মূল বিগ্ৰহ ৰখা গৃহটি স্বয়ংসম্পূৰ্ণ। বৰ্গাকৃতিৰ মন্দিৰটোৰ ওপৰত কৌণিক শিখৰ। শিৱসাগৰৰ দৌলসমূহৰ সৈতে যথেষ্ট সাদৃশ্য থকা যেন বোধ হ’ল।  কাথিৰ সোঁকাষে চোতালত চাকি-ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে। চাকি জলোৱাতকৈ মানুহবোৰে মম জলোৱাহে চকুত পৰিল। তাতে চাকি-ধূপ জলাই উঠি মই মূল গৰ্ভগৃহৰ ফালে আগবাঢ়িলোঁ।  মন্দিৰৰ ভিতৰভাগ সৰু। ভিতৰত পূজাৰীয়ে পূজা-সেৱা আগবঢ়াই আছে। তালৈ বাকী ভক্তৰ প্ৰৱেশ নিষেধ। ভিতৰত ৰঙা বস্ত্ৰৰে সুন্দৰকৈ সজাই ৰখা দেৱীৰ মূৰ্তিজনা দেখি শ্ৰদ্ধাত মূৰ দো-খাই আহিল। পৰম শ্ৰদ্ধা ভাৱেৰে সেৱা কৰিলোঁ। মূল মূৰ্তিজনাৰ সন্মুখত থকা দুৱাৰ খনৰ উপৰি বাঁওকাষে আৰু এখন দুৱাৰ আছে। তাতে মানুহবোৰে ফুল-পেৰাৰ ভোগ ইত্যাদি হাতত লৈ শাৰী পাতি থকা দেখা পালোঁ। ময়ো গৈ মাটিৰ মলাত থকা পেৰাৰে সৈতে জৱা ফুলৰ মালা হাতত লৈ শাৰী পাতিলোঁ। ভক্তৰ ভিৰ বেছি নাছিল। গৰ্ভ গৃহৰ পৰা পূজাৰীৰ লাচনি পাচনি ধৰাৰ দৰে ব্যক্তি এজনে আহি মোৰ হাতৰ পৰা পূজাৰ বাবে আগবঢ়োৱা পেৰা, মালা ইত্যাদি লৈ গ’লহি। লগতে দেৱীলৈ বুলি দক্ষিণা আগবঢ়াবলৈও ক’লে। তেওঁ ভিতৰলৈ নি পূজা আগবঢ়াই থকা সময়ত মই চকু মুদি প্ৰাৰ্থনা জনাই থাকিলোঁ। পূজা আগবঢ়াই তেওঁ কেইটামান পেৰা আৰু ফুলৰ সৈতে মোক মাটিৰ মলাটো উভটাই দিলেহি। এইবাৰ তেওঁ নিজৰ বাবে সামান্য দক্ষিণা আগবঢ়াবলৈ ক’লে।

মন্দিৰৰ পৰা নামি অহাৰ পিছত দোকানীজনে মাটিৰ মলাটোত পেৰা কেইটাৰ সৈতে সুন্দৰকৈ বাতৰি কাকতেৰে মেৰিয়াই হাতত কঢ়িয়াই নিবলৈ সুবিধা কৰি দিলে। লগতে তেওঁৰ দোকানৰ পেৰা দুটামানো আমালৈ আগবঢ়ালে। শেষত আমি পূৰ্বতে ভবাটোৱে হ’ল। পেৰা, মালা ইত্যাদি আটাইবোৰ মিলাই তেওঁ মোৰ পৰা ২২০ টকা বিচাৰিলে। মালাদালৰ দাম হেনো অকলেই ১০০ টকা। বৰ বেছি কথাটো ভাবি নাথাকি মন্দিৰলৈ সেৱা আগবঢ়াইছো ভাবি টকাকেইটা অগবঢ়াই দিলোঁ। মন্দিৰৰ কাষতে এটি ডাঙৰ জলাশয় আছে। মানুহৰ ভিৰ দেখি সেইফালে আগবাঢ়ি গ’লোঁ। এই জলাশয়টোৰ নাম কল্যানসাগৰ। পুখুৰীৰ কাষত ৰৈ থকা দুই-এজন বেপাৰীয়ে আমাকে বুট সদৃশ কিবা খোৱা বস্ত্ত কিনিবলৈ বাটি আগবঢ়াই দিলে। আমি বৰ বেছি আগ্ৰহ নেদেখুৱালোঁ। সেইবোৰ হেনো মাছক খুওৱা খাদ্য। গোটেই কাৰবাৰটো আমাৰ ইয়াৰ চতিয়াৰ ওচৰত থকা নাগ-শংকৰ মন্দিৰৰ সদৃশ। নাগ-শংকৰ মন্দিৰত থকা পুখুৰীটোত থকা কাছ বোৰক যাত্ৰীবোৰে বিস্কুট আগবঢ়ায়। কাছবোৰেও বৰ হেতা-ওপৰা কৰি বিস্কুট খাবলৈ ধৰে। গোটেই পৰিৱেশতোৱে মনোগ্ৰাহী হৈ পৰে। সেই একে পদ্ধতিতে ইয়াত মানুহে পুখুৰীৰ মাছলৈ খাদ্য আগবঢ়ায়। পুখুৰীটোত বহুত বৃহদাকৃতিৰ মাছ দেখিবলৈ পালোঁ। বৰ সুন্দৰ কমলা ৰঙী মাছ দুটামানো দেখিলোঁ। পুখুৰীত বহুকেইটা কাছ থকা বুলি শুনিলো যদিও আমাৰ চকুত হ’লে নপৰিল। দুই একে পুখুৰীটোৰ পানী হাতত লৈ অঞ্জলি আগবঢ়োৱাৰ দৰে উচৰ্গা কৰাও দেখিবলৈ পালোঁ। পুখুৰীৰ পানী নিৰ্মল। সেয়ে সকলোৱে বিনা সংকোচে পানীৰে সেৱা আগবঢ়াইছে। মোৰ আমাৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত থকা জলাশয়টোলৈ মনত পৰিল। তাতো একেধৰণে মানুহে পানী হাতত লৈ আহুতি আগবঢ়ায়। কিন্ত্ত গোটেই জলাশয়টো শেলুৱৈ ধৰি সেউজীয়া হৈ পৰা দেখিছিলোঁ। তদুপৰি দুই একে পুখুৰীত নামি গা-ধুই থকাও দেখা পাইছিলোঁ। প্ৰথম দিনা কামাখ্যা মন্দিৰলৈ যি ভক্তি ভাৱ লৈ গৈছিলোঁ, সেয়া পুখুৰীৰ পৰিৱেশটোৱে অলপমান হলেও স্তিমিত কৰিছিল। ত্ৰিপুৰেশ্বৰী মন্দিৰৰ জলাশয়ত পিছে তেনে কদৰ্য পৰিৱেশ চকুত নপৰিল। সুন্দৰভাৱে চৌপাশ বান্ধি ৰখা হৈছে। পৰিৱেশটোতো অলপো কোলাহল নাই। শান্ত নিৰ্মল।

মন্দিৰৰ পৰা ওলাই আহি আমি এইবাৰ ত্ৰিপুৰাৰ অন্য এক পৰ্যটন আকৰ্ষণ ‘নীৰমহল’ চাবলৈ আগবাঢ়িলোঁ। নীৰমহল থকা ঠাইখিনিৰ নাম মেলাঘৰ। মূল ঘাইপথৰ পৰা বাওঁফালে এটি ৰাস্তা সোনামুৰা চহৰলৈ আগবাঢ়িছে। সেই পথেৰে কিছুদূৰ যোৱাৰ পিছত পথৰ সোঁকাষে নাতিদূৰত ৰুদ্ৰসাগৰ হ্ৰদ। হ্ৰদৰ মাজতে বিশান শুভ্ৰ নীৰমহল। পানীৰ সমাৰ্থক শব্দ নীৰ। পানীৰ মাজত অৱস্থিত বাবেই এই মহলটোৰ নাম নীৰমহল ৰখা হৈছে। ৱেষ্ট ত্ৰিপুৰা জিলাত অৱস্থিত এই কীৰ্তিচিহ্নটিৰ ইতিহাস বৰ বেছি পুৰণি নহয়। গ্ৰীষ্মকালিৰ প্ৰমোদ বিহাৰৰ উদ্দেশ্যে এই মহলটি নিৰ্মাণ কৰিছিল মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে। মাৰ্টিন এণ্ড বাৰ্ণ নামে এটি ব্ৰিটিছ কোম্পানীৰ তত্বাবধানত এই মহলটোৰ নিৰ্মাণকাৰ্য ১৯৩০ চনৰ পৰা আৰম্ভ কৰি ১৯৩৮ চনত শেষ কৰা হৈছিল। মুঠ ২৪ টা কোঠালিযুক্ত এই বিশাল শুভ্ৰ মহলটোৰ পূৱ অংশ বিশেষকৈ ৰাজ মহলটোৰ সুৰক্ষা কৰ্মীৰ বাবে ব্যৱহৃত হৈছিল। নীৰমহলৰ পশ্চিম অংশটোৰ নাম ‘অন্দৰ মহল’। এই অংশটো মহাৰাজা আৰু তেওঁৰ ৰাণীৰ ব্যৱহাৰৰ বাবে সজা হৈছিল। মূল ৰাজধানী চহৰ আগৰতলাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত কেৱল গ্ৰীষ্মকালি নিৰ্মল বতাহ লৈ দেহ শাঁত পেলাবলৈকে যে এই মহলটো নিৰ্মাণ কৰা হৈছিল- সেই কথাটোৱে ত্ৰিপুৰাৰ ৰজাৰ চৌখিনতাৰ সাক্ষ্য বহন কৰি ৰাখিছে। সমগ্ৰ ভাৰততে পানীৰ মাজত এনেধৰণৰ স্থাপত্য কেৱল দুটিয়েই আছে। অন্যটো হৈছে ৰাজস্থানৰ জয়পুৰত অৱস্থিত জলমহল। ৰুদ্ৰসাগৰ জলাশয়টোৰ সৈতে নীৰমহলৰ গোটেই কালি প্ৰায় ৫ বৰ্গ কিলোমিটাৰ। নীৰমহললৈ যোৱাৰ ব্যৱস্থাটো আমাৰ গুৱাহাটীৰ উমানন্দ মন্দিৰলৈ যোৱা সদৃশ। নীৰমহললৈ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ফেৰী চলে। যাত্ৰীসকলক ফেৰীৰে নি নীৰমহলৰ সন্মূখত নমাই দিয়া হয়। তাৰ পৰা খটখটিৰে ওপৰলৈ উঠি যাব পাৰি। ৪০ মিনিটৰ পিছত ফেৰীখন উভটি আহে। যাত্ৰীসকলে এইখিনি সময়ৰ ভিতৰত নীৰমহল দৰ্শন শেষ কৰিব লাগে। ফেৰীৰে অহা যোৱাৰ বাবদ ২৫ টকাৰ টিকট কাটিব লাগে। যিখিনি ঠাইৰ পৰা ফেৰী চলাচল ব্যৱস্থা আছে সেই ঘাটটোৰ নাম ‘ৰাজঘাট’। ৰজাই তাহানি মটৰ ফেৰীৰে এই ঘাটেৰেই নীৰমহললৈ অহা যোৱা কৰিছিল বাবে ঘাটটোৰ নাম ৰাজঘাট ৰখা হৈছে। ফুৰিবলৈ অহা বংগালী পৰিয়াল এটিৰ সৈতে আমাক ফেৰীৰে নীৰমহললৈ লৈ যোৱা হ’ল। ফেৰীৰ টিকট কটাৰ উপৰিও নীৰমহলত প্ৰৱেশৰ বাবে আকৌ প্ৰৱেশদ্বাৰত ১০ টকাৰ টিকট কাটিব লাগে। যি কি নহওক আমি নিয়মমাফিক টিকট কাটি প্ৰথমে নীৰমহলৰ পশ্চিম অংশ অৰ্থাৎ অন্দৰ মহলৰ ফালে গ’লো। প্ৰৱেশদ্বাৰৰ ওচৰতে নীৰমহলৰ বিষয়ে সম্যক জ্ঞান দিয়া ফলক এখন চকুত পৰিল। অত্যন্ত পৰিস্কাৰ আৰু শুভ্ৰতাই অনন্য ৰূপ প্ৰদান কৰা নীৰমহল সঁচাকৈয়ে ৰাজ আভিজাত্যৰ প্ৰতীকস্বৰূপ। চাৰিওফালৰ পানীৰ মাজত অবিৰত হো হোৱাই বলি থকা বতাহে দৰ্শনাৰ্থী সকলৰ দেহ মন পুলকিত কৰি তোলে। ৰাজপৰিয়ালৰ বাবে ব্যৱহৃত অন্দৰ মহলৰ কাৰু কাৰ্য্য অনবদ্য। হিন্দু আৰু ইছলামীয় উভয় সংস্কৃতিৰ মিশ্ৰনৰ চাপ কোঠালিবোৰত সুস্পষ্ট। মহল সমূহ আকাৰত বৰ বেছি বিশালকায় নহ’লেও কাৰুকাৰ্য্য সমূহ চালে চকুৰোৱা। বৰ্গাকৃতিৰে নিৰ্মিত ৰাণীৰ প্ৰকাণ্ড স্নানাগাৰটো দেখি আচৰিত হ’লো। স্নানাগাৰটোৰ ভিতৰভাগৰ দেৱালৰ বৰণ নীলা। চিৰিৰ সহায়ত অন্দৰ মহলৰ ওপৰলৈ উঠি গ’লো। শীতল বতাহজাকে দেহ জুৰায় পেলালে। অদূৰত দেখিলো এগালমান হাঁহে জলকেলি কৰি আছে। ৰূদ্ৰসাগৰৰ কাষত জনবসতি সেৰেঙা। সেই হিচাপে হাঁহবোৰ পোহনীয়া যেন বোধ নহ’ল। তদুপৰি ইমান বিশাল জলাশয় সাঁতুৰি আহি নীৰমহলৰ কাষপোৱাটো পাটি হাঁহৰ বাবে সম্ভৱপৰ নহয় যেন লাগিল। বোধহয় ত্ৰিপুৰাৰ পৰ্য্যটন বিভাগে নীৰমহলৰ আকৰ্ষণীয়তা বৃদ্ধিৰ পৰিকল্পনা হিচাপেই হাঁহবোৰ পোহপাল দি ৰাখিছে। জুন মাহৰ গৰমৰ প্ৰকোপত এই নীৰমহলৰ বতাহজাক সঁচা অৰ্থতে জীৱনদায়ীনী শক্তিস্বৰূপ। কোঠালিবোৰ এফালৰ পৰা চকু ফুৰাই গ’লো। প্ৰখৰ ৰ’দৰ তাপত গোটেই জগতখন দহি যোৱা সত্বেও নীৰমহলৰ প্ৰতিটো কোঠালিত কিন্ত্ত তাৰ বিপৰীত প্ৰতিৰূপ। মহল বুলিলেও প্ৰকৃততে এই গোটেইবোৰ মিলি যেন এক আৱাসী এলেকাহে। মহলৰ ভিতৰতে গছ-গছনিৰে সৈতে সৰু-সুৰা কেইবাখনো বাগিচাও আছে। তাৰ লগতে মহলৰ পূৱ অংশত আছে মনোৰঞ্জনৰ হেতু নৃত্য-গীত, অন্যান্য সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ হেতু এক মুকলি ৰঙ্গমঞ্চ। ইটো কোঠালিৰ পৰা সিটো কোঠালি চাই থাকোতে কেতিয়ানো ৪০ মিনিট সময় শেষ হ’ল গমকে নাপালো। আমাক লৈ অহা ফেৰীখন উভটিবৰ সময় হ’ল। অৱশ্যে অন্যান্য যাত্ৰীক লৈ অহা অন্য এখন ফেৰীও চকুত পৰিল। তথাপি আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সোনকালে নীৰমহলৰ পৰা উভটাৰ সিদ্ধান্ত ল’লোঁ। ৰুদ্ৰসাগৰৰ বিশাল বুকুত শৰালি হাঁহ, পানীকাউৰি ইত্যাদিবোৰে জলকেলি কৰিছে। ফেৰী আগবঢ়াৰ লগে লগে ক্ৰমান্বয়ে সৰু হৈ অহা ৰাজ আভিজাত্যৰ প্ৰতীক দূৰৈৰ নীৰমহললৈ আকৌ এবাৰ বিস্ময় বিমুগ্ধ হৈ চাই ৰ’লোঁ।

নীৰমহলৰ পৰা উভটি আমি কমলাসাগৰ বাংলাদেশ সীমান্ত অঞ্চল চাবলৈ আগবাঢ়িলোঁ। কমলাসাগৰলৈ যোৱা পথছোৱাৰ কাষত জনবসতি অতি সেৰেঙা। তদুপৰি পথচোৱাৰ অৱস্থাও কিছু জৰাজীৰ্ণ। উদয়পুৰ-আগৰতলা সংযোগী পথৰ বাওঁকাষে প্ৰায় ১০ কিলোমিটাৰ মান সোমাই আহি আমি কমলাসাগৰত উপস্থিত হ’লোঁ। কমলাসাগৰ এটি প্ৰকাণ্ড জলাশয়ৰ নাম। ১৫ শতিকাত মহাৰজা ধন্যমাণিক্যই পত্নী মহাৰাণী কমলা মহাদেৱীৰ নাম যুগমীয়া কৰিবলৈ এই পুখুৰীটো খন্দাইছিল। পুখুৰীটোৰ নামেৰে অঞ্চলটোৰ নামো কমলাসাগৰ পৰিছে। কমলাসাগৰ ভাৰতৰ শেষ সীমা। আমি সঘনাই শুনি থকা সীমান্তৰ কাঁইটীয়া তাঁৰ কমলাসাগৰলৈ আহি দেখিবলৈ পালোঁ। সীমাৰ সিপাৰে বাংলাদেশৰ অঞ্চলটোৰ নাম তাৰাপুৰ। দুয়োখন দেশৰ সীমাতে আছে তাৰাপুৰ-কমলাসাগৰ সাপ্তাহিক বজাৰখন। এই বজাৰখনে এই অঞ্চলটোৰ গুৰুত্ব বঢ়াই তুলিছে। প্ৰতি সপ্তাহৰ দেওবাৰে দুয়োখন দেশৰ নাগৰিকে আহি এই বজাৰখনত বস্ত্ত কিনা-বেচা কৰেহি। বজাৰত সোমাবলৈ পাৰপত্ৰ নালাগে। পেনকাৰ্ড আদি যিকোনো এক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ দেখুৱাইয়ে বজাৰত প্ৰৱেশ কৰিব পাৰি। আমি দুৰ্ভাগ্যবশত কেৱল উকা বজাৰ গৃহবোৰহে দেখিবলৈ সক্ষম হ’লোঁ। সীমা সুৰক্ষা বাহিনীৰ নিয়োজিত জোৱানজনে দূৰৰ পৰাই আমাক বজাৰখনৰ ফটো সংগ্ৰহ কৰিবলৈ অনুমতি দিলে। দেওবাৰৰ দিনা অহাহেতেন দুইদেশীয় এই বজাৰত প্ৰৱেশ কৰাৰ আশা নিশ্চয় পূৰণ হ’লহেতেন।

সি যি কি নহওক এইবাৰ আমি কমলাসাগৰৰ পাৰতে অৱস্থিত ত্ৰিপুৰাৰ অন্য এক উল্লেখযোগ্য ধৰ্মীয় পীঠস্থান কসবেশ্বৰী কালী মন্দিৰলৈ বুলি আগবাঢ়িলোঁ। মন্দিৰটোৰ অন্য নাম কসবা কালী মন্দিৰ। ত্ৰিপুৰাৰ জনসাধাৰণে মাতাৰ আবাস হিচাপে এই অঞ্চলটোকো মাতাবাড়ী বুলিয়েই সম্বোধন কৰে। পোন্ধৰ শতিকাতে নিৰ্মাণ কৰা এই প্ৰাচীন কালি মন্দিৰটোৰ বৰণো ত্ৰিপুৰাসুন্দৰী মন্দিৰৰ সদৃশ ডাঠ ইটাবুলীয়া। মন্দিৰৰ দ্বাৰ কমলাসাগৰ পুখুৰীটোৰ ফালে মুখ কৰি আছে। মন্দিৰৰ একেবাৰে কাষতে সীমান্ত সুৰক্ষা বাহিনীৰ (বি এচ এফ) নিৰীক্ষণ চকী এটাও দেখা পালোঁ। আমি যোৱা সময়ত মন্দিৰৰ ভিতৰভাগ বন্ধ কৰি ৰখা হৈছিল। বাহিৰৰ পৰাই মন্দিৰলৈ সেৱা জনালোঁ। সন্মূখভাগত বলিশাল দেখি মন্দিৰত বলি প্ৰথা আছে বুলি বুজিব পাৰিলোঁ। দুৰ্গাপূজাৰ সময়চোৱাত হেনো এই মন্দিৰত বিৰ দি বাট নোপোৱা অৱস্থা হয়। মন্দিৰটোক কেন্দ্ৰ কৰিয়েই যথেষ্ট সংখ্যক দোকান-পোহাৰো গঢ় লৈ উঠিছে। মন্দিৰৰ পৰা উভটি পুনৰ এবাৰ কাঁইটীয়া তাঁৰৰ সিপাৰে বাংলাদেশলৈ চাই পঠালো। ড্ৰাইভাৰজনে জনালে যে সীমাৰ সিপাৰে বাংলাদেশৰ ৰেল ষ্টেচন এটি আছে। চাবলৈ বৰ চেষ্টা কৰিলোঁ যদিও গছ-গছনিৰ আৰ হৈ থকা হেতু ভালদৰে দেখিবলৈ সক্ষম নহ’লোঁ। বাংলাদেশৰ সেয়া হেনো মিটাৰগজ ট্ৰেইন। ঠিক সেই সময়তে উকি মাৰি ট্ৰেইনএখন ষ্টেচন এৰি আগবাঢ়ি গ’ল। গছ-গছনিৰ ফাঁকে ফাঁকে দেখা পালো সেউজৰঙী বাংলাদেশীয় ৰে’লগাড়ী। দুই এক যাত্ৰীয়ে ট্ৰেইনৰ ওপৰচোৱাত উঠি যোৱাও দেখিবলৈ পালোঁ। কমলাসাগৰৰ পৰা বিদায় ল’বৰ পৰত উকা বজাৰখনলৈ আকৌ এবাৰ চকু গ’ল। প্ৰথম দৃষ্টিত তেনেই সাধাৰণ যেন লগা এই বজাৰখনে এই সীমান্ত অঞ্চলত দুয়োখন দেশৰ মৈত্ৰীৰ প্ৰতীক স্বৰূপ হৈ থিয় দি আছে। সাধাৰণতে চুবুৰীয়া দুখন দেশৰ বিদ্বেশৰ ফল ভোগ কৰিবলগীয়া হয় সীমামূৰীয়া দুই দেশৰ খাটিখোৱা নিৰীহ জনগণে। কিন্ত্ত কমলাসাগৰলৈ আহি যেন তাৰ এক বিপৰীত ৰূপহে দেখিবলৈ পালোঁ। ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ সাধাৰণ নাগৰিকে আহি প্ৰতি দেওবাৰে এইখন বজাৰৰ পৰা সামগ্ৰীৰ লগতে কঢ়িয়াই লৈ যায় ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা। চাক্ষুস অভিজ্ঞতাৰ অবিহনে কেৱল টিভিৰ পৰ্দাত দেখিয়েই যে সীমামূৰীয়া অঞ্চলৰ প্ৰকৃত আভাস পাব নোৱাৰি সেই কথাটো কমলাসাগৰলৈ আহি উপলব্ধি কৰিলোঁ।

আগৰতলালৈ উভটাৰ বাটত পথৰ বাওঁকাষে থকা ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনো গেটৰ পৰাই এভুমুকি মাৰি চালোঁ। কেন্দ্ৰীয় বিশ্ববিদ্যালয় হেতুকে বিশ্ববিদ্যালয়ৰ ভৱন, ফলক সকলোতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে সাদৃশ্য থকা যেন দেখিবলৈ পালোঁ। সেইদিনা উভটি আহি আবেলিৰ পৰা গধূলিৰ সময়চোৱালৈকে আমি ত্ৰিপুৰালৈ বুলি লৈ অহা কামখিনি সুকলমে কৰাত মনোনিৱেশ কৰিবলগীয়া হ’ল।

তাৰ পিছদিনা ৰাতিপুৱাতে আমি আগৰতলা-অখৌৰা সীমান্ত চকী চাবলৈ ওলালো। ত্ৰিপুৰা ৰাজ্যখন কেউফালৰ পৰা বাংলাদেশে আৱৰি আছে। সেয়েহে ত্ৰিপুৰাৰ বাট-পথসমূহৰ প্ৰায়বোৰে গৈ ভাৰত-বাংলা সীমান্ততে শেষ হৈছেগৈ। এইক্ষেত্ৰত অখৌৰা সীমান্তৰ গুৰুত্ব সৰ্বাধিক এইকাৰণেই যে আগৰতলাৰ পৰা বাংলাদেশৰ ঢাকালৈ এই সীমান্ত চকীৰ মাজেদিয়ে পথ পৰিবহণ ব্যৱস্থা আছে। আগৰতলা মূল চহৰৰ পৰা অখৌৰা সীমান্তলৈ পাঁচ কিলোমিটাৰ মানৰ বাট। অটো এখন লৈ আমি আগবাঢ়িলোঁ। এক নিৰ্দিষ্ট দূৰত্বৰ পৰা ব্যক্তিগত, ৰাজহুৱা সকলো যান-বাহনৰ প্ৰৱেশ নিষেধ। সেইখিনিৰ পৰা আগলৈ সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলৰ অনুমতি লৈহে আগবাঢ়িব পাৰি। অটোৰ পৰা নামি আমি সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলৰ ওচৰলৈ আগুৱাই গ’লো। পথচোৱাত তেওঁলোকে পথৰোধক ৰাখি নিৰীক্ষণৰ ব্যৱস্থা ৰাখিছে।  অদূৰত দেখা পালো ভাৰত ৰাষ্ট্ৰৰ শেষ সীমা তথা বাংলাদেশলৈ আদৰণি জনাই নিৰ্মাণ কৰা তোৰণ। তোৰণলৈ আগুৱাই যোৱা পথৰ বাওঁকাষে ভাৰত-বাংলা পথ পৰিবহনৰ বাছ টাৰ্মিনেলটো। জোৱানসকলে আমাৰ সৈতে বেচ বন্ধুত্বসুলভ কথা-বতৰা পাতিলে। আমি অসমৰ পৰা অহা বুলি শুনি ইমান দূৰৰ পৰা সীমান্ত চকী চাবলৈ অহা কথাটোত তেওঁলোকে আগ্ৰহ প্ৰদৰ্শন কৰিলে। তেওঁলোকৰ মাজত মৰিগাঁৱৰ জোৱান এজনকো লগ পালো। তেওঁ অসমীয়াভাষী লগ পাই আনন্দিত হৈ পৰিল। আমাৰ ক’ত ঘৰ, কি কাৰণে ত্ৰিপুৰালৈ আহিছোঁ আটাইবোৰ খা-খবৰ ল’লে। লগতে এইটোও জানিবলৈ দিলে যে সন্ধিয়া পাঁচ বজাতহে এই সীমান্ত চকী চাবলৈ অহাটো লাভজনক। সেই সময়ত দুয়োখন দেশৰ যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত দৈনিক Flag Lowering Ceremony উদযাপন কৰা হয়। আমি বুজিলো পাঞ্জাৱত থকা ভাৰত-পাকিস্তানৰ ৱাঘা সীমান্তৰ আৰ্হিৰে এই ভাৰত-বাংলা অখৌৰা সীমান্ত সজাই তুলিবলৈ চেষ্টা কৰা হৈছে। প্ৰত্যেক দিনাই অলেখ লোকৰ হৰ্ষোল্লাসৰ সন্মূখত ভাৰত-বাংলা দুয়োখন দেশৰ জোৱানসকলে সামৰিক কুচ-কাৱাজ প্ৰদৰ্শন কৰে। কথাটো জানি আমাৰ মন কিছু সেমেকিল। তথাপি সীমান্তৰ জিৰ’ পইণ্টত আহি থিয় হোৱাৰ কথাটোৱে মনটো ভৰাই ৰাখিলে। আমি তাত উপস্থিত হোৱাৰ মূহুৰ্ততে বাংলাদেশলৈ চৰকাৰী কাম-কাজত যোৱা ত্ৰিপুৰাৰ কোনো মন্ত্ৰীৰ কনভয় উভটি সীমান্ত ৰেখাৰ ওচৰত উপস্থিত হৈছিলহি। নিয়মমাফিক নিৰীক্ষণৰ হেতু তেওঁলোকৰ সৈতে জোৱানসকল ব্যস্ত হৈ পৰিবলগা হোৱাত আমাক কিছু সময় গেটৰ নিলগত অপেক্ষা কৰাই ৰাখিলে। কিন্ত্ত বহু সময়লৈকে মন্ত্ৰীৰ কনভয় সমূহ একে ঠাইতে ৰৈ থকা দেখি আমাৰ বিৰক্তি লাগিল। সীমান্ত চকীৰ গেটৰ পৰা সীমান্ত ৰেখালৈ অলপ দূৰ খোজ কাঢ়িব লাগে। সেইখিনি দূৰত্বতে ৰাস্তাৰ বাঁওকাষে বাছ-টাৰ্মিনেলটো। জোৱানসকলৰ অনুমতি লৈ আমি অলপ আগুৱাই বাছ-টাৰ্মিনেলটোৰ ভিতৰ সোমালো। টাৰ্মিনেলটোৰ ওপৰত ভাৰতীয় জাতীয় পতাকা খন শুৱনিকৈ উৰি আছে। দেখি মনটো ভৰি পৰিল। টাৰ্মিনেলটো বেচ সু-সজ্জিত আৰু অত্যাধুনিক প্ৰায়বোৰ সা-সুবিধাৰে পৰিপূৰ্ণ। বাংলাদেশলৈ যোৱা ভাৰতীয় যাত্ৰীসকলৰ পাৰপত্ৰসমূহ ইয়াতে পৰীক্ষা কৰা হয়। তদুপৰি অন্য এখন দেশলৈ যাওঁতে কৰিবলগীয়া হোৱা মুদ্ৰাৰ সাল-সলনিও ইয়াত কৰিব পাৰি।  আমি টাৰ্মিনেলত সোমোৱাৰ সময়ত বাংলাদেশলৈ যাবলৈ বিচৰা বহুকেইজন যাত্ৰী অপেক্ষাৰত হৈ থকা দেখিবলৈ পালোঁ। তেওঁলোক হেনো গুৱাহাটীৰ পৰা আহিছে। তেওঁলোক ৰাতিপুৱাৰ পৰা মুদ্ৰা সালসলনি কৰিবলৈ ৰৈ আছেহি অথচ বিভাগীয় অফিচাৰজন তেতিয়ালৈ আহি উপস্থিত হোৱাহি নাই। টাৰ্মিনেলটোৰ কেওফালে বি এচ এফৰ জোৱানসকল গিজগিজাই ফুৰা চকুত পৰিল। বাছ টাৰ্মিনেলটোৰ কাষতে তেওঁলোকৰ কেম্পটো। বিহাৰৰ ফালৰ জোৱান এজনে আমাৰ সৈতে সৌহাৰ্দ্যপূৰ্ণভাৱে কথা-বতৰা পাতিলে।  অখৌৰা সীমান্তত এইদৰে সামৰিক কুচ-কাৱাজ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাটো হেনো বেছি দিন হোৱা নাই। অত্যাধুনিক ভাৱে সীমান্ত চকী গঢ় দিয়াৰ লগতে বাছ পৰিবহন ব্যৱস্থাই দিনে দিনে এই সীমান্ত চকীটোৰ গুৰুত্ব বঢ়াইছে। আগৰতলাৰ পৰা ঢাকালৈ বাছেৰে যাবলৈ সময় লাগে মাত্ৰ ৪ ঘণ্টা। ঢাকাৰ পৰা আগুৱাই কলকাতালৈ যাবলৈ আগৰতলাৰ পৰা এটা দিনৰ বাট। ভৌগোলিকভাৱে আটাইকেইখন ঠাইৰ প্ৰায় সৰলৰৈখিক অৱস্থান। অথচ ত্ৰিপুৰাৰ জনগণে নিজ দেশৰ মাজেৰে যাবলৈ আগৰতলাৰ পৰা শিলচৰ হৈ গুৱাহাটীলৈ উপস্থিত হ’বগৈ লাগে। গুৱাহাটীৰ পৰা পুনৰ কলিকতা যাত্ৰা। সকলো মিলাই প্ৰায় তিনি-চাৰিদিনৰ যাত্ৰা। সাধাৰণ লোকৰ বাবে অন্য দেশৰ মাজেৰে যাবলৈ পাচপ’ৰ্ট, ভিচা সংগ্ৰহ কৰাটো সাধাৰণ কথা নহয়। তদুপৰি মুদ্ৰা সালসলনি ইত্যাদিৰো সমস্যা থাকে। বিমানযাত্ৰা সকলোৰে বাবে সম্ভৱপৰ নহয়। আমাৰ মানুহে গুৱাহাটীৰ পৰা শিলচৰ আহিবলৈকে বেয়া ৰাস্তা-পথৰ বাবে দুশ্চিন্তাত ভোগে। ত্ৰিপুৰাৰ ৰাইজে শিলচৰৰ পৰা গুৱাহাটীলৈ যোৱা পথচোৱাৰ উপৰঞ্চি আগৰতলাৰ পৰা শিলচৰলৈ যোৱা পথত হাৰাশাস্তি ভোগ কৰিবলগীয়া হয়। ৰাজনৈতিক মেৰপেচত স্থলবন্দী হৈ পৰা ত্ৰিপুৰাৰ সাধাৰণ মানুহখিনিলৈ সঁচা অৰ্থতে সহানুভূতি জন্মিল।

বিহাৰৰ জোৱানজনৰ পৰা আৰু এটা নতুন কথা জানিব পাৰিলো যে তেওঁলোকৰ বাবে বিদেশ যোৱাৰ সা-সুবিধা নাই। দেশৰ সুৰক্ষাৰ স্বাৰ্থতে তেওঁলোকক কোনোদিনে পাচপ’ৰ্ট প্ৰদান কৰা নহয়। বাংলাদেশ সীমান্তত থাকিও সেয়েহে তেওঁলোকে কোনোদিনে ঢাকালৈ গৈ পোৱা নাই।

ইতিমধ্যে মন্ত্ৰীৰ কনভয়সমূহ আমাৰ আগেদি পাৰ হৈ গ’ল। আমিও সীমান্তৰেখাৰ ওচৰলৈকে যাবলৈ অনুমতি লাভ কৰিলোঁ। ঘাইপথৰ ওপৰত লম্বৰ পৰিৱৰ্তে কিছু কৌণিকভাৱে ৰেখাদাল অংকিত কৰা হৈছে। ৰেখাৰ সিপাৰে বাংলাদেশ, এইপাৰে আমি ভাৰতত। দেহ শিহঁৰিত হৈ পৰিল। বাংলাদেশৰ ফালেও তেওঁলোকৰ সামৰিক জোৱানৰ লগতে অন্যান্য সাধাৰণ বাংলাদেশী নাগৰিকো চকুত পৰিল। পেপাৰে-পত্ৰই সীমান্তৰ যি তিক্ততাপূৰ্ণ খা-খবৰ পঢ়ো, টিভিত কাইটীয়া তাঁৰৰ যি কুৎসিত ৰূপটো দেখো তাৰ পৰিবৰ্তে আগৰতলা-অখৌৰা সীমান্ত চকীৰ এই অনন্য ৰূপে মন পুলকিত কৰি তুলিলে। যেন দুখন বন্ধু ৰাষ্ট্ৰৰ মাজেদি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই এই পথটো আগবাঢ়িছে। দুয়োদেশৰ নাগৰিকক আদৰি পথৰ ওপৰত এই তোৰণ- য’ত পঢ়িবলৈ পালো- ‘আপনাৰ অগমনেৰ জন্য ধন্যবাদ’! সীমা সুৰক্ষাৰ জোৱানসকলে প্ৰতি সময়তে আমাক ৰেখাদাল পাৰহৈ নাযাবলৈ সকীয়াই থাকিল। এজন জোৱানে আমাৰ সৈতে ফটোও উঠিলে। বাংলাদেশত ৰাজ্য নাই। গোটেই দেশখনক ৬৪ খন জিলাত ভাগ কৰা হৈছে। ঠিক একেদৰে জিলাবোৰকো কেইবাখনো উপ-জিলালৈ ভাগ কৰা হৈছে। বাংলাদেশৰ এনে উপজিলাৰ সংখ্যা ৪৯৩ খন। আগৰতলা সীমান্তৰ সিফালৰ অঞ্চলটোৰ নাম অখৌৰা। অখৌৰা এখন উপজিলা আৰু ই ব্ৰাহ্মণবাৰিয়া জিলাৰ অন্তৰ্গত। পথৰ সোঁকাষে এখন ফলক দেখিলোঁ “Indian Territory Ends. Bangladesh 0 km”। সিপাৰে বাংলাদেশত পথৰ কাষত গম্বুজৰ আকৃতিৰ এক স্মৃতিসৌধ। লিখা আছে- “অপাৰ সম্ভাৱনাৰ বাংলাদেশে আপনাকে স্বাগতম”! বাংলাদেশ বুলিলে মনলৈ যি এক ঋণাত্মক প্ৰতিচ্ছবি মনলৈ আহে এই সীমান্তচকীলৈ আহি সেয়া যেন বহুখিনি সলনি হ’ল।

অখৌৰা সীমান্তৰ পৰা উভটি আমি আকৌ আগৰতলাৰ মূল চহৰলৈ আহিলোঁ। আমাৰ কৰিবলৈ ৰৈ যোৱা সৰু সুৰা দুটিমান কাম আওটাই চহৰৰ মাজমজিয়াত থকা ৰাজবাড়ী চাবলৈ আগবাঢ়িলোঁ। ৰাজবাড়ীৰ সোঁকাষে শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ। তাৰ পৰা কিছু আগলৈ একেটা পথতে জগন্নাথ মন্দিৰ। এই মন্দিৰটোৰ নামেৰেই ৰাজৰাড়ীৰ সন্মূখেৰে যোৱা পথটোৰ নাম জগন্নাথ বাড়ী ৰোড ৰখা হৈছে। আমি লক্ষ্মী নাৰায়ণ মন্দিৰলৈ সোমাই গ’লো। ঈষৎ নীলা বৰণীয়া দেৱালেৰে সজ্জিত মন্দিৰটো দেখি ভক্তিভাৱত মূৰ দোঁ-খাই আহিল। তদুপৰি বংগালী সম্প্ৰদায়ৰ ভক্তিপ্ৰাণ লোকসকলে পূজা-অৰ্চনা, ঘণ্টা-কাঁহৰ সুমধুৰ স্বৰেৰে মন্দিৰ প্ৰাংগণ আক্ষৰিক অৰ্থতে স্বৰগময় কৰি ৰাখিছিল। মন্দিৰৰ গৰ্ভগৃহত লক্ষ্মী-বিষ্ণুৰ প্ৰতিমা। মন্দিৰ দেৱালত খোদিত কৰা আছে বৰাহ, পৰসুৰাম আদি বিষ্ণুৰ দশাৱতাৰৰ মূৰ্তি। এই মন্দিৰটিৰ পুৰণি নাম আছিল শ্ৰী শ্ৰী ৰাধা বৃন্দাবন চন্দ্ৰ মন্দিৰ। ত্ৰিপুৰাৰ মহাৰজা বীৰেন্দ্ৰ কিশোৰ মাণিক্য বাহাদুৰে ১৯১০ চনত তেওঁৰ ধৰ্মপ্ৰাণ আৰু প্ৰজাবৎসল পিতৃ ৰজা ৰাধা কিশোৰ মাণিক্য বাহাদুৰৰ স্মৃতিত মন্দিৰটো নিৰ্মাণ কৰিছিল। সেই সময়ৰে পৰা এই মন্দিৰত নিতৌ ত্ৰিপুৰাৰ ৰাজ-পৰিয়ালে পূজা-অৰ্চনা আগবঢ়াই আহিছিল। মূল লক্ষ্মী, বিষ্ণুৰ মূৰ্তিৰ লগতে মুঠ ১৪ গৰাকী বিভিন্ন দেৱ দেৱীৰ মূৰ্তি মন্দিৰত ৰখা হৈছে। মন্দিৰ দৰ্শন সামৰি আমি ৰাজবাড়ীলৈ আগবাঢ়িলোঁ।

লক্ষ্মী নাৰায়ণ মন্দিৰৰ কাষতে ৰাজবাড়ী। এক কথাত ক’বলৈ গ’লে ৰাজবাড়ীৰ চৌহদতে মন্দিৰটো বুলি ক’লেও ভুল কোৱা নহ’ব- যদিওবা মন্দিৰ আৰু ৰাজবাড়ীৰ প্ৰৱেশদ্বাৰ বেলেগ বেলেগ। ৰাজবাড়ীৰ প্ৰকৃত নাম উজ্জয়ন্ত ৰাজপ্ৰাসাদ। উজ্জয়ন্ত প্ৰাসাদ নামটো প্ৰদান কৰিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। ত্ৰিপুৰাৰ বৰ্তমানৰ ৰাজ্যিক সংগ্ৰহালয় এই উজ্জয়ন্ত প্ৰাসাদটো বহুকেইটা স্তৰ পাৰ হৈ আহি বৰ্তমানৰ ৰূপ পাইছেহি। ত্ৰিপুৰাৰ প্ৰথম ৰাজপ্ৰাসাদটো নিৰ্মাণ কৰিছিল মাণিক্য বংশৰ ৰজা ৰাধা ঈশান চন্দ্ৰ মাণিক্যই। সেই প্ৰাসাদটো বৰ্তমানৰ আগৰতলা চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগত আছিল। ১৮৯৭ চনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা বৰ ভূঁইকপত সেই ৰাজপ্ৰাসাদটো ভাঙি চূৰ-মাৰ হয়। ইয়াৰ দুবছৰ পিছত সেই সময়ৰ ৰজা ৰাধা কিশোৰ মাণিক্যই ১৮৯৯ চনত পুনৰ ন-ৰূপেৰে ৰাজপ্ৰাসাদটো গঢ়াৰ কাম আৰম্ভ কৰে। ১৯০১ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই ৰাজপ্ৰাসাদটো নিৰ্মাণ কাৰ্য্যত ব্যয় হৈছিল প্ৰায় ১০ লাখ টকা। সুদীৰ্ঘকাল ৰাজপৰিয়ালৰ তত্বাৱধানত থকা প্ৰাসাদটো ১৯৭২ চনত ত্ৰিপুৰাৰ চৰকাৰে ২৫ লাখ টকাৰ বিনিময়ত ৰাজপৰিয়ালৰ পৰা হস্তগত কৰে। ২০১১ চনলৈকে এই মহলটো ত্ৰিপুৰা বিধানসভাৰ সভাকক্ষ হিচাপে ব্যৱহৃত হৈ আছিল। ইয়াৰ পিছত এই ৰাজপ্ৰাসাদটো ত্ৰিপুৰাৰ পৰ্যটনৰ প্ৰধান আকৰ্ষণ হিচাপে গঢ়ি তোলাৰ মানসেৰে ৰাজ্যিক সংগ্ৰহালয়লৈ  ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ১৯৭০ চনত স্থাপিত ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰাহালয়টো সেই সময়ত আগৰতলা চহৰৰ অন্য এক স্থানত আছিল। সংগ্ৰহালয়টোত সংগৃহীত সকলোবোৰ সা-সম্পত্তি উজ্জয়ন্ত প্ৰাসাদলৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পিছত ২০১৩ চনৰ ২৬ চেপ্তেম্বৰ তাৰিখে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰিয়ে উজ্জয়ন্ত প্ৰাসাদক ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰহালয় হিচাপে উদ্বোধন কৰে।

সোমবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা দিনত দিনৰ ১১ বজাৰ পৰা সংগ্ৰহালয় দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়। এটা কথা মন কৰিলোঁ গেটৰ মুখত ৰৈ থকা যাত্ৰীৰ অনুনয় বিনয় সত্বেও ঠিক ১১ বজাৰ লগে লগেহে চকীদাৰজনে সংগ্ৰহালয়ৰ টিকট কাউণ্টাৰ তথা গেট মুকলি কৰিলে। বহু সময় অপেক্ষা কৰি থাকি অসন্ত্তষ্টি দেখুৱাই থকা এজন দৰ্শনাৰ্থীয়ে চকীদাৰৰ হুটা মাত শুনিবলগীয়াও হ’ল। সময়ৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট কঠোৰ বুলি সকলোকে জনাই দিলে। সংগ্ৰহালয়ৰ মুখত সেইদিনা যথেষ্ট ভীৰ দেখা পালো। কোনো এক টেলিকম কোম্পানীয়ে সেইদিনা সংগ্ৰহালয়ৰ মুখৰ পৰা এক বাইক ৰেলীৰো আয়োজন কৰিছিল। যা হওক নিয়মমাফিক ১৫ টকীয়া টিকট কৰি আমি সংগ্ৰহালয়ৰ ভিতৰ সোমালো। প্ৰাসাদলৈ বুলি যোৱা মূল পথটোৰ দুয়োকাষে দুটি জলাশয়। জলাশয়ৰ পাৰে পাৰে সুন্দৰকৈ দুখনি বাগিচা আছে। মূল পথটো দুভাগত বিভক্ত। মাজ অংশটো পানীৰ ফোৱাৰা, সৰু-বৰ গুল্মৰে বৰ সুন্দৰকৈ সজাই ৰখা হৈছে। সন্ধিয়াৰ আলোকসজ্জাৰে সৈতে এই আটাইবোৰ মিলি কেনে ৰম্য পৰিৱেশৰ সৃষ্ট কৰিব সেয়া সহজেই অনুমেয়। সংগ্ৰহালয়ৰ গেটৰ পৰা ৰাজপ্ৰাসাদলৈ এই পথচোৱাত খোজকাঢ়ি সঁচাকৈয়ে অনন্য পুলক অনুভৱ কৰিলোঁ। বোলছবিবোৰত দেখুওৱা ৰজা-মহাৰজাৰ ওচৰলৈ অহা সাধাৰণ প্ৰজাৰ দৰে একেই অনুভৱ হৈছিল আমাৰো। বিস্ময় বিমুগ্ধ হৈ চৌদিশে চাই চাই আমি ৰাজপ্ৰাসাদৰ সন্মূখ পালোগৈ। ৰাজমহলটো তিনিমহলীয়া।  মহলটোৰ আৰ্হি কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েল সদৃশ। সন্মুখত কেইবাখলপীয়া বিশাল খটখটী। সেয়া গৈ দ্বিতীয় মহলাৰ সৈতে সংযুক্ত হৈছে। কিন্ত্ত সংগ্ৰহালয়ৰ প্ৰৱেশ দ্বাৰ প্ৰথম মহলাৰ অন্য এখন দ্বাৰেৰে হে কৰা হৈছে।  আমি টিকট প্ৰদৰ্শন কৰি প্ৰথম মহলাত প্ৰৱেশ কৰিলোঁ। সংগ্ৰহালয়টো সুন্দৰ আৰু সুসজ্জিত। আটাইবোৰ শিল্পকৰ্ম, চিত্ৰ, ভাস্কৰ্য্য, মূৰ্তি, সাজ-পোচাক সুপৰিকল্পিতভাৱে সজাই ৰখা হৈছে- যাতে দৰ্শনাৰ্থীৰ কোনো অসুবিধা নহয়। জানিব পাৰিলো যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইটোৱেই সৰ্ববৃহৎ ৰাজ্যিক সংগ্ৰহালয়। সকলোবোৰ সংগৃহীত সম্পত্তিৰ তলতে বিৱৰণী টোকা লিখি ৰখা হৈছে ক্ৰমে- ইংৰাজী, বাংলা আৰু কাকবাৰাক ভাষাত। কাকবাৰাক ত্ৰিপুৰীসকলৰ জনজাতীয় দোৱান। লিখিত লিপি বোধহয় নাই। সেয়েহে বাংলা লিপিকে কাকবাৰাকৰ বাবে ব্যৱহৃত হোৱা দেখিবলৈ পালো। প্ৰথম প্ৰৱেশ কৰিয়েই যিটো কোঠালি পালো তাত ত্ৰিপুৰাৰ প্ৰাকৃতিক, ৰাজনৈতিক, কৃষি উদ্যোগ, পৰিবহণ ইত্যাদিৰ কেইবাখনো প্ৰকাণ্ড মানচিত্ৰ ৰখা হৈছে। সেইটো কোঠালিত সোমায়েই সমগ্ৰ ত্ৰিপুৰা ৰাজ্যখনৰ থূলমূল আভাস পাব পাৰি। ঠিক একেদৰে বাকী কোঠালিসমূহত একাদিক্ৰমে প্ৰৱেশ কৰি দেখা পালো ত্ৰিপুৰাত বসবাস কৰা বিভিন্ন জনজাতীয় লোকসকলৰ সাজ-পাৰ, নৃত্য-গীত, লোকাচাৰৰ চানেকি।  আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত ইয়াতো মেন্নিকুইনসমূহৰ জৰিয়তে বিভিন্ন ত্ৰিপুৰাৰ বিভিন্ন জনজাতীয় সাজপোছাক, ৰীতি-নীতিৰ আভাস দিবলৈ যত্ন কৰা হৈছে। আমাৰ গোৱালপাৰা, ধুবুৰী জিলাৰ লোকনৃত্যৰ সৈতে মিল থকা ত্ৰিপুৰাৰ বংগালী সম্প্ৰদায়ৰ লোকসকলৰ কিছু লোকনৃত্যৰ শৈলীৰ নমুনাও দেখা পালোঁ। ত্ৰিপুৰাৰ প্ৰধান জনজাতি ত্ৰিপুৰীসকল। বৰ্তমান অৱশ্যে তেওঁলোক সংখ্যালঘু সম্প্ৰদায়ত পৰিণত হৈছে আৰু তেওঁলোকৰ প্ৰায়সকলে পাহাৰ অঞ্চলত বসবাস কৰে। বাংলাভাষী লোকসকলৰ সৈতে ত্ৰিপুৰীসকলৰ প্ৰত্যক্ষ সংঘাত নাই। তাৰ চৰকাৰখনে সংখ্যালঘু ত্ৰিপুৰীসকলৰ সুৰক্ষা আৰু অস্তিত্ব ৰক্ষাৰ বিষয়টোক সদায়েই অগ্ৰাধিকাৰ দি চৰকাৰী কাৰ্যনীতি গ্ৰহণ কৰি আহিছে। ত্ৰিপুৰীসকলক মাণিক্য বংশৰ ৰজাসকলে ‘বৰ্মন’ উপাধি প্ৰদান কৰিছিল। যিসকল ত্ৰিপুৰী লোক ৰজাঘৰীয়া কামকাজত নিয়োজিত হৈছিল তেওঁলোকক ‘দেৱবৰ্মন’ উপাধি প্ৰদান কৰা হৈছিল। এই আটাইবোৰ তথ্য সংগ্ৰহালয়ৰ বিভিন্ন ফলকসমূহত সুন্দৰভাৱে বৰ্ণিত কৰা হৈছে।

ঠিক একেদৰে ত্ৰিপুৰাৰ শিল্প উদ্যোগ, কল-কাৰখানা, কুঁহিয়াৰ খেতিৰ ওপৰত গঢ় লৈ উঠা চেনীকল উদ্যোগ, ৰবৰ উদ্যোগ ইত্যাদিৰো আৰ্হি সংগ্ৰহালয়ৰ ভিতৰত দেখিবলৈ পালোঁ। অইন এটা প্ৰকাণ্ড কোঠালিত দেখা পালো ত্ৰিপুৰাত ৰাজত্ব কৰা মাণিক্য বংশৰ ৰজাসকলৰ প্ৰকাণ্ড তৈলচিত্ৰ। কোঠালিটোত একাদিক্ৰমে সজাই ৰখা হৈছে ধৰ্ম মাণিক্য, ধন্য মাণিক্য, ৰাধা কিশোৰ মাণিক্য, বিক্ৰম কিশোৰ মাণিক্য আদিৰ তৈলচিত্ৰ আৰু দুই এখন আলোকচিত্ৰ। প্ৰতিটো কোঠালিতে চি চি টি ভি কেমেৰাৰ ব্যৱস্থা কৰা আছে। সংগ্ৰহালয়ৰ ভিতৰত ফটো তোলা নিষেধ। তদুপৰি প্ৰতিটো কোঠালিতে দৰ্শনাৰ্থীৰ সকলক সহায় কৰিবলৈ তথা নজৰ ৰাখিবলৈ একো একোজন কিউৰেটৰ। অন্য এটি কোঠালিত প্ৰৱেশ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বহুকেইখন সুন্দৰ প্ৰাকৃতিক দৃশ্যাৱলীৰ আলোকচিত্ৰ দেখিবলৈ পালোঁ। তাত অৰুণাচল প্ৰদেশৰ চেলা পাচৰ পৰা মণিপুৰৰ লকটক হ্ৰদলৈকে, মেঘালয়ৰ ‘চেভেন চিষ্টাৰ ফল’ৰ পৰা শদিয়াৰ চিয়াং-লোহিত-দিবং নদীৰ সংযোগ থলীলৈ বহু আকৰ্ষণীয় ফটোগ্ৰাফ সংগৃহীত কৰি ৰখা হৈছে। মুঠতে যিটো কোঠালিত সোমালো সকলোতে বিস্ময় বিমুগ্ধ হৈ ৰ’লো।

প্ৰথম মহলাৰ কোঠালিবোৰ পৰ্যবেক্ষণ কৰাৰ পিছত আমি দ্বিতীয় মহলালৈ উঠি গ’লোঁ। দ্বিতীয় মহলাৰ কোঠাবোৰত দেখিবলৈ পালো উত্তৰ-পূৱ ভাৰতৰ কলা-সংস্কৃতি, বুৰঞ্জী, লোকাচাৰ, নৃত্য-গীতৰ চানেকি আৰু আলোকচিত্ৰ। ত্ৰিপুৰাৰ ৰাজ্যিক সংগ্ৰহালয়ত কেৱল ত্ৰিপুৰাকে প্ৰদৰ্শিত কৰা হোৱা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে বুৰঞ্জী, কলা-সংস্কৃতিক সাঙুৰি লোৱা হৈছে। অসমৰ পুৰণি কোঁচ ৰাজ্য, আহোম ৰাজ্য, কছাৰী ৰাজ্য তথা সোণকোষ, মানাহ আদি নদীৰ সীমা প্ৰদৰ্শিত কেইবাখনো প্ৰকাণ্ড মানচিত্ৰ দেখি মনত আনন্দ লাগিল। তাহানিৰ প্ৰাগজ্যোতিষপুৰৰ কামপীঠ, সৌমাৰপীঠ আদিও সুন্দৰভাৱে তাত চিত্ৰিত কৰা হৈছে। ঠিক একেদৰে দেখি ভাল লাগিল শৰাইঘাটৰ যুদ্ধ বৰ্ণিত চিত্ৰকৰ্মখনি। সুবিশাল চিত্ৰকৰ্মখনিয়ে বৰ সুন্দৰকৈ লাচিতৰ নেতৃত্বত আগবঢ়া আহোম সেনাক ফুটাই তুলিছে। ত্ৰিপুৰাৰ সংগ্ৰহালয়ত অসমৰ বুৰঞ্জী সম্বলিত সমলসমূহ দেখি মন সঁচাকৈয়ে ভৰি পৰিল।

উজ্জয়ন্ত প্ৰাসাদ তথা ত্ৰিপুৰাৰ ৰাজবংশৰ সৈতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অন্য এক সু-সম্পৰ্ক আছিল। মাণিক্য বংশৰ ৰজা ৰাধা কিশোৰ মাণিক্য কবিগুৰুৰ অন্যতম পৃষ্ঠপোষক আছিল। তেওঁৰ ৰাজত্বকালতে ১৯০০ চনত প্ৰথম ত্ৰিপুৰালৈ অহা কবিগুৰুৱে জীৱনকালত মুঠ সাতবাৰ ত্ৰিপুৰা ৰাজপৰিয়ালৰ আতিথ্য গ্ৰহণ কৰিছিল। কবিগুৰুৱে নোটবুকত লিখি ৰখা ৰচনাসমূহৰ ছপা ৰূপ দিবলৈও ৰাজপৰিয়ালৰ ফালৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। তদুপৰি ৰজা ৰাধা কিশোৰ মাণিক্যই কবিগুৰুৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়লৈ বাৰ্ষিক ১০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল। ত্ৰিপুৰাৰ সৈতে কবিগুৰুৰ এই সম্পৰ্কক সামৰি সংগ্ৰহালয়টোৰ এক অংশ কবিগুৰুৰ স্মৃতিবিজড়িত আলোকচিত্ৰ, সা-সামগ্ৰী, কবিতা পুথি আদিৰে সজাই তোলা হৈছে। কবিগুৰুৰ একৈছ বছৰ বয়সত তোলা ফটোৰ পৰা আদি কৰি এলবাৰ্ট আইনষ্টাইন, মহাত্মা গান্ধী আদিৰে সৈতে কবিগুৰুৱে উঠা ফটো সমূহ সংৰক্ষণ কৰি ৰখা হৈছে। ১৯০০ চনত প্ৰথমবাৰ ত্ৰিপুৰালৈ আহোতে কবিগুৰুৱে ৰজা ৰাধা কিশোৰ মাণিক্যৰ সৈতে উঠা এখন আপুৰুগীয়া ফটোও দেখিবলৈ পালো। তাৰ লগতে আছে কবিগুৰুৱে অভিনয় কৰা ‘বিসৰ্জন’, ‘মুকুট’ আদি নাটকৰ কিছুমান স্থিৰচিত্ৰ।  কবিগুৰুৰ প্ৰায় আটাইবোৰ ৰচনাৱলী তাত সংগৃহীত কৰি ৰখা হৈছে। তদুপৰি আছে বিভিন্ন সময়ত বিভিন্ন জনলৈ লিখা চিঠি, কবিতাৰ পংক্তি। কবিগুৰুজনাৰ হাতৰ আখৰৰ নমুনা দেখি শিঁহৰিত হ’লোঁ। গোট গোট বাংলা আখৰৰে কবিগুৰুজনাই লিখিছে- “তুমি কি শুনেছ মোৰ বাণী/ হৃদয়ে নিয়েছ তাৰে টানি? জানিনা তোমাৰ নাম/ তোমাৰেই সঁপিলাম/ আমাৰ ধ্যানেৰ ধনখানি… !”

সংগ্ৰহালয় বুলিলেই আমাৰ মুখলৈ যি এক বিৰক্তিকৰ অভিব্যক্তি ফুটি উঠে তাৰ তুলনাত ত্ৰিপুৰাৰ এই ৰাজ্যিক সংগ্ৰহালয় যেন বহু যোজন ওপৰত। তথ্যসমৃদ্ধ আৰু দৰ্শনাৰ্থীক আকৰ্ষিত কৰি ৰাখিব পৰা এই সংগ্ৰহালয়টো সঁচা অৰ্থতে উত্তৰ-পূৱৰ সৰ্বোৎকৃষ্ট সংগ্ৰহালয়। ইয়াত প্ৰৱেশ পথৰ পৰা কোঠালিসমূহ একাদিক্ৰমে চাই যোৱাটোহে নিয়ম। এবাৰ চাই অহাৰ পিছত দ্বিতীয় মহলাৰ পৰা প্ৰথম মহলালৈ উভটি যোৱাৰ অনুমতি নাই। পুনৰ চাব বিচাৰিলে দ্বিতীয় মহলাৰ পৰা চিৰিয়েদি নামি আহি পুনৰ প্ৰথম মহলাৰ প্ৰৱেশ দ্বাৰেদি আৰম্ভ কৰিব লাগিব। তৃতীয় মহলালৈ প্ৰৱেশৰ অনুমতি নাই। সেইটো মহলা সংগ্ৰহালয়ৰ অংশ নহয়। ঠিক একেদৰে বিশাল ৰাজমহলটোৰ কেৱল বাওঁফালৰ অংশহে ৰাজ্যিক সংগ্ৰহালয় হিচাপে ব্যৱহৃত হৈছে। ৰাজপ্ৰসাদৰ সোঁ অংশত প্ৰৱেশ নিষেধ। ৰাজপ্ৰসাদৰ কেন্দ্ৰস্থলত আছে এটি প্ৰকাণ্ড গম্বুজ। গম্বুজৰ ঠিক মধ্যভাগতে দ্বিতীয় মহলত এটি ৰজাদিনীয়া বৰটোপ ৰখা হৈছে। বৰটোপটোৱে অদূৰত থকা উজ্জয়ন্ত প্ৰসাদৰ প্ৰৱেশদ্বাৰৰ ফালে মুখ কৰি আছে।  সেইখিনিতে  দেৱালত ৰাখি থোৱা দেখিলো ভাৰতৰ উল্লেখনীয় পৰ্যটনথলীসমূহ চিহ্নিত কৰি ৰখা এখন প্ৰকাণ্ড মানচিত্ৰ। সেইখনত আগ্ৰাৰ তাজমহলৰ পৰা আদি কৰি গুৱাহাটীৰ কামাখ্যা মন্দিৰ, জম্মুৰ বৈষ্ণো দেৱী মন্দিৰ, পুৰীৰ জগন্নাথ মন্দিৰ, দক্ষিণ ভাৰতৰ ৰামেশ্বৰম আদি প্ৰায়বোৰ ধৰ্মীয় তথা পৰ্যটনথলী চিহ্নিত কৰি ৰখা হৈছে। নিঃসন্দেহে মানচিত্ৰখনি যথেষ্ট মানবিশিষ্ট যেন বোধ হ’ল।

প্ৰখৰ ৰ’দে গোটেই আগৰতলা চহৰখন দহি নিছিল। সংগ্ৰহালয়ৰ ভিতৰত থাকোতে এই কথা অনুভৱ নহ’লেও বাহিৰলৈ অহাৰ পিছতে দেই-পুৰি নিয়া ৰ’দজাকে আমাৰ অৱস্থা কাহিল কৰি পেলালে। সেই তীখৰমূৰীয়া ৰ’দটো ৰিক্সাচালক বোৰে ৰিক্সা চলাই থকা দেখি হতবাক হ’লোঁ। কোবাকোবিকৈ হোটেললৈ খোজ দি আমি খন্তেক জিৰণি ল’লোঁ।

আবেলি গৰমৰ মাত্ৰা কিছু কমাৰ পিছত ভাত-পানী খাই আমি ত্ৰিপুৰা হেৰিটেজ পাৰ্ক চাবলৈ ওলালোঁ। হেৰিটেজ পাৰ্কৰ দূৰত্ব মূল চহৰৰ পৰা কিছু নিলগত। অৱশ্যে অটোৰিক্সা, টেম্পু ইত্যাদি প্ৰতিসময়তে চলিয়ে থাকে। যিহেতু মূল চহৰৰ পৰা ওলাই অহা ৰাস্তাটো ৰাজবাড়ীৰ চৌহদৰ পিছফালেদি হৈ গৈছে, গতিকে আগবেলা চাই যোৱা ৰাজপ্ৰসাদটোৰ পিছফালেনো কি কি আছে এতিয়া দেখাৰ সুযোগ মিলিল। ৰাজপ্ৰসাদৰ পিছফালে আছে বৰ্তমান কিছু জৰাজীৰ্ণ ৰূপ পোৱা তাহানিৰ সৈন্য-সামন্ত থকা ঘৰসমূহ। আস্তাবল সদৃশ ঘৰো দেখা পালো। বোধহয় তাত ৰাজপৰিয়ালৰ ব্যৱহৃত ঘোঁৰাসমূহ ৰখা হৈছিল। ৰাস্তাৰ কাষে কাষে বিস্তৃত এই পুৰণি আবাসসমূহে আমাক আকৌ এবাৰ ৰোমাঞ্চিত কৰি তুলিলে। মূল চহৰৰ পৰা ৬ কিলোমিটাৰমান দূৰত্বত অৱস্থিত হেৰিটেজ পাৰ্কখনৰ প্ৰৱেশ তোৰণখন বেচ আকৰ্ষণীয়। দূৰৈৰপৰা চালে মাটিৰে লিপি নিৰ্মাণ কৰা যেন লগা তোৰণখনত ত্ৰিপুৰীজনজাতীয় মহিলাৰ মূৰ্তি খোদিত কৰা হৈছে। পাৰ্কৰ ভিতৰভাগত নিৰ্মাণ কৰা হৈছে ত্ৰিপুৰাৰ এক ক্ষুদ্ৰ সংস্কৰণ- ‘মিনি ত্ৰিপুৰা’। মিনি ত্ৰিপুৰাই সঁচা অৰ্থতে গোটেই ত্ৰিপুৰাখনকে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। ত্ৰিপুৰাৰ ভৌগোলিক অৱয়বৰ সদৃশত পাৰ্কখনৰ ভিতৰত এচোৱা মাটিত ত্ৰিপুৰাৰ প্ৰধান স্থলপথ, ৰে’লপথ ইত্যাদিৰ সৰু সৰু আৰ্হি নিৰ্মাণ কৰা হৈছে। অসমৰ পৰা ত্ৰিপুৰাত প্ৰৱেশ কৰা ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ, ঠিক একেদৰে ৰে’লপথ আৰু ধৰ্মনগৰ, জিৰাণীয়া, আগৰতলা আদি প্ৰধান ৰে’লষ্টেচন সমূহ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰকৈ নিৰ্মাণ কৰা হৈছে। ত্ৰিপুৰাৰ মুঠ জিলা আঠখন- নৰ্থ ত্ৰিপুৰা, চাউথ, ৱেষ্ট, উনাকুটি, খোৱাই, ঢলাই, সীপাহীজলা আৰু গুমটি। এই আটাইবোৰ বৰ সুন্দৰকৈ মিনি ত্ৰিপুৰাৰ চিহ্নিত কৰা হৈছে। ঠিক একেদৰে ত্ৰিপুৰাৰ প্ৰসিদ্ধ পৰ্যটন থলী সমূহ ভৌগোলিক ভাৱে ত্ৰিপুৰাৰ যি যি অঞ্চলত অৱস্থিত মিনি ত্ৰিপুৰাৰো সেইসমূহ স্থানতে ক্ষুদ্ৰাকৃতিৰ ম’ডেল নিৰ্মাণ কৰা হৈছে। ত্ৰিপুৰেশ্বৰী মন্দিৰ, নীৰমহল, উজ্জয়ন্ত প্ৰাসাদ এই আটাইবোৰৰ ক্ষুদ্ৰ সংস্কৰণ দেখি সঁচাকৈয়ে অভিভূত হ’লোঁ। আক্ষৰিক অৰ্থতে মিনি ত্ৰিপুৰাত এবাৰ ভ্ৰমণ কৰিয়েই সমগ্ৰ ত্ৰিপুৰা ৰাজ্যখন এপাক ভ্ৰমি অহা যেন লাগিল। অভিনৱ এই গোটেই ‘আইডিয়া’টো দেখি সঁচাকৈয়ে আপ্লুত হ’লো। অসমৰ দৰে ত্ৰিপুৰাতকৈ যথেষ্টগুণ বৃহৎ মাটিকালিৰ ৰাজ্যৰ পক্ষে এইদৰে ক্ষুদ্ৰ সংস্কৰণ নিৰ্মাণ কৰাটো কিছু কঠিন হ’লেও অসমৰ প্ৰতিখন জিলাত থকা পাৰ্কসমূহত নিজ জিলাখন এই ব্যৱস্থাৰে গঢ়ি তুলিলে নিশ্চয় বৰ ভাল পদক্ষেপ হ’ব। তদুপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবেও নিজ ঠাইখনক বা জিলাখনক বুজি পাবলৈ যথেষ্ট সহায়ক হ’ব। আমাৰ মানুহবোৰৰ মনলৈ এনেধৰণৰ আকৰ্ষণীয় ন ন চিন্তা কিয় মনলৈ নাহে তাকে তুলনা কৰি কিছু হতাশ হ’লোঁ। তেজপুৰৰ কৌল পাৰ্কত ভাৰতৰ এখন মানচিত্ৰ তৈয়াৰ কৰা হৈছে যদিও সেইখন কেইবাবছৰো ধৰি সেই একে অৱস্থাতে ৰখাত আকৰ্ষণীয়তা হেৰুৱাই পেলাইছে। ভাৰতত ইতিমধ্যে কেইবাখনো নতুন ৰাজ্য গঠন হোৱা স্বত্বেও উদ্যানৰ কৰ্মকৰ্তাসকলৰ সেইবোৰ চিন্তা কৰিবলৈ আহৰি নাই। এতিয়াও সেই পূৰ্বৰ উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰকে অংকিত কৰি ৰখা হৈছে। তেলেংগানাৰ কথা বাৰু বাদেই দিলোঁ!

হেৰিটেজ পাৰ্কৰ ভিতৰতে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ এখন বিপণী দেখিলোঁ। তাত ত্ৰিপুৰাৰ বিভিন্ন জনজাতীয় সাজপাৰ, বাঁহ-বেতেৰে নিৰ্মিত বিভিন্ন সা-সামগ্ৰী আদি বিক্ৰী কৰা হয়। আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ একে আৰ্হিতে নিৰ্মাণ কৰা এখন মুকলি ৰঙ্গমঞ্চও (অ’পেন থিয়েটাৰ) দেখিবলৈ পালোঁ।

হেৰিটেজ পাৰ্কৰ পৰা উভটি আহোতে আগৰতলা চহৰ পোৱাৰ পূৰ্বে পথৰ বাঁওকাষে পালো বেনুবন বৌদ্ধ বিহাৰ। প্ৰথম দিনা এয়াৰপ’ৰ্টৰ পৰা আহোতেও বৌদ্ধ বিহাৰটো মোৰ চকুত পৰিছিল। তদুপৰি বৌদ্ধ ধৰ্মৰ প্ৰতি সদায়েই মই এক আধ্যাত্মিক দুৰ্বলতা তথা আকৰ্ষণ অনুভৱ কৰো। বেনুবন নামটোৱে মোক পোনচাটেই দৃষ্টি কঢ়াৰ মূল কাৰণটো হ’ল আমাৰ বালিপৰা অঞ্চলত থকা বৌদ্ধ বিহাৰটোৰ নামো ‘বেনুবন’। ত্ৰিপুৰাৰ এই বৌদ্ধ বিহাৰৰ অৰ্হিতে বালিপৰাৰ বৌদ্ধ বিহাৰটো নিৰ্মাণ কৰা হৈছে নে বেনুবন শব্দৰ অন্য কিবা ধৰ্মীয় অৰ্থ আছে সেই সম্পৰ্কে অৱশ্যে মনত কিছু খু-দুৱনি থাকি গ’ল। বৌদ্ধ বিহাৰ থকা এই অঞ্চলটোৰ নাম কুঞ্জবন। শান্ত, নিৰ্জন পৰিবেশটোত প্ৰৱেশ মাত্ৰকে মন পুলকিত হৈ পৰিল। সৰু যদিও বেচ পৰিস্কাৰ-পৰিচ্ছন্নতাৰে চৌহদটো আটোমটোকাৰিকৈ ৰখা হৈছে। মেৰুণ বৰণীয়া বিহাৰটোত বগা ৰঙেৰে কাৰুকাৰ্য খোদিত কৰা হৈছে। বিহাৰৰ চৌপাশ, সন্মুখভাগৰ চোতালখন বগা টাইলচ লগোৱা । তদুপৰি চোতালত ভক্তৰ বাবে বেচ আহল বহল টিঙৰ চালি আৰু ফেনৰ ব্যৱস্থাও কৰা হৈছে। আমি যোৱা সময়খিনিত বিহাৰটো বন্ধ কৰি ৰখা আছিল। দুগৰাকী ভক্তয়ে চোতালতে বহি অপেক্ষা কৰি থকা দেখিবলৈ পালোঁ। বিহাৰৰ চৌপাশৰ পৰিৱেশটো এপাক ঘূৰি চালো। বাওঁকাষে এজন বৌদ্ধ ভীক্ষু আৰু ত্ৰিপুৰাৰ মহাৰজাৰ মূৰ্তি ৰখা হৈছে। ৰজাজন নো কোন বা বৌদ্ধ ভীক্ষুজনা আচলতে দালাই লামা নে কোন সেই বিষয়ে একো জানিব নোৱাৰিলো- যিহেতু ওচৰত কোনো ধৰণৰ ফলক ৰখা হোৱা নাই। বিহাৰৰ পিছফালে আছে ভাণ্টে থকাৰ সু-ব্যৱস্থা। আমাৰে সৌভাগ্য নে কি নাজানো; হয়তো যাত্ৰী অহা গম পায়েই ভাণ্টেজনে আহি বিহাৰৰ দুৱাৰখন মুকলি কৰি দিলে। পৰম হৰিষেৰে ভিতৰলৈ গৈ সেৱা জনালোঁ। বিহাৰৰ ভিতৰত সৰু-বৰ বহুকেইটা বুদ্ধ মূৰ্তি ৰখা হৈছে। কিছুমান মূৰ্তি বোধহয় ভক্তসকলে আগবঢ়োৱা। ভিতৰৰ দেৱালত অংকিত কৰা হৈছে বহুকেইটা জাতকৰ সাধুৰ ব্যাখ্যাচিত্ৰ। তাৰ লগতে দস্যু অংগুলিমাল আৰু ভগৱান বুদ্ধৰ তৈলচিত্ৰ এখনো দেখা পালোঁ। টাৱাঙৰ বৌদ্ধ বিহাৰলৈ যাওঁতে তাৰে এজন বৌদ্ধ ভীক্ষুৱে মোক এটি মন্ত্ৰ শিকাইছিল। সেই মন্ত্ৰটো জপ কৰি বৌদ্ধ বিহাৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিলোঁ। বিহাৰলৈ আহি সঁচাকৈয়ে মন পৰম প্ৰশান্তিৰে ভৰি পৰিল।

তাৰ পিছদিনা যিহেতু আমি আগৰতলাৰ পৰা উভটিব লাগিব, সেয়েহে সেইদিনা ৰাতি আগৰতলা চহৰখনত এপাক ভ্ৰমাৰ সিদ্ধান্ত ল’লোঁ। বিগবজাৰ, বিশাল আদি অন্যান্য চহৰসমূহত থকা প্ৰায়বোৰ অত্যাধুনিক শ্বপিং মল আগৰতলাটো আছে। আমি আগৰতলাত থকা সেই কেইদিনতে বংগালী সম্প্ৰদায়ৰ লোকসকলে ‘জামাই ষষ্ঠী’ নামেৰে এক তিথি উদযাপন কৰিছিল। জোঁৱাইসকলৰ বাবে উদযাপিত এই তিথিটোৰ বাবে কাপোৰৰ দোকানসমূহত বেচ আমোদজনক বিজ্ঞাপন কিছুমান দেখিবলৈ পালোঁ। তাৰে এটি বিজ্ঞাপন আছিল এনেধৰণৰ- “নতুন জামাই- পুৰণো জামাই, দায়িত্বশীল জামাই- উদাসীন জামাই, ভালমানুস জামাই- দুষ্ট চেলে জামাই, ৰবীন্দ্ৰ প্ৰেমী জামাই- হেভী মেটেল জামাই- আদৰৰ জামাই যেমনে হওক; এই জামাইচষ্ঠীতে মনেৰ মত উপহাৰেৰ একমাত্ৰ ঠিকানা…..”! বজাৰৰ মাজত বহুকেইখন মিঠাইৰ দোকান দেখিবলৈ পালোঁ। প্ৰায় সকলোবোৰ মিঠাইৰ দোকানতে গ্ৰাহকৰ ভিৰ। বংগালী সম্প্ৰদায়ৰ লোকৰ মিঠাইৰ প্ৰতি বিশেষ আকৰ্ষণ থকাৰ কথাটিৰ যেন চাক্ষুস প্ৰমাণ পালোঁ।

পিছদিনা আমাৰ উভটনি যাত্ৰাৰ ফ্লাইটৰ সময় বিয়লি ৩ বজাত আছিল। বিমানবন্দৰত যিহেতু কিছু আগতীয়াকৈ উপস্থিত হ’বগৈ লাগিব; তাৰোপৰি চহৰৰ পৰা বিমানবন্দৰলৈ দূৰত্বৰ কথা ভাবি আমি সেইদিনা বৰ বেছি কাৰ্যসূচী হাতত নল’লোঁ। পুৱাৰ আহাৰ গ্ৰহণ কৰিয়ে অটো এখন লৈ আমি ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠান বা চমুকৈ  NIT Agartala চৌহদ চাবলৈ ওলালোঁ। মূল আগৰতলা চহৰৰ পৰা NIT লৈ দূৰত্ব প্ৰায় ২৫ কিলোমিটাৰ। আগৰতলা চহৰৰ পৰা NIT লৈ যোৱা এই পথচোৱাই ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ। তথা এই পথেৰেই শিলচৰ, শ্বিলং আদি ঠাইলৈ আগৰতলাৰে যোগাযোগ স্থাপন হৈছে। অটোচালকজন বিনয়ী যদিও বেচ কথাচহকী। তেওঁ হেনো পূৰ্বতে গুৱাহাটী-আগৰতলা বাছ পৰিবহণত কাম কৰিছিল। তেজপুৰ, নগাঁও আদি বহুকেইখন ঠাইৰ নাম কৈ তেওঁ অসম সম্পৰ্কে থকা নিজৰ জ্ঞানৰ আভাস দিলে। অসমৰ সন্ত্ৰাসবাদ সমস্যাৰ পৰা আদি কৰি অসমৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটলৈকে তেওঁ সকলোবোৰ খা-খবৰ ৰাখিছে। পথেদি আগবাঢ়ি যাওঁতে তেওঁ আমাক ঠাইবোৰৰ নামসমূহ জনাই জনাই গ’ল। ৰাণীবজাৰ নামেৰে বিশেষ ঠাই এখনো তেওঁ দেখুৱাই গ’ল। সেই বজাৰলৈ হেনো এসময়ত ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ মহিলাসকলে বজাৰ কৰিবলৈ আহিছিল। NIT খন অৱস্থিত ঠাইখনৰ নাম জিৰাণীয়া। মূল ঘাইপথৰ পৰা বাঁওকাষে তেওঁ এটি ঠেক বাটেৰে আমাক আগুৱাই লৈ গ’ল। জনবসতি যথেষ্ট সেৰেঙা। এই পথচোৱা হেনো NIT খন হোৱাৰ পিছৰ পৰাহে কিছু উন্নত হৈছে। পুনতে এই আটাইবোৰ এলেকা সন্ত্ৰাসবাদীৰ ঘাটি আছিল। পিছে ত্ৰিপুৰাৰ ৰাজ্যচৰকাৰে আলোচনাৰ মাধ্যমেৰে সকলো সুস্থিৰ অৱস্থালৈ আনিবলৈ সক্ষম হৈছে। ত্ৰিপুৰাত লগপোৱা আটাইকেইজন অটোচালকৰ দৰে এইগৰাকী অটোচালকেও মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। বৰ্তমানৰ মন্ত্ৰীসভাৰ আটাইকেইজন সদস্যৰ প্ৰতি সদ্‌ভাৱ নাথাকিলেও মুখ্যমন্ত্ৰী মাণিক সৰকাৰ সকলোৰে প্ৰিয়তম মুখ্যমন্ত্ৰী। এই তিনিদিনত লগপোৱা প্ৰায় আটাইকেইজন অটোচালকে আমাক মাণিক চৰকাৰৰ বিষয়ে বেচ আকৰ্ষণীয় কথা কিছুমান জনালে। চৰকাৰী কাম-কাজত বিমানযাত্ৰা কৰিবলগীয়া হ’লে বিমানবন্দৰলৈকে তেওঁ হেনো সদায় অটোৰেই যাত্ৰা কৰে। পূৰ্বতে ৰাজ্যৰ ভিতৰত ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হ’লেও তেওঁ অটোতেই যাত্ৰা কৰিছিল- যদিও চৰকাৰী ব্যস্ততাৰ হেতু সেই অভ্যাস আজিকালি ত্যাগ কৰিলে। মাণিক সৰকাৰ শিক্ষয়িত্ৰী পত্নী হেনো সদায় বিদ্যালয়লৈ ৰিক্সাত উঠিয়ে অহা-যোৱা কৰে। ত্ৰিপুৰাৰ গাতে লাগি থকা আমাৰ অসমত এনে এটা দৃশ্য সপোনতো কল্পনা কৰা সম্ভৱপৰ নহয়। অসমৰ আলফা সমস্যাটো সমাধান কৰাৰ হেতু চৰকাৰৰ সৈতে আলোচনাৰ বাট মুকলি কৰা মামণি ৰয়চম গোস্বামী বাইদেউক সমালোচনাৰে থকা-সৰকা কৰা কথাটোও সেইসময়ত মোৰ মনলৈ আহিল। নিজেও কোনো ভাল কাম কৰাৰ প্ৰতি আগ্ৰহী নোহোৱা, তথা অন্যই ভাল কাম কৰা দেখিলেও সমালোচনা কৰিবলৈ আগবঢ়া মনোভাৱৰ বাবেই হয়তে আমিবোৰ চিৰদিন একে অৱস্থাতে স্থৱিৰ হৈ ৰৈ আছোঁ। সমস্যাবোৰৰ সৈনে সনা-পোটোকা হৈ থাকি আনন্দ লভা আমিবোৰে সমস্যাৰ সমাধানৰ বাট কাচিৎহে চিন্তা কৰোহঁক। অথচ কেওফালৰ পৰা বাংলাদেশে আৱৰি থকা স্থলবন্দী সৰু এইখন ৰাজ্য ত্ৰিপুৰাই সকলোকে প্ৰাগতিৰ বাট দেখুৱাই যাবলৈ সক্ষম হৈছে। কাকতে-পত্ৰই পঢ়িবলৈ পোৱা মতে ত্ৰিপুৰাৰ চৰকাৰে ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ ১০০ শতাংশ কৰিবলৈ যথেষ্ট কাৰ্যপন্থা হাতত লৈছে। সন্ত্ৰাসবাদ সমস্যা সমাধান হোৱাৰ পাছৰে পৰা ত্ৰিপুৰাই সামাজিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে যথেষ্ট পৰিমাণে আগুৱাই যাবলৈ সক্ষম হৈছে। বাট-পথ সমূহ আমাৰ অসমৰ তুলনাত ঠেক যদিও যথেষ্ট উন্নত। এটা কথা শুনি দুখ লাগি যে, অসমৰ সৈতে ত্ৰিপুৰা সংযোগী ঘাই পথচোৱাৰ ত্ৰিপুৰাত থকা অংশ ভাল যদিও অসমত প্ৰৱেশ কৰাৰ পিছতে ভগ্নপ্ৰায় ৰূপ লৈছে। আমাৰ জনপ্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱ তথা আন্দোলনপ্ৰিয়, কথাচহকী, সোৰোপা জনসাধাৰণৰ সকলো ক্ষেত্ৰতে গা-এৰা মনোভাৱৰ হেতু ৰাজহুৱা খণ্ডৰ সকলো সা-সম্পত্তিৰ এই মৃতপায় অৱস্থা। অলেখবোৰ ঐতিহাসিক সা-সমল, নৈসৰ্গিক প্ৰাকৃতিক শোভা থকাৰ পিছতো অসমে নিজৰ পৰ্যটন উদ্যোগৰ উন্নতি সাধিব পৰা নাই। অথচ ত্ৰিপুৰাই সীমিত সংখ্যক সম্পত্তিকে ন ন চিন্তাৰে আকৰ্ষনীয় কৰি তুলি পৰ্যটনৰ ক্ষেত্ৰত বিকাশ সাধিবলৈ সক্ষম হৈছে।

২০০৬ চনত স্থাপিত NIT Agartala চৌহদটো এতিয়াও নিৰ্মিয়মান অৱস্থাতে আছে। বেচ বিশাল চৌহদটোৰ বহু এলেকা এতিয়াও অব্যৱহৃত হৈ আছে, তথা কিছুমান ভৱন এতিয়াও নিৰ্মাণ কৰি থকা হৈছে। মুঠ নটা বিষয়ত ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী প্ৰদান কৰাৰ লগতে দুই এক বিভাগত স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰমো আছে। গোটেই চৌহদটোৰ আটাইবোৰ বিভাগ, হোষ্টেল, প্ৰশাসনিক ভৱনতে এপাক ভুমুকি মাৰিলোঁ। সৰু পাহাৰীয়া টিলাত অৱস্থিত এই চৌহদটো এটা সময়ত যে সুন্দৰকৈ গঢ়ি তোলা হ’ব সেয়া সহজেই অনুমান কৰিলোঁ।

গোটেই চৌহদটো এপাক ঘূৰি আমি উভটিলোঁ। মোৰ মনত তেতিয়াও অটোচালকজনে কোৱা কথাবোৰ অগা-দেৱা কৰি আছিল। হোটেললৈ উভটি আহি বস্ত্ত-বাহানিবোৰ সামৰি আমি আগৰতলাৰ পৰা বিদায় লবলৈ সাজু হ’লো। ভাত-পানী খোৱাৰ পিছত সেই একেজন অটোচালকে আমাক এয়াৰপ’ৰ্টলৈ লৈ আহিল। বিদায় জনাবলৈ তেওঁ আমাক কৰমৰ্দন কৰিলে। পুৱা সাত বজাতে ঘৰৰ পৰা ওলাই অহা তেওঁ আমাক থৈ এতিয়া আবেলি দুই বজাতহে কিছু জিৰণি ল’বগৈ। এনেধৰণৰ কৰ্মঠ, অমায়িক, দায়িত্বশীল সাধাৰণ জনসাধাৰণেই আজি ত্ৰিপুৰাৰ আগুৱাই যোৱাৰ ভেটি। সকলোৰে আছে নিজৰ ৰাজ্যখনৰ প্ৰতি প্ৰগাঢ় ভালপোৱা তথা নিজ চৰকাৰখনৰ প্ৰতি আকুণ্ঠ বিশ্বাস।

আগদিনাৰ প্ৰখৰ ৰ’দৰ পৰিবৰ্তে আজি আগৰতলা চহৰখনক কিনকিনিয়া বৰষুণ এজাকে ধুৱাই পেলাইছে। মেঘালয়ৰ সেউজীয়া পাহাৰবোৰৰ ওপৰেদি আমাৰ বিমানখন আগবাঢ়িল। বৰষুণ আৰু ৰ’দৰ সংমিশ্ৰণত সাতোৰঙী ৰামধেনুৱে আকাশত পেখম ধৰিলে। সকলো বিমানযাত্ৰীয়ে অভিভূত হৈ নিজ নিজ মোবাইলেৰে ফটো তোলাত ব্যস্ত হৈ পৰিল। বাহিৰৰ ৰামধেনুৰ লগতে মোৰ মনৰ মাজতো আগৰতলাত কটোৱা এই তিনিটা দিনে অভিজ্ঞতাৰ বাৰেৰহণীয়া ৰহণ সানিলে। জীৱনত কাহানিও দুনাই লগ পোৱাৰ সম্ভাৱনা নথকা এইবোৰ লোক, আগেয়ে নেদেখা এইবোৰ ন ন ঠায়ে মনত ন ন চিন্তাৰ খোৰাক জন্মালে। ত্ৰিপুৰালৈ নহাহেতেন বোধহয় কাহানিও দেখা নাপালোহেতেন কিদৰে আমাৰ চুবুৰীয়া এই সৰু ৰাজ্যখনে নীৰৱে প্ৰগতিৰ বাটেৰে বাট বুলি আগবাঢ়িছে।

 

– প্ৰাঞ্জল দাস,

এৰাগাঁও, বালিপৰা,

শোণিতপুৰ, অসম  ।।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s