বিৱৰ্তন

 

গেটখন বন্ধ কৰি মিনতি ওলাই আহিল। অলপ অলপ ঠাণ্ডা পৰিছে। দুদিনমানৰ পিছৰ পৰা গাত কাপোৰ এখন মেৰিয়াই লৈহে ওলাব লাগিব- তাই মনতে ভাবিলে। কেঁচা আলিবাটটোৰে তাই আগুৱাই গৈ থাকিল। কেঁচা আলিটো গৈ নতুনকৈ পিচ দিয়া পকা ৰাস্তাটোত লগ লাগিছেগৈ। মিনতি সেই ৰাস্তাটোৰে গৈ গৈ চাৰিআলিটোৰ ওচৰৰ পৰা উভটি আহিব। চাৰিআলিটোৰ পৰা অলপদূৰ আগুৱাই গ’লেই নৈ খন। শান্ত সমাহিত নৈখন দলঙখনৰ তলেৰে বৈ গৈ থাকে। অবিৰল প্ৰতিপল।

ৰাতিপুৱা বেলি ওলাও নোলাওতে খোজ কাঢ়িবলৈ ওলাই অহাতো মিনতিৰ নিয়মীয়া ৰুটিনৰ ভিতৰত পৰে। কেতিয়াৰ পৰানো এই অভ্যাসটো গঢ় লৈ উঠিল তাইৰ ভালদৰে মনত নপৰে। বোধহয় ঘৰলৈ উভটি অহাৰ পিছৰ পৰাই। “কিমাননো ঘৰখনতে সোমাই নাথাক’! অলপ ওলাই মেলি যা বাহিৰলৈ। তেহে মনটো মুকলি হ’ব।”- মাকে সেইবোৰ দিনত প্ৰায়ে তাইক কৈছিল। তেনেকুৱা দিনবোৰতে এদিন তাই ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিল। উদ্দেশ্যবিহীন ভাৱে খোজ কাঢ়ি কাঢ়ি তাই বহুদূৰ পাইছিলগৈ। এসময়ত তাইৰ ভাগৰ লাগিল। মনটো মুকলি হ’ল নে নহ’ল নাজানিলেও দেহাটো কিন্ত্ত তাইৰ মুকলি মুকলি যেন লাগিল। তাৰ পিছদিনাৰ পৰা তাই সদায় ৰাতিপুৱা খোজকঢ়া অভ্যাসটো কৰিলে। আগফালৰ দৰ্জাখনৰ তলৰ হুকটো পেলাই লৈ বাহিৰ ফালৰ পৰা ঠেলা এটা মাৰি দিলে দৰ্জাখন বন্ধ হৈ যায়। সেইটো কায়দাৰে দৰ্জাখন বন্ধ কৰি থৈ তাই ওলাই আহে। ডেৰ কিল’মিটাৰমান আঁতৰৰ চাৰিআলিটোৰ ওচৰৰ পৰা তাই উভটি আহে। তাই ঘৰ আহি সোমোৱালৈ বৌৱেক সাৰ পায়। কোনোবাদিনা বৌৱেক সাৰ নাপালে তাই বাৰাণ্ডাতে বহুপৰ ৰৈ থাকে। ৰাতিপুৱা কেঁচা টোপনি ভাঙি বৌৱেকক মাতিবলৈ তাইৰ ভাল নালাগে।

অলপ দূৰ অহাৰ পিছতে তাইৰ আকৌ পলাশৰ ফোনকলটোৰ কথা মনত পৰিল। মনৰ পৰা হেজাৰবাৰ আঁতৰাই ৰাখিব খুজিলেও কালি গধুলিৰ পাছৰপৰা পলাশৰ সেই মাতকেইটা তাইৰ কাণখনত খুন্দা মাৰি আছেহি। কালি ৰাতি বিচনাত পৰাৰ পিছতো তাই একেতা কথাকে ভাবি আছিল।পলাশে তাইৰ ফোন নম্বৰ ক’ত পালে! নিশ্চয় সুনীতাই দিব লাগিব। সুনীতাৰ বাহিৰে অইন কাৰোৰে সৈতে তাইৰ যোগাযোগ নাই। সুনীতাক এবাৰ ফোন কৰি কথাটো সুধি চাবলৈ তাইৰ মন গৈছিল। কিন্ত্ত কিবা এটা ভাবি তাই ৰৈ গ’ল। সুনীতাৰ মুখতে তাই বহুত বাৰ পলাশৰ কথা শুনিছে। ইউনিভাৰ্চিটিত পঢ়ি থকা দিনত যাৰ লগত পলাশৰ ভাল সম্পৰ্ক আছিল, যিজনী ছোৱালীৰ সৈতে এদিন পলাশৰ বিয়া হ’বই বুলি তাহাঁতে বিশ্বাস কৰিছিল, সেইখন বিয়া হোৱা নাছিল। এইবোৰ মিনতিয়ে সুনীতাৰ মুখতে শুনা কথা। পলাশ আজিকালি অকলশৰে থাকে। তাৰ ভাল চাকৰি। গাড়ী-মটৰ, বন কৰা মানুহৰে ঘৰখন ভৰি আছে। কিন্ত্ত তাৰ মনটো খালী। সুনীতাৰ মতে পলাশৰ বৰ্তমানৰ এই অৱস্থা আৰু বিয়াখন নোহোৱা দুয়োটাৰে ঘাই কাৰণ সেই ছোৱালীজনী। পলাশৰ অলক্ষিতে প্ৰেমৰ সম্পৰ্ক ৰাখি অইন এজনৰ সৈতে তাইৰ এতিয়া সুখৰ সংসাৰ।

মিনতিয়ে এইবোৰ কথালৈ মন কাণ দিব নিবিচাৰে। ফোনত কথাবোৰ শুনাৰ পিছতে তাই সেইবোৰ পাহৰি যবলৈ চেষ্টা কৰে। পলাশ, বিপুল, পল্লৱী, ৰূপালীহঁতৰ খা-খবৰবোৰ আৰু সুনীতাৰ ডাঙৰ ল’ৰা মিণ্টুৱে ছমহীয়া পৰীক্ষাত অংকত পোৱা নম্বৰৰ খবৰটো এই আটাইবোৰকে তাই একেটা শাৰীতে ৰাখিবলৈ চেষ্টা কৰে। সুনীতাৰ আগ্ৰহৰ বাবেহে তাই কথাবোৰ শুনি থাকে।

পলাশক তাই ইউনিভাৰ্চিটিৰ দিনবোৰত কেনেদৰে পাইছিল ভালদৰে মনত নপৰে। যেতিয়া কেণ্টিনত কেইবাখনো টেবুল লগ লগাই তাহাঁত আটাইবোৰে আড্ডাৰ আমেজ লৈ আছিল, পলাশ তেতিয়া ক’ৰবাৰ এঠাইত অইন এখন পৃথিৱী সজোৱাত ব্যস্ত হৈ আছিল। সেইখন পৃথিৱীত মানুহ আছিল মাত্ৰ দুটা!

ফোনত সদায় যোগাযোগ ৰাখিম, সময় সুবিধা মিলাই আটাইবোৰ মাজে মাজে লগ হৈ থাকিম বুলি তাহাঁত আটাইবোৰ এদিন ঘৰ সোমালহি। সেইবোৰ দিনতে পলাশ, ৰূপম, নৱ, সুৰজিতে চাকৰিত সোমাইছিল। ক্লাছৰ অইনবোৰ ল’ৰাই চাকৰি বিচাৰি বিচাৰি লাহে লাহে হতাশাত ভুগিছিল। ছোৱালী দুই এজনীৰ বিয়া ঠিক হৈছিল। কাৰোবাৰ পুৰণি প্ৰেমিকবোৰৰ লগত। অইন কিছুমানৰ ঘৰৰ মানুহবোৰৰ হেঁচাত পৰি অচিনাকী অইন কাৰোবাৰ লগত।

মিনতিৰ ক্ষেত্ৰত সেইবোৰ খেলিমেলি নাছিল। ককায়েকহঁতে ঠিক কৰা, মাক-দেউতাকে স্বভাৱ-চৰিত্ৰ ভাল দেখা দিগন্তৰ লগত তাই বিয়াত সোমাইছিল। তাইৰ বিয়াখনতে শেষবাৰৰ বাবে তাই লগৰ আটাইবোৰকে এবাৰ লগ পাইছিল।

তাৰ পিছৰ দিনবোৰ সুখৰ আছিল। কৰবাত অকণ দুখৰ ডাৱৰে আৱৰি আহিলেও তাই সেইবোৰ আঁতৰাই লৈ মনৰ আকাশখন মুকলি ৰাখিবলৈ চেষ্টা চলাইছিল। সেই মুকলি আকাশখনলৈকে এদিন ক’ৰবাৰ পৰা এক অনাকাংক্ষিত ধুমকেতু আহিল আৰু গোটেই আকাশখনকে বিকৃত ধূসৰ কৰি পেলালেহি।

বিয়াৰ প্ৰথম কেইমাহমানৰ পিছতেই তাই অনুভৱ কৰিছিল ঘৰৰ পৃথিৱীখনৰ বাহিৰেও দিগন্তৰ যেন অইন এখন পৃথিৱীত অইন কিছুমান মানুহ আছে। সেইবোৰ মানুহক সি এইখন পৃথিৱীৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। মিনতিয়ে প্ৰথমে এইবোৰ মানুহক তাইৰ বাবে অনাৱশ্যকীয় বুলি ভাবি থৈছিল। কিন্ত্ত লাহে লাহে তাই অনুভৱ কৰিলে তাইৰ সৈতে সম্পৰ্কতকৈও বহুত বেছি মধুৰ সম্পৰ্ক দিগন্তই অইনখন পৃথিৱীৰ মানুহৰ সৈতে ৰক্ষা কৰি আহিছে। তাই ভাগি পৰিছিল। প্ৰথমে দিগন্তৰ ওপৰত, তাৰ পিছত তাইৰ নিজৰ ওপৰত আৰু শেষত এই বিয়াখন ঠিক কৰা তাইৰ পৰিয়ালৰ আটাইৰে ওপৰত তাইৰ প্ৰচণ্ড খঙ উঠিছিল।

মনত অলেখ দুখ, ক্ষোভ, অপমান লৈ মিনতি এদিন এইখন ঘৰলৈ উভটি আহিল। সকলোৰে পৰা আঁতৰি তাই এইখন ঘৰৰ ভিতৰত অইন এটা খোলা সাজি ল’লে আৰু মনৰ ভিতৰৰ সেই খোলাটোৰ মাজত তাই কুৰুকি কুৰুকি সোমাই গৈ থাকিল।

মাজে মাজে সুনীতাই তাইলৈ ফোন কৰে। দুটা সন্তানৰ মাক হোৱাৰ পিছতো তাই আগৰ সেই ৰঙচঙীয়া ৰূমমেটজনীয়ে হৈ আছে। হেজাৰ চেষ্টা কৰিও তাইক মিনতিয়ে আঁতৰ কৰি ৰাখিব নোৱাৰিলে। সুনীতাই তাইক খবৰবোৰ দিয়ে, অমুক এতিয়া অমুকত; তমুকৰ তাৰ সৈতে বিয়া হ’ল। পঢ়া-শুনা শেষ কৰা সময়ত লগৰবোৰক দিয়া কথা ৰাখি আক্ষৰিক অৰ্থতে সুনীতাই সকলোৰে সৈতে যোগাযোগ ৰাখি আহিছে।

আৰু সেই সুনীতাৰ পৰাই হয়তো পলাশে মিনতিৰ ফোন নম্বৰ লৈছে আৰু কালি গধূলি তাইলৈ ফোন কৰিছে। সি তাইক লগ পাব বিচাৰে। ‘কিবা কথা আছে যদি ফোনতে কোৱা’ বুলি তাই বাৰে বাৰে কোৱাৰ পিছতো সি একেটা কথাতে লাগি থাকিল। সি এদিন অকলশৰীয়াকৈ মিনতিক লগ পাব বিচাৰে।

কথাবোৰ পাগুলি থাকোতেই কেতিয়ানো তাই আহি দলঙখনৰ ওচৰ পালেহি তাই কব নোৱাৰে। দলঙখনত থিয় হৈ তাই এবাৰ নৈখনলৈ চাই পঠালে। দূৰৈৰ পৰা নৈখন সন্তপৰ্ণে বৈ আহি আছে। মাজৰ চাপৰিটোতে এডৰা কঁহুৱা লহপহকৈ ফুলি আছে। তাইৰ আচৰিত লাগিল। শেষৰ বাৰ যেতিয়া তাই এইখিনিলৈকে আহিছিল তেতিয়া ভৰবাৰিষাৰ নৈখন ফেনে ফুটুকাৰে উফন্দি আছিল। দুয়োপাৰৰ মাটি খহাই নদীখনে নিজকে বহল কৰি লৈছিল। নৈৰ মাজৰ চাপৰি ডৰাৰ কোনো চিন চাবে নাছিল। অথচ আজি কিমান নীৰৱে নৈখন বৈ আছে। পানীৰ তলত ডুবি থকা চাপৰিডৰা আজি কঁহুৱাৰে ভৰি উঠিছে।

“চোৱা মিনতি। তোমাৰ কথাবোৰ মই শুনিছোঁ। বোধহয় তুমিও মোৰ কথাবোৰ গম পোৱা। দুয়োৰে এই অৱস্থা হোৱাত আমাৰ একো দোষ নাই। কিন্ত্ত আমাৰ জীৱনটোক আমি এই অৱস্থালৈ ঠেলি দিবলৈ অইনক সুবিধা দিয়াতো আমাৰ দোষ নহয়নে?” পলাশে কালি তাইক কৈছিল।

হয়তো হয়! হয়তো নহয়! তাই ভাবি ভাবি একো পাৰ পোৱা নাছিল। অইন এটা সপোন লৈ নতুন এটা বাটেৰে আকৌ খোজ পেলাবলৈ তাইৰ ভয় লাগিছিল। তাইৰ বিতৃষ্ণা জাগিছিল। সকলোৰে ওপৰত তাইৰ আকৌ এবাৰ খঙ উঠিছিল। কিন্ত্ত এটা সময়ত তাই বুজি উঠিছিল, মানুহবোৰৰ প্ৰত্যাহিক জীৱন যাত্ৰাৰ তলত ডুবি থকা তাইৰ এই খঙৰ কোনো মূল্য নাই। তাইৰ অভিমানক বুজাৰ চেষ্টা কৰিবলৈ এতিয়া কাৰো সময়ো নাই। সময় বৰ নিষ্ঠুৰ। সময়ৰ গতিত ভাঁহি মানুহবোৰে যদি কোনোবাদিনা তাইৰ ওপৰতে সকলো দোষ জাপে! তাই কি কৰিব তেতিয়া! কি উত্তৰ দিব তাই সকলোকে! উত্তৰ দিব পৰাকৈ মনৰ যোৰ থাকিবনে বা তাইৰ ওচৰত!

তাই আকৌ নদীখনৰ মাজলৈ চাই পঠালে। কহুঁৱাডৰা হালিছে। বতাহৰ কোবত দো খাই খাই পৰিছে। কিন্ত্ত যেন হাঁহিবলৈ এৰা নাই। বৰঞ্চ ঢৌ খেলি উঠা কঁহুৱাডৰালৈ বতাহে অইন এক মাদকতাহে সানি দি থৈ গৈছে। পলাশেও তাইৰ জীৱনলৈ শাৰদী সুবাস লৈ আহিছে। তাক তাই বাধা দিয়াৰ কিবা থল আছেনে! বাৰিষাৰ ওফন্দি উঠা নৈৰ তলত দুবি ৰোৱতকৈ শৰতৰ এই মুকলি চাপৰিডৰাত বেছি আশাৰ বতৰা নাই নে !

মিনতিৰ মনটো মুকলি মুকলি লাগিল। হঠাতে যেন তাইৰ মনৰ মাজৰ পৰা বৰ গধূৰ বোজা এটা নাইকিয়া হৈ গ’ল। হয়তো পলাশে ঠিকেই বুজিছে। তাইৰ জীৱনটোক চেপি খুন্দি পেলাবলৈ অইনক সুবিধা কৰি দিয়াতো তাইৰ নিজৰহে দোষ। পলাশ তাইৰ ওচৰলৈ দোষৰ শুধৰণি হৈ আহিছে। তাক অৱজ্ঞা কৰা মানে তাই অইন এটা দোষ কৰা হ’ব। অইন এটা দোষ তাই কৰিব নোৱাৰে। এই দোষ তাই কৰিব নালাগে।

হাতত লৈ থকা ম’বাইলটো লৈ তাই পলাশৰ নম্বৰ উলিয়ালে। গভীৰ প্ৰত্যয়েৰে নম্বৰটো কল কৰি তাই পলাশৰ মাতষাৰ শুনিবলৈ ব্যাকুল হৈ পৰিল। পুৱাৰ কোমল ৰ’দজাকে যেন তেতিয়া তাইৰ মনৰ এন্ধাৰকণ নাইকিয়া কৰি নিছিল।

 

-প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s