মৰুভূমি

বৰুৱানীৰ ঘৰৰ পাছফালৰ বাৰাণ্ডাখনৰ খুঁটাটোতে আঁউজি লৈ মালতী বুঢ়ীয়ে পুৰণি কথাবোৰ পাগুলি থাকে। আজি তাই যিখিনি ঠাইত বহি আছে, সেইখিনিতে সুন্দৰ বুঢ়াৰ ডাঙৰ বাৰীখন নাছিল জানো! বুঢ়াৰ বাৰীৰ মধুৰীআম, জলফাই, হৰতকী জোপা! আঢ়ৈ কুৰি বছৰৰ পিছতে আজি ইমানবোৰ সলনি হ’লনে? বুঢ়ী আচৰিত হয়। সুন্দৰ বুঢ়াই এই বাৰীখন বেচি থৈ ক’লৈ গ’লগৈ বাৰু? এই বাৰীখনতে যে সৰুতে এবাৰ ডাঁহেচীয়া আম বিচাৰি আহোতে মালতীক বিছাই ডাকিছিল। তাই যে আতাহ পাৰি গোটেই বাৰীখন ৰজনজনাই তুলিছিল। তাইৰ চিঞৰ শুনি সুন্দৰ বুঢ়াও আবেলিৰ ভাত ঘুমটি এৰি লৰি-ঢাপৰি আহিছিল। মালতীক হেমেশ্বৰে হাতত ধৰি টানি লৈ গৈছিল। কাৰোবাৰ ঘৰৰ পৰা চূণ অলপ আনি সি তাইৰ কাণত লগাই দিছিল। কাৰ ঘৰৰ পৰা চূণ আনিছিল হেমেশ্বৰে!

হেমেশ্বৰে মালতীক আগৰেপৰা অলপ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিছিল। সি আম-জামু যিয়ে নিছিঙক তাইক সদায় আনবোৰতকৈ দুটামান বেছিকৈ দিয়ে। তাৰ ব্যৱহাৰত তাই আপ্লুত হয়। তাইৰ লগৰ কেতেকীয়ে পেটে পেটে এই কথাটো অলপ বেয়া পাইছিল। এদিন কেতেকীয়ে খঙত হেমেশ্বৰক কৈছিল, “মালতী তোৰ ঘৈণীয়েৰ নে কি!”

বৰুৱানীৰ ঘৰৰ আগেদি যোৱা এই ৰাস্তাটো কেতিয়া ইমান বহল হ’ল? তাই সৰু থাকোতে এইটো এটা ঠেক কেঁচা আলি নাছিল জানো? কোনে, কেতিয়া এই বাটতো শিলগুটি পাৰি বহল কৰিলে? বুঢ়ীয়ে মনত পেলাবলৈ চেষ্টা কৰে। কিয়, এবাৰ যে গাঁৱৰ গজলীয়া ডেকাবোৰে যুৱক সংঘ নে কি কিবা এটা পাতি দেহে-কেহে খাটি এই পথটো সাজিছিল। মালতী বুঢ়ীৰ ঘৰৰ আগত কাম কৰোঁতে সিহঁতৰ দুটামানে বুঢ়ীক কৈছিল, “জেঠাই, ইমান কাম কৰিছোঁ; চাহ একাপ খুৱাবি দেই!” আন এটাই চিঞৰিছিল, “বৰমা, চাহ নেলাগে দে। তামোল এখন দিলেও হ’ব।” বুঢ়ীয়ে একো মাতা নাছিল। তাইৰ মুখত শেঁতা হাঁহি এটা বিৰিঙি উঠিছিল। ক’ত পাই তাই সিহঁতজাকক খুৱাবলৈ তামোল-পাণ, চাহ-বিস্কুট…??

এসময়ত মালতী গাঁওখনৰ গাঁওবুঢ়াৰ জীয়েক। সকলোৰে সন্মানৰ বৰমেধী। দুজন ককায়েক তাইৰ। তাই ঘৰৰ নুমলীয়া। তৃতীয় শ্ৰেণীৰ পৰা তাই আৰু ওপৰলৈ উধাব নোৱাৰিলে। তাই স্কুল বাদ দিলে। দুদিনমান ডাবি-ধমকি দিয়াৰ পিছত কোনেও তাইক একো নোকোৱা হ’ল।

সকলোৰে আদৰত ডাঙৰ হোৱা মালতীৰ ৰূপ গাঁৱৰ আনবোৰতকৈ যেন এখোপ ওপৰত। দেউতাকে শালত পেৰি অনা সৰিয়হৰ তেল সানি কুমলীয়া ঔ-টেঙাৰে ধোৱা চুলিখিনি আঁচুৰি আঁচুৰি তাই ভাবে, মানুহবোৰে চাগে এনেয়ে নকয়। তাই সঁচাকে ধুনীয়া!

কিন্তু মালতী আটাইতকৈ বেছি আচৰিত হ’ল সেইদিনা যেতিয়া হেমেশ্বৰে তাইক এদিন কুঁৱাপাৰত কাঁহী-বাতি ধুই থাকোতে ওচৰলৈ আহি ক’লে, “তই বৰ ধুনীয়া অ’ মালতী! তোক মোৰ বৰ ভাল লাগে।”

হেমেশ্বৰ তেতিয়া মালতীহঁতৰ ঘৰতে থাকে। পথাৰৰ কাম-বনবোৰ কৰে। গৰু-ম’হ কেইটা চায়। হেমেশ্বৰৰ ঘৰ গাঁওখনৰ সিমূৰত। তাৰ দেউতাক ঢুকুৱাৰ পাছত অকলশৰীয়া ল’ৰাটোলৈ বৰমেধীৰ বেয়া লাগিল। তাক তেওঁলোকৰ ঘৰৰ কাম-বনবোৰ চোৱা-চিতা কৰিবলৈ লৈ আহিল। আৰু সেই হেমেশ্বৰে আজি মালতীক ক’লে তাই বৰ ধুনীয়া বুলি! তাই মানুহজনী জিকাৰ খাই উঠিল। আগতে দেখোন কোনো দিনে এনে হোৱা নাছিল তাইৰ। হেমেশ্বৰৰ কথাকেইটা তাইৰ মনৰ ভিতৰখনত খুন্দিয়াই খুন্দিয়াই বহু ভিতৰলৈকে সোমাই গ’ল। তাইৰ লাজ লাগিল। ওঁঠৰ ওপৰত তাইৰ বিৰিঙি বিৰিঙি ঘাম ওলাই আহিল। চাদৰৰ আঁচলেৰে ঘামবোৰ মচি তাই অদ্ভুত আনন্দ এটা সাবটি মতলীয়া হৈ ৰ’ল।

তাৰ পিছৰ দিনবোৰত যেতিয়া ঢলপুৱাতে উঠি হেমেশ্বৰ হাললৈ যায়; মালতীয়ে তেতিয়া বাঢ়নী লৈ আগচোতাল সাৰি থাকে। হেমেশ্বৰে যেতিয়া দুপৰীয়া পথাৰৰ পৰা আহি কুঁৱাপাৰত ভৰি-হাত ধুৱে; মালতীয়ে তেতিয়া এগালমান কাঁহী-বাতি লৈ কুঁৱাপাৰলৈ ওলাই যায়। চকুৱে চকুৱে দুয়োটাই কথা পাতে। হেমেশ্বৰৰ গহীন চকুদুটাই বহুত কিবা-কিবি কওঁক, মালতীয়ে মনে মনে তাকেই আশা কৰি থাকে। কিন্তু হেমেশ্বৰে কিবা কোৱাৰ আগতেই মালতীৰ কাণ দুখন গৰম হৈ যায়। তাইৰ উশাহবোৰ চুটি হৈ পৰে।

এদিন তায়েই হেমেশ্বৰক কথাটো ক’লে। হেমেশ্বৰ মানুহটো লৰচৰ কৰিব নোৱৰা হ’ল। কোনোবাই যেন তাৰ ভৰি দুখন বান্ধি থৈছে। অথচ তাৰ সেই জড়তাখিনি ভাল লাগিল। দিনটোৰ বাকী সময়খিনিত তাৰ মনৰ ভিতৰৰ আনন্দখিনি সুহুৰি হৈ টুকুৰা-টুকুৰকৈ ওলাই থাকিল।

আৰু তাৰ পিছত এদিন দুয়োটাই পথাৰৰ মাজে মাজে দৌৰি হেমেশ্বৰৰ ঘৰ ওলাইছিলগৈ। মালতী মানুহজনী ভাগৰি পৰিছিল। ঘৰৰ সকলোৰে প্ৰতি তাইৰ ভয় লাগিছিল। কিন্তু সেই ভাগৰ আৰু ভয়ৰ মাজতো অন্য এক পুলকতাই তাইৰ মনটো ভৰাই ৰাখিছিল।

পিছদিনা হেমেশ্বৰৰ ঘৰৰ চোতালত তাইৰ ককায়েক দুটায়ে আহি তৰ্জন-গৰ্জন কৰিছিলহি। হেমেশ্বৰে পাছফালৰ দৰ্জাখনেদি ওলাই কৰবালৈ গুচি গৈছিল। মালতীয়ে তাক সেইটো কথাত অলপ বেয়া পাইছিল। তাইক এৰি কিয় পলালে সি? তাই ককায়েকহঁতক দৰ্জা খুলি দিয়া নাছিল। ভিতৰৰ পৰাই তাই কৈছিল, “যি হ’ল হ’ল দে। মই ভালে কুশলে আছোঁ নহয়।”

তাৰ পিছৰ দিনবোৰত মালতী-হেমেশ্বৰে জীৱনৰ এক নতুন সংজ্ঞা বিচাৰি পাইছিল। জীৱনটো মধুময় কৰি তোলাৰ নতুন এক অনাবিল আনন্দ। ইমান ৰঙীণ নে জীৱনটো? মালতী আচৰিত হৈছিল। হেমেশ্বৰৰ ঘৰৰ সন্মুখৰ পথাৰখনৰ সেউজীয়া খিনি চাই চাই মালতীয়ে জীৱনৰ সেউজীয়াবোৰক বৰ হেঁপাহেৰে হৃদয়ত সাঁচি লৈছিল। তাইৰ চাদৰৰ আঁচলখন বাৰে বাৰে বতাহত উৰি উৰি গৈছিল। তেনেকুৱা দিনবোৰতে এদিন তাই অনুভৱ কৰিলে জীৱনৰ এই নতুন পূৰ্ণতাখিনিৰ মাজতে যেন তাইৰ দেহৰ কোনোবা কোণত আৰু এটা নতুন হেঁপাহে বীজ মেলিছে। তাইৰ মনটো হেজাৰ বন-বিহংগৰ কাকলিৰে মুখৰিত হৈ পৰিল। হেমেশ্বৰক কথাটো কৈ তাই তাৰ মুখলৈ চাব পৰা নাছিল। গোটেই জগতখনৰ লাজখিনিয়ে আহি তাঁহাতদুটাৰ মাজত ওৰণি টানি ওলমি আছিলহি!

পিছৰ দিনবোৰৰ অপেক্ষাখিনি হেমেশ্বৰৰ বৰ দীঘলীয়া দীঘলীয়া যেন লাগিছিল। পিৰালিৰ কুকুৰেও গম নোপোৱাকে মালতীৰ কোলা ভৰিবলৈ গাঁৱৰ গোপিনীকেইজনীয়ে আহি নাম জুৰিছিলহি।

সময়ত এদিন সিহঁত দুয়োটাকে মোচাৰি-মোহাৰি থৈ যাবলৈ সেই আগন্তুকজন আহিছিল। মালতীৰ দেহ-মন একোৰে জোৰ নাছিল সেইসময়ত। তাইৰ কাণদুখনে বৰ সাদৰৰ সুৰীয়া মাত এষাৰ শুনিবলৈ ৰৈ আছিল। কিন্তু তাইৰ কেঁচুৱাটোৱে কন্দা নাছিল। কোনোবা এজনীয়ে কৈছিল, “বেচেৰীজনীক অতখিনি কষ্ট দি তই এয়াহে কৰিলি নে!” অইন এজনীয়ে কৈছিল, “যি হ’ল হ’ল আৰু। হেমক কথাটো কৈ এতিয়া এইটোক আঁতৰোৱাৰ ব্যৱস্থা কৰাৰহে কথা।” মালতীয়ে কি হৈছে বুজিবলৈ মনৰ শক্তি পোৱা নাছিল। যেতিয়া বুজিলে তেতিয়া তাই মূৰ্ছা গ’ল।

তাৰ পিছত ঘৰখনত এক মৰিশালিৰ শূন্যতা বিৰাজ কৰিছিল। দুয়োটা মানুহে ইটোৱে সিটোক মাতিবলৈ সাহস বিচাৰি পোৱা নাছিল। এক অজান বেদনাত থেকেচনি খাই খাই সিহঁত দুয়োটাই জীয়াই থকাৰ আনন্দখিনি হেৰুৱাই পেলাইছিল। নিৰ্জন-নিস্তব্ধ ঘৰখনৰ ভিতৰত এন্দুৰ এটাই ইফাল-সিফাল কৰিলেও ভয়াৰ্ত দুটা প্ৰাণী সচকিত হৈ পৰিছিল।

এদিন আবেলি মালতীয়ে চুলিখিনি মেলি ওকণী খেপিয়াই চোতালত বহি থাকোতে ওচৰৰ সৰু ছোৱালী এজনীয়ে দৌৰি দৌৰি আহি কৈছিল, “খুড়ী অ’, আপোনালোকৰ খুড়া ৰেৱবৰতাহঁতৰ ঘৰত তামোল পাৰি থাকোতে ওপৰৰ পৰা পৰি গ’ল।” মালতীয়ে কি কৰিব একো উৱাদিহ পোৱা নাছিল। মেলা চুলিৰে তাই গাঁৱৰ ৰাস্তায়েদি দৌৰিছিল। বহুত দিনৰ পিছত সেইদিনা তাই টকা বিচাৰি ককায়েকহঁতৰ ওচৰলৈ গৈছিল। তাইৰ ভতিজাককেইটাই ঘৰৰ ভিতৰৰ পৰা ওলাই আহি কৈছিল- “দেউতাহঁত ঘৰত নাই।” মালতীয়ে বৌৱেকহঁতক খাটিছিল। বৌৱেকহঁতে থেৰো-গেৰো কৰি দিয়া টকাকেইটা মালতীয়ে গাঁৱৰ আনবোৰ মানুহক খুজি-মাগি পোৱা টকাৰ আধা আছিল।

হেমেশ্বৰক হাস্পতালৰ পৰা অনা দিনা ৰাতি মালতীয়ে এসোপামান বাচন-বৰ্তন আগত লৈ কুঁৱাপাৰত বহুতপৰ নীৰৱে বহি থাকিল। তাই মানুহজনী মাজে মাজে উচপ খাই খাই উঠিল। এসময়ত তাই ফেঁকুৰি উঠিল। বাচন ধুবলৈ অনা ফুটছাঁইখিনিয়ে তেতিয়ালৈ কৰাল বান্ধি তাইৰ হাতদুখন ক’লা কৰি পেলাইছিল।

তাৰ পিছত দিনবোৰ আকৌ সাধাৰণ হ’ব ধৰিলে। মালতীয়ে এদিন মদন মাষ্টৰৰ ঘৰৰ পাকঘৰখন গোবৰ লেটিয়াই মচিবলৈ গ’ল। আন এদিন তাই কমল দোকানীৰ ঘৰত ধান এবস্তা জাৰি থৈ আহিলগৈ। হেমেশ্বৰে ঘৰতে বহি আটাইবোৰ চাই নীৰৱে কিবা-কিবি ভাবি থাকিল। তাৰ মুখলৈ যেতিয়া কথা আহে তেতিয়া সি মালতীক ওচৰত বিচাৰি নাপায় আৰু মালতীৰ ভাগৰেৰে ম্লান মুখখন দেখাৰ পিছত সি তাৰ কথাবোৰৰ আঁটি-গুৰি বিচাৰি নোপোৱা হয়। এদিন মালতীৰ ভতিজাক এটা আহি তাইক ককায়েকে মতাৰ খবৰ দি থৈ গ’লহি। পিছদিনা মালতী ৰাতিপুৱাতে ওলাই গ’ল। গোটেই দিনটো বৌৱেকহঁতৰ কাপোৰ ধুই ধুই গধূলি তাই পলিথিনৰ বেগ এটাত চাউল এবেগে লৈ ঘৰ সোমালহি।

এনেকুৱা দিনবোৰতে হেমেশ্বৰে এদিন তাৰ পথ ঠিক কৰি ল’লে। ঘৈণীয়েকে দুখে-শোকে ভাগৰি অনা চাউলৰ ভাতমুঠি খাবলৈ তাৰ লাজ লাগিল। আৰু সেইখিনি কথা মালতীক বুজাবলৈ তাৰ সাহস নহ’ল। তাৰ কথাবোৰ বুজি পাবৰ জোখাৰে মালতীৰো মনৰ জোৰে নুকুলাইছিল।

পংগুত্বৰ আত্মগ্লানিৰ তীব্ৰ হেঁচাত জহি-খহি হেমেশ্বৰে এদিন ৰাতি মালতীৰ চাদৰ এখন আৰু মুঢ়া এটা লৈ ওলাই আহিল।

পিছদিনা ৰাতিপুৱা মালতীয়ে বাৰীৰ কঁঠাল জোপালৈ চাই একেথিৰে বহুপৰ ৰৈ থাকিল। তাইৰ ভৰি দুখন কঁপি কঁপি উঠিল। এইমাত্ৰ যেন তাইৰ তলৰ পৃথিৱীখন জহি-খহি বহু তললৈ গুচি গ’ল। তাই মানুহজনী আউলী বাউলী হ’ল। তীব্ৰ খং, দুখ, অভিমানত ক্ষুব্ধ হৈ তাই মাটিতে বাগৰি থাকিল।

তাৰ পিছত মালতীক মাতিবলৈ গাঁৱৰ কাৰোৰে সাহস নহ’ল। বহুত দিন তাই ঘৰৰ চৌপাশৰ পৰা ওলাই নগ’ল। কোনোবা নিশা তাইৰ বুকু ভাঙি অহা কান্দোনত গাঁৱৰ মানুহবোৰ সাৰ পাই উঠিল।

তাৰ পিছতো বহুত দিন বাগৰি গ’ল। গাঁওখনৰ কাষেদি বৈ যোৱা নৈখনত কেইবাটাও বাৰিষাৰ ঢল বাগৰি গ’ল। সময়ে মালতীৰ গাতো বয়সৰ আঁচোৰ দি গ’ল। গাঁওখনলৈও সলনি আহিল। চহৰৰ পৰা বেছি দূৰ নোহোৱাৰ গতিকে গাঁওখনৰ বহুখিনি উন্নতি হ’ল। ঘাই আলিটোৰ কাষতে নতুন নতুন মানুহে ন ন ঠাইৰপৰা আহি বৰ বৰ ঘৰবোৰ সাজিলেহি। মালতী বুঢ়ীৰ এই সকলোৰে লগত চিনাকী হ’ল। সকলোৰে ঘৰৰ তিৰোতাবোৰে মালতী বুঢ়ীৰ দৰে কাম বন কৰা মানুহ এগৰাকীকে বিচাৰি ফুৰিছিল। এইবোৰ মানুহে মালতী বুঢ়ীৰ অতীত সম্পৰ্কে একোৱেই নাজানে আৰু জনাৰ প্ৰয়োজনবোধো নকৰিলে। মালতী বুঢ়ীৰ সদায় দিনত কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত কাম থাকেই। দিনটো কাম কৰি বুঢ়ীৰ দুপৰীয়াৰ সাজৰ কাৰণে অলপো চিন্তা নকৰাকৈ চলি যায়। ৰাতিৰ সাজৰ কাৰণে কিবা অলপ লৈ বুঢ়ী গধূলি ঘৰ সোমাইহি।

ৰাতিৰ ভাত সাজ ৰান্ধি খাবলৈও বুঢ়ীৰ কেতিয়াবা বৰ ভাগৰ লাগে। কোনোবাদিনা চৌকাত খৰি আগ নবঢ়োৱাকৈয়ে তাই শেতেলীত পৰেগৈ। নিমাওমাও ঘৰখনত চাকিৰ ঢিমিক ঢামাক পোহৰত বুঢ়ীয়ে কেতিয়াবা নিজকে বিচাৰি নাপায়।

বৰুৱানীৰ ঘৰখনলৈও বুঢ়ী এনেকৈয়ে আহে। বৰুৱানী অকলশৰীয়া মানুহ। গিৰিয়েকে বাহিৰত থাকি চাকৰি কৰে। ঘৰখনত কাম-বন কম। তথাপি মালতী বুঢ়ী সপ্তাহত এদিন নগ’লে বৰুৱানীৰ ঘৰ নচলে। বুঢ়ীয়ে কেইদিনমান অইনৰ ঘৰলৈ কামলৈ গ’লে সিফালে বৰুৱানীৰ ঘৰত মলিন কাপোৰে পাহাৰ সাজে। আগবেলাটো ইটো-সিটো কাম কৰাৰ পিছত বুঢ়ীক ভাতকেইটা দি বৰুৱানীয়ে যেতিয়া দুপৰীয়াৰ টোপনি মাৰেগৈ, বুঢ়ী তেতিয়া পাছফালৰ বাৰাণ্ডাখনৰ খুঁটাটোতে আঁউজি লৈ বহি থাকে। বৰুৱানীৰ সৰু ল’ৰাটোৱে সেইসময়ত ওচৰতে কিবা কিবি খেলি থাকে। তাক দেখিলেই বুঢ়ীৰ চুলিখিনিত যেন পিৰ্‌ পিৰণি উঠে। বুঢ়ীয়ে কেতিয়াবা তাক কয়, “যাচোন যা বোপাই তেল এচলু লৈ আহগৈ। চুলিখিনিয়ে তেল নাপাই নাপাই একেবাৰে নাৰিকলৰ জাৱৰৰ লেখিয়া হ’লগৈ চাচোন।” বুঢ়ীৰ কথাত সি ৰং পায়। তাৰ কাৰণে এইটো এটা আমোদজনক খেল। সি হাতত সাৰে ভৰিত সাৰে ভিতৰলৈ গৈ মাকৰ চুলিত ঘঁহা তেলৰ বটলটো লৈ আহে। পৰম আগ্ৰহেৰে বুঢ়ীয়ে হাতখন পাতি দিয়ে। বাঁওহাতৰ তলুৱাৰ তেলখিনি সোঁহাতৰ আঙুলিকেইটাৰে তাই চুলিৰ গুৰিবোৰলৈ সুমুৱাই দিব খোজে। বুঢ়ীয়ে মাজে মাজে ভাবে, বৰুৱানীয়ে যদি কেনেবাকৈ কথাটো গম পায়! বৰুৱানীৰ কেঙ্‌ কেঙনীৰ কথা ভাবি বুঢ়ীৰ ভয় লাগে। “মাৰক নকবি!” -বুঢ়ীয়ে নিজেই শুনা-নুশুনাকৈ অস্ফুট মাত এটা উলিয়াই। কেতিয়ানো এই কামটো ৰুটিনলৈ পৰিবৰ্তন হ’ল বুঢ়ীৰ একো মনত নাই। সিও পাহৰিলে।

লাহে লাহে মালতী বুঢ়ীৰ দেহা আৰু পৰি আহিল। কুঁৱাৰ পৰা পানী এবাল্টি তুলিলেই তাইৰ কঁকালটো টান মাৰি ধৰা হ’ল। কাপোৰ ধুলে দুচাবমান মৰাৰ পিছতে তাইৰ হাতদুখনত বিষ উঠা হ’ল। এনেকুৱা দিনবোৰত মানুহবোৰে মালতী বুঢ়ীক কামলৈ মাতিবলৈ টান পোৱা হ’ল। বুঢ়ীয়ে ভাগৰি-জুগৰি যিকণ কাম কৰে, সেইকণৰ বাবদ দুপৰীয়াৰ ভাতসাজ দিবলৈও মানুহবোৰে ভাবিবলৈ আৰম্ভ কৰিলে। বুঢ়ীৰ কাৰণে আকৌ এটা সমস্যাই গা কৰি উঠিল।

তথাপি বুঢ়ীয়ে টলৌ টলৌকৈ গোটেই গাঁওখন ঘূৰি ফুৰিলে। প্ৰায়বোৰ ঘৰতে দুপৰীয়া অলপ সময় জিৰণি লোৱাৰ কাৰণে বুঢ়ীয়ে এটুকুৰা নিৰ্দিষ্ট ঠাই ঠিক কৰি লৈছিল। এতিয়া সেইবোৰ ঠাইত বহাৰ লগে লগে তাইক পুৰণি স্মৃতিবোৰে আমনি কৰা হ’ল।

বৰুৱানীৰ ঘৰলৈ কামলৈ আহি বুঢ়ী কোনোবাদিনা তামোল এখন, ভাত এসাঁজ খায়েই ঘৰলৈ উভতা হ’ল। বুঢ়ী এতিয়া বৰুৱানীৰ কাৰণে বিৰক্তিৰ কাৰণ হৈ পৰিল। কেতিয়াবা বুঢ়ী আহি ৰাতিপুৱা ওলাওতেই বৰুৱানীৰ দৰকাৰী কামবোৰ ওলোৱা হ’ল! তেওঁ দুৱাৰ-ঘৰ মাৰি কৰবালৈ যাবলগীয়াত পৰে! বুঢ়ীৰ তেতিয়া অইন উপায় নাথাকে। কোনোবাদিনা বুঢ়ীয়ে সুবিধা পালে তেল টুপি খুজি সানে। তাইৰ মগজটো যেন শীতল হৈ আকৌ প্ৰাণ পাই উথলি উঠিছে, তাইৰ এনে লাগে। হেমেশ্বৰলৈ বুঢ়ীৰ মনত পৰে। পৰম প্ৰশান্তিত বুঢ়ীয়ে চকুকেইটা মুদি দিয়ে।

কাৰোবাৰ যেন বুঢ়ীৰ এইকণ প্ৰশান্তিটো এদিন চকু পৰিল!

এদিন বৰুৱানীৰ পুতেকৰ হাতৰ তেল আহি বুঢ়ীৰ হাতত নপৰিল। খোলা সাঁফৰেদি তাৰ খপজপত এসোপা তেল আহি পকা মজিয়াখনত পৰিলহি। বুঢ়ীৰ বুকুৱে ধান বানিবলৈ ধৰিলে। তাই খৰধৰকৈ হাতেৰে তেলখিনি মচিবলৈ লাগিল। বৰুৱানীৰ পুতেকেও ভৰিখনেৰে মজিয়াৰ তেলখিনি মচিবলৈ লওঁতেই এপাকত সি পিছল খাই বাগৰি পৰিল। তাৰ দাঁতে-ওঁঠে কামোৰ খাই তেজ বিৰিঙি উঠিল। তাৰ চিঞৰত বুঢ়ীয়ে কি কৰিব একো ভাবি নাপাওতেই বৰুৱানী ভিতৰৰ পৰা উধাতু খাই দৌৰি আহিল। বুঢ়ীৰ হাতখনে তেলৰ বটলটো চাদৰৰ তললৈ লুকুৱাই লৈ গ’ল। বৰুৱানী আহি যিখিনি দেখিলে, তাৰ আলমতে কিবা বুজিলে আৰু পুতেকৰ পিঠিত খঙতে এধকা মাৰিলে। “বাইয়ে তোমাক কবলৈ হাক দিছিল!” বুঢ়ী নিমাত হ’ল।

অলপ পৰৰ পিছত বুঢ়ীয়ে খৰ খোজেৰে ঘৰলৈ বাট ল’লে। বুঢ়ীৰ গাত তেতিয়া কোনোবাই বহুত দিন ব্যৱহাৰ কৰি তাইক দিয়া চাদৰ এখন আছিল। গোটেই চাদৰখন ফিচিকি সেৰেঙা হৈ পৰিছে। তাই সেইখনেৰে বাৰে বাৰে মুখখন মচি থাকিল। তাইৰ কাণত তেতিয়াও বৰুৱানীয়ে হতঙা মাতেৰে গোটেই চুবুৰীটোৱে শুনাকৈ চিঞৰা কথাকেইটাই আমনি কৰি থাকিল- “এ বাই তয়ো যে আৰু! এতিয়াৰ পৰাই মোৰ ল’ৰাক এইবোৰ ট্ৰেইনিং দিয়াই চোন তাক একেবাৰে গভাইত চোৰ সাজি পেলাবি। মই গম নোপোৱাকে আৰু কিবা সৰকাইছিলি যদি দি যাবিহি আহি!”

ঘৰ গৈয়ে বুঢ়ীয়ে বাঁহৰ চাংখনত ওবোৰ খাই পৰিলগৈ। বুকুৰ সমষ্ট আকুলতা উজাৰি আনি তাই তেনেকৈয়ে গোটেই ৰাতিটো পৰি থাকিল।

তাৰ পিছত হঠাতে এই মানুহবোৰৰ কাৰণে বুঢ়ীৰ বিষয়ে জনাতো যেন প্ৰয়োজনীয় হৈ পৰিল। বুঢ়ীৰ অতীত, বুঢ়ীৰ চৰিত, আগতে কাৰোবাৰ ঘৰত বুঢ়ীয়ে কি কি কৰিছিল সেই আটাইবোৰৰ সাহখিনি গোটাই গোটাই মানুহবোৰে থূপ খুৱাই ল’লে আৰু সেইখিনিকে ড্ৰয়িংৰূম, পদূলিমুখ সকলোতে চুপি থাকিল। অথচ গিলিও নথয়, পেলায়ো নিদিয়ে- বুঢ়ীৰ এইবোৰ অসহ্য লাগিল। কাৰোবাৰ ঘৰত বুঢ়ীয়ে সোঁতাতো লৈ ঠাইখন সাৰিলে কোনোবা এজনে দূৰৰপৰা বুঢ়ীক নজৰ দি থাকে। বুঢ়ীয়ে পাছফালে বহি জিৰণি ল’লে ঘৰৰ মানুহবোৰে পিছদুৱাৰখন ভালদৰে জপোৱা হৈছেনে তদাৰক কৰি কৰি ভাগৰি পৰে।

অজস্ৰ মানুহৰ অসংখ্য অস্ফুট গুণ্ গুণনিয়ে বুঢ়ীক চেপি খুন্দি কুঙা কৰি পেলালে। শেষত তাই বুজিলে, এনেকুৱা অলেখ অজস্ৰ গুণ্ গুণনি শুনাতকৈ অলপমান নিৰ্জনতা বিচাৰি যোৱাই ভাল। পিয়াপি দি ফুৰা অসংখ্য চকুৰ চাৱনিৰ সৈতে যুঁজি ভাগৰি পৰাতকৈ একেবাৰে লুকাই থকায়ে ভাল। ইমান প্ৰশান্তি! হেমেশ্বৰেও এনেকুৱা প্ৰশান্তি বিচাৰিয়েই তাইক এৰি নীৰৱে বাট লৈছিলনে!

আৰু আজি বহুত দিনৰ মূৰত মালতী বুঢ়ীৰ ঘৰৰ চোতালত গাঁওখনৰ বহু মানুহ গোট খাইছে। বুঢ়ীয়ে সৰু চোতালখনৰ সোঁমাজতে শুধ বগা কাপোৰ এখন লৈ শুই আছে।

মানুহবোৰে গুণ্ গুণাই কথা পাতি থাকিল। এই বয়সত যে বুঢ়ীয়ে এনেকুৱা এটা কাম কৰি পেলাব সেইটো তেওঁলোকৰ সপোনৰো অগোচৰ আছিল- এই কথাটোকে মানুহবোৰে ইজনে-সিজনক কৈ থাকিল। ঘটনাটো ঘটাৰ সঠিক সময় এটা উলিয়াবলৈ তেওঁলোকে চেষ্টা এটা কৰিলে। ওচৰৰ ৰূপহীৰ মতে কালি গধূলি তাই বুঢ়ীক আগচোতালত বহি থকা দেখি মাত এষাৰ লগাইছিল। তাৰ পাছৰ বুঢ়ীৰ খবৰ দিব পৰা মানুহ এজন কোনোৱে বিচাৰি পোৱা নাই।

খবৰটো শুনি বৰুৱানীও আহিছে। শেষত সকলোৱে গৈ দোষতো তেওঁৰ ওপৰতে পেলাব বুলি তেওঁ মনে মনে ভয় খালে। তেওঁ যে কেইবাদিনো বুঢ়ীক কাম-কাজ কৰিবলৈ মতায়ে নাছিল- পাকে-প্ৰকাৰে সেইটোকে বুজাই বুজাই তেওঁ মানুহবোৰৰ সৈতে কথা পাতি থাকিল। চোতালৰ এটা কোণত থিয় হৈ তেওঁ বহুপৰ মালতী বুঢ়ীৰ গাৰ ওপৰৰ বগা কাপোৰখনলৈ একে থিৰে চাই থাকিল। বহুদিন তেল নাসানি নাসানি ক’লা, বগা, মুগাৰে অদ্ভুত বৰণ লোৱা বুঢ়ীৰ জঁট্-বন্ধা চুলিখিনিলৈ তেওঁ চাব নোৱাৰিলে।

বৰুৱানীয়ে মুখখন অইনফালে ঘূৰাই দিলে।

“সন্ধান” ই আলোচনীত এই গল্পটো পঢ়ক

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s