আৱৰ্জনা

ঘৰখনৰ প্ৰায়বোৰ বস্ত্ত সামৰি-সুতৰি মিনতিয়ে পুৰণি কিতাপৰ আলমাৰিটো খুলি ল’লে। আলমাৰিটোৰ ভিতৰৰ কিতাপ-পত্ৰ, কাগজ-পাতিবোৰৰ লাগতিয়াল অলাগতিয়ালবোৰ এফালৰপৰা তাই চিজিল লগাই গ’ল। আলমাৰিটোৰ ভিতৰত অলেখ বস্ত্ত ওলাইছে। দিগন্তহঁতৰ ঘৰত কাকো লগ নাপায় ‘আহিলে দি দিবচোন’ বুলি মিনতিহঁতৰ ঘৰত দি থৈ যোৱা বিয়াৰ চিঠি দুখনমান ওলাইছে। তাই স্কুলৰ পৰা ঘৰলৈ লৈ অহা কোনোবা বছৰৰ বছৰেকীয়া পৰীক্ষাৰ বহী এজাপ ওলাইছে। কোনোবা এদিন মধুমিতাৰ ছোৱালীজনীয়ে আহি থেনথেনাই থকাত মিনাতিয়ে তাইক কাগজ এখন দি ছবি অঁকাবলৈ লগাইছিল। সেই ছবি অঁকা কাগজখন ওলাইছে। মিনতিৰ সেই কাগজখন দেখি মুখত শেঁতা হাঁহি এটা বিৰিঙি উঠিল। মধুমিতাৰ ছোৱালীজনীয়ে দুখন ঘৰ আঁকিছিল। বাওঁফালে এখন ডাঙৰ ঘৰ। সেইখন তাইৰ মোমায়েকহঁতৰ, মানে দিগন্তহঁতৰ ঘৰ। সোঁফালে এখন অকণমানি ঘৰ। এইখন মিনতিহঁত থকা ঘৰ। মধুমিতাৰ জীয়েকে ছবিখনৰ তলত বেঁকা বেঁকা আখৰেৰে লিখিছে- ‘মামা মাহীৰ ঘৰ’।

এইখন ঘৰলৈ মিনতি প্ৰথম দিনা আহোতে ট্ৰাক এখনত উঠি আহিছিল। গাঁৱৰ ঘৰখনৰ সকলো বয়-বস্ত্ত সামৰি-সুতৰি ট্ৰাকখনত উঠাই নতুন ভাড়া ঘৰলৈ অনা হৈছিল। সেই বিচনা-পাতি, টেবুল-আলমাৰি অনা ট্ৰাক খনতে তাই মাকৰ কাষত কুচিমুচি বহি এইখন ঘৰলৈ আহিছিল। দেউতাক ট্ৰাকখনৰ পিছে পিছে স্কুটাৰ চলাই আহিছিল। দেউতাকৰ লগতো আছিল কাপোৰৰ মস্ত টোপোলা এটা। ইয়ালৈ অহাৰ আগতে তাই মাকৰ সৈতে আইতাকৰ লগত গাঁৱৰ ঘৰত আছিল। দেউতাকে তেওঁৰ বিয়াৰ আগৰে পৰা এইখন ঠাইত চাকৰি কৰিছিল। বিয়াৰ পিছত মাকক অকলে ৰাখি ঘৈণীয়েকেক লৈ আহিবলৈ তেওঁৰ মনে কোৱা নাছিল। মাক, ঘৈণীয়েক দুয়োকে আনি ইয়াত ৰাখিবলৈও তেওঁৰ উপায় নাছিল। আইতাক ঢুকুৱাৰ পিছত দেউতাকে তাইক আৰু মাকক এইখন ঠাইলৈ লৈ আহিল আৰু ঘৰ হিচাপে দেউতাকে ঠিক কৰিলে দিগন্তহঁতৰ এই ঘৰতো। নতুন ভাড়াঘৰৰ আচহুৱা পৰিৱেশত মাক-দেউতাকক দেখি কব নোৱাৰাকৈয়ে তাইয়ো নতুন ঘৰ সজোৱা পৰোৱা কামত লাগি পৰিছিল। মাক-দেউতাকে বিচনা-পাতিবোৰ ঠিক ঠাক কৰা সময়ত তাই আপোনমনে পাকঘৰৰ মিটচেফটোত নিমখ, তেল, চাহপাত আচাৰৰ বৈয়ামবোৰ সজাই পৰাই আছিল। গলগলীয়া মাতটোৰে তাইলৈ দেখুৱাই দিগন্তৰ দেউতাকে তাইৰ দেউতাকক সুধিছিল, “এইজনী নেকি তোমাৰ ছোৱালীজনী?” দেউতাক মিচিকিয়াই মূৰ দুপিয়াইছিল। “কি নাম মাজনী?” “মিনতি” তাই মাতটো যিমান পাৰি সৰুকৈ উলিয়াই কৈছিল। “কি শ্ৰেণীত পঢ়?” মানুহজনে একে কোবতে তাইক তই বুলি সম্বোধন কৰিছিল। সেই সম্বোধনেৰে হয়তো তেওঁ আত্মীয়তাৰে আঁকোৱালি লৈছিল। দিগন্ত আৰু মধুমিতাই দূৰৈৰ পৰা সিহঁতৰ ঘৰলৈ নতুনকৈ অহা ভাড়া পৰিয়ালটোলৈ চাইছিল।

তাৰ পিছৰ দিনবোৰত দিগন্ত আৰু মধুমিতা পঢ়া স্কুলখনতে মিনতিও একেলগে যোৱাতো থিক হৈছিল। মিনতি মধুমিতা সমবয়সীয়া আছিল। দুয়োজনী লগ বান্ধিছিল। দিগন্ত পৰাপক্ষত মিনতিৰ পৰা আঁতৰি আঁতৰি আছিল। আচলতে তাৰ মিনতিলৈ লাজ লাগিছিল। স্কুলৰ পৰা অহাৰ পিছত বাহিৰে বাহিৰে সি খেলৰ লগৰীয়া বিচাৰি কৰবালৈ গুচি গৈছিল। কথা নুশুনাৰ দোষত দিগন্তক দেউতাকে বহুদিন আগফালৰ বাৰাণ্ডাখনত আঁঠু কঢ়াই কঢ়াই থৈছিল। এতিয়া বাৰাণ্ডাখনৰ সেইখিনি ঠাইত দিগন্তৰ দেউতাকে আৰামী চকী এখনত গোটেই দিনটো  জলকা মাৰি বহি থাকে। এতিয়াও মিনতিয়ে স্কুললৈ ওলাই যোৱাৰ সময়ত ‘বৰতা!’ বুলি মাত এষাৰ লগাই যায়। মানুহজনে মাতষাৰ শুনা পাইনে নাই সেই কথাটো বুজাৰো মিনতিৰ উপায় নাথাকে। মানুহজনে একেথিৰে দূৰলৈ চাই চাই বহি থাকে।

এই মানুহজনে যে এটা সময়ত হলহলীয়া মাততোৰে গোটেই চুবুৰীটো কঁপাই ৰাখিছিল মনত পৰিলে তাইৰ আচৰিত লাগে। এবাৰ তাইৰ মাকৰ অসুখ হৈ হস্পিতালত দুদিনমান থাকিবলগীয়া হোৱাত এই মানুহজনে তাইক আহি কৈছিল- ‘দেউতাৰক কবি ঘৰ ভাড়াৰ কথা চিন্তা কৰিব নালাগে। আগতে মাৰ ভাল হৈ লওকচোন।’ কিন্ত্ত সেইবাৰ তাইৰ মাকৰ ভাল নহ’ল। এসপ্তাহ হস্পিতালত থাকি মানুহজনী একেবাৰে গুচি গ’লগৈ। দেউতাকৰ মূৰত যেন গোটেই সৰগখন ভাগি পৰিল। মানুহজনে কেউপিনে উৱাদিহ নোপোৱা হ’ল। অকলশৰীয়া ছোৱালীজনীৰ সৈতে মানুহজনক সেইবাৰ দিগন্তৰ মাক-দেউতাকে তুলি ধৰিলে। মাক নোহোৱা ছোৱালীজনীক তেওঁলোকে কেতিয়াও মাকৰ অভাৱ অনুভৱ কৰাৰ সুযোগ নিদিলে। মধুমিতাৰ লগতে মিনতিও তেওঁলোকৰে জীয়ৰী হৈ পৰিল।  সেইবাৰৰ পিছৰপৰা তাহাতে ঘৰভাড়া দিয়াৰ কথা তাইৰ মনত নপৰে। উকা হৈ পৰা ঘৰটোৰ পৰা ভাড়া লোৱাৰ কথা হয়তো দিগন্তৰ দেউতাকেও কোনোদিনে মনলৈ নানিলে।

ওচৰা-ওচৰি দুটা পৰিয়ালৰ দিনবোৰ একেলগে আগবাঢ়ি গৈছিল। মধুমিতাই নিজৰ ইচ্ছামতে জীৱনটো সুখী ৰখাৰ উপাদানবোৰ যুগুতাই লৈছিল। তাই নিজৰ জীৱনটো লৈ নিশ্চিত আছিল। কলেজীয়া দিনকেইটাত যিকেইজন ল’ৰাৰ সৈতে তাই এটা মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল, তাৰে মাজৰ ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ যোৱা ল’ৰাজনক তাই স্থায়ী প্ৰেমিক হিচাপে ঠাই দিছিল। সেইজন ল’ৰাৰ সৈতে এক সুনিশ্চিত ভৱিষ্যৎ তাই কল্পনা কৰি লৈছিল। কিন্ত্ত পিছত যেতিয়া তাই বুজিলে তাইৰ সেই সুমধুৰ ভৱিষ্যতৰ সংসাৰখনত তাইৰ ঘৰৰ মানুহবোৰে বিৰোধিতা কৰাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে, সেইদিনায়ে তাই প্ৰেমিকৰ সৈতে এই ঘৰখন এৰি আঁতৰি গৈছিল। ঘৰৰ আটাইবোৰ ক্ষুন্ন হৈ পৰিছিল। কিন্ত্ত ডেৰবছৰৰ পাছত যেতিয়া নাতিনীয়েকে মধুমিতাৰ কোলা শুৱালেহি, তেতিয়ালৈ সকলোবোৰ আকৌ আগৰ দৰে হৈ পৰিল। মধুমিতাই বোধহয় এই আটাইবোৰ আগৰে পৰা অনুমান কৰিব পাৰিছিল। সেয়ে তাই এইবোৰ কথাক লৈ কাহানিও ব্যতিব্যস্ত্ত হোৱা নাছিল। এইবোৰ কথাৰে জীৱনটোক আমনি নিদিয়াকৈ ৰাখি চলিবলৈ তাই ভালদৰে জানিছিল। দিনবোৰ পাৰ হৈছিল।

‘ইহঁত দুটাৰ বিয়াখনকে পাতি দিও নে কি কোৱা যতীন’- দিগন্তৰ দেউতাকে তাইৰ দেউতাকক ধেমালিৰ সুৰত প্ৰায়ে এই কথাটো কৈছিল। সেইখিনি সময়ত দিগন্ত ওচৰত থাকিলে সি লাজত, খঙত আঁতৰি গৈছিল।  মিনতিয়ে ‘বৰতা জোকাই নলব কিন্ত্ত’- বুলি ওফোন্দ পাতিছিল। আৰু দিগন্তৰ দেউতাকে দুয়োখন ঘৰ ৰজনজনাই যোৱাকৈ হাঁহিছিল।

এটা সময়ত তাইৰো লাজ লগা হৈছিল। দিগন্তৰ চকুৱে চকুৱে চাই কথা কবলৈ তাইৰ সাহস নুকুলাইছিল। সেইবোৰ দিনত দিগন্তৰ দেউতাকে তাইৰ বিয়াৰ কথা ক’লে তাইৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। কিন্ত্ত ওফোন্দ পাতি ‘জোকাই নলব’ বুলি ক’বলৈও তাইৰ মন যোৱা নাছিল।

তাৰ পিছত বেংকৰ চাকৰিটো পাই দিগন্ত ঘৰৰ পৰা আঁতৰি গুচি গৈছিল। মিনতিৰ মনতো উকা উকা লগা হৈছিল। কিন্ত্ত কিবা এটা নিশ্চয়তা, আশ্বাসেৰে তাই নিজৰ মনটো ভৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। মিনতিয়ো স্কুলৰ চাকৰিত সোমাইছিল। দিগন্তৰ মাকৰ দেহা পৰি আহিছিল। সেইবোৰ দিনত মিনতিয়ে কেতিয়াবা দুখন ঘৰৰ ভাত- পানীৰ যোগাৰ কৰিব লগাত পৰিছিল। সেইকণ কষ্ট কৰি তাইৰ ভাল লাগিছিল। অজান এক পুলকে তাইৰ মনতো ভৰাই ৰাখিছিল। ‘এইবাৰ সি ঘৰলৈ আহিলেই তাক কথাটো কব লাগিব’- সহজ সৰল মানুহ এহালৰ এনেকুৱা এটা নিশ্চয়তাৰ আশ্বাসে তাইৰ মনটোক অনবৰতে বেৰি ৰাখিছিল।

দিগন্ত এবাৰ ঘৰলৈ আহোঁতে সঁচাকৈয়ে মাক-দেউতাকে হেঁচা দি ধৰিছিল। কিন্ত্ত তাতোকৈ বেছি জোৰেৰে দিগন্তই চিঞৰিছিল- মিনতিৰ লগত সি এইবোৰ কথা সপোনতো কল্পনা কৰা নাই। সি প্ৰীতিৰ নাম লৈছিল। তাৰ মতে তাৰ নিজৰ জীৱনৰ বাবে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত সি নিজে প্ৰীতিক দিয়া কথাতকৈ মাক-দেউতাকে মিনতিক দিয়া কথা কোনোপধ্যে ডাঙৰ হ’ব নোৱাৰে। এনেকুৱা সময়ত মিনতিয়ে কি কৰিব লাগে একো ভাবি পোৱা নাছিল। কেইবাদিনো তাই ঘৰৰ ভিতৰতে সোমাই থাকিল। অজান এক অসহায়বোধে তাইক চেপি পেলাইছিল। তাইৰ বৰ অকলশৰীয়া যেন লাগিছিল। কিন্ত্ত তাইতকৈও বেছি অসহায়বোধ অনুভৱ কৰিছিল দিগন্তৰ মাক দেউতাকে। মিনতিৰ সৈতে মুখামুখি হোৱাৰ ভয়ত এই মানুহহালে পলাই ফুৰিছিল। মিনতিয়ে মনটোক জাৰি-জোকাৰি নিজকে ঠিক কৰিবলৈ চেষ্টা কৰিছিল। দিগন্তৰ মাক-দেউতাকৰ ওচৰত সহজ হ’বলৈকে তাই ঘনাই সেইখন ঘৰলৈ আহ-যাহ কৰা হৈছিল।

গোটেই বিয়াখনত দিগন্তই অকলে দেহে-মনে খাটিছিল। ঘৰৰ বাকী মানুহবোৰে দেহেৰেহে খাটিছিল; মনবোৰ বিয়াখনত নাছিল।

একমাত্ৰ পুতেকৰ বিয়াখন হৈ গ’ল বুলি দিগন্তৰ মাক-দেউতাকে যিমান সকাহ অনুভৱ কৰিব লাগিছিল, বিয়াখন হৈ যোৱাৰ পিছত তেওঁলোকে সিমানে অস্বস্ত্তিহে অনুভৱ কৰিলে। বিয়াখনৰ আয়োজনৰ জা-যোগাৰ, মানুহৰ হোমগোমতে তেওঁলোকে অতদিন মিনতিৰ পৰা আতৰি থাকিবলৈ সুযোগ এটা পাইছিল। এতিয়া সকলোবোৰ নিজম পৰিল। ঘৰখনত ওলাওতে সোমাওতে দেখা পোৱা মিনতিৰ অসহায় চকুহালে তেওঁলোকক প্ৰতি মুহুৰ্ততে হুলা বিন্ধাদি বিন্ধিবলৈ ধৰিলে।

তাৰ পিছত সেইখন ঘৰলৈ প্ৰীতি আহিল। প্ৰীতিৰ সৈতে সহজ হ’বলৈ চেষ্টা কৰি কৰি মিনতি ভাগৰি পৰিল। প্ৰীতিয়ে অহাৰ আগতেই মিনতিৰ বিষয়ে মনতে কিছুমান ধাৰণা লৈ আহিছিল আৰু সেই ধাৰণাখিনিক খামুচি থাকিয়েই তাই সদায় মিনতিৰ পৰা দূৰত্ব বজাই ৰাখিলে। প্ৰীতিৰ মনত মিনতি সদায় দিগন্তৰ বিয়াৰ আগৰ প্ৰেম হিচাপেই সাঁচ পৰি থাকিল।

এবছৰৰ পিছত প্ৰীতিৰ কোলালৈ মিণ্টু আহিল আৰু তাৰ চাৰিমাহৰ পিছত সেইখন ঘৰৰ ঘাই মানুহজনী চিৰদিনলৈ আঁতৰি গ’ল। এইখন ঘৰত থাকিল মিনতি আৰু তাইৰ দেউতাক। সিখন ঘৰত দিগন্তৰ দেউতাকৰ লগত কোলাত কেঁচুৱাৰ সৈতে প্ৰীতি। দুইখন ঘৰ নিমাওমাও হ’ল। এখন ঘৰত কোনোবাই কাঁহ এটা মাৰিলেও সিখন ঘৰৰ মানুহে শুনি পোৱা হ’ল। কেঁচুৱা লগা মানুহজনীৰ সহায় হওক বুলিয়ে মিনতিয়ে উপযাচি সিখন ঘৰলৈ আহ-যাহ কৰিবলৈ আৰম্ভ কৰিছিল। পিছে প্ৰীতিয়ে তাইক সেইকণ সহায় আগবঢ়োৱাৰ সুযোগ নিদিলে। লাহে লাহে দিগন্তৰ দেউতাকৰ দেহা পৰি আহিল। অনবৰতে ঘৰখনৰ চৌপাশে বন-কাজ কৰি ব্যস্ত হৈ থকা মানুহজনে এতিয়া খোজ-কাতল কৰিবলৈও কষ্ট পোৱা হ’ল। মানুহজনে সৰু সৰু কথাবোৰকে পাহৰি যোৱা হ’ল। চৌপাশৰ সকলোৰে পৰা আতৰি মানুহজনে নিজৰ চাৰিওফালে এখন আৱৰণ সাজি ল’লে আৰু সেইখনৰ মাজতে কুৰুকি কুৰুকি সোমাই গৈ থাকিল।

ওপৰৱালা অফিচাৰক অলেখ খাটনি ধৰি দিগন্তই নিজৰ চহৰখনলৈ ট্ৰেন্সফাৰ লৈ আহিল। দিগন্ত অহাৰ লগে লগে প্ৰীতিয়ে হেজাৰগুণ সকাহ পালে যদিও মনৰ ভিতৰখনত তাইৰ অলেখ অযুত দুঃচিন্তাই গুজৰি গুমৰি উঠিল। আৰু সেই গুজৰণিৰ প্ৰকৃত ৰূপ মিনতিয়ে শুনিবলৈ পালে তাৰ এমাহৰ পিছত।

মিনতিহঁতৰ ঘৰৰ পৰা তাইৰ স্কুলখনলৈ ডেৰ কিল’মিটাৰ মানৰ বাট। ৰাতিপুৱাৰ ঘৰৰ কাম কাজখিনি শেষ কৰি স্কুললৈ যাবলৈ তাইৰ আতাইতাই লাগে বাবে কাষৰে হৰমোহণৰ ৰিক্সাখন নিয়মীয়াকৈ ঠিক কৰি লৈছিল। সদায় ৰাতিপুৱা নটা বজাত হৰমোহণ আহি মিনতিহঁতৰ ঘৰৰ সন্মূখত ৰয়হি। সেইখিনি সময়ত সি অইন ভাড়া নামাৰে। কেতিয়াবা মিনতিৰ কামৰ লেঠা শেষ নোহোৱাৰ বাবে হৰমোহণ দহ- পোন্ধৰ মিনিটমান ৰ’ব লগীয়াতো পৰে। এয়াই দৈনন্দিন ৰুটিন চলি আছিল। কিন্ত্ত হঠাতে এই ৰুটিনখন সলায় পেলালেহি দিগন্তই আৰু সেই সামান্য সালসলনিয়ে আহি দুইখন ঘৰত ধুমুহা কোবাই গ’ল।

দিগন্তৰ বেংকটো আৰু মিনতিৰ স্কুলখনৰ মাজত মাথোঁ দুখন সৰু সৰু দোকানৰ ব্যৱধান। দিগন্তৰ মতে একেটা ঘৰৰ চৌহদৰ পৰা ওলাই এইকণ বাট দুজন মানুহৰ এজনে ৰিক্সাত অইনজনে নিজৰ গাড়ীৰে যোৱাৰ প্ৰয়োজন নাই। গতিকে মিনতিয়ে এতিয়াৰ পৰা হৰমোহণৰ ৰিক্সাৰ সলনি তাৰ গাড়ীতে অহা-যোৱা কৰিব লাগে। মিনতিয়ে এইটো প্ৰস্তাৱত হা না কি কব একো ভাবি নাপালে। তাই কিবা ভবাৰ আগতেই দিগন্তই হৰমোহণক জনালে -‘তুমি কাইলৈ পৰা আহিব নালাগে দিয়া!’

তাৰ পিছৰ পৰা মিনতিৰ অইন এখন নতুন ৰুটিন হ’ল। ৰাতিপুৱা যিখিনি সময়ত হৰমোহণ আহি মিনতিহঁতৰ পদূলিমুখত ৰৈছিলহি, এতিয়া সেইখিনি সময়ত চোতালৰ আগত দিগন্তৰ গাড়ীৰ হৰ্ণ শুনা গ’ল। আৰু সেই হৰ্ণৰ শব্দতকৈয়ো বিকট শব্দ কৰি প্ৰীতিয়ে এদিন গধূলি পাকঘৰত বাচন এটা দলিয়াই দিলে।

শব্দটো শুনি এইটো ঘৰত মিনতি উচপ খাই উঠিল। সেইটো শব্দৰ লগতে ভাঁহি তাইলৈ চোঁচা মাৰি অহা প্ৰীতিৰ মুখৰ বাকীবোৰ শব্দ শুনাৰ পিছত তাইৰ নিজৰ ওপৰতে খঙ উঠিল। চৰম লাজ, তীব্ৰ অপমানবোধ লৈ তাই বহুতপৰ একে ঠাইতে একেথিৰে ৰৈ থাকিল।

তাৰ পিছৰপৰা লাহে লাহে সেইখন ঘৰত চিঞৰ-বাখৰ, হৈ-হাল্লা বাঢ়ি আহিল। তাৰ মাজে মাজে মিণ্টুৰ কান্দোনৰ শব্দ শুনা পোৱা গ’ল। প্ৰীতিয়ে প্ৰতিটো কথাতে এইখন ঘৰৰ মানুহবোৰক সাঙুৰি চিঞঁৰি চিঞঁৰি দুয়োখন ঘৰে শুনা পোৱাকৈ কথা কোৱা হ’ল আৰু আগৰদৰে হৰমোহণৰ ৰিক্সাখন পুনৰ মিনতিহঁতৰ ঘৰৰ সন্মুখত আহি ৰখাতো বন্দোবস্ত্ত হ’ল।

শেষত এদিন মিনতিহঁতৰ ঘৰলৈ দিগন্ত আহিল। সি আহি বহুত সময় একে থিৰে তলকা মাৰি বহি থাকিল। শেষত সি যিখিনি কথা ক’লে, সেই খিনি শুনি মিনতি আৰু দেউতাক বহু সময় একে ঠাইতে লৰচৰ নকৰাকৈ ৰৈ থাকিল। দিগন্তৰ কথাখিনিৰ অৰ্থ হ’ল সি সৰুৰে পৰাই মিনতিহঁতক এইখন ঘৰত একেতা পৰিয়ালৰ মানুহ হিচাপে দেখি আহিছে। দুয়োখন ঘৰৰ দুয়োটা বেলেগ বেলেগ পৰিয়াল বুলি সি কেতিয়াও ভাবিবলৈও চেষ্টা কৰা নাছিল। কিন্ত্ত এতিয়া সি মিনতিহঁতক ভাৰাতীয়া পৰিয়াল হিচাপে ভাবিবলৈ বাধ্য হৈছে। এইটো সময়ত সি এনেকুৱা এটা পৰিস্থিতিত ভৰি দিছেহি যে মিনতিহঁত এইখন ঘৰত থকাৰ বাবে প্ৰতিতো মুহুৰ্ততে তাৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হৈছে। মিনতিৰ উপস্থিতিৰ বাবে প্ৰতিতো দিনেই সি নিজৰ সংসাৰ খন বচোৱাৰ কথা চিন্তা কৰিবলগীয়াত পৰিছে। গতিকে এইটো সময়ত এইটো পৰিস্থিতিত দুয়োটা পৰিয়াল আঁতৰি আঁতৰি যোৱাটোতেই সকলোৰে কাৰণে মংগলৰ কথা। দিগন্তৰ কথাখিনি শেষ হোৱাৰ পিছত গোটেই জগতখনৰ নিৰ্জনতাই আহি ঘৰটোক হেঁচি ধৰিলেহি। এসময়ত দিগন্ত থিয় হ’ল। মিনতিয়ে পৰিবেশটো সহজ কৰিবলৈ ‘দেউতা আপোনালৈ চাহ একাপ কৰি আনোগৈ’ বুলি ভিতৰলৈ সোমাই গ’ল। চাহৰ কাপটো হাতত লৈ তাই আকৌ যেতিয়া ড্ৰয়িংৰূমলৈ আহিল তেতিয়া দোকানৰ পৰা কিবা এটা কিনিবলৈ যোৱাৰ অচিলাৰে দেউতাক বাহিৰলৈ ওলাই গৈছিল।

পিছদিনা মিনতিয়ে তাইৰ স্কুলৰ চকিদাৰ হৰেণক ক’লে, “মোৰ কাৰণে ক’ৰবাত নতুন ভাড়াঘৰ এটা চাবাচোন।” কথাটো শুনি হৰেণে ক্ষন্তেকপৰ মিনতিৰ মুখলৈ তভক মাৰি চাই ৰৈ থাকিল। তাৰ পিছত সি কিবা এটা বুজিলে আৰু মুখৰ ভিতৰতে “হ’ব বাইদেউ” বুলি শলাগি থ’লে।

তাৰ এসপ্তাহৰ পিছত কাইলৈ মিনতিহঁত নতুন ভাড়া ঘৰলৈ যাব ওলাইছে। অতদিন যে তাহাত এইখন ঘৰত ভাড়া পৰিয়াল হিচাপেহে আছিল সেই কথাটোত পতিয়ন যাবলৈকে তাইৰ বহুত পৰ লাগিল। দেউতাকে দিগন্তৰ দেউতাকৰ ওচৰলৈ গৈ বহুতপৰ বাৰাণ্ডাতে বহি থাকিল। এইখন ঘৰ এৰি তেওঁলোক যে কাইলৈ যাবলৈ ওলাইছে সেই কথাটো মানুহজনক বুজাব নোৱাৰি তেওঁৰ মনটো হাহাকাৰ কৰি উঠিল। সেমেকা চকুযোৰ লৈ এসময়ত তেওঁ থিয় হ’ল। দিগন্তৰ দেউতাকে তেতিয়াও ভাৱলেশ হীন মুখ এখনেৰে দূৰলৈ চাই বহি আছিল।

হৰমোহণৰ চিনাকি ড্ৰাইভাৰ এজনৰ ট্ৰাক এখন বস্ত্ত-বাহানি খিনি নিবলৈ থিক কৰা হৈছে। সি ৰাতিপুৱাতে আহি ঘৰৰ বিচনা-পালেং, আলনা, মিটচেফ, টেবুল-চকী আটাইবোৰ উঠাই লৈ যাবহি। গতিকে বস্ত্ত-বাহানি আটাইবোৰ সামৰি-সুতৰি ৰখা ভাল। ওচৰৰে সৰু ল’ৰা এজনক মাতি আনি অলপ ধৰা-মেলা কৰি তাই আচবাব পাতিবোৰ সাজু কৰি কৰি থ’লে। অদৰকাৰী কামত নহা কিবা-কিবি বস্ত্ত অলপ মধুমিতাই আঁতৰ কৰি ৰাখিছে। কাপোৰ-কানিৰ লগতে ঢেৰ অদৰকাৰী বয়-বস্ত্ত, কাগজ-পাতিৰে ঘৰখন ভৰি আছে। সেইখিনি আতৰাব পাৰিলেও বহুতখিনি সকাহ পোৱা যাব।

ভাত-পানী খাই উঠাৰ পিছত মিনতিয়ে কিতাপৰ আলমাৰিটো খুলি লৈছে। পুৰণি অদৰকাৰী কাগজ-পাতিবোৰ আঁতৰাব পাৰিলে আলমাৰিটোৰ ওজন অলপ হ’লেও কমিব। সেয়ে তাই এফালৰ পৰা দৰকাৰী-অদৰকাৰী কাগজ-পত্ৰবোৰ ভাগ কৰি কৰি গ’ল। আলমাৰিটোৰ ভিতৰত অলেখ বস্ত্ত ওলাইছে। কোনোবাদিনা পেপাৰত কিবা দৰকাৰী কথা থকা দেখিলে তাই পেপাৰবোৰ সামৰি-সুতৰি থৈ দিয়ে। তেনেকুৱা পুৰণি বাতৰি দুখনমান ওলাইছে। স্কুলত পতা কোনোবা এটা শিক্ষক দিৱসত ছোৱালী এজনীয়ে ধুনীয়াকৈ আঁকি মিনতিক ‘গ্ৰীটিংছ কাৰ্ড’ এখন দিছিল। মিনতিয়ে সেইখন কিতাপ এখনৰ ভিতৰত ভৰাই সযতনে ৰাখি থৈছিল। আজি সেই কাৰ্ডখন ওলাইছে। পাতবোৰ এনেই এবাৰ লুটিয়াই চাওতে তাই দেখিলে কিতাপখনৰ ভিতৰতে পুৰণি ফটো এখন ৰখা আছে। ফটোখনত হালধীয়া বৰণ ধৰিছে। কোনে কেতিয়া এই ফটোখন কিতাপৰ মাজত ভৰাই ৰাখিছিল তাইৰ একো মনত নপৰিল। হয়তো তাইয়ে, নে মাকে! বৰ আদৰৰ ফটো এইখন। তাইৰ মাক আৰু দিগন্তৰ মাক দুয়োগৰাকী দুখন বেতৰ চকীত বহি আছে। পাছফালে থিয় দি আছে তাইৰ দেউতাক আৰু দিগন্তৰ দেউতাক। মধুমিতা মাকৰ কোলাত বহি আছে। মিনতি তাইৰ মাকৰ বাঁওফালে। দিগন্ত ফটোখনৰ আনটো মূৰত সোঁফালে। ক’ত জানো উঠোৱা হৈছিল ফটোখন! বোধহয় আগফালৰ চোতালত। এতিয়া চোতালখন সলনি হ’ল। গোটেই চোতালখন পকী কৰা হ’ল। মিনতিয়ে বহুতপৰ একেথিৰে ফটোখনলৈ থৰ লাগি চাই ৰৈ থাকিল। তাইৰ নাকৰ পাহি দুটা কঁপি কঁপি উঠিল। বুকুৰ ভিতৰৰ সমস্ত আবেগ উজাৰ খাই আহি তাইক গোটেই মানুহজনীকে জোকাৰি পেলালেহি। এসময়ত তাই উচুপি উঠিল। ফটোখন হাতত লৈ তাই এইবাৰ লাহে লাহে ফালিবলৈ ধৰিলে। দুটা টুকুৰা হোৱা ফটোখনৰ এফালে থাকিল দিগন্ত। অইনটুকুৰাত মাক-দেউতাকৰ সৈতে তাই আৰু মধুমিতা। অদৰকাৰী কাগজ-পত্ৰবোৰ তাই এফালে জমা কৰি কৰি গৈছিল। মধুমিতাই দিগন্ত থকা ফটোৰ টুকুৰাটো অদৰকাৰী কাগজবোৰৰ মাজলৈ দলি মাৰি দিলে। দিগন্তৰ ফটোৰ টুকুৰাটোৱে যেন বহুতখিনি আৱৰ্জনা একেলগে গোট খুৱাই থৈছিল।

তাইৰ মনটো মুকলি মুকলি লাগিল।

 

-প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s