জ্যামিতি

“লিখা। বিশেষসূত্ৰ। ধৰা হ’ল এ বি চি এটা ত্ৰিভুজ। ইয়াৰ এবি, বিচি আৰু চিএ তিনিটা বাহু। প্ৰমাণ কৰিব লাগে যে, ত্ৰিভুজটোৰ যিকোনো দুটা বহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। পাৰিবানে?”
“অ’ পাৰিম।”
“ঠিক আছে। কৰা তেন্তে।”
ৰাজু একান্তমনে বহীখনত বিশেষসূত্ৰ, অংকন, প্ৰমাণ এইবোৰ লৈ ব্যস্ত হৈ পৰিল। পলাশে তাৰ সন্মূখত থকা কাগজখনত এটা ত্ৰিভুজ আঁকিলে। সমদ্বিবাহু ত্ৰিভুজ। ঠিক ৰাজুৱে তাৰ বহীত অঁকাৰ দৰে। সি কোনটো বাহু হ’ব? ভূমি। ঠিক ভূমি। সি বেচ্। তাৰ ওপৰত বেচ্‌ কৰিয়ে চিনাকি হৈছিল সিহঁত দুটা। নহয়; সি নিজেই চিনাকি কৰাই দিছিল।
“ই ৰাহুল। মোৰ ফ্ৰেণ্ড। আমি স্কুলৰে পৰা একেলগে পঢ়া। আৰু এয়া ৰুণজুণ। মোৰ ক্লাছমেট আই মীন মেজৰ মেট।”
“হাই!”
“ৰুণজুণ! নাইচ নেম!”
“থেংক ইউ! তোমাৰ ডিপাৰ্টমেণ্ট?”
“ফিজিক্স। ই তোমাৰ কথা কৈয়ে থাকে। ভাল লাগিল দিয়া চিনাকি হৈ।”
“হেই? সঁচা? কি কয়? কি কয়?”
“কয় আৰু কিবা কিবি। সুধিবাচোন তাকে।”
“ঐ কি কোৱা হা মোৰ কথা?”
“এহ! তয়ো যে আৰু। কাৰ মূৰটো গাই নাথাক’!” সি ৰাহুলক লাহেকৈ ঠেলা মাৰি দিয়ে।
পুৰণি কথাবোৰে তাৰ মুখত হাঁহি এটা ঢৌ খেলাই থৈ গ’ল। ঠিক। বাকী দুটা বাহুৰ এটা বাহু হওক ৰুণজুণ। আনটো ৰাহুল।
তাৰ এটা মূৰত তাই। আনটো মূৰত ৰাহুল। তাৰ পৰা বহু দূৰৈৰ অইন এটা কোণত তাই আৰু ৰাহুল দু্যোটায়ে লগ হৈ আছে। মাজত এইখিনি খালী ঠাই।
“হেল্ল’! ভালে আছা?”
“অ’ আছো দিয়া। তোমাৰ?”
“ঠিক ঠাক। একো দেখোন খা-খবৰেই নাই? ভাবিলো খবৰ এটাকে লও তোমাৰ।”
“কিনো খবৰ আৰু। আছো আৰু নমৰাকে জীয়াই।”
“কাৰোবাক পায় দেখিছো আমাৰ ফালে সময়েই নাইকিয়া হ’ল তোমাৰ।”
“তোমাৰো যে আৰু কথা! তুমি মোৰ যেনেকুৱা ফ্ৰেণ্ড সিও একেই। কি কি যে ভাবি নাথাকা আৰু। তুমি চাগে’ সেই সিদিনা তোমাক নোকোৱাকে চিনেমা চাবলৈ যোৱাৰ কথাটোকে ভাবিয়ে আছা।”
“ভাবিমনো আৰু কি! মই কিবা ভবা নভবাৰ লগতনো কি আহে যায়!”
“প্লিজ আৰু পলাশ। সঁচাকে কৈছো। আমি দুয়োটায়ে তোমালৈ ফোন লগাই আছিলো। ন’ট ৰিচ্ছেব’ল হৈ আছিল তোমাৰ ফোনটো।”
“আৰু চাগে বিৰাট লৰালৰিত প্লেনটো বনোৱা হ’ল না?”
“উস! তুমি মানে আজি কামুৰিম বুলিয়ে ফোন লগালা। বাই দেই। তাতা ”
সি এইবাৰ অইন এটা ত্ৰিভুজ আঁকিলে। এইবাৰৰ ত্ৰিভুজটোৰ ভূমিৰ দীঘ কম। ভূমিৰ দুয়োকাষৰ সমান সমান বাহুদুডাল ওচৰ চাপি আহিল। মাজৰ খালী ঠাইখিনিও কমি আহিল।
“শুন। বেচি মানুহ মাতা নাই। অকল তই, মই আৰু ৰুণজুণ। ৰূপমহঁতক নকবি। বাৰ্থডে বুলি উইছ এটাও নাইকৰা। কিয় পাৰ্টিডাল দিম!”
“হ’ব দে। কেইটা মানত ওলাই যাম?”
“এঘাৰটা মানত ওলাবি।”
টোট্ টোট্ ।
“কিমাননো মেচেজ লিখি নাথাক’ অ’!”
“এহ ৰহ্‌ কিবা এটা পাতি আছো। সৰু পিনৰ চাৰ্জাৰ আছে যদি দেচোন। চাৰ্জে নাই।”
“আৰু পিতিকি থাক!”
“চাৰ্জত লগাই দেচোন। মায়ে খুড়ীক কিবা এটা ক’ব কৈছিলে। মই আহি আছো ৰহ।”
ৰাহুলৰ ম’বাইল তাৰ হাতত। টোট্ টোট্ । ম’বাইলত আকৌ মেচেজ অহাৰ টিউন।
ৰুণজুণ এয়াৰটেল। ৰুণজুণে এয়াৰটেল নম্বৰ ল’লে! পাকঘৰত মাক আৰু ৰাহুলৰ মাত। সি এনেয়ে এবাৰ সেইফালে জুমি চালে। কনভাৰ্চেচনচ্। “মই কিন্ত্ত কৈ দিছো। সেই ব’ৰটোক মাতিলে মই নাযাও। কি যে তুমি! কিয় মাতিব লাগে বাৰু তাক!” তলত আৰু বহুত কিবা কিবি মেচেজ। “আৰে! নুবুজা কিয় তাক নামাতিলে বেয়া কথা হ’ব। পিছত মেচেজ দিবা। মই এতিয়া তাৰ ৰূমত। বাই!”
ভূমিডাল যদি একেবাৰে নাইকিয়া কৰি দিয়া যায়? বাকী বাহু দুডাল কাষ চাপি আহি লগ হৈ যাব। এৰা ঠিকেই তো্!
“ৰাজু আজিলৈ হ’ব দিয়া। কাইলৈ মই অলপ সোনকালে আহিম।”
সি ঘপকৈ থিয় হ’ল।
“খুড়ী মই আজি অলপ সোনকালে যাও দিয়ক। অলপ কাম আছে। কাইলৈ অলপ সোনকালে আহিম।”
“বাৰু। চাহ নোখোৱা?”
“নাই হ’ব। নালাগে দিয়ক।”
সি ৰাস্তালৈ ওলাই আহিল।
“ৰাহুল!”
“ক’ত আছ’? টিউচন শেষ হ’ল নাই তোৰ?”
“ঘৰলৈ গৈ আছো। ঐ! মই নাযাও দে। বেয়া চেয়া নাপাবি। তই ৰুণজুণকে পাৰ্টি দে কাইলে। মই পিছত কেতিয়াবা খাম।”
সিফালৰ পৰা কিবা কোৱাৰ আগতেই সি ফোনটো কাটি দিলে।
বাকী দুডাল বাহু লগ হৈ যাওক। কোনো কম্প্লিকেচি নাই। অকল এডাল সৰল ৰেখা হওক। এনেয়ে তিনিডাল বাহুৰে ত্ৰিভুজ এটা কিয় আঁকিব লাগে!
তাৰ মনতো মুকলি মুকলি লাগিল।

– প্ৰাঞ্জল দাস

বালিপৰা, শোণিতপুৰ

Advertisements

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s