অপৰাহ্ন

সদানন্দ শইকীয়াই আকৌ এবাৰ মনৰ ভিতৰতে কথাখিনি জুকিয়াই ল’লে- পুতেকক ক’বলগীয়াখিনি তেওঁ কেনেকৈ ক’ব। তেওঁৰ খেলিমেলি লাগিল। সি বাৰু তেওঁৰ মনৰ অৱস্থাটো বুজি পাবনে? কিন্ত্ত এবাৰ কৈ চোৱাতনো আপত্তি কিহৰ? কিজানিবা সি মান্তি হয়েই। মনে মনে সিও যদি তেওঁ ভবাৰ দৰেই কথাবোৰ চিন্তা কৰিছে!

আচলতে শইকীয়াৰ জীৱনটো অসহনীয় হৈ পৰিছে। পাঁচটা কোঠালিৰ এই প্ৰকাণ্ড ঘৰটোৰ শূন্যতাখিনিৰ বোজা কঢ়িয়াই কঢ়িয়াই তেওঁ ভাগৰি পৰিছে। তেওঁৰ অসহ্য লাগিছে। আৰু এই অসহ্য খিনিয়ে তেওঁৰ অশান্তিৰ কাৰণ হৈ পৰিছে। নিৰ্জন নিস্তব্ধ ঘৰখনৰ বেৰবোৰত যেতিয়া চেণ্ডেলৰ চটপ চটপ শব্দবোৰ উফৰি আহি শইকীয়াৰ কাণত খুন্দা মাৰে তেওঁ উচপ খাই খাই উঠে। অতদিনে শইকীয়ানীয়ে এই শব্দবোৰ ক’ত লুকুৱাই ৰাখিছিল তাকে ভাবি তেওঁ আচৰিত হয়।

থাকোতে মানুহ নথকা নহয়। কাষৰ ঘৰটোতে শইকীয়াই লগ-ভাগ বুলিবলৈকে ভাড়া পৰিয়াল এটা ৰাখিছে। প্ৰফুল্লৰ পৰিয়াল।  প্ৰফুল্ল, ঘৈণীয়েক আৰু জীয়েক। পিছে ৰাতিপুৱাতে তিনিও ভাগে ভাগে ওলাই যায়। প্ৰফুল্লৰ বেংকৰ চাকৰি, ঘৈণীয়েকৰ স্কুল, ছোৱালীজনী ক্লাছ নাইনত। গোটেই দিনটো শইকীয়াই দুটা ঘৰৰ নিস্তব্ধতাখিনিক সহচৰ কৰি লৈ বহি থাকে। আবেলি যেতিয়া তিনিও ভাগৰি-জুগৰি ঘৰ সোমাইহি, তেতিয়া শইকীয়াৰ সিহঁতকেইটাৰ ওচৰলৈ গৈ দিগদাৰ দিবলৈ বেয়া লাগে। তথাপি শইকীয়া গধূলি এপাক ওলাই যায়। প্ৰফুল্লৰ ঘৈণীয়েকে “দাদাৰ চাগে দিনটো ঘৰখনত সোমাই থাকি থাকি আমনিয়ে লাগে” বুলি কৈ চাহ কৰিবলৈ সোমাই যায়। কোনোবাদিনা জীয়েকজনীয়ে “বৰতা তুমি মেথ্‌ছ পাৰানে” বুলি অংকৰ কিতাপ খনৰ টান টান অংককেইটা বিচাৰি লৈ আহে। শইকীয়াই “এ এইবোৰ ইমান দিন পিছত আৰু ক’ত মনত থাকিব” বুলি হুমুনিয়াহ কাহে। প্ৰফুল্লয়ে “মাজনী বৰতাক দিগদাৰ নিদিবি” বুলি ধমকি দিয়ে।

আহে। ভাত-ডাইল খিনি ৰান্ধি দি, চোতাল ঘৰখন সাৰি মচি থৈ যাবলৈও মানুহ এজনী আহে। কিন্ত্ত তাইৰ লগত যদি শইকীয়াই – জাননে, এই যে চাৰিআলিটো দেখিছ’ আমি তাহানি সৰু থাকোতে সেইখিনিত অকল এখন কেঞা গোলাৰ দোকানহে আছিল বুলি আৰম্ভ কৰে; তাই শুনাই, তাইৰ গাওঁখনত কেইখন দোকান আছিল, কেনেকৈ তাৰে এখন দোকানত কাম বিচাৰি তাহাতৰ গাঁৱলৈ অহা তাইৰ মানুহটোৰ লগত তাইৰ চিনাকি হ’ল। তাৰ পিছত বিয়াৰ পিছৰ প্ৰথম কেইদিন তাইৰ গিৰিয়েক কিমান ভাল আছিল সেয়া শুনাই এতিয়া মদ খাই গিৰিয়েকে তাইৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰে তাৰ বিৱৰণ দিয়ে। শেষৰফালে তাইৰ মাতটো থুকা-থুকি হয় । শইকীয়া থৰ লাগে। শইকীয়াই বুজে তেওঁৰ নিজতকৈও তাইৰ মুখতহে বহুত কথাই লকলকাই ৰৈ আছে। তেওঁতকৈও তাইৰহে বেছি কথা শুনা মানুহ এজনৰ দৰকাৰ হৈ আছে।

এসময়ত শইকীয়াৰ ঘৰখন অইন দহজনৰ কাৰণে ঈৰ্ষাৰ কাৰণ আছিল। পত্নী, পুত্ৰৰে তিনিজনীয়া এখন সুখৰ সংসাৰ। আকালো নাই, ভৰালো নাই। সুখৰ এই উমাল আৱৰণ খনৰ পৰা আতৰাই শইকীয়াই যেতিয়া পুতেকক দূৰলৈ পঢ়াবলৈ পঠাইছিল, তেতিয়া তেওঁ শইকীয়ানীৰ ৰোষৰ পাত্ৰ হৈছিল। “ক’ত ল’ৰা- ছোৱালীয়ে ঘৰত থাকি পঢ়া-শুনা কৰিয়ে চাকৰি কৰিব লাগিছে, তেওঁলোকৰ ল’ৰাই কিয় নোৱাৰে!” শইকীয়া বিবুধিত পৰিছিল। হ’ব, দৰকাৰ হ’লে ইঞ্জিনীয়াৰ পুতেকে চাকৰি পোৱাৰ পিছত শইকীয়ানী গৈ পুতেকৰ লগতে থাকিবগৈ। শইকীয়া ঘৰত অকলে থকিব পাৰিব। শইকীয়াই ৰগৰ কৰিছিল।

চাৰিবছৰৰ পিছত শইকীয়াই আকৌ এবাৰ শইকীয়ানীক বুজাব লগাত পৰিছিল- সি পঢ়া ব্ৰাঞ্চটোৰ কৰিব পৰা চাকৰিৰ অসমত অভাৱ। গতিকে সি বাহিৰলৈ যাবই লাগিব। এইখিনি কথা শইকীয়ানীয়ে বুজিবই লাগিব। শইকীয়ানীয়ে বুজি পাইছেনে জানিবলৈ শইকীয়াৰ উপায় নাছিল। সেইবাৰ শইকীয়ানীয়ে একো মতা নাছিল।

আৰু এদিন এনেকৈ একো নমতাকৈয়ে শইকীয়ানী একেবাৰে আতৰি গুচি গ’লগৈ। মুৰটো বিৰাট টিঙটিঙাইছে, হাত-ভৰি কেইখন ঠাণ্ডাত শিৰশিৰাইছে বুলি কৈ এদিন বিচনাত পৰি থাকিয়ে মানুহজনী ঢুকাই থাকিল। শইকীয়াই কি হ’ল, কি কৰিব লাগে একো ভাবিয়ে নাপালে।

চোতালখন বগা কাপোৰে আহি মেৰিয়াই পেলাওতেহে শইকীয়াৰ হুঁচ আহিল। গোটেই জগতখনৰ শূন্যতাখিনিয়ে আহি তেওঁৰ বুকুত ভিৰ কৰিলেহি। ইমানবোৰ মানুহে ঘেৰি ধৰাৰ পিছতো শইকীয়াৰ চাৰিওফালে উকা উকা যেন লাগিল। বাৰীৰ পিছফালৰ মানুহৰ আহ-যাহ নোহোৱা ঠাই এটুকুৰাত ৰৈ লৈ শইকীয়াই চকুপানী মচি আহিলগৈ।

পুতেকে দুদিনমান শইকীয়াক কিবা কথা কবলৈ খুজি ৰৈ ৰৈ গ’ল। তিলানী যোৱাৰ দুদিন পিছত সি শইকীয়াক অকলশৰে লগ হৈ তাৰ কথাবোৰ ক’লে। শইকীয়াই যি বুজিলে সেইখিনিৰ অৰ্থ হ’ল- মাক ঢুকোৱা কাৰণে সি মৰ্মান্তিক আঘাত পাইছে। কিন্ত্ত সেই বুলি থিয় দি দি হাতত কটাৰী লৈ এনেকৈ বগা কাপোৰ মেৰিয়াই বেছিদিন থকাতো সি পছন্দ নকৰে। সি যিমান পাৰে দহা-কাজৰ নীতি-নিয়মবোৰ সোনকালে শেষ হোৱাতো বিচাৰে। দেউতাকে যেন তাক এইটো কথাত ভুল নুবুজে।

শইকীয়াইনো কি বুজিব লাগে একোৱেই বুজি নাপালে! এঘাৰ দিনত দহা-শ্ৰাদ্ধ সকলো শেষ হ’ল। তেৰ দিনৰ দিনা সি আকৌ গুচি গ’লগৈ। পৰিয়ালৰ মানুহবোৰে শইকীয়াৰ দুখৰ তেওঁলোকো সমভাগী এইটো কথাকে বুজাই বুজাই গুচি গ’লগৈ। শইকীয়া বহা ঠাইতে বহি থাকিল।

তাৰ পিছৰ দিনবোৰ বৰ খৰকৈ পাৰ হ’ল। পিছে শইকীয়াৰহে এটা এটা দিনেই এযুগ এযুগ যেন লগা হ’ল। এবছৰৰ পিছত আগৰে পৰা নিজে ঠিক কৰি ৰখা ছোৱালীজনীৰ সৈতে পুতেকে বিয়া পাতিলে। বিয়াৰ হুৰমুৰৰ মাজত শইকীয়াই তত্‌ ধৰিবই নোৱাৰিলে- তেওঁৰ ল’ৰাই নিজে সকলো ঠিক ঠাক কৰি বিয়া পাতিব পৰাকৈ ডাঙৰ হ’ল!

বিয়াৰ পিছত কেইদিনমান বোৱাৰীৰ আল- পৈচান পাব বুলি শইকীয়াই মনে মনে আশা এটা কৰিছিল। পিছে সেয়া নহ’ল। দুদিনমান ইফালে সিফালে ফুৰি পুতেক- বোৱাৰীয়েক আকৌ শইকীয়াক অকলে এৰি উৰা মাৰিলে।

মাজে মাজে শইকীয়াই ওচৰ চুবুৰীয়া কেইঘৰতে এপাক ফুৰো বুলি ওলাই যায়। পিছে প্ৰত্যেক ঘৰৰে মানুহবোৰ ব্যস্ত। দেউতাকবোৰ গধূলি ই-সি কামত ওলাই যায়। ঘৰৰ তিৰোতাবোৰে “দাদা পেপাৰখনকে পঢ়ক” বুলি কৈ ভিতৰলৈ সোমাই যায়। ঘৰৰ সৰু ল’ৰা-ছোৱালীবোৰে শইকীয়াক চাবলৈ টিভিতো অন অৰি দিয়ে! শইকীয়াৰ বিৰক্তি লাগে। টিভিৰ সন্মুখত তেওঁ অকলশৰে বহুপৰ বহি থাকে- ঠিক ঘৰত বহাৰ দৰে। এসময়ত শইকীয়া থিয় হয়। ঘৰৰ মানুহজনীয়ে “এহ চাহ একাপো নখালে” বুলি ইচ্‌ আচ্‌খন কৰে।

শেষত শইকীয়াই ঠিক কৰিছে- তেওঁ পুতেকক কথাখিনি বুজাই ক’ব। সি দুদিনৰ মুৰে মুৰে তেওঁক ফোন কৰি ঔষধ পাতি ঠিকে ঠাকে খাই আছেনে খবৰ লৈ থাকিব নালাগে। সি ইয়ালৈকে উভটি আহক। ঔষধ নাখালে শইকীয়াৰ একো নহয়। কিন্ত্ত এনেকৈ থাকিলে হ’ব। অতবছৰৰ চাকৰিৰ অভিজ্ঞতা দেখাই সি ইচ্ছা কৰিলে অসমতো ভাল এটা চাকৰি যোগাৰ কৰি ল’ব পাৰিব। অগত্যা যদি সি আহিব নোৱাৰেই তেন্তে শইকীয়াক সি তাৰ লগত লৈ যোৱাৰ কথা চিন্তা কৰিলেও তেওঁ আপত্তি নকৰে।

চাৰে তিনিকুৰি বছৰত এই প্ৰথমবাৰৰ বাবে শইকীয়াই পুতেকৰ লগত কথা পাতিবলৈ মনৰ ভিতৰত কবলগীয়াখিনি সজাই পৰাই ল’লে।

“অফিচৰ পৰা আহি পালিহি?”

“অ’ এয়া আহি পাইছোহে। ৰাতি মই ফোন কৰিলোৱেহেতেন। আপুনিনো কেলেই লগালে?”

শইকীয়াই থত্‌ মত্‌ খালে।

“মানে মই কথা এটা ভাবিছো। ইয়াত অকলে অকলে মইনো এনেকে কেনেকৈ থাকিম। তই যদি কিবা চিন্তা কৰিছ’!”

“ভাল কথাটো উলিয়ালে। ময়ো আপোনাৰ লগত এই কথাটোকে পাতিম পাতিম বুলি ভাবিয়ে আছিলো।” শইকীয়াৰ মনটোৱে অলপ সকাহ পালে।

“গুৱাহাটীৰ ফালে কেইবাখনো অ’লড্‌ এজেড হোমৰ কথা শুনিছোঁ। মোৰ বন্ধু দুজন মানৰো অলপ চা-চিনাকি আছে। আপুনি যদি কয় ।”

শইকীয়া থৰ লাগিল। পুতেকৰ কথাকেইটা তেওঁৰ মনৰ ভিতৰখনত খুন্দিয়াই খুন্দিয়াই বহু ভিতৰলৈ সোমাই গ’ল। তেওঁৰ ওঁঠ দুখন কঁপি কঁপি উঠিল। ফোনটো থৈ তেওঁ বহু সময় একে ঠাইতে থিয় দি ৰৈ থাকিল।

পিছদিনা এন্ধাৰ নাভাঙোটেই শইকীয়াই সাৰ পালে। বহুত পৰ তেওঁ আগফালৰ বাৰাণ্ডাখনত লৰচৰ নকৰাকৈ বহি থাকিল। তেওঁৰ উশাহবোৰ ঘন হৈ আহিল। এসময়ত শইকীয়াই মনটো জোকাৰি ভাব বোৰ থিক থাক কৰি ল’লে। তেঁও ঘপহকৈ বহাৰ পৰা উঠিল।

অইনদিনা কামকৰা মানুহজনীয়ে আহি চাহটুপি বনাবহি বুলি শইকীয়া ৰৈ থাকে। আজি তেওঁ পাকঘৰলৈ গৈ চাহৰ মেষ্টিনটো জুইত তুলি দিলে। বিচনাখন ঠিক ঠাক কৰি তেওঁ চাহ কাপ হাতত লৈ আকৌ আগফালৰ আৰামী চকী খনত বহি ল’লেহি।

সৌৱা প্ৰফুল্লৰ জীয়েকজনী টিউচন যাবলৈ সাজু হৈছে। শইকীয়া গেটৰ মুখলৈ আগ বাঢ়ি গ’ল।
“মাজনী ওলালা?”
“অ’ বৰতা! উঠিলে?” তাই সপ্ৰতিভ ভাৱে মাত লগালে।
“তোমাৰ মেথ্‌ছ কিতাপখন মোক দি যাবাহিচোন। বহুত দিন চোৱা নাই। চালে বস্ত্তবোৰ আকৌ মনত পৰিব চাগে।” শইকীয়াই বৰ উৎসাহেৰে একে উশাহে কথা কেইটা ক’লে।

ৰাতিপুৱাৰ ৰ’দজাকে তেতিয়া শইকীয়াৰ মুখখন উজলাই তুলিছিল।

 

-প্ৰাঞ্জল দাস,

এৰাগাঁও, বালিপৰা,

শোণিতপুৰ ।।

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s