ৰণকৌশল

বিপুলৰ প্ৰথমে বিৰক্তি লাগিল। তাৰ কপালৰ গাঁঠিবোৰ থূপ খাই আহিল। এটা সময়ত তাৰ উশাহবোৰ ঘন হ’বলৈ ধৰিলে আৰু শেষত বিৰক্তিবোৰ থূপ খাই খাই খঙৰ ৰূপ ল’লে।

এইটো অফিচলৈ সি আজি পঞ্চমবাৰলৈ আহিছে। প্ৰথমবাৰ সি আহিছিল এপ্লিকেচন ফৰ্মখন ল’বলৈ। তাৰ পিছৰবাৰ সি আহিছিল ফৰ্মখন পূৰাই দৰকাৰী নথি-পত্ৰ, মাচুলসহ জমা দিবলৈ। তৃতীয় আৰু চতুৰ্থবাৰ সি আহিছিল সি আবেদন কৰা চাৰ্টিফিকেটখন তৈয়াৰ হৈ উঠিছেনে তাৰ খবৰ কৰিবলৈ। দুয়োবাৰে সি নিৰাশ হৈ উভটি গৈছিল। আৰু আজি পঞ্চমবাৰৰ বাবে সি আকৌ আহিছে সেই একেখন কাগজকে বিচাৰি।

আচলতে ঠিক তাৰ কাগজ নহয়। এইখন সুনীতাৰহে দৰকাৰী কাগজ। সুনীতা তাৰ ভনীয়েক। সুনীতাই যিখন কলেজৰ পৰা বি এ পাছ কৰিলে, সেইখন কলেজ এইখন ইউনিভাৰ্চিটিৰ অধীনত। এতিয়া তাই এম এ পঢ়িছে অইন এখন ইউনিভাৰ্চিটিত। প্ৰশাসনীয় নিয়মমাফিক এতিয়া সুনীতাই অইন ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱাত এইখন ইউনিভাৰ্চিটিৰ একো আপত্তি নাই বুলি লিখি দিব লাগে। কথা সিমানেই। পিছে সেইকণ কথাৰ বাবেই বিপুলে আজি একেটা অফিচলৈ পাঁচবাৰ তাঁত-বাটি কৰিবলগীয়াত পৰিছে।

“যি যত কৰিবলগীয়া আছে তয়ে কৰি দিবি। তাইনো ছোৱালীজনীয়ে এইবোৰ কামৰ কি উৱাদিহ পাব!” প্ৰথম যিদিনা সুনীতাই মাইগ্ৰেচন চাৰ্টিফিকেটখনৰ কথা উলিয়াইছিল সেইদিনায়ে মাকে তাক কথাটো উনুকিয়াই থৈছিল। বিপুলে এম এছ চি পঢ়োতে তাৰ এইবোৰ লেঠা নাছিল। গতিকে সিও এইটো কামৰ আও-ভাও নাজানে। সুনীতাৰ লগত ফোনতে চাৰ্টিফিকেটখন আবেদন কৰাৰ নিয়মাৱলীবোৰ সুধি লৈ পিছদিনা ৰাতিপুৱা সি ফৰ্মখন নিবলৈ ইউনিভাৰ্চিটিৰ এইটো অফিচলৈ আহিছিল। তাৰ পিছত অন্য এক দীঘলীয়া পৰিক্ৰমা। ফৰ্মখন নিয়াৰিকৈ পূৰাই সি সুনীতাই পঢ়া কলেজখনলৈ গ’ল। ফৰ্মখনত প্ৰিঞ্চিপালৰ চহী লৈ দৰকাৰী নথি-পত্ৰৰ সৈতে সি আকৌ এবাৰ এইটো অফিচলৈ আহিল। ফৰ্মখন জমা দি উঠি অইন এটা কামৰ বাবে সময় মিলাই সি ঘৰৰ পৰা ওলাই আহিছিল। পিছে সেইটো কামৰ বাবে তাৰ আৰু সেইদিনা সময় নহ’ল। ফৰ্মখনৰ সৈতে মাচুল দিবলৈ সি থিয় দিবগৈ লগীয়া হ’ল অইন এটা দীঘলীয়া শাৰীত। সেইটো কাউণ্টাৰত আকৌ কাম হয় দিনৰ এক বজালৈহে। গতিকে অনিশ্চয়তাৰ সৈতে প্ৰতি পাঁচ মিনিটত অলপ অলপ আগুৱাই সি যেতিয়া মাচুল দিবলৈ সক্ষম হ’ল তেতিয়া এক বাজিবলৈ মাত্ৰ পোন্ধৰ মিনিটমানহে বাকী আছিল। সেইটো কাউণ্টাৰত সি দুখন ভিনৰঙী ৰচিদ পালে। তাৰে এখন ফৰ্মখনৰ সৈতে গাঁঠি দি অইনখন হাতত লৈ সি সেইদিনা ঘৰলৈ উভটিল।

তৃতীয়বাৰ যেতিয়া সি কাগজখনৰ খবৰ কৰিবলৈ এইটো অফিচলৈ আহিছিল সেইদিনা বিপুলে তাৰে এজন বিষয়াৰ পৰা গম পালে সি হেনো বৰ বেছি সোনকালে আহিছে। কাগজখন এতিয়াতে পোৱাৰ কোনো আশা নাই। তেওঁলোকে কাগজখন তৈয়াৰ কৰাৰ বাবে কাম আৰম্ভ কৰিছেহে মাথোঁ। কেইবাখনো টেবুল গৰকি কেইবাটাও চহীৰ সৈতে কাগজখন প্ৰস্ত্তত হৈ উঠিবলৈ এতিয়াও বহু দিন বাকী আছে!

চতুৰ্থবাৰ সি যেতিয়া আহিছিল তাৰ আগদিনা সুনীতাৰ ইউনিভাৰ্চিটিত দৰকাৰী কাগজ-পত্ৰবোৰ বিচাৰি দ্বিতীয়বাৰলৈ জাননী জাৰি কৰা হৈছিল। সেইখন জাননীত নিৰ্ধাৰিত তাৰিখৰ আগত কাগজ-পত্ৰবোৰ জমা নিদিলে সুনীতাহঁতৰ নামভৰ্তি বাতিল কৰা হ’ব বুলি কোৱা হৈছিল। সুনীতাই সেইটো কথাত বৰকৈ ভয় খাইছিল। সেইদিনা বিপুলে আহি গম পালে কাগজখনৰ বাবে দৰকাৰী দুটা চহী এতিয়াও বাকী আছেই। সেই চহী দুটা কৰোঁতা দুজনৰ এজন সেইদিনা দৰকাৰী মিটিঙ এখনত ব্যস্ত হৈ আছিল। দ্বিতীয়জন ব্যক্তি সেইদিনা অফিচলৈ অহায়ে নাছিল। বিপুলে সেইদিনা বৰকৈ অসহায় বোধ কৰিছিল। গোটেই দিনটো অফিচটোৰ বাৰাণ্ডাখনত বহি বহি আবেলিলৈ সি নিৰাশ হৈ ঘৰলৈ উভটি গৈছিল।

তাৰ ঠিক দহদিনৰ পিছত বিপুল আজি আকৌ এইটো অফিচলৈ আহিছে। ৰাতিপুৱা যিটো সময়ত সি অফিচটোত উপস্থিত হৈছিলহি তেতিয়া অফিচ খোলাৰ সময়ৰ পৰা বিছ মিনিট পাৰ হৈ গৈছিল। পিছে সেইটো সময়ত অফিচটোত বহি আছিল এজন মাথোঁ বিষয়া। বিপুলে তেওঁকে গৈ কথাটো কৈছিল। “এইটো কাউণ্টাৰত নহয়!” মানুহজনে মূৰ নোতোলাকৈয়ে কৈছিল। যেন এক চেকেণ্ডৰ বাবে তেওঁ কাম এৰি বিপুললৈ চালেই গোটেই জগতখনে মূহুৰ্ততে জহি খহি নাইকিয়া হৈ যাব! অলপ পৰৰ পিছত অইন দুজন বিষয়া আহিছিল। তাৰে এজনে অফিচটোৰ পিয়নজনক ৰাতিপুৱাৰ চাহকাপ অলপ কাঢ়াকৈ বনাবলৈ পৰামৰ্শ দিছিল। বিপুলে অইনজন বিষয়াৰ ওচৰ চাপি গৈ তাৰ কথাটো কৈছিল। “কেতিয়া এপ্লাই কৰিছিলা?” মানুহজনে তাক সুধিছিল। সি তাৰ হাতত থকা ৰচিদখন চাই তাৰিখটো কৈছিল। “হৈ গৈছে চাগে কাগজখন। তুমি অলপপৰ ৰখা। সেইখন টেবুলত দিব। তেওঁ আহি পোৱাহি নাই।” মানুহজনে এটা চুকৰ উকা টেবুল এখনলৈ আঙুলিয়াই দিছিল। বিপুল গৈ সেইখন টেবুলৰ কাষতে থিয় হ’লগৈ। আজি কাগজখন যেনেতেনে লৈ বাহিৰে বাহিৰে সি সুনীতালৈ পোষ্ট কৰি পঠিওৱাৰ কথা আছিল। তাৰোপৰি ঘৰলৈ উভটি যোৱৰো কথা আছেই। তাৰ অশান্তি লাগিল। অফিচটোৰ মানুহবোৰে কামৰ মাজে মাজে বাৰে বিংকৰা কথাত মচগুল হৈ পৰিল। সি বিৰক্তিৰে চাৰিওফালে এবাৰ চকু ফুৰালে। অফিচটোৰ পিয়নজনে চাহ তৈয়াৰ কৰি আনি প্ৰত্যেকৰে টেবুলে টেবুলে দি থৈ গ’লহি। “এখেত আজি নাহে নেকি?” সি পিয়নজনক উকা টেবুলখনলৈ দেখুৱাই এনেয়ে এবাৰ সুধি চালে। “জানো! অইনদিনা ইমানপৰে আহি পায়হি দেখোন। আজি বা কি হ’ল!” পিয়নজনে মুখখন ভেঙুচাই কথাকেইটা কৈ আঁতৰি গ’ল। বিপুলৰ থিয় হৈ থাকি আমনি লাগিল। কৰবাত বহা ঠাই অকণ দেখে নেকি সি এবাৰ চকু ফুৰালে। বাওঁফালে বেৰখনত ৱালক্লক এটা উলমি আছে। সি ঘড়ীটোলৈ চালে। এঘাৰ বাজো বাজো হৈছে। লাহে লাহে তাৰ ধৈৰ্যৰ বান্ধ চিঙিবলৈ ধৰিলে। “ছাৰ এখেত আজি নাহে নেকি?” অফিচটোৰ আটাইবোৰলৈ চাই সি এইবাৰ মাতটো অলপ ডাঙৰকৈ উলিয়ালে। “আহিব আহিব। অলপ সময় ৰখা।” এজনে তাৰ ফালে সহমৰ্মিতাৰে চাই ক’লে। “তালুকদাৰে আজি সাৰে পোৱা নাই বোধকৰো!” অইন এজনে ৰগৰ কৰিলে। লগে লগে গোটেই অফিচঘৰটো হাঁহিৰে ৰজনজনাই গ’ল। অতবোৰ মানুহৰ অট্টহাস্যৰ মাজত বিপুলে বৰ অসহায়বোধ কৰিলে। তীব্ৰ খঙ আৰু বিৰক্তিয়ে তাক গোটেই মানুহটোক জোকাৰি পেলালেহি। হঠাতে সি তাৰ মনটো ডাঠ কৰি ল’লে। পকেটৰ পৰা ম’বাইলটো উলিয়াই লৈ সি ভিডিও কেমেৰা অন কৰি ল’লে। এইবাৰ সি যিমান জোৰেৰে পাৰে চিঞঁৰিবলৈ আৰম্ভ কৰিলে “মই উপস্থিত আছোঁ ইউনিভাৰ্চিটিৰ এই চাৰ্টিফিকেট ব্ৰাঞ্চত।” তাৰ পিছত সি বেৰত উলমি থকা ঘড়ীটোৰ কাষলৈ গৈ আগতকৈও জোৰেৰে চিঞঁৰাত লাগিল “এয়া দেখিছে দিনৰ এঘাৰ বাজি গৈছে। অথচ এতিয়াও এইটো কাৰ্যালয়ৰ বহুকেইজন কৰ্মচাৰী আহি উপস্থিত হোৱাহি নাই।”

গোটেই অফিচটোৰ মানুহবোৰৰ মাজত হৈ চৈ লাগিল। তেওঁলোক সচকিত হ’ল। হঠাতেনো কি ঘটনাটো ঘটিল তেওঁলোকে তলকিবই নোৱাৰিলে। যেতিয়া বুজিলে লগে লগে দুজনমানে “হেৰা ভাইটি কি কৰিছা কি কৰিছা” বুলি উধাতু খাই আহিল। এজনে “ৰ’বাচোন ৰ’বা ভাইটি মইয়ে কাগজখন বিচাৰি দিছোঁ” বুলি আগবাঢ়ি আহিল। অফিচটোৰ এটা চুকত আলমাৰিটোৰ এটা ফাইলতে বিপুলে বিচৰা কাগজখন আছিল। বিপুলৰ তেতিয়াও উশাহবোৰ ঘন হৈয়ে আছিল। তাৰ অলপ অলপ ফেঁপনি উঠিছিল।

“ডিজ ইউনিভাৰ্চিটি হেজ ন’ অবজেকচন টু হাৰ কনটিনিউয়িঙ ষ্টাডিজ এট আনাদাৰ ইউনিভাৰ্চিটি। চি ইজ পাৰ্মিটেড টু মাইগ্ৰেট ফ্ৰম ডিজ ইউনিভাৰ্চিটি!”

হাতত কাগজখন লৈ বিপুল যেতিয়া অফিচটোৰ পৰা ওলাই আহিল, তাৰ মুখত এটা সন্ত্তষ্টিৰ হাঁহি বিৰিঙি আছিল। তাৰ অফিচটোৰ মানুহকেইজনৰ মুখকেইখনলৈ এবাৰ মনত পৰিল। সিনো এইবোৰ কি কাম কৰিলে! ভিডিও ৰেকৰ্ডিঙ কৰি সি কি কৰিলে হয়? কোনোবা ৰিপ’ৰ্টাৰক দিব? ছেহঃ! দিনে নিশাই নিউজ চেনেলকেইটা চাই চাই সি এয়াহে শিকিলেগৈ! তাৰ লাজ লাগিল। নিজকে অঁকৰা অঁকৰা যেন লাগিল। যিমান সোনকালে পাৰি এই ঠাইৰপৰা আঁতৰিবলৈ পাৰিলেহে যেন সি ৰক্ষা পাব! পকেটৰ পৰা ম’বাইলটো উলিয়াই আনি সি এনেয়ে এবাৰ চকু ফুৰালে। ম’বাইলটোত তেতিয়াও ভিডিও কেমেৰা অন হৈয়ে আছিল। লগতে এটা বাৰ্তা ভাঁহি আছিল- “আন এব্‌ল টু ৰেকৰ্ড ভিডিও! মেমৰী কাৰ্ড ফুল! ডিলিট চাম আইটেমচ্‌!”

এইবাৰ তাৰ মুখত এটা দুষ্টালিৰ হাঁহি বিৰিঙি উঠিল।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s