অপত্য

কথাটো শুনাৰ পিছত অদিতিৰ প্ৰথমে লাজ লাগিল। তাই অস্বস্তিত পৰিল। কিন্তু পিছমুহুৰ্ততে তাইৰ দেউতাকলৈ ভীষণ খং উঠিল। অৰগেনিক কেমেষ্ট্ৰিৰ এটা ৰিয়েকচন মেকানিজম বুজিবলৈ চেষ্টা কৰি তাই ভাগৰি পৰিছিল। কিতাপত থকা কথাখিনিৰে সহজে বুজিব নোৱাৰি। ইফালে সেইখিনি কথা ক্লাছত বুজোৱাৰ দিনা তাই কলেজলৈও যোৱা নাছিল। মেজৰ চাবজেক্টৰ মিড টাৰ্ম পৰীক্ষালৈ বেছি দিন নাই। গতিকে একে লগৰ সুনীতাৰ পৰা নোটখিনি লিখি আনোগৈ বুলি তাই তাহাঁতৰ ঘৰলৈ আহিছিল। ড্ৰ’য়িংৰূমত মাকৰ সৈতে সাধাৰণ ভাল-বেয়া খবৰ লোৱা দুই এটা কথা পতাৰ পিছত দুইজনী আহি সুনীতাৰ ৰূমতে বহি ল’লেহি। তাই নোটছখিনি যিমান পাৰে সোনকালে লিখিবলৈ ল’লে আৰু মাজে মাজে সুনীতাৰ লগত কথাৰ মহলা মৰাতো ব্যস্ত থাকিল। হঠাতে সুনীতাই ক’লে, “কালি হেনো তহঁতৰ বৰতাই বিপুলহঁতক বেয়াকৈ কামোৰ দিলে?”

কথাটো শুনি অদিতি খন্তেক নিশ্চুপ হৈ ৰ’ল। তাৰ পিছত তাই মাতটো যিমান পাৰি সৰুকৈ উলিয়াই সুধিলে, “তোকনো কোনে ক’লে?” সুনীতাই তেতিয়াও তাইৰ নিজৰ কথাতে আমোদ পাই হাঁহি ৰখাব নোৱৰা অৱস্থাতে আছিল। হাঁহি হাঁহিয়ে তাই ক’লে, “আমাৰ ঘৰলৈও আহিছিল নহয়। ঢেৰ সময় বহি চাহ-তাহ খাই মেলিহে গৈছে।”

চান্দা খুজিবলৈ আহি বিপুলহঁতে সুনীতাহঁতৰ ঘৰত ঢেৰ সময় কি কথা পাতিলে অদিতিৰ আৰু বুজিবলৈ বাকী নাথাকিল। তাইৰ আৰু নোটছ লিখাৰ আগ্ৰহ নোহোৱা হ’ল। এটা শাৰীৰ এটা শব্দ, আন এটা শাৰীৰ অইন এটা শব্দৰে বখলা বখলিকৈ নোটছ খিনি লিখি তাই ঘৰলৈ উভটি আহিল।

এই দেউতাকটোৱে তাইৰ জীৱনটো অসহনীয় কৰি তুলিছে। প্ৰতিটো দিনত প্ৰতিটো মুহুৰ্ততে তাই সচকিত হৈ থাকিব লাগে যাতে তাই দেউতাকৰ কাৰণে লাজ নাপায়। দেউতাকৰ প্ৰতিটো কৰ্ম-কাণ্ডই তাইৰ সহ্য নোহোৱা হৈ আহিছে। কি ভাবি মানুহজনে কি কথাবোৰ কয়, কি বিচাৰি মানুহজনে কি কামবোৰ কৰে তাই একো উৱাদিহ নাপায়।

ৰাতিপুৱা বেলি নোলাওতেই মানুহজনে উঠি লৈ তাইক জগাব। তেতিয়ালৈ অদিতিৰ টোপনিৰ প্ৰথমটো সপোনে সম্পূৰ্ণ নহয়। ইফালে মানুহজনে উঠি লৈ তৎ নোহোৱাখন কৰে। “মাজনী সাৰ পালিনে” বুলি ৰমলিয়াই থাকিব, খিৰিকিকেইখন খুলি দি গোটেই ঘৰটো পোহৰাই পেলাব, পাকঘৰখনত সোমাই লৈ খুটুং খাটাং কিবা কিবি কৰি ফুৰিব আৰু শেষত বাঢ়নীদাল হাতত লৈ আগফালৰ চোতালখন সাৰিবলৈ আৰম্ভ কৰিব। বাঢ়নীৰ শব্দ শুনিলে আৰু অদিতিয়ে বিচনাত পৰি থাকিব নোৱৰা হয়।কিমানদিন তাই মানুহজনক বুজাইছে এইবোৰ কাম তেওঁ কৰিব নালাগে। মানুহেনো কি বুলি ভাবিব! পিছে দেউতাক নাচোৰবান্দা। বেলেগৰ কথা ভাবি কাম কৰিলে ঘৰ নচলে। কাম-বন নকৰিলে হেনো তেওঁৰ গা-মনবোৰ জঠৰ জঠৰ লাগে।

‘গা জঠৰ লাগে যদি মৰ্ণিংৱাক কৰি আহিবগৈ পাৰে।’ পিটি শ্বু পিন্ধি দেউতাকে দৌৰিবলৈ যোৱা দেখিলে তাই ভালহে পাব। ঘৰত গোলাপ-নাৰ্জী কেইজোপাৰ তল খুচৰি থকাটোনো কিবা কাম হ’লনে! পিছে দেউতাক নাযায়। ‘হেৰৌ ঘৰত জীয়েকজনীক অকলে থৈ মই দেউতাকটোৱে ৰাস্তাত ঘূৰি ফুৰিমগৈ নে!’

দেউতাকৰ এইটো কথাৰ উত্তৰ দিবলৈ অদিতিৰ মুখত একো নাথাকে। তাইৰ তেতিয়া দেউতাকলৈ মৰম লাগে। মানুহজনলৈ তাইৰ বেজাৰ লাগে। গোটেই জীৱনটো দেউতাকে ঘৰৰ বাহিৰতে কটালে। আজি অ’ত ট্ৰেন্সফাৰ, কাইলৈ ত’ত ট্ৰেন্সফাৰ লৈ পাহাৰে পাহাৰে ঘূৰি ফুৰোঁতে মানুহজনে ঘৈণীয়েক আৰু জীয়েকহঁতৰ সৈতে সময় কটাবলৈকে নাপালে। সেইবোৰ দিনত অদিতিয়ে দেউতাকক ছমাহমানৰ মূৰত চাৰি-পাঁচদিনৰ কাৰণে দেখা পায়। বাকী দিনবোৰত ফোনত ভাঁহি অহা মাতটো শুনিয়ে দেউতাকৰ উপস্থিতি তাই অনুভৱ কৰে।

অন্যমনস্ক হৈ আহি থাকোতে অদিতিয়ে গোটেই ৰাস্তা এইবোৰ কথাকে পাগুলি থাকিল। ঘৰৰ পদূলি পোৱাৰ কেইমিটাৰমান আগতেই তাই দেখিলে- দেউতাক গেটৰ মুখতে থিয় দি ৰৈ আছে। “ইমান দেৰি লগালি নে আহোঁতে?” দেউতাকৰ কথা শুনিয়ে তাইৰ আকৌ এবাৰ টিঙিচকৈ খঙটো উঠি আহিল। “ক’তনো দেৰি লগালোঁ। আৰু এই গধূলি খনত তোমাক গেটৰ মুখত তহল দি থাকিবলৈ নো কিহে পাইছে?” তাই ভেকাহি মাৰি গোপগোপাই ভিতৰলৈ সোমাই আহিল। পুণ্যব্ৰত শইকীয়াই জীয়েকৰ মাত শুনিয়ে বুজিলে- তেওঁ বাৰুকৈয়ে জগৰ লগাইছে। দোষী দোষী ভাব এটাৰে তেওঁ সেমেনা সেমেনিকৈ ভিতৰলৈ সোমাই আহিল।

আচলতে ঘটনাটো কালি গধূলিৰ। গাটো ধুই উঠি ধুতি খন পিন্ধি শইকীয়াই অইনদিনাৰ দৰে ধূপ-ধূণা জ্বলাইছে। অদিতিয়ে পাকঘৰৰে এটা কোণত পাতি লোৱা গোঁসাইঘৰত সৰু সৰুকৈ ‘ব্ৰহ্মা আদি কৰি’ গাইছে। তেনেকুৱাতে বিপুলহঁত আহিল। লগৰ তিনিটাৰ সৈতে মুঠ ল’ৰা চাৰিটা। পঢ়া-পাতিত এটাও অদিতিৰ লগৰ নহয়। বিপুল অদিতিতকৈ দুশ্ৰেণীমান ওপৰৰ। বাকীকেইটাক নামে-ধামে চিনি পায় যদিও পঢ়া-পাতিৰ কথা শইকীয়াই নাজানে। অদিতিৰ সমবয়সীয়া নহ’লেও আহোতে যাওতে লগ পালে সিহঁতকেইটাই বেছ সপ্ৰতিভভাৱে শইকীয়াক মাত বোল কৰে। সেয়ে আজিও ‘খুড়া ধূণা জ্ব্লাইছে হ’বলা’ বুলি মাত দিওতেই তেওঁ ‘অ’ বিপুলহঁত আহিছা’ বুলি আথে-বেথে মাতি নি ভিতৰত বহালেগৈ। অদিতিয়ে দু-এষাৰ কথা পাতি বহকচোন বুলি কৈ ভিতৰলৈ সোমাই আহিল। ভিতৰৰ ৰুমৰ পৰাই তাই দেউতাকৰ সৈতে হোৱা সিহঁতৰ কথা-বতৰাৰ উমান লৈ থাকিল।

বিপুলহঁতে ফাংচন পাতিছে। বহাগী আদৰণি। এক ব’হাগৰ দিনাই সিহঁতৰ কাৰ্য্যসূচী আৰম্ভ হ’ব। সৰু ল’ৰা-ছোৱালীৰ মাজত খেল-ধেমালি, অঞ্চলটোৰ বয়সস্থ কেইজনমানক সম্বৰ্ধণা আৰু শেষত এখন সাংস্কৃতিক সন্ধিয়া। এইখিনিয়ে সিহঁতৰ আয়োজন। থূলমূলকৈ কথাকেইটা বুজাই উঠি ‘এতিয়া আপোনালোকৰ দান-বৰঙণিতেই আমাৰ সকলো’ বুলি কৈ বিপুলে অলপ হঁহা যেন কৰিলে। শইকীয়াই মুখেৰে একো মাত-বোল নকৰি একেথিৰে বহি থাকিল। অলপ পৰৰ পিছতে পৰিবেশটো গোমা হৈ পৰিল। বিপুলে ‘খুড়া এহেজাৰ টকাকে ধৰিছোঁ আৰু আপোনাৰ পৰা’ বুলি পৰিবেশটো সহজ কৰিবলৈ চেষ্টা কৰিলে। অদিতি ভিতৰি মানুহজনী অস্থিৰ হৈ পৰিল। হঠাতে গহীন হৈ উঠি দেউতাকে কেতিয়াবা কেতিয়াবা কিমান দীঘলীয়া ভাষণ প্ৰদান কৰে সেয়া তাই জানে। এইমাত্ৰকে যেন তাই ভিতৰৰ পৰা এহেজাৰ টকা লৈ বিপুলৰ হাতত গুঁজি দিবগৈ আৰু ক’ব –‘আপোনালোক এতিয়া যাওক’।

শেষত তাই ভবাটোৱেই হ’ল। ‘এই যে বিহু ফাংচন পতাৰ নামত ৰাতি দুপৰলৈকে তোমালোকে নাচ-গান কৰা, তাৰ চিঞৰ বাখৰ শুনি আমাৰ দৰে খুটুককৈ শব্দ এটা হ’লেই টোপনি ভগা মানুহৰ কি গতি হয় তোমালোকে চিন্তা কৰি চোৱানে’- বুলি যেতিয়াই দেউতাকে মাত লগালে; অদিতিৰ এনে লাগিল যেন তাই এতিয়াই পাছফালৰ দৰ্জাখন খুলি ক’ৰবালৈ দৌৰি পলাই যাব। অলপ পিছতে শইকীয়াই আৰম্ভ কৰিলে আজিকালি চ’তলৈ ছমাহ থকাৰ পৰাই আৰম্ভ হোৱা বিহুৰ উৎসৱৰ কথা। বহাগী আদৰণি, বহাগী উৎসৱ, বহাগী মেলা, বহাগী সন্ধিয়া, মুকলি বিহু, বিহুৰাণী, বিহুকুঁৱৰীৰ পৰা শেষত বহাগী বিদায়লৈকে সকলোবোৰ সামৰি শইকীয়াই ক্ষোভ উজাৰি গ’ল। যিমানেই সিটো ৰূমত দেউতাকে গলগলীয়া মাতেৰে ‘তোমালোকক এই পঢ়া-শুনা কৰাৰ বয়সত বিহু ফাংচন পতাৰ বুদ্ধিবোৰ কোনে দিয়ে’ বুলি বিপুলহঁতক থকা-সৰকা কৰিলে সিমানেই ভিতৰত অদিতিৰ উশাহবোৰ ঘন হৈ হৈ আহিল। তাইৰ কাণ দুখন গৰম হৈ উঠিল। ল’ৰাকেইটাই এই মুহুৰ্তত কি ভংগীত বহি কথা শুনি আছে তাইৰ এনেয়ে এবাৰ চাবলৈ মন গ’ল। তাইৰ লাজ লাগিল। এইকেইটা ল’ৰাক তাই কাইলৈ পৰহিলৈ ক’ৰবাত লগ পালে কি বুলি মাত লগাব তাকে ভাবি তাইৰ ভয় লাগিল। দেউতাকলৈ তীব্ৰ বিষোদগাৰ লৈ মনটোক চেপি খুন্দি তাই বিচনাতে নিশ্চুপ হৈ বহি থাকিল।

এসময়ত শইকীয়াই তেওঁৰ দীঘলীয়া ভাষণৰ সামৰণি মাৰিলে।‘চুবুৰীৰে ল’ৰা কেইটাই বিহু পাতিম বুলি আহিছা, কিবা এটাটো এতিয়া দিবই লাগিব’ বুলি যেতিয়া দেউতাকে মাত লগালে, অদিতিয়েও ভিতৰৰ ৰুমত সেপ ঢুকি পালে। এটোপ দুটোপ ডাৱৰৰ পানী, ৰাইজে নখ জোকৰি নৈ বোওৱা আদি কথাৰে আকৌ এবাৰ মজলীয়া ভাষণ এটা দি উঠি তেওঁ একাৱন টকা বিপুলহঁতলৈ আগবঢ়াই সিহঁতক বিদায় দিলে।

সেইদিনা আৰু অদিতিৰ দেউতাকৰ সৈতে মাত-বোল নহ’ল। অইনদিনাৰ দৰে নিৰ্দিষ্ট সময়ৰ চিৰিয়েলখন চাও বুলি উজৰ-আপত্তি কৰিবলৈও তাইৰ মন নগ’ল। পাকঘৰত নিমাত হৈ ই সি কাম কৰোতে তাই বাচনবোৰত ডাঙৰকৈ ডাঙৰকৈ শব্দ উলিয়ালে আৰু শেষত ভাত পানী খাই উঠি তাই সোনকালে বিচনাত পৰিলগৈ। ৰাতি বহু পৰলৈকে তাইৰ চকু দুটা মেল খায়ে থাকিল। কাষৰ সিটো ৰূমত দেউতাকে পেপাৰ পঢ়িছে, খৰ্-মৰ শব্দ উঠিছে; এই আটাইবোৰক তাই বাহিৰৰ ঝিলিৰ চিঁ চিঁয়নিৰ লগত একে শাৰীতে ৰাখিবলৈ চেষ্টা কৰি থাকিল।

সেই থূপ খাই থকা আটাইখিনি ক্ষোভ আকৌ এবাৰ উজৰি উঠিল- আজি। সুনীতাহঁতৰ ঘৰত- সুনীতাৰ মুখত আকৌ এবাৰ সেই একেখিনি কথাকে শুনি। বিপুলহঁতৰ সৈতে হোৱা দেউতাকৰ কথা-বতৰাখিনি তাহাঁতৰ ঘৰৰ বেৰকেইখনতে শেষ হোৱাহেঁতেনো তাই ৰক্ষা পালেহেতেন। পিছে সেয়া নাইহোৱা আৰু তাৰ প্ৰমাণ আজি সুনীতাৰ সেই বিদ্ৰুপৰ হাঁহি।

লিখি অনা থিয়ৰি নোটছখিনি টেবুলতে থেকেচি তাই দেউতাকলৈ ঘোপাকৈ এবাৰ চালে আৰু দুটা দিনৰ হেঁচা খাই থকা সমস্ত ক্ষোভ উজাৰি আনি তাই চিঞৰি উঠিল- ‘কি দৰকাৰ আছিল তোমাৰ কালি সেইবোৰ লেক্চাৰ দিয়াৰ? কিহে পাইছিল তোমাক? তোমাৰ কাৰণে যে মই লগৰবোৰৰ আগত মুখ উলিয়াব নোৱাৰা হৈছো সেইখিনিৰ খেয়াল তুমি কেতিয়াবা ৰাখিছানে! প্ৰত্যেক মুহুৰ্তত মই সজাগ হৈ থাকিব লাগে যাতে তোমাৰ বাবে ক’ৰবাত লাজত নপৰোঁ! সেয়া তুমি গম পোৱানে? কিয় ইমান অশান্তি দিছা তুমি মোক?!” প্ৰচণ্ড অভিমানত চিৎকাৰ কৰি উঠি তাই নিজৰ কোঠালিৰ দৰ্জাখন বন্ধ কৰিলে আৰু বিচনাত উবুৰ খাই পৰিলগৈ।

পুণ্যব্ৰত শইকীয়া নিমাত হ’ল। অইনদিনা নিতৌ এইখিনি সময়ত তেওঁ ধূণাৰ মলাটো লৈ ঘৰৰ চৌপাশে ঘূৰাই ফুৰে। আজি তেওঁৰ সেইবোৰৰ প্ৰতি আগ্ৰহ নাইকিয়া হ’ল। আগফালৰ বাৰাণ্ডাখনত লাইটটো অফ কৰি লৈ আৰামী চকীখনতে তেওঁ আউজি পৰিল।

আগফালৰ চোতালখনৰ এটা চুকত শেৱালি এজোপা আছে। গোটেইজোপা পাত-ফুল সৰি লঠঙা হৈ থিয় দি আছে। শইকীয়াই বহুপৰ চকামকা পোহৰত গছজোপালৈ তধা লাগি চাই ৰৈ থাকিল। এইখন ঘৰ সাজোতে ইটা এটুকুৰা ডাঙি দিবলৈও শইকীয়া ঘৰত নাছিল। পাহাৰে পাহাৰে তেওঁ চৰকাৰৰ কাম কৰি ফুৰোতে ইয়াত শইকীয়ানীয়ে কাঠ-বাটাম, ইটা-চিমেণ্টৰ হিচাপত ব্যস্ত আছিল। অফিচৰ বাণ্ডল বাণ্ডল ফাইলৰ কাম কৰোঁতে এইখন ঘৰত শইকীয়ানী দুজনী ছোৱালীক আখৰ শিকোৱাত ব্যস্ত আছিল। অকলশৰীয়া মানুহজনীয়ে টু এটাও মুখেৰে নমতাকৈ গোটেই ঘৰখন হাত পাতি ধৰি চলাই থৈ গ’ল। সেইবোৰ দিনত মাহেকৰ মূৰত টকাকেইটা পঠিওৱাৰ বাদে শইকীয়াই কৰিব পৰা কাম একো নাছিল। “এতিয়াৰ পৰা আৰু মই পূৰ্ণাঙ্গ গৃহস্থ হ’লোঁ” বুলি চাকৰি সামৰি মানুহজন যেতিয়া ঘৰলৈ আহি সোমালহি, তেতিয়া তেওঁৰ ডাঙৰজনী জীয়েক মিনতিৰ বিয়াৰ জা-যোগাৰ কৰাৰ সময় হ’ল। সৰু জীয়েক অদিতিয়ে কলেজত পঢ়িব পৰা হ’ল। পৰিয়ালৰ আৰ-তাৰ চিনাকিৰে ভাল ল’ৰা এটা চাই মিনতিৰ বিয়া তেতিয়ালৈ মাকে ঠিক কৰিয়ে ৰাখিছিল। শইকীয়াই আহি মাথোঁ বিয়াৰ আয়োজনখিনিহে কৰিলেহি। মিনতিৰ ঘৰখন পাতি উঠি এবছৰৰ পিছতে এইখন ঘৰক শূন্যতাৰে ভৰাই শইকীয়ানী চিৰদিনলৈ আঁতৰি গ’ল। গোটেই জগতখনৰ নিৰ্জনতাই আহি ঘৰখনক হেঁচা মাৰি ধৰিলেহি। দেউতাক অহাৰ পিছত ঘৰখন ভৰি পৰিব বুলি অদিতিয়ে আশা পালি আছিল। এতিয়া সেই অদিতিৰ সৈতে নিৰ্জন-নিস্তব্ধ প্ৰকাণ্ড ঘৰখনৰ শূন্যতাখিনিক সহচৰ কৰি শইকীয়া ৰৈ থাকিল। দুখতকৈও সেইসময়ত শইকীয়াৰ বুকুখনত ভিৰ কৰিছিলহি প্ৰচণ্ড অভিমানে। কিয় তেওঁক ঘৈণীয়েকে এনে অৱস্থাত এৰি থৈ গ’ল। তেওঁ কোনোফালে বাট নোপোৱা হৈছিল। অদিতিক কেন্দ্ৰ কৰি লৈ তেওঁ জীৱনৰ বাকীচোৱা বাট নিজে পোনাই ল’লে। প্ৰেচাৰ কুকাৰৰ কেইটা হুইছেলত চাউল-ডাইল সিজে ভু নোপোৱা মানুহজনে এতিয়া ৰাতিপুৱাতে উঠি চাহ-ভাত বনোৱাৰ কাম কৰা হ’ল। ঘৰুৱা কাম কৰি যাতে পঢ়া-শুনাত ক্ষতি নপৰে তাৰ চিন্তাত তেওঁ জীয়েকৰ সৈতে সকলো কামতে হাত পাতি ধৰা হ’ল। কোনোদিনা দহ-পোন্ধৰ কিল’মিটাৰ বাইক চলাই জীয়েকক টিউচন, কলেজত অনা-নিয়া কৰা হ’ল। শহুৰ-শাহুৰ ঘৰখন এৰি সঘনে এইখন ঘৰলৈ অহাত তেওঁ ডাঙৰ জীয়েকক বাধা দিয়া হ’ল। তাৰ মাজতো তেওঁ নীৰৱে চেষ্টা কৰি গ’ল জীয়েকে যাতে কোনোকালে মাকৰ অনুপস্থিতি অনুভৱ কৰি কষ্ট নাপায়। তেওঁৰ জীৱনবোধৰ সৈতে অদিতিক সাঙুৰি তেওঁ জীয়েকৰ জীৱন গঢ়াৰ বাট বান্ধি গ’ল। কিন্তু তেওঁ কেতিয়াও ভাবি পোৱা নাছিল- তেওঁৰ ভাব-চিন্তা, কথা-বতৰা আদিয়ে অদিতিৰ জীৱনৰ বাবে অনাহুত বাধা হৈ পৰিছে! তেওঁৰ বাবে জীয়েকে লগৰীয়াৰ আগত লাজত পৰিব লগাত পৰিছে! ক’ত ভুল হৈ গ’ল শইকীয়াৰ! কেনেদৰে আগবাঢ়িব লাগিছিল তেওঁ! কিহৰ বাবে আজি অদিতিয়ে ক’ব লগাত পৰিল যে তেওঁ তাইৰ বাবে অশান্তিৰ কাৰণ হৈ পৰিছে! অলেখ অযুত দুঃচিন্তাই আহি শইকীয়াক জুমুৰি ধৰিলেহি। দুইখন হাতেৰে মুখখন মোহাৰি মোহাৰি পুণ্যব্ৰত শইকীয়াই একে ঠাইতে নীৰৱে বহি থাকিল।

বহু পৰৰ পিছত ভিতৰৰ শোৱা কোঠাৰ পৰা অদিতি ওলাই আহিল। গধূলিৰ আগে আগে কোঠালিবোৰৰ লাইটবোৰ অন কৰা কামটো সাধাৰণতে তাই কৰে। আজি গোটেই ঘৰখন অন্ধকাৰত মজি আছে। তাই এফালৰ পৰা লাইটবোৰ অন কৰি গ’ল। পাছফালৰ কুঁৱাপাৰত হাত-ভৰিকেইটা ধুই তাই চাহ একাপ কৰি আগফালৰ বাৰাণ্ডালৈ আহিল। দেউতাক তেতিয়াও চকু দুটা মুদি অকলশৰে বহি আছে। চাহৰ কাপটো কাষৰ টিপয় খনত থৈ তাই ভিতৰলৈ সোমাই আহিল। অইনদিনা এইখিনি সময়ত দেউতাক পাকঘৰলৈ আহে। শাক-পাচলিখিনি কটা-কুটা কৰি উঠি তেওঁ অদিতিক সকলোখিনি সুচল কৰি দিয়ে। আজি তাই অকলশৰে ভাত-ডাইলৰ জা-যোগাৰ কৰি গ’ল। মাজতে কিবা এটা ভাবি তাই ৰৈ গ’ল। চৰম অনুশোচনাত তাইৰ বুকুখন কঁপি কঁপি উঠিল। এটা সময়ত বুকুৰ সমস্ত আকুলতা উজাৰি তাই উচুপি উঠিল।

ভাত-পানীখিনি ৰান্ধি উঠি তাই আকৌ এবাৰ আগফাললৈ আহিল। দেউতাকক দি যোৱা চাহকাপ তেতিয়াও একেদৰেই আছে। চেঁচা চাহৰ কাপটো হাতত লৈ তাই ভিতৰলৈ সোমাই আহিল। ভাত-তৰকাৰী বাঢ়িবলৈ তাই দুখন কাঁহী সাজু কৰি লৈছিল। কিবা এটা ভাবি তাই ৰৈ গ’ল। এখন কাঁহীত ভাত-আঞ্জাখিনি বাঢ়ি তাই অইনখন কাঁহীৰে ঢাকিলে আৰু সেইখিনি লৈ দেউতাকৰ ৰূমৰ টেবুলখনত সজাই থৈ আহিল। দেউতাকৰ বিচনাখন ঠিক ঠাক কৰি আঁঠুৱাটো তৰি তাই নিজৰ কোঠালৈ আহি বিচনাত পৰিলহি।

মাজনিশা ক’ৰবাৰ হুলস্থূলত তাইৰ টোপনি ভাগিল। চৌদিশৰ কোলাহলৰ মাজতো তাই সিটো ৰুমত থকা দেউতাকৰ উপস্থিতিৰ শব্দ এটা শুনিবলৈ আতুৰ হৈ পৰিল।

ৰাতিপুৱা আগফালৰ দৰ্জা খোলাৰ শব্দত তাই সাৰ পালে। তাই খৰধৰকৈ শোৱাৰ পৰা উঠি আহিল। দেউতাক খোজ কাঢ়িবলৈ ওলাই গৈছে। অইনদিনা ইমান পৰে দেউতাকৰ খুটুক-খাটাক শব্দত তাই বিৰক্ত হয়। আজি তাইক চৌপাশৰ নীৰৱতাই আহি হেঁচি ধৰিলেহি। দেউতাকৰ ৰুমলৈ আহি তাই টেবুলখনলৈ চালে। ৰাতি বাঢ়ি থোৱা ভাতখিনি সেই একে অৱস্থাতে আছে। তীব্ৰ দুখবোধে আহি তাইক গোটেই মানুহজনীক জোকাৰি পেলালেহি। গা-পা ধুই আহি তাই কলেজলৈ বুলি সাজু হ’ল। দেউতাক ইতিমধ্যে আহি পাছফালৰ বাৰী-ঘৰৰ কামত লাগিছেহি। মনৰ ভিতৰত হেজাৰবাৰ আওৰাইও তাই দেউতাকক কিবা এষাৰ ক’বলৈ সাহস গোটাব নোৱাৰিলে।

কলেজলৈ বুলি দহ কিলোমিটাৰ মানৰ বাট। টেম্পু-মেজিকত এচোৱা বাট যোৱাৰ পিছতো এডোখৰ বাট খোজ কাঢ়িব লাগে। সেয়ে কেইবাজনীও লগ হৈহে সিহঁত সদায় আগবাঢ়ে। দূৰৈৰ পৰাই তাই দেখিলে বাছষ্টেণ্ডটোত সুনীতা থিয় দি আছে। দূৰৰ পৰাই তাই অদিতিক হাত জোকাৰিলে। সুনীতাক দেখি তাইৰ খোজৰ গতি ক’ব নোৱাৰাকৈয়ে কমি আহিল। এই মুহুৰ্ততে যেন সুনীতাৰ মনলৈ আহক- তাইৰ কলেজলৈ বহুত পলম হৈছে; আৰু তাই খৰধৰকৈ বাছত উঠি সেই ঠাইৰ পৰা আঁতৰি যাওক- অদিতিৰ এনে লাগিল।

-“কালিৰ বিপুলহঁতৰ ঘটনাটো গম পাৱনে?” এইটো প্ৰশ্নৰ বাবে অদিতি একেবাৰে সাজু হৈ থকা নাছিল। সুনীতাৰ মুখত শুনা বিপুলৰ নামটোৱে অদিতিক আকৌ এবাৰ ভৰিৰপৰা বুকুলৈকে জোকাৰ মাৰি থৈ গ’ল।
-“কি ঘটনা?”
-“এহ নকবি আৰু! সিহঁতৰ বিহুৰ চান্দাৰ আধামান টকা হেনো কোনোবা এটায়ে জুৱাত লগোৱাই হৰুৱালে। কালি বিপুলহঁতৰ ঘৰতে ঢেৰ মাৰপিত লাগিল। কোনোবা এটাৰ মূৰ ফালিল বুলিও শুনিছোঁ। ৰাতি কালি যি হুলস্থূল!”

সুনীতাৰ মুখৰ এটা এটা শব্দই আহি অদিতিক জঠৰ কৰি পেলালেহি। লাজ, দুখ, হতাশা, অনুশোচনাই তাইক এফালৰ পৰা হেঁচি কোঙা কৰি পেলালে। এইকেইটা ল’ৰাৰ আগত লাজ পোৱাৰ কথা চিন্তা কৰি তাই দেউতাকক টান মাত শুনাইছিলনে! এইকেইটা ল’ৰাক বুজনি দিয়াৰ অপৰাধত দেউতাকে লঘোণে থাকিব লগাত পৰিছে নে! এইকেইটা ল’ৰাই কৰা উপলুঙাৰ বাবে তাই দেউতাকক নমতাকৈ আছে নে!

এক মুহুৰ্তৰ বাবে ৰৈ তাই কিবা এটা ভাবিলে আৰু পিছ মুহুৰ্ততে তাই মনটো ডাঠ কৰি ল’লে।
-“আজি মই নাযাওঁ দে কলেজ। তয়ে যা।”

তাইৰ দেউতাকৰ কথা কৈ কোনোবাই ভেঙুচালি কৰি হাঁহিব, সেইখিনি তাই কেতিয়াও সহ্য কৰিব নোৱাৰে। আচলতে এই কথাটোহে তাই কালি দেউতাকক বুজাব বিচাৰিছিল। কিন্তু তাই বুজাওতে ভুল কৰিলে। আজি তাই ভুল নকৰে।

ঘৰমুৱা হোৱা তাইৰ খোজৰ গতিবোৰ এইবাৰ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে।

-প্ৰাঞ্জল দাস,

বালিপৰা, শোণিতপুৰ।

Advertisements

One Comment Add yours

মন্তব্য প্ৰদান কৰক

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s