বিকল্প

মোবাইলটো বাজি উঠিল। তাই মানুহজনী জিকাৰ খাই উঠিল। লেপটপটো অন কৰি তাই গাইডে দিয়া ডাটাখিনি এক্সেলত ভৰাবলৈ লৈছিলহে। তেনেকুৱাতে ফোনটো বাজিছে। ঘৰৰ নম্বৰ। গধূলি মাকে তাইক এবাৰ ফোন কৰিছিল। তাৰ পিছত ঘৰখনত এতিয়া কি কি ঘটনা ঘটিব পাৰে মনৰ ভিতৰতে মিলাই মিলাই তাই ছবি এখন তৈয়াৰ কৰি লৈছিল। কিন্ত্ত এই ৰাতিখন যে পুনৰ তাইক ফোন কৰিবলগীয়া অৱস্থা হ’ব সেইখিনি তাই ভাবি পোৱা নাছিল।

গধূলি মাকে তাইক কৈছিল “আজি ফুকন আকৌ আহিছে। দেউতাৰৰ লগত ঢেৰ সময় কথা পাতিছে। তই কিবা ভাবিছ নে কি?”

তই? মানে তাই?? তাই কিবা ভাবিব পৰাকৈ মনৰ অবস্থাত থাকিব পাৰিছেনে! তাইৰ বিৰক্তি লাগিছিল। ঘন ঘনকৈ উশাহ লৈ বহু সময় তাই বিচনাতে লৰচৰ নকৰাকৈ বহি আছিল।

ফুকন তাইৰ দেউতাকৰ বন্ধু। একেলগে চাকৰি কৰিছিল। পুতেক ডক্টৰ। ফুকনৰ বৰ মন- পুতেকলৈ বিয়া কৰোৱাব যদি কেৱল তাইক। তাইৰ ল’ৰাটোক বেয়া নালাগে। দেখাই-শুনাই, ব্যৱহাৰ-পাতিও ভালেই। অন্তত: বেয়া পাব লগাকৈ বেয়া অভ্যাস, বেয়া কাম কৰা তেনেকুৱা একো কথা তাই তাৰ বিষয়ে আজিলৈকে শুনা নাই।

তাই তেতিয়া বি এছ চি লাষ্ট ইয়েৰ। সেই তেতিয়াই ফুকনে এদিন তাহাতৰ ঘৰত কথাটো উলিয়াইছিল। ধেমালিৰ সুৰত কথাটো কৈ তেওঁ গোটেই ঘৰখন ৰজনজনাই যোৱাকৈ হাঁহিছিল। সেই হাঁহিৰ হেঁচাতে কিজানি কথাটো তাইৰ দেউতাকৰ মনৰ বহুত ভিতৰলৈকে সোমাই গ’ল। আপোনাৰ তিনিজনীকৈ ছোৱালী। প্ৰথমজনীৰ কথা এতিয়া আপুনি চিন্তা কৰিবৰ সময় হ’ল। ফুকনে যেন এই কথাকেইটাহে তাহাতৰ ঘৰখনত লিখি থৈ গ’ল!

ভিতৰৰ ৰূমৰ পৰা কথা শুনি থকা তাইৰ ভনীয়েক দুজনীয়ে আহি তাইক কথাটো কৈছিল। তাইৰ লাজ লাগিছিল। মেট্ৰিক পৰীক্ষা দি উঠি তাহাতৰ ঘৰলৈ ফুৰিবলৈ অহা ল’ৰাটোৰ চেহেৰাতো তাইৰ মনত পৰিছিল। কিন্ত্ত এতিয়া তাই ভাবে, সেই তেতিয়াই তাই কথাটো ভাল পোৱা নাই বুলি মাক দেউতাকক কৈ থব লাগিছিল। তাই ভুল কৰিলে।

তাৰ পিছত তাই ইউনিভাৰ্চিটিলৈ আহিল। মাক দেউতাকে তাইৰ কথা কৈ কৈ অইনৰ আগত গৌৰৱ কৰা হ’ল। আপোনাৰ ঘৰলৈ আমি ছোৱালী এনেই বোৱাৰী কৰি উলিয়াই নপঠিয়াও- দেউতাকে যেন ফুকনক এইটো কথাই সুযোগ বিচাৰি বিচাৰি কৈ থাকিব খোজা হ’ল।

তেনেকুৱা এদিনতে তাইৰ দেউতাকৰ বুকুত খুন্দা মাৰি ধৰাকৈ কাঁহ উঠিল। শকত আবত হৃষ্ট-পুষ্ট মানুহজন মজিয়াতে বাগৰি পৰিল। ৰেলৱে ক্ৰছিংৰ দুয়োকাষে ৰৈ থকা গাড়ীবোৰ ৰেলখন পাৰ হৈ যোৱাৰ পিছত যেনেকৈ খৰ খেদা লগাই, চুবুৰীৰ মানুহবোৰো তেনেকুৱা খৰখেদাৰে তাহাতৰ ঘৰলৈ দৌৰি দৌৰি আহিল। মানুহবোৰে যেন এনেকুৱা এটা দিনৰ বাবেহে অতদিন ৰৈ আছিল। ৰুগীয়া মানুহজনক এই মানুহখিনিয়ে আৰু ৰুগীয়া কৰি থৈ গ’ল। প্ৰত্যেকটো কথাতে সেই মানুহখিনিয়ে তাইৰ দেউতাকৰ মনত সুমুৱাই থৈ গ’ল- আপোনাৰ তিনিজনীকৈ ছোৱালী। বহুত দায়িত্ব বাকী আছে!

এতিয়াই এইবোৰ কথা নুলিয়াবি- মুখেৰে এইবোৰ আওৰাই আওৰায়ে তাই এম এছ চি শেষ কৰিলে। প্ৰজেক্ট গাইড জনে তাইৰ কাম কাজ ভাল পাইছিল। একেবাৰতে পি এইছ ডিটো কৰি লবলৈ তেওঁৱে তাইক বুজনি দিলে। তেওঁৰ মতে তাই চিঞ্চিয়েৰ, তাইৰ পতেঞ্চিয়েল আছে! কিমান চিঞ্চিয়েৰ কিমান পতেঞ্চিয়েল থাকিলে এজনী ছোৱালীক বিয়া দিবলৈ মানুহৰ তত নোহোৱা হ’ব পাৰে তাই একো ভাবি পোৱা নাছিল।

তাই পি এইছ ডি কৰিব! দেউতাকৰ মনত থান থিত লাগি থকা গোটেই কথাবোৰ যেন খেলি মেলি হৈ গ’ল। তাতোকৈ বেছি যেন খেলি মেলি হ’ল ফুকনৰ ঘৰখনত। বৰ এৰাব নোৱাৰা কথাত পৰিহে যেন তেওঁ তাইক বোৱাৰী কৰাৰ কথা উলিয়াইছিল। এতিয়া তেওঁ দৰকাৰ হ’লে বেলেগ কথাও ভাবিব- ফুকনে এইটো কথা বুজাবলৈকে তাহাতৰ ঘৰখনলৈ আহ যাহ কৰি থকা হ’ল।

-“হেল্ল’ ক’?”

-“বা দে’তাক চাচোন কিখন গাই গাই বহি আছে!”

-“কি হ’লনো? কি কৈছে?”

-“তোক বুজাব কৈছে। তই বোলে জীয়েক কিজনীৰ বিয়া নেদেখাৰ আগতেই তেওঁৰ যোৱাৰ ব্যবস্থা কৰিছ! গধূলিৰ পৰা সেইবোৰকে কৈ আছে। ভাতো খোৱা নাই এতিয়ালৈকে।”

ভৰিৰ পৰা কাণলৈকে এসোতা গৰম তেজে তাইক গোটেই মানুহজনীকে জোকাৰি পেলালে। তাই ফেকুঁৰি উঠিল।

পিছদিনা গোটেই দিনটো তাই হোষ্টেলতে সোমাই থাকিল। গাইডে তাইক দুবাৰ ফোন কৰিলে। তাই নুঠালে। তাইৰ নিজকে বৰ সৰু ছোৱালী এজনীৰ দৰে লাগিল। বৰ হেপাঁহেৰে যেন তাই ঊণেৰে চোৱেটাৰ এটা গুঠাৰ চেষ্টা কৰিছে, অথচ বাৰে বাৰে তাইৰ আউল লাগি গৈছে। তাই কোনোফালে বাট নোপোৱা হৈছে।

গধূলি তাই ঘৰলৈ ফোন লগালে।

-“হেল্ল’ মা!”

-“অ’ ক’? হোষ্টেল পালিহি নে ডিপাৰ্টমেন্টতে আছ’?” মাকে সদায় সোধা একেতা প্ৰশ্ন।

-“নাই আজি নগ’লো। হ’ব দে দে’তাক কবি। তেওঁ কথা আগবঢ়াওক ।”

-“মানে?”

-“ডক্টৰৰ লগত বিয়া হ’ম যেতিয়া ডক্টৰনীটো মই হ’মেই চাগে ! মোক দুটা ডক্টৰ ডিগ্ৰী নালাগে দে !”

 

 

 

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s